Breaking

শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ : ড০ হেমচন্দ্ৰ গোস্বামী

0 2,267

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত আজি মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত ৪৫ দিনীয়া অঙ্কীয়া নাট কৰ্মশালাৰ দীক্ষান্ত সমাৰোহ  আৰু ৰাম বিজয় নাট মঞ্চস্থ কৰা হয় ।

বিশিষ্ট সাংস্কৃতিক কৰ্মী, কবি-সংগঠক তথা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই মূল নাট্যাভিনয়ৰ প্ৰাকমুহূৰ্তত আয়োজন কৰা নাট্যাভিনয়ত আঁতধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীশ্ৰীআধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে | তেখেতে এই অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে – সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ এই নাট্যাভিনয়ৰ দ্বাৰা জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হ’ব আৰু জাতীয়তাবাদৰ বিকাশ ঘটিব |

ভাৰত চৰকাৰৰ সংগীত-নাটক অকাডেমি বঁটা প্ৰাপক বিশিষ্ট মুখাশিল্পী, ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট সন্মানেৰে বিভূষিত, নতুন চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰি কয় যে আজিৰ পৰা পাঁচশ সত্তৰ বছৰৰ আগতেই সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই এই অভিনয় শিল্প আমাক প্ৰদান কৰি অসমীয়া জাতিক বিশিষ্টতা প্ৰদান কৰি গ’ল | যত বৰ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় সাধন হৈছে | এইজনা মহাপ্ৰাণ মহাপুৰুষৰ সাংস্কৃতিক সমন্বয় বিশ্ব জাতীয়তাৰ প্ৰতিভূ | তেখেতে আৰু কয় যে আমাৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয়ৰ অন্যতম মাধ্যম হ’ল সাংস্কৃতিক আদান-প্ৰদান | এই ব্যৱস্থাই আমাৰ সংস্কৃতিৰ নজহা-নপমা ঐতিহ্য বহন কৰিব | এইজনা মহান শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে অসমৰ সকলো অঞ্চলৰে জাতি-জনগোষ্ঠীৰ মাজত মুখাশিল্পৰ প্ৰচাৰ-প্ৰসাৰ আৰু স্বাৱলম্বীতাৰ সুযোগ প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু প্ৰয়োজন সাপেক্ষে অঞ্চলসমূহলৈ গৈ কৰ্মশালা-প্ৰশিক্ষণ প্ৰদানৰো ইচ্ছা ব্যক্ত কৰে | দক্ষিণপাট গৃহাশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ তথা মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ ভাষণ প্ৰসংগত কয় যে ৰাজ্যখনৰ সকলো অঞ্চলৰ বাবে সাংস্কৃতিক বিকাশৰ উমৈহতীয়া মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা এই বৰ্ণিল সংস্কৃতিত অনুষ্ঠান  আৰু গুৰুজনাৰ মহত্বম সৃষ্টিৰ প্ৰসাৰ-প্ৰচাৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে | এই অঞ্চলৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাৰে আজি এই অভিনয় শিল্পই সাকাৰ-সৌন্দৰ্য লাভ কৰিছে |  মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসাংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোকপাত আগবঢ়ায় | নাট্যাভিনয় আৰম্ভ হোৱাৰ আগে আগে আয়োজন কৰা সাংস্কৃতিক সভাৰ এই কাৰ্য্যসূচীত বিশিষ্ট সমাজ-কৰ্মী, ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন শইকীয়াই অংশগ্ৰহণ কৰে আৰু কনকন শিশু সকলৰ দ্বাৰা আয়োজন কৰা ৰাম বিজয়’নাট মঞ্চায়নৰ ভূয়সী প্ৰশংসা কৰে | সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, বিশিষ্টা সাংস্কৃতিক-নাট্য কৰ্মী কৃষ্ণা মেধী,  শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা , ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সভাপতি জগত ৰাজখোৱা প্ৰমুখ্যে ডেৰ শতাধিক লোক উপস্থিত থাকে |

সভাখনিৰ পিছতে গোলাপ বৰুৱা বৰ বায়নৰ পৰিচালনাত গায়ন-বায়ন পৰিবেশন কৰা হয় | ইয়াৰ পিছতে বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ নেতৃত্ব আৰু পৰিচালনাত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাম বিজয়’নাটৰ শুভাৰম্ভ কৰা হয় | মালভোগ শইকীয়া আৰু গোলাপ বৰুৱা বৰবায়নে মূলসূত্ৰ ধৰা এই কাৰ্যসূচীত বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, যদু শইকীয়াই সহযোগীৰ ভূমিকা আৰু দিলীপ বৰাই বাঁহী সংগত কৰে | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু , বোধিন পেগু, কৃষ্ণ পেগু, মনোজ পেগু, খগেন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ নেৰানেপেৰা প্ৰচেষ্টা আছিল অতি লক্ষণীয় | চেৰেপাই গাঁৱৰ কনকন শিশু সকলৰ লগতে স্থানীয় গাঁৱৰ কনকন শিশু সকলৰ দ্বাৰা ৰাম বিজয় অভিনয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে | নিচেই কম বয়সতে অনায়াসে গুৰুজনাৰ অঙ্কীয়া নাটৰ অভিনয় কলা আয়ত্ব কৰি সফল মঞ্চায়ন কৰা ৰাম বিজয়’নাট উপভোগ কৰি সকলোৱে এই শিশুশিল্পীসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালনাত মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমক ভূয়সী প্ৰশংসা কৰে |

Leave A Reply