অগ্নিকাণ্ডত লাখ লাখ মূল্যৰ সম্পত্তি ভস্মীভূত হৈছে। এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।জুই অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোড GS ৰোড স্থিত চেন্ট্ৰেল মলত সংঘটিত হয় এই অগ্নিকাণ্ড। পুৱাৰ সময়ত দোকানৰ কৰ্মীয়ে দোকান খোলাৰ বাবে যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে ধোৱা।লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীয়েও ততপৰতাৰে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলাই যাতে মলখনৰ অন্য দোকান সমূহলৈ জুই বিয়পি নপৰে।বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন আমছুৰ হোজাই জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন
সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) ৰ হোজাই জিলা সমিতিৰ উদ্যোগত নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল | জানিব পৰা মতে হোজাই জিলা উপায়ুক্ত সাদনেক সিং ৰ অনুমতি লৈ হোজাই জিলা আমছু সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশন ৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য কৰিছিল যদিওঁ আকস্মিক বাবে জিলা উপায়ুক্তই ৫ ফেব্ৰুৱাৰী তাৰিখে ৰাতি প্ৰায় ১১/১২ মান বজাত মেচেজ যোগে অধিবেশনখন নাকচ কৰা হৈছে বুলি জানিবলৈ দিয়ে | হোজাই জিলা আমছুৰ নৱম দ্বিবাৰ্ষিক অধিবেশন নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰিব নোৱাৰাত নীলবাগান সপ্তাহিক বজাৰৰ কাষত ব্যক্তিগত খণ্ডৰ ভূমিত অতি সুন্দৰ বাবে নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাৰ আয়োজন কৰি শক্তিশালী এখন হোজাই জিলা আমছু সমিতি গঠন কৰে | জানিব পৰা মতে, নৱ গঠিত হোজাই জিলা আমছু সমিতিৰ মুখ্য উপদেষ্টা ফাহিম ইকবাল মজুমদাৰ, সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্য্যকৰী সভাপতি মামুন ৰশিদ, সাধাৰণ সম্পাদকদ্বয় লুতফুৰ ৰহমানক আৰু ৰাজীৱ লস্কৰ লৈ ৭১ জনীয়া এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় | এই সভাত প্ৰায় দুই শতাধিক আমছু কৰ্মকৰ্তায় অংশগ্ৰহণ কৰিছিল। ইয়াত কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিত আছিল মনৱাৰ হুছেইন আৰু গিয়াছ উদ্দিন তাফাদাৰ।
হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা
আজি দিনযোৰা কাৰ্যসূচীৰে লংকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহতে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন আৰু মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াই আৰু অনুষ্ঠানৰ আঁত ধৰে জিলা সাধাৰণ সম্পাদক শ্ৰী প্ৰণৱ চৌধুৰী দেৱে।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰদীপ দত্ত দেৱ, সম্পাদক প্ৰধান শ্ৰীযুত মৃণাল দাস দেৱ, উপ-সভাপতি জামাল আহমেদ ডাঙৰীয়া আৰু বহু কেইগৰাকী অতিথিবৃন্দ।সভাত কৰ্মচাৰী সকলৰ সমস্যা সম্পৰ্কে বিতংকৈ আলোকপাত কৰা হয় আৰু বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সম্পাদক প্ৰধানে বিশেষকৈ কৰ্মচাৰী সকলৰ বিনামূলীয়া চিকিৎসা সেৱা,এন.পি.এচ. ৰ সলনি পুৰণি পেঞ্চন আচঁনি,টে’ট শিক্ষকৰ সমস্যা,মৰগীয়া বানচ আৰু বহু কেইটা মৌলিক সমস্যাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।সন্ধিয়া ৬ বজাত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ মাননীয় সভাপতি ফাইজ মহাম্মদ বৰভূঞা ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ আৰু শলাগৰ শৰাইৰে সভাৰ সফল পৰিসমাপ্তি ঘটে।
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনখনি এইবেলি ২০ আৰু ২১ ফেব্ৰুৱাৰী দুদিনীয়া বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্টিত হব। যাৰ বাবে এটিয়া প্ৰস্তুতি তুংগত উঠিছে। উক্ত অনুস্থানত ৩৩ খন জিলাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনী। দেওবাৰে কোচ ৰাজবংসী সন্মিলনীৰ ৩০ তম্ অধিবেশনৰ প্ৰতিনিধি সভাৰ লাইখুটা স্থাপন কৰে ৩৩নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ীকা কমলী ৰানী বসুমতাৰীয়ে। উক্ত অনুস্থানত ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনীৰ মূখ্য উপদেষ্টা নিলধৰ ডেকা, সভাপতি শিৱৰাম ডেকা, সম্পাদক হেমেশ্বৰ ডেকা ,উপদেষ্টা ললিত চন্দ্ৰ ডেকা, সদৌ কোচ ৰাজবংশী চাত্ৰ সন্থাৰ ওদালগুৰি জিলা পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ সম্পাদক মকুণ্ড ডেকাকে প্ৰমুখ্য কৰি বিষয় ববিয়া সকল উপস্থিত থাকে।পানেৰী, কলাইগাওঁ, ওদালগুৰিত আৰু মাজবাটত বিধান সভা নিৰ্বাচন বি জে পি দলীয় প্ৰাৰ্থীত্ব স্থানীয় প্ৰাৰ্থী অগ্ৰাধিকাৰ দিয়াৰ দাবী।
মুকালমুৱাত হজ ভৱনৰ আধাৰশিলা স্থাপন : একেখন সভাত ৮০ টা পৰিয়ালক ভূমি পত্তা বিতৰণ
বৰক্ষেত্ৰীৰ হজযাত্ৰী সকলৰ বাবে এটা সুখবৰ।আজি মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাৱত হজযাত্ৰীৰ বাবে সকলো সা-সুবিধা থকা এটা অত্যাধুনিক হজ ভৱনৰ আধাৰশিলা স্হাপন কৰা হয়।বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় তিনি শতাধিক হাজী আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত হজ ভৱনৰ আধাৰশিলা স্হাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। বিশিষ্ট শিক্ষাবিদ, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ মোবাৰক হুছেইনৰ সভাপতিত্বত এই উদ্দেশ্যে আয়োজন কৰা সভাত বিধায়ক ডেকাই ভাষণত কয় যে ৰাজ্যৰ ৰাজহ বিভাগে আবন্টন দিয়া আঢ়ৈ কঠা মাটিত হজ ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে ২০ লাখ টকাৰ অনুমোদন দিয়া হৈছে।সভাত বিধায়ক ডেকাই ধৰ্ম অথবা জাতপাতৰ বাবে নহয় কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।অহা দুবছৰৰ পিছত পাছত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বাহিৰে কোনো এটা কেঁচা ৰাস্তাই নাথাকিব।সকলো পথেই পকীকৰণ কৰা হব।একেখন সভাতেই বিধায়ক ডেকাই বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ দহ গৰাকী গাওবুঢ়াক নলবাৰী জিলা প্ৰশাসনে বিগত গণৰাজ্য দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ মানপত্ৰ প্ৰদান কৰাৰ লগতে নাৰায়ণপুৰ আৰু লাউঠাৰী গাঁৱৰ ৮০ টা দৰিদ্ৰ,ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে।মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ট্ৰিবেণী গগৈয়ো উপস্থিত থাকে।
দুলাল মানকিক ডুমডুমা প্ৰেছ ক্লাবৰ সম্বৰ্ধনা
বিশিষ্ট সংগীত শিল্পী , “ঝুমইৰ সম্ৰাট” দুলাল মানকিয়ে এই বছৰ ভাৰত চৰকাৰৰ সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে ডুমডুমা প্ৰেছ ক্লাবে আজি তেখেতক সম্বৰ্ধনা জনায় । ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা , উপসভাপতি দীনেশ গোয়েল , সম্পাদক মনোজ বৰুৱা , কোষাধ্যক্ষ পিট্টৰ চন্দ মিট্টল , প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা , প্ৰাক্তন সম্পাদকদ্বয় মনোজ দত্ত আৰু অভিজিৎ খাটনিয়াৰ আৰু সদস্য ব্ৰহ্মদেউ ৰজকৰে গঠিত ক্লাবৰ এটি প্ৰতিনিধি দলে শিল্পীগৰাকীৰ বৰহাপজান কেছেৰুগুৰি স্থিত বাসভৱনলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ আঁত ধৰি ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অভিজিৎ খাটনিয়াৰে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান “ঝুমইৰ” গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে শাস্ত্ৰীয় সংগীত আৰু অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনলৈ দুলাল মানকিয়ে আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰি ভাৰত চৰকাৰে শেহতীয়াকৈ তেখেতলৈ আগবঢ়োৱা পদ্মশ্ৰী বঁটাই সমগ্ৰ ডুমডুমাবাসীকে গৌৰৱান্বিত কৰা বুলি কয় । ক্লাবৰ তৰফৰ পৰা শিল্পীগৰাকীক এখনি ফুলাম গামোচা , এখন শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনাৰ উত্তৰত দুলাল মানকিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দৈদাম চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পৰা আৰম্ভ কৰা সংগীতৰ যাত্ৰাৰ কথা সোঁৱৰে । এই বঁটা নিজৰ পিতৃ – মাতৃৰ নামত উৎসৰ্গা কৰি শিল্পী দুলাল মানকিয়ে কয় যে তেওঁৰ পিতৃৰ পৰাই সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ তেওঁ অনুপ্ৰেৰণা পাইছিল । এই সন্মানীয় বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাত তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত শিল্পীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ উপৰিও ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিৰণ বৈশ্য দত্তও উপস্থিত আছিল । মুনীন্দ্ৰ মহন্ত,ডুমডুমা
চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব : প্ৰধানমন্ত্ৰী মোদী
সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে। এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে।
আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্তাপন কৰিবলৈ আহি মোদীয়ে এনেদৰে কয়।
মোদীয়ে কয় যে ২০১৬ চনত অসমত মেডিকেল কলেজ আছিল ৬ খন। বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্য খনত আৰু নতুনকৈ ৬ খন মেডিকেল কলেজ আৰম্ভ হৈছে।
অসমত এতিয়া প্ৰতি বছৰে ১৬০০ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এতিয়া আৰু অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগে। অসমতে সকলো উন্নত চিকিৎসাৰ সুবিধা পাব বুলি তেওঁ কয়।
আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অসমৰ ১ লাখতকৈ বেছি লোকে চিকিৎসাৰ সুবিধা পোৱা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰে চলাই গৈছে বুলি মোদীয়ে কয়।
কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা।

অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা কৃষক আন্দোলনক লৈ সৰৱ আছিল তেওঁ। আৰু তাৰ পিছতে আহিবলৈ ধৰে ধৰ্ষণ আৰু হত্যাৰ ভাবুকি।

ছচিয়েল মিডিয়াত জামিলাই লিখিছে, ‘‘ভাৰতৰ কৃষকসকলৰ আন্দোলনক লৈ বিগত কেইবামাহ ধৰি যি ঘটিছে সেই সম্পৰ্কে মাত মাতিছো।

কিন্তু যিমানবাৰ মই এই বিষয়টোক লৈ কৈছো, মোলৈ ধৰ্ষণ আৰু হত্যাৰ ভাবুকি আহিছে। যিয়ে মোলৈ এই ধৰণৰ মেছেজ পঠিয়াইছে, তেওঁলোকে মনত ৰাখক যে মই এজন মানুহ যাৰ সহ্যৰ সীমা আছে।শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে।

তেওঁ আৰু লিখিছে, ‘‘মই অৱশ্যে ভাৰতৰ কৃষকসকলৰ সৈতে আছো। যিসকলে অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছে তেওঁলোকৰ পক্ষত আছো।’’
১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি
অসম বিধানসভাৰ নিৰ্বাচন চমু আহিছে। কৃষক নেতা তথা বৰ্তমান ৰাইজৰ দলৰ নেতা অখিল গগৈ এতিয়াও কাৰাগাৰতে বন্দী হৈ আছে।
বিজেপি চৰকাৰৰ ৰোষত পৰি এটাৰ পাছত আন এটা গোচৰত বন্দী কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আনকি প্ৰতিবাদো সাৱ্যস্ত কৰি আহিছে।
অহা ১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব।
ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমন্না আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিবলগীয়া এই শুনানিলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে।
ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰিছিল।
২০১৯ৰ ডিচেম্বৰত গোচৰ নম্বৰ SLP (Crl) No 1050/2021ৰ অধীনত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰপাছত অখিলক এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
ইতিমধ্যে এনআইএ-য়ে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে।
বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে অখিল গগৈক লৈ ইমান শংকিত কিয়? অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলে বহুকেইগৰাকী শীৰ্ষ বিজেপি নেতাৰ সান্দহ খোৱা বালি তল যোৱাৰ আশংকা কৰা হৈছে।
আনহাতে, অখিল গগৈৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাও শেহতীয়াকৈ বিজেপিৰ বাবে নতুন মূৰৰ কামোৰণি হৈ পৰিছে।
সেয়ে, অখিল গগৈৰ মুক্তি বিজেপি চৰকাৰে নিবিচৰাটোৱে স্বাভাৱিক বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।
এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে অখিল গগৈৰ মুক্তিৰ বিষয়টো নিৰ্ভৰ কৰিছে।
নুৰুল আমিন সোৱৰণি ট্ৰফি ক্ৰিকেট লীগৰ চূঢ়ান্ত ফাইনেল অহা ১৩ ফেব্ৰুৱাৰীত
মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট গাঁও পঞ্চায়ত এলেকাৰ পুৱ বৰখাঁবল ইলেভেন ক্লাৱৰ উদ্যোগত আয়োজিত প্ৰাইজমানি ও নুৰুল আমিন সোৱৰণি ট্ৰফি ক্ৰিকেট লীগৰ চূঢ়ান্ত ফাইনেলত দলৈচুবা বনাম মৈৰাবাৰী ইলেভেন ষ্টাৰ ক্লাৱৰ মাজত অহা ১৩ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিৰ সভাপতি ৰুহুল আমিন , সম্পাদক জেহিৰুল ইছলাম , কাৰ্যকৰী সদস্য ক্ৰমে মকিবুৰ ৰহমান , ইনামূল ইছলাম, কিচমত আলীয়ে জনাইছে । অৱশ্যে লীগৰ দৰ্শকে লোৱা ছিজন টিকটৰ বাবে এণ্ড্ৰয়েট মবাইলৰ ভাগ্য পৰীক্ষা খেলো পুৱাৰ ভাগত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিয়ে জনাইছে ।







