Home Blog Page 3136

বিপিএফ এৰি হাগ্ৰামালৈ কি চিঠি লিখিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

দৈনন্দিন বাৰ্তাৰ সেৱা,১১ নৱেম্বৰঃ বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিপিএফ এৰাৰ কথা ঘোষনা কৰিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ লিখা এক পত্ৰত বিশ্বজিৎ দৈমাৰীয়ে কয় — বিপিএফৰ জন্ম লগ্নৰ পৰাই তেওঁ দলটোৰ সৈতে আছিল আৰু এতিয়া সিদ্ধান্ত লৈছে এই দল এৰিব। যোৱা কেইমাহমানৰ পৰিঘটনাই তেওঁক দলৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য কৰা বুলি উল্লেখ কৰে পত্ৰ খনত। এক নতুন যাত্ৰাৰ বাবে সাজু হোৱা বাবে উল্লেখ কৰিছিল তেওঁ। সমৰ্থক তথা দলৰ প্ৰতিগৰাকী কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।

ডবকাত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত তিনি অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ সেৱা,ডবকা, ১১ নৱেম্বৰঃ ডবকাৰ প্ৰতিষ্ঠিত সমাজসেৱী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ জন্ম দিনৰ লগত সংগতি ৰাখি পালন কৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা ডবকাত বৃক্ষৰোপন আৰু অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৱে ডবকা ষ্টেট বেংক সমীপত বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰে৷ ডবকা ৰাজহ চক্ৰ বিষয়া ডঃ টিংকু মনি বৰাই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সভাখনত ডবকা ষ্টেট বেংকৰ প্ৰৱন্ধক, ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক উপস্থিত থাকি সকলোকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়৷ তাৰ পিছত সংস্থাটোৰ উদ্যোগত ঊৰ্ধগাঁও মধ্য ইংৰাজী বিদ্যালয়ত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়৷ সভাখনত ডবকা অঞ্চলৰ তিনি গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়৷

শিক্ষক কেইগৰাকী হৈছে ক্ৰমে ডবকা বিদ্যা মন্দিৰ এল পি স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাখন চন্দ্ৰ বিশ্বাস, ডবকা এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফখৰুদ্দিন চৌধুৰী, কছাৰীপাৰা ছাৰ চৈয়দ এম ই স্কুলৰ শিক্ষক বিপুল চন্দ্ৰ বৰাক এই সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানটিত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সভাপতি আব্দুল জলিল, সম্পাদক জাহানাৰা বেগম চৌধুৰী(জুনু), সদস্য ক্ৰমে তাজ উদ্দিন বৰভূঞা, আব্দুচ চুবুৰ বৰভূঞা, আব্দুল খালিককে ধৰি ডবকা অঞ্চলৰ বিশিষ্ট ব্যক্তি, উৰ্ধগংগা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে৷

অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰত্ন মৌলানা আবুল কালাম আজাদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তী প্ৰজ্বলন কৰা হয়৷ তাৰ পিছত উৰ্ধগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত-মাতৰো এটি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সভাৰ শেষত সংস্থাটিয়ে বিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কৰে৷

ইপিনে যোগীজান প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কৰৈগুৰী নতুন প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়৷ বৃহত্তৰ কৰৈগুৰী নাগৰিক সমাজৰ উদ্যোগত আয়োজিত সভাখনৰ পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিক উদ্দিনে৷ সভাত বক্তব্য আগবঢ়ায় সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, আব্দুল মুহিত কাছিমীয়ে৷ সভাখনত ৰৌৱাৰপাৰ মাদ্ৰাছাৰ শিক্ষা সচিব মৌলানা আব্দুল মন্নান কাছিমীক এখনি মানপত্ৰ, গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাখনত শিক্ষক উবাইদুৰ ৰহমান মাঝাৰভূঞা, মইদুল আলম বৰভূঞা, শ্বাহ আব্দুল আজিজ খান, ইন্তাজ আলী, আজিমুন নেহাৰ, আব্দুল গণিকে ধৰি কেবাগৰাকী বিশিষ্ট নাগৰিকে অংশ লয়৷

নাজিৰাত টাই আহোম যুৱ পৰিষদ অসমৰ সংবাদমেল, শীঘ্ৰে জনজাতিকৰণ দাবী

দৈনন্দিন বাৰ্তাৰ সেৱা,মেছাগড়, ১১ নৱেম্বৰঃটাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও দিগন্ত তামুলীৰ উপস্থিতিত টাই আহোম যুৱ পৰিষদৰ নাজিৰা মহকুমা সমিতিখন মানচাও দিলীপ গগৈক সভাপতি হিচাবে লৈ গঠন কৰা হয়৷ শীঘ্ৰে জনজাতিকৰণ দাবীৰে কেন্দ্ৰীয় তথা ৰাজ্য  চৰকাৰক সকিয়নী প্ৰদান কৰা হয়৷

অহা ২৬ জানুৱাৰীৰ পূৰ্বে ছয় জনগোষ্ঠীক মৰ্যাদা প্ৰদানত গুৰুত্ব নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু বৰ্তমানৰ চৰকাৰক উৎখাত কৰাত কোনো ক্ৰুটি নকৰিব বুলিও সংবাদ মেলত হুংকাৰ দিয়ে৷ লগতে থলুৱা নিযুক্তি,ভুমিৰ অধিকাৰ আদিৰ ক্ষেত্ৰতো সৰৱ হৈ উঠে৷

জামুগুৰিহাটত এবিভিপিৰ কাৰ্য্যালয় উদ্ধোধন

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ১১ নৱেম্বৰঃ অসমত পাকিস্থান জিন্দাৱাদ নচলিব, ইয়াত বন্দে মা তৰম আৰু জয় আই অসমহে চলিব – এই মন্তৱ্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ আজি সমষ্টিটোৰ অন্তৰ্গত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জামুগুৰিহাট শাখাৰ এটি স্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰি  বিধায়ক পদ্ম হাজৰিকাই আৰু কয়-অসমৰ বায়ু পানী খাই পাকিস্থান বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল  জাতিৰ শত্ৰু৷

এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখালিয়ে আতৰাই পঠিয়াব লাগিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট শাখাৰ সম্পাদক বিষ্ণু দাসে আত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক যুটীয়া সম্পাদক পলয় কুমাৰ বড়ো, জামুগুৰি শাখাৰ সভাপতি ড°তিলক শৰ্মা, সহকাৰী সম্পাদক ওম প্ৰকাশ দাস,বিবেক পাল, বৰুণ নাথে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰ্শন,লক্ষ্য উদ্দেশ্যৰ ওপৰত  বক্তৱ্য আগবঢ়ায়৷ সভাত এবিভিপিৰ শোণিতপুৰ জিলাৰ সমন্বয়ক দ্বিপজ্যোতি দাস প্ৰমুক্ষে কৰি বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

দীপাৱলী উপলক্ষে বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত নগৰকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা। ৰাজ্যৰ চৌদিশে এতিয়া দীপাৱলীক লৈ উখল মাখল পৰিবেশ। সম্প্ৰতি ৬০ বছৰৰো অধিক পুৰণি এখন বিশেষ বজাৰ। পূৰ্বপুৰুষৰ দিনৰে পৰা শিৱসাগৰত এই সকল মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। বিগত বৰ্ষৰ তুলনাত পোহৰৰ উৎসৱ দীপাৱলীত শিৱসাগৰ জিলা বিভিন্ন প্ৰান্তৰ লগতে নাজিৰা, নামতি-শিমলুগুৰি আৰু গেলেকীতো বৃদ্ধি পাইছে মাটি চাকিৰ বিক্ৰী।

বহু বছৰ আগৰে পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত মৃৎ শিল্পীয়ে মাটি চাকি প্ৰস্তুত কৰি এই শিল্প শিৱসাগৰত জীৱিত কৰি ৰাখিছে। জিলা প্ৰশাসনে ৰঙীন লাইট শিৱসাগৰত বন্ধ কৰাৰ লগে-লগে স্থানীয় থলুৱা মাটি চাকিৰ বিক্ৰী বৃদ্ধি পোৱা আৰু শিল্প জীৱিত হৈ থকাৰ নতুন এটা দিশ সূচনা হৈছে। যাৰ বাবে নিতৌ শিৱসাগৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা জিলাখনৰ নানা স্থানলৈ ৰপ্তানি হৈছে থলুৱা শিল্পী সকলে নিৰ্মাণ কৰা এনে ধৰণৰ মাটি চাকি সমূহ।

দীপাৱলীৰ সময়ত শিৱসাগৰত তীৰ খেল, মেলা-মুকলি চিনেমা প্ৰদৰ্শন নিষিদ্ধ

দৈনন্দিন বাৰ্তাৰ সেৱা, মেছাগড়, ১১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে কৰা এক আদেশমৰ্মে জনসাধাৰণৰ স্বাস্থ্য, নিৰাপত্তা আৰু ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত আগন্তুক দীপাৱলী উৎসৱৰ সময়ত অহা ১৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ সমগ্র শিৱসাগৰ জিলাতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত মেলা, লটাৰী খেল, জুৱা খেল তীৰ খেল তথা মুকলি চিনেমা প্ৰদৰ্শন আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, বিগত সময়ত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত দীপাৱলী উৎসৱৰ লগত সংগতি ৰাখি মেলা, লটাৰী খেল, জুৱা খেল, তীৰ খেল আদি অনুষ্ঠিত হোৱাৰ লগতে চাহ বাগিচা সমূহত মুকলি চিনেমা প্ৰদৰ্শন হৈ আহিছে, য’ত একেলগে বহুলোকৰ সমাগম হোৱা  পৰিলক্ষিত হয়। তদুপৰি, বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত পুনৰ ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ আৰম্ভ হোৱাৰ বিষয়ে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশিত হৈ আহিছে। উক্ত বিষয় বোৰ বিবেচনা কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্য আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ৰাজহুৱা বা ব্যক্তিগত স্থানত জনসমাগম ৰোধৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

চৰাইদেউ জিলা ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথৰ বিধ্বস্ত ৰূপ, ছাত্র সন্থাই আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰিলে পথ

দৈনন্দিন বাৰ্তাৰ সেৱা, মাহমৰা, ১১ নৱেম্বৰঃ উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ গড়কাপ্টানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ জিলাখনৰ ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথছোৱাত শেহতীয়াকৈ নিতৌ বুজন পৰিমাণৰ শিল আৰু বালি কঢ়িওৱা গাড়ীয়ে বিধ্বস্ত কৰি পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ মাহমৰা আঞ্চলিক সমিতিয়ে চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ‘আছু’ৰ আঞ্চলিক সমিতিখনৰ সভাপতি ৰিংকু বড়া আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰগোঁহাইৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, জিলাখনৰ অতি গুৰুত্বপূৰ্ণ ভজো-কাকতীবাৰী-ৰাজগড় সংযোগী গড়কাপ্টানী পথছোৱাৰ মাজেৰে দৈনিক এশৰো অধিক বুজন পৰিমাণৰ শিল আৰু বালি কঢ়িওৱা ডাম্পাৰ অহা-যোৱা কৰাত সম্প্ৰতি পথছোৱা বিধ্বস্ত হৈ পৰাৰ লগতে পথৰ মাজত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে।

যাৰ ফলত সাধাৰণ জনসাধাৰণ দৈনিক অহা-যোৱা কৰাৰ লগতে বিদ্যালয়ত অধ্যয়নত ছাত্ৰ-ছাত্ৰী জীয়াতু ভুগিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। এই বিষয়ত বিগত সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা উপায়ুক্ত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাটো অতিকে আশ্চৰ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। সেয়েহে  আজিৰে পৰা মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই উক্ত পথছোৱা মাজেৰে অত্যাধিক বুজন কঢ়িওৱা ডাম্পাৰসমূহ অহা-যোৱা কৰাত সম্পূৰ্ণৰূপে বাঁহ বান্ধি অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰিছে। এইক্ষেত্ৰত জিলা উপায়ুক্তই অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ‘আছু’ৰ মাহমৰা আঞ্চলিক সমিতিয়ে দাবী জনাইছে।

সাংবাদিক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ সোণোৱালৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে। জীৱনলৈ সংশয় অহাৰ কথা অৰ্ণৱে নিজেই প্ৰকাশ কৰিছিল। আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোস্বামীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনাইছে। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি নিজৰ টুইটাৰত প্ৰকাশ কৰিছে এই কথা। সোণোৱালে গোস্বামীৰ পৰিয়ালৰ অনুৰোধ মৰ্মে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰেক এই অনুৰোধ জনাইছে।

মনকৰিবলগীয়া, সাংবাদিক গোস্বামীৰ মোমায়েক অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অনুৰোধত মুখ্যমন্ত্ৰী সোণোৱালে উদ্ধৱ থাকৰেৰ সৈতে এই বিষয়ত আলোচনা কৰা বুলিও চৰ্চা লাভ কৰিছে। অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল যদিও আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে। আৰক্ষীয়ে নিজৰ জিম্মাত নোপোৱাৰ বাবেই আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল সাংবাদিক গৰাকীয়ে।

“মই ভাৰতৰ জনতাক জনাব খুজিছো যে মোৰ জীৱনলৈ ভাবুকি আহিছে। তেওঁলোকে কয় যে অধিবক্তাৰ সৈতে কথা পাতিব নোৱাৰিব। মোক অত্যাচাৰ কৰা হৈছে। মোৰ আৰক্ষী জিম্মাৰ আবেদন আদালতে খাৰিজ কৰিলে। তেওঁলোকে মোক মুকলি হৈ অহাটো বিচৰা নাই। আজি পুৱাও মোক চোচৰাই আনিছে।” ৰিপাব্লিক টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰিত অৰ্ণৱ গোস্বামীয়ে এইদৰে কোৱা দেখা গৈছে।

বুধবাৰে আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে অৰ্ণৱ গোস্বামী দেওবাৰে তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। এখন আৰক্ষীৰ বাহনত তাল’জা কাৰাগাৰলৈ নি থকাৰ সময়তে খিৰিকীৰেদি অৰ্ণৱ গোস্বামীয়ে চিঞৰি এইদৰে কোৱা দেখা গৈছিল।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ  অসমত পুনৰ ২৭১ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬২৯ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০২৪৬৮ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৫৯৬৫ জন ৰোগী। কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৫২ জন লোকৰ।

উৰিষ্যা বিধানসভাৰ উপ-নিৰ্বাচনত বিজু জনতা দলৰ জয় লাভ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ মঙ্গবাৰে ঘোষণা কৰা উৰিষ্যা বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজু জনতা দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে। টিৰট’ল সমষ্টিত বিজু জনতা দলৰ বিজয় শংকৰ দাসে বিজেপিৰ ৰাজকিশোৰ বেহৰা ৪১,৭০৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰাৰ লগতে বেলছ’ৰেত স্বৰূপ কুমাৰ দাসে মানস কুমাৰ দত্তক ১৩,৩৫১ টা ভোটত পৰাজিত কৰে। আনহাতে ২০১৯ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজু জনতা দলে ১১২ খন আসনত জয় হ’বলৈ সক্ষম হৈছিল।