Breaking

উৎপল গোঁহাইৰ আকস্মিক মৃত্যুত মৰ্মাহত মটক ৰাজবংশ : অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

0 2,028

চাবুৱাৰ জেৰাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত মটক ৰাজবংশৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু বৰসবাহ অনুষ্ঠানৰ কালিৰ কাৰ্যসূচীৰ মাজতে এক অঘটন সংঘটিত হোৱাত  অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হয় । অধিৱেশনৰ এক সম্বৰ্দ্ধনা অনুষ্ঠানত সম্বৰ্ধনা লৈ মঞ্চৰ পৰা নমাৰ পিচতেই জেৰাই গাঁৱৰে সফল ব্যৱসায়ী উৎপল গোহাঁই (৫২)য়ে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । গোহাঁইৰ মৃত্যুত  মটক ৰাজবংশই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সভাথলীত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আৰু অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা বুলি ঘোষণা কৰে । উল্লেখ্য যে উক্ত সম্বৰ্দ্ধনা কাৰ্যসূচীত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা উৎপল গোহাঁইৰ লগতে চিকিৎসক ৰূপা গোহাঁই, অভিজিৎ গোহাঁই, কুমাৰিকা গোহাঁই আৰু ধৰিত্ৰী গোহাঁই, শিশু বিজ্ঞানী  বৰ্ণালী গোহাঁই আৰু অদ্ৰিজা গোহাঁই, যুৱ ব্যৱসায়ী হেমন্ত সিং, ভৰত গোহাঁই, গুলজ্যোতি গোহাঁই আৰু গুঞ্জন গোহাঁই, আন্ত:ৰাষ্ট্ৰীয় জুডো খেলুৱৈ পল্লৱজ্যোতি গোহাঁই আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ স্বত্ত্বাধিকাৰী শংকৰ গোহাঁইক ৰাজবংশৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ।

Leave A Reply