Breaking

কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

0 2,034

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা।

অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা কৃষক আন্দোলনক লৈ সৰৱ আছিল তেওঁ। আৰু তাৰ পিছতে আহিবলৈ ধৰে ধৰ্ষণ আৰু হত্যাৰ ভাবুকি।

ছচিয়েল মিডিয়াত জামিলাই লিখিছে, ‘‘ভাৰতৰ কৃষকসকলৰ আন্দোলনক লৈ বিগত কেইবামাহ ধৰি যি ঘটিছে সেই সম্পৰ্কে মাত মাতিছো।

কিন্তু যিমানবাৰ মই এই বিষয়টোক লৈ কৈছো, মোলৈ ধৰ্ষণ আৰু হত্যাৰ ভাবুকি আহিছে। যিয়ে মোলৈ এই ধৰণৰ মেছেজ পঠিয়াইছে, তেওঁলোকে মনত ৰাখক যে মই এজন মানুহ যাৰ সহ্যৰ সীমা আছে।শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে।

তেওঁ আৰু লিখিছে, ‘‘মই অৱশ্যে ভাৰতৰ কৃষকসকলৰ সৈতে আছো। যিসকলে অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছে তেওঁলোকৰ পক্ষত আছো।’’

Leave A Reply