Breaking

২১ত কোনে শেষ হাঁহি মাৰিব মাজুলী সমষ্টিত !

0 2,042

‘২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু ৫০টা দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নদীদ্বীপ মাজুলী সমষ্টিটো তুংগত হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ। যোৱা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটেৰে জয় লাভ কৰা সৰ্বানন্দ সোণোৱালৰ বাবে ‘২১ৰ নিৰ্বাচন এক বৃহৎ প্ৰত্যাহ্বান যে হ’ব সেইটো নিশ্চিত।

‘মাজুলী’ মহকুমাক জিলা হিচাপে ঘোষণা কৰিয়ে যোৱা কেইবাটাও বছৰ নীৰৱ ভূমিকা পালন কৰা সোণোৱালৰ যোৰহাট-মাজুলী সংযোগী দলঙ নিৰ্মাণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও বৰ্তমান প্ৰায় কাৰ্যকৰী অৱস্থালৈ আগবাঢ়িছে। তদুপৰি শেষৰ দুটা দশক যদি লক্ষ্য কৰা যায়, যোৱা ৪টা বছৰতে মাজুলী সমষ্টিৰ স্থল পথসমূহ যথেষ্ট স্বাভাবিক হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে উক্ত সমষ্টিটোৰ পৰাই ৰাজ্যৰ প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ দলৰ হৈ ‘২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত। ৰাইজৰ দল আৰু এজেপি মিত্ৰজোঁটৰ হৈ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ এজেপি দলৰ শিশুধৰ দলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট।‌এনে পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱালে কিদৰে ৰণকৌশল ৰচনা কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব। আনহাতে সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ যদি সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা নকৰে তেন্তে বিজেপি মিত্ৰজোঁটৰ হৈ গণ শক্তি দলৰ ৰণোজ পেগুৱেই প্ৰতিদ্বন্দিতা কৰাটো একপ্ৰকাৰৰ নিশ্চিত। অৱশ্যে ৰাজীৱ লোচন পেগু, শিশুধৰ দলে আৰু ৰণোজ পেগুৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’লে মিছিং সম্প্ৰদায়ৰ ভোট বিভাজনে বিজেপি দলটোক শলকেঠত পেলাব। কিন্তু এটা কথা নিশ্চিত যে বিজেপি দলৰ প্ৰতি সমষ্টিবাসীৰ আস্থা বৰ্তমানৰ দৰে প্ৰকট থাকিলে সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিলে শেষ হাঁহি মৰাটো নিশ্চিত।

Leave A Reply