Breaking

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

0 2,048

নগাঁও সদৰ সমষ্টিত পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চলত আজি বিধায়ক ৰূপক শৰ্মাই ১৪ টাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে।পৌৰসভাৰ মহলা সমূহত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি এচ অ পি ডি ৰ অধীনত নিৰ্মাণ হবলগীয়া  কেইবাটাও পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।

উন্নয়ন মূলক আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে বিগত দিন সমূহত নগাঁও সদৰ সমষ্টিত বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যৎপৰোনস্তি চেষ্টা কৰি আহিছো।নগাঁও সমষ্টিটো এটি জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি আহিছো।উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজিও নগাঁও পৌৰসভাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেইবাটাও পথৰ  আধাৰশিলাৰ লগতে সামাজিক অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ আধাৰশিলা স্থাপনৰ কৰিছো ।আশাকৰিছো এই উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হব।

আজি  বিধায়ক পৌৰসভাৰ এলেকাৰ বিভিন্ন মহলাত আধাৰশিলা স্হাপন কৰা ১৪ টা আঁচনিৰ  পথ  আৰু সামাজিক অনুষ্ঠান সমূহ হৈছে২২ নং মহলাৰ বি বি পথ,৩নং মহলাৰ লাউখোৱা পথৰ উপপথ,২২নং মহলাৰ লক্ষী হাজৰিকা পথ,২২ নং মহলাৰ  গান্ধী নগৰ পথ,৬ নং মহলাৰ এল এন বি পথ,৬নং মহলাৰ এল এন বি পথৰ উপপথ,৬নং মহলাৰ নামঘৰ পথৰ উপপথ ১,৬নং মহলাৰ আৰ আৰ বি পথৰ উপপথ,৬ নং মহলাৰ ৰূপহী পথ,২০ নং মহলাৰ হোমিঅ’ কলেজৰ সমীপৰ গৰুবাট পথ,২০ নং মহলাৰ কালী মন্দিৰ ,২৬নং মহলাৰ মিলনপুৰ নামঘৰ পথ,২৬ নং মহলাৰ মিলনপুৰ উদ্যানৰ চাৰিসীমা ,বিনাপাণি নাট্য মন্দিৰৰ আন্ত:গাঠনি উন্নয়ন।আনহাতে বিধায়ক গৰাকীয়ে আজি পৌৰসভাৰ ২৬ নং মহলাৰ মিলনপুৰত এটা “ক্ষুদ্ৰ বায়ফ্লক” আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।

অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত ৰূপায়ণ হবলগীয়া ক্ষুদ্ৰ বায়ফ্লক আঁচনিৰ আধাৰশিলা অনুষ্ঠানত নগাঁও জিলা মীন উন্নয়ন বিষয়া ড: ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনো উপস্থিত থাকে।ইপিনে নগাঁও জিলাৰ বৃহত্তৰ দক্ষিণপাট অঞ্চলত ১৯৪৬ চনতে কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খনে ২০২১ বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে। ৷

এই উপলক্ষে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ‌ উদ্ধোধনী অনুষ্ঠানত আজি সদৰ সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মা উপস্থিত থাকি পুৱা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে। বছৰযোৰা কাৰ্যসূচীৰে চলিবলগীয়া মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

Leave A Reply