Breaking

আদালতৰ ৰায় অৱমাননা শিক্ষাবিভাগৰ

0 2,036

ৰাজ্য চৰকাৰে টেট উত্তীৰ্ণ নতুন নিযুক্তি আৰু বিদ্যালয় প্ৰদেশিকৰণেৰে এক বৃহৎ নতুন চমক সৃষ্টি কৰাৰ সময়তে অন্যায়ভাবে এগৰাকী টেট উত্তীৰ্ণ শাৰীৰিক ভাবে অক্ষম মহিলাক নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ খবৰ পোহৰলৈ আহিছে । 

ৰাজ্যখনৰ সৰ্বশিক্ষা মিচন ডাইৰেক্টৰে বিগত বৰ্ষৰ ২৪ছেপ্টেম্বৰ তাৰিখে নিযুক্তিৰ বাবে ঘোষণা কৰা বিজ্ঞাপন মৰ্মে শ্বৰিফা খাতুন নামৰ টেট উত্তীৰ্ণ শাৰিৰীক ভাবে অক্ষম মহিলা গৰাকীয়ে জ’ন-৩ যোগ্যতা অৰ্জনেৰে মৰিগাও জিলাত উচ্চ প্ৰাথমিক বিদ্যালয়ত আবেদন নং.২০০০৬০৯৮ মৰ্মে আবেদন কৰে আৰু সেইমৰ্মে দ্বিতীয় প্ৰাথমিক বাচনি তালিকাত মৰিগাও জিলাৰ দুটা শাৰীৰিক ভাবে অক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত পদৰ বিপৰীতে এটাত এই মহিলা গৰাকীৰ নাম বাচনিত অন্তৰ্ভুক্ত হয়।

কিন্তু অতি পৰিতাপৰ বিষয়যে, ৫০ বছৰ পৰ্যন্ত নিযুক্তিৰ বাবে আবেদন কৰিব পৰা এই মহিলা গৰাকীয়ে ৪০ বছৰ পিছত ডিএল এড,শিক্ষক প্ৰশিক্ষণ ডিগ্রী লোৱাৰ অজুহাত দেখুৱাই যোৱা চলিত বৰ্ষৰ ৬জানুৱাৰীত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত  অনুষ্ঠীত হোৱা নথি পৰীক্ষণ অনুষ্ঠানত এই মহিলা গৰাকীৰ নাম চূড়ান্ত বাচনি তালিকাত বাদ পেলাই ।

উল্লেখনীয় যে, যি সময়ত শাৰীৰিক ভাবে অক্ষম প্ৰাৰ্থীয়ে ৫০ বছৰ বয়স পৰ্যন্ত চাকৰিৰ বাবে আবেদন কৰিব পাৰে ঠিক তেনেসময়ত  ৪০ বছৰ বয়সৰ পিছত ডি এল এড উত্তীৰ্ণ হোৱাৰ বাবে নিযুক্তিৰ পৰা বঞ্চিত কৰাটো অযুক্তিকৰ । মৰিগাঁও জিলাৰ লাহৰিঘাটৰ গৰখীয়াখুটি(কাঠনি)নিবাসী এই শাৰিৰীক ভাবে অক্ষম প্ৰাৰ্থী গৰাকীয়ে হতাশা আৰু নিৰাশাত ভুগি গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ (পি চি) ৩৮০/২০২১ নম্বৰত এক গোচৰ কৰে । আদালতে শুনানি গ্ৰহণ কৰি চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰী তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে লগতে চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত জিলাখনৰ এই দুটা পোষ্টৰ বিপৰীতে নিযুক্তি স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে  । কিন্তু আদালতৰ এই ৰায়ক   বৃদ্ধা্ংগুষ্ঠ দেখুৱাই যোৱা৫ফেব্ৰুৱাৰী/২০২১তাৰিখে এই পদ দুটাৰ বিপৰীতে নিযুক্তি প্ৰদান কৰে। এনে অন্যায় পূৰ্বক নিযুক্তিয়ে ৰাজ্য চৰকাৰকৰ নিকা ভাবমূৰ্তি এক অমোচনীয় কালিমাহে সানিছে বুলি সৰ্বত্ৰে চর্চিত হৈছে । সেয়েহে টেট উত্তীৰ্ণ হৈ বাচনি তালিকাত নাম থকা এই শাৰীৰিক ভাবে অক্ষম মহিলা গৰাকীক শিক্ষা বিভাগে নিযুক্তি দিবলৈ পৰিয়ালটোৱে   শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে।

Leave A Reply