Breaking

নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত দুৰ্ঘটনা : নিহত স্কুটী আৰোহী

0 2,046

উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবেই নগাঁৱৰ বিভিন্ন ঠাইত সঘনাই দুৰ্ঘটণা সংঘটিত হৈ আহিছে।তেনে এজন উদণ্ড ট্ৰাক চালকৰ চৰম মইমতালিৰ বাবেই আজি বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনা।য’ত এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ উপৰিও এগৰাকী কণমানি ছোৱালী আহত হয়।

জানিব পৰা মতে, নগাঁও-ধিং গড়কাপ্টানি পথৰে মাটি কঢ়িওৱা এ এছ এন ২৯১৭ নম্বৰৰ  এখন ট্ৰাকে ন’এন্ট্ৰিকো উপেক্ষা কৰি যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখেদিয়েই হুজ গাঁও দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি আছিল।ট্ৰাক খন আহি নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰ পাওঁতেই একে সময়তে হুজ গাঁৱৰ পৰা নগাঁও চহৰলৈ বুলি গৈ থকা এ এছ ০২ জেদ ৫৯৪৬ নম্বৰৰ  এখন স্কুটীক খুন্দা মাৰে। ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে  স্কুটী আৰোহী জনৰ মৃত্যু হয়।স্কুটী খনত দুই-তিনি বছৰীয়া এজনী কণমানি ছোৱালীও আছিল যদিও দৈব্যক্ৰমে তেওঁ ৰক্ষা পৰে ।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম ৰাজীৱ বৰা (২৮)। তেওঁৰ ঘৰ চহৰ খনৰ পাৰ্শ্বৱৰ্তী হুজগাঁৱত। এগৰাকী ট্ৰেফিক কণিষ্টবলৰ স্বামী বৰাই বিয়া কৰোৱা মাত্ৰ দুমাহহে হৈছিল।আহত শিশুটি তেওঁৰ আত্মীয়।ইপিনে,দুৰ্ঘটণাটো সংঘটিত কৰিয়েই ট্ৰাক খন পলায়নৰ চেষ্টা কৰে যদিও পাছত স্থানীয় লোকে জব্দ কৰে।

স্মৰ্তব্য যে,দুৰ্ঘটণাটোত নিহত বৰাৰ ৰক্তাক্ত মৃতদেহটো উৰণীয়া সেতুৰ ওপৰত স্কুটী খনৰ কাষতে পৰি থকাৰ সময়ত কণমানি ছোৱালী জনীয়ে মৃতদেহটো লিৰিকি বিদাৰি ফেকুৰি-ফেকুৰি কান্দি আছিল যদিও বহু পৰলৈকে কোনো পথচাৰীয়ে সহায়ৰ বাবে আগবাঢ়ি যোৱা নাছিল। আনকি একাংশ হৃদয়হীন লোকে বাহন চলাই কাষদিয়েই পাৰ হৈ হে যায়। অৱশ্যে পাছত আন একাংশ হৃদয়বান শিশু টিৰ ওচৰলৈ আগবাঢ়ি যায়।

Leave A Reply