মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট গাঁও পঞ্চায়ত এলেকাৰ পুৱ বৰখাঁবল ইলেভেন ক্লাৱৰ উদ্যোগত আয়োজিত প্ৰাইজমানি ও নুৰুল আমিন সোৱৰণি ট্ৰফি ক্ৰিকেট লীগৰ চূঢ়ান্ত ফাইনেলত দলৈচুবা বনাম মৈৰাবাৰী ইলেভেন ষ্টাৰ ক্লাৱৰ মাজত অহা ১৩ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিৰ সভাপতি ৰুহুল আমিন , সম্পাদক জেহিৰুল ইছলাম , কাৰ্যকৰী সদস্য ক্ৰমে মকিবুৰ ৰহমান , ইনামূল ইছলাম, কিচমত আলীয়ে জনাইছে । অৱশ্যে লীগৰ দৰ্শকে লোৱা ছিজন টিকটৰ বাবে এণ্ড্ৰয়েট মবাইলৰ ভাগ্য পৰীক্ষা খেলো পুৱাৰ ভাগত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিয়ে জনাইছে ।

