Breaking

মাজুলীত প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত বিদ্যালয়-মহাবিদ্যালয়ত এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি

0 2,035

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাট জিলাৰ মুখ্য নিৰ্দেশক গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰা (ভি এচ এম)ৰ পৃষ্ঠপোষকতাত আৰু ৫১ নং এয়াৰ এন চি চিৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন মনাংকুৰ চৌধুৰীৰ তত্বাৱধানত মাজুলী জিলাৰ ৰঙাচাহী মহাবিদ্যালয় , জেংৰাইমুখ মহাবিদ্যালয় আৰু আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পোন প্ৰথমবাৰ প্ৰধানমন্ত্ৰী এক্সটেনচন প্লেনৰ আধাৰত একোটাকৈ এয়াৰ এন চি চিৰ অৰ্ধ ট্ৰোপ মুকলি কৰা হয় ৷ এই উপলক্ষে আজি স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এন চি চিৰ মুখ্য নিৰ্দেশক অজিত কুমাৰ বৰাই তিনিওখন শিক্ষানুষ্ঠানৰ মূৰব্বীৰ হাতত পাৰ্চমেন্ট চাৰ্টিফিকেট অৰ্পণ কৰে ৷ অনুষ্ঠানত বিগ্ৰেদীয়াৰ অজিত কুমাৰ বৰাই উপস্থিত কেডেট সকলক এন চি চিৰ জৰিয়তে নিয়মানুৱৰ্তিতা , একতা আৰু সময়মতে শিক্ষা গ্ৰহণ কৰাৰ লগতে সমাজ আৰু পৰিবেশ-জলবায়ুৰ প্ৰতি সজাগ হৈ গছপুলি ৰোপণৰ দৰে মহান কৰ্মৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ আহবান জনায় ৷ লগতে দেশৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এন চি চিৰ একতা আৰু অনুশাসনৰ প্ৰতি নিজক অৰ্পণেৰে ভাল গুণ সমূহ অবিৰতভাৱে কৰ্মৰত চেষ্টা অব্যাহত ৰাখি নিজৰ লগতে সমাজৰ আৰু দেশৰ নতুন প্ৰজন্মলৈ প্ৰতিভাৰ গুণ সমূহ বিলাই দিবলৈও আহবান জনায় ৷ বিশিষ্ট লেখক , সমালোচক দীপক শইকীয়াই আঁত ধৰা অনুষ্ঠানত জিলা বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়া, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নৱ কুমাৰ গাম আৰু বৰ এলেঙি সত্ৰৰ অধিকাৰ পুতুল মহন্তই কেডেট সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে যোৰহাট জিলা মুখ্য নিৰ্দেশক  গ্ৰুপ কামাণ্ডাৰ ব্ৰিগেদীয়াৰ অজিত কুমাৰ বৰাৰ উদ্যোগৰ শলাগ লয় ৷ অনুষ্ঠানত উপস্থিত সকলোকে উদ্যোক্তা সকলৰ তৰফৰ পৰা মাস্ক, চেনিটাইজাৰ আৰু উপহাৰ প্ৰদান কৰে ৷ তাৰ পিছতে মহাবিদ্যালয়ৰ চৌহদত বিশিষ্ট ব্যক্তি সকলে গছপুলি ৰোপণ কৰে ৷

Leave A Reply