Breaking

ফেচবুক আৰু হোৱাটছ এপলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ

0 2,075

বিশ্বৰ ভিতৰতে সবাটোতকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া ফেচবুক আৰু হোৱাটছ এপলৈ দিল্লীস্থিত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছে জাননী । হোৱাটছ এপে মুকলি কৰা নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত ছচিয়েল মিডিয়া এপ দুটালৈ জাননী প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে ।

ন্যায়ালয়ে জানিব বিচাৰিছে যে, প্ৰাইভেচি বা ব্যক্তিগত সুৰক্ষা মানে ফেচবুকে কি বুজে । কোন ধৰণৰ ব্যক্তিগত কথা বতৰা ফেছবুকত শ্বেয়াৰ হয় আৰু কোনবোৰ শ্বেয়াৰ হব নালাগে ।

বহু ব্যৱহাৰকাৰীয়ে নতুন পলিচি সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ পিছতে ন্যায়ালয়ে এই নতুন পলিচিৰ ওপৰত তিনি মাহলৈ স্থগিতাদেশ জাৰি কৰিছিল । আৰু তাৰ ওপৰতেই প্ৰশ্ন উত্থাপন কৰি প্ৰেৰণ কৰিছে জাননি ।

সেই জাননী খনত কোৱা হৈছে যে, আপোনালোক ( ফেচবুক আৰু হোৱাটছ এপ) হব পাৰে ২-৩ ত্ৰিলিয়ন ডলাৰ সম্পত্তিৰ এটা কোম্পানী। কিন্তু মানুহৰ ব্যক্তিগত কথা সকলোতকৈ ওপৰত।

Leave A Reply