Breaking

মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামত ভুৱা মেইল একাউন্ট

0 2,130

মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে সন্মানীয় পদবীত কালিমা সানিবলৈ এক  দুষ্ট চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰাৰ তথ্য পোহৰলৈ আহিছে।

officialmail239@gmail.com নামেৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াক যুক্ত কৰি দুষ্কৃতিকাৰীয়ে ই.মেইল. একাউন্ট খুলি উক্ত একাউন্টৰ পৰা বিভিন্ন জনলৈ অপ্ৰাসংগিক ই.মেইল. বাৰ্তা প্ৰেৰণ কৰাৰ কথা জানিব পাৰি হতচকিত হৈ পৰিছে অধ্যক্ষ গৰাকী।

অধ্যক্ষ গৰাকীয়ে উক্ত মেইলৰ পৰা অহা কোনো বাৰ্তাকে গ্ৰহণ নকৰিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনাই বাতৰি কাকতলৈ এক বিজ্ঞাপ্তি প্ৰেৰণ কৰাৰ লগতে এই সম্পৰ্কে মাজুলী আৰক্ষী থানাত অৱগত কৰাৰ কথা জানিবলৈ দিছে।

Leave A Reply