ডিজিটেল ডেস্ক : শুকুৰবাৰে বিজ্ঞান ভৱনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল ৪০টা কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও কৃষকনেতাৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিছিল। কিন্ত প্ৰতিবাদী কৃষকে মানি নলয় বিতৰ্কিত কৃষি আইনৰ সংশোধন । তিনিওখন কৃষকবিৰোধী কৃষি আইন বাতিলৰ দাবীত শুকুৰবাৰৰ দিনটোতো দিল্লীৰ লগতে সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থাকে কৃষকৰ আন্দোলন। কৃষকৰ প্ৰতিবাদত প্ৰায় স্তব্ধ হৈ পৰিছে দিল্লীৰ ৰাজপথ সমূহ। ৰাজপথত অৱস্থান গ্ৰহণ কৰি থকাৰ ফলত পৰিবহণ আৰু যোগাযোগ প্ৰায় বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।
আনহাতে অহা ৮ ডিচেম্বৰত তিনিওখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত এদিনীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে । ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইচ এছ লখৱালে শুকুৰবাৰে জনোৱা মতে, ৫ ডিচেম্বৰত সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হ’ব আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোলগেট সমূহ অৱৰোধ কৰা হ’ব।
৮ ডিচেম্বৰত ভাৰত বন্ধ
ক্ৰমাৎ প্ৰাণ পাই উঠা জামুগুৰিহাটৰ পানপুৰঘাটে হাতবাউল দি মাতিছে পৰ্যটকক
জামুগুৰিহাট, ৪ ডিচেম্বৰ : ৮০ৰপৰা ৯০ দশকলৈকে জামুগুৰিহাটৰ ঐতিহাসিক পানপুৰঘাটৰপৰা চলা ফেৰি সেৱাই আছিল উত্তৰ অসমৰ লগত যোগাযোগৰ একমাত্ৰ থলি৷কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা সেতু নিৰ্মাণ হোৱাৰ পিছতেই যেন ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰিছিল এই একালৰ বৃন্দাৱনসদৃশ পানপুৰঘাট ৷ যাৰবাবে বিগত কেবাটাও দশকজুৰি প্ৰাণচঞ্চল ঐতিহাসিক পানপুৰঘাট হৈ পৰিছিল নিৰৱ আৰু নিস্তব্ধ৷কিন্তু শেহতীয়াকৈ অসমৰ পৰ্য্যটন মানচিত্ৰত এই পানপুৰ ঘাট তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলে স্থান লাভ কৰাত পুণৰ প্ৰাণচঞ্চল হৈ উঠিছে ঐতিহাসিক পানপুৰঘাট ৷ পানপুৰঘাটৰ গাঁতে লাগি থকা পানপুৰ বনাঞ্চলৰ ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে ক্ৰমাৎ জনতাৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে দশক দশকজুৰি উপেক্ষিত হৈ পৰা পানপুৰঘাটলৈ ৷ বনাঞ্চলখনৰ ভিতৰৰ নৈসৰ্গিক দৃশ্য পৰ্যটকসকলে উপভোগ কৰাৰ সুবিধাৰ বাবে ইতিমধ্যে বনবিভাগে জীপ চাফাৰিৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগে লগেই পানপুৰ ঘাটত এতিয়া উৎসুক জনতাৰ ভিৰ পৰিলক্ষিত হৈছে ৷ পৰ্যায়ক্ৰমে কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চলৰ ভিতৰত জীৱ জন্তু, শীতৰ আগমনৰ লগে লগে বিল জলাশয়ত আশ্ৰয় লোৱা দেশী বিদেশী চৰাই তথা প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকে স্বচক্ষে উপভোগ কৰিবৰ বাবে বনবিভাগে হাতী চাফাৰিৰ ব্যৱস্থা কৰাৰো যো-জা কৰিছে বুলি জানিব দিছে বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া মুকুট চন্দ্ৰ দাসে ৷ ইতিমধ্যে বনবিভাগৰ লোকসকলেও জীপ চাফাৰি কৰিবলৈ অহা লোকসকলক আদৰিবৰ বাবে চেষ্টাৰ কোনো ক্ৰুটি নকৰা দেখা পোৱা গৈছে ৷ ইয়াৰোপৰি ঘিলাধাৰীনদীৰ সংগমস্থল পানপুৰঘাটৰ পৰা কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ বাবে ২ শ মিটাৰ নদীখনৰ পানীৰ ওপৰেৰে নৌকা বিহাৰ কৰিব লগীয়া সময়খিনিৰ লগতে পৰ্যটকসকলক নৌকা বিহাৰ কৰাবৰ বাবে নাঁৱৰীয়াসকলে কৰা অপেক্ষাইও পৰ্যটকৰ দলৰ ভ্ৰমণ বুৰঞ্জীত অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ যাৰবাবে ঐতিহাসিক পানপুৰঘাট এতিয়া হৈ পৰিছে ব্যস্ত কেৱল ব্যস্ত এডোখৰ পৰ্যটনস্থলী ৷ ইতিমধ্যে বনাঞ্চলখনৰ ভিতৰত হাতী, গড়, নল গাহৰী, বাঘৰ খোজ, পৰিভ্ৰমী চৰাই আদি প্ৰত্যক্ষ কৰিছে ভিন্ন প্ৰান্তৰপৰা অহা পৰ্যটকৰ দলে ৷ উল্লেখ্য যে বিগত মাহৰ ২১ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চলক মুকলি কৰি দিয়াৰ লগতে পৰ্যটকৰ বাবে জীপ চাফাৰিৰ শুভ উদ্ধোধন কৰিছিল ৷

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত সত্যৰঞ্জন বৰাৰ গোচৰ
AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই ।
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাৰ গুৰুতৰ অভিযোগ, ‘বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ চলাইছে আজমল ফাউণ্ডেছন। বিদেশী সন্ত্ৰাসবাদীৰ ফাণ্ড লৈ অসমৰ উন্নয়ন কৰিব নালাগে আজমলে। মাদ্ৰাছাতো এই ফাণ্ডেৰে দেশদ্ৰোহিতাৰ কাম চলাই আছে আজমলে।মৌলানা-মুফ্টীৰ নামত ইছলামিক সন্ত্ৰাসবাদ যিসকলে কৰি আছে, সেয়া বদৰুদ্দিন আজমলে হওক অন্য কোনোবা সেইসকলৰ বিৰুদ্ধে আমি মাত মাতি যাম সদায়।’
সত্যৰঞ্জন বৰাৰ প্ৰশ্ন চৰকাৰলৈ, ‘মাদ্ৰাছা কিয় বন্ধ নকৰে চৰকাৰে। প্ৰভাৱশালী মন্ত্ৰীৰ প্ৰভাৱ নাইকীয়া হ’ল নেকি?’
বদৰুদ্দিন আজমলৰ দৰে অভিযুক্তক যেতিয়ালৈ আমি শেষ কৰিব নোৱাৰো তেতিয়ালৈ এই প্ৰক্ৰিয়া আমি শেষ কৰিব নোৱাৰো। এই মন্তব্য বৰাৰ।
মৰিগাঁও জিলাৰ তিৱা নিৰ্বাচনৰ প্ৰাথী তালিকা প্ৰকাশ
মৰিগাঁও, ৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ব পৰিষদৰ ২০২০ চনৰ সাধাৰন নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰসমূহ মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰে। জানিব পৰা মতে সেইবোৰ ৫৯টা বৈধ বুলি মৰিগাঁও জিলা প্ৰশাসনে জনাই। ইয়াৰে জামাদাৰী (ST বৰঙাবাৰী (ST)ভুৰবান্ধা (ST)কোঁৱৰগাঁও (ST ঢেকিফলা (ST women মানিপুৰ (ST women). গৰমাৰী (ST women) ঘগুৱা (ST) দমাল (ST). টেটেলিয়া (St,জোনবীল (ST)না-খোলা(ST). নেলী- খালা (ST). গভা (St. বিহুৱৰী (open) শলমাৰী (open) . ভুমুৰাগুৰি (St চাৰিপুনিয়া চাবুকধৰাST)১৯. বৰচলা(ST) । উল্লেখ্য যে BJP দলৰ ২৫জনে প্ৰাৰ্থীত্ব আগবঢ়াইছে, AGP য়ে ১১ জনে প্ৰাৰ্থীত্ব আগবঢ়াই, AAP য়ে ১৪জন, নিৰ্দলীয়য় ৪৯ জন আৰু কংগ্ৰেছে য়ে ২৯ জন প্ৰাৰ্থীত্ব আগবঢ়াই। এই সমষ্টি কেইটাত অসম গন পৰিসদ, ভাৰতীয় জনতা পাৰটি, আমি আদমি পাৰটি, নিৰ্দলীয় কংগ্ৰেছ আদি দলৰ মনোনয়ন পত্ৰ দাখিল কৰা হয়।
তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ২৭ নং কাকী সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
হোজাই, ৪ ডিচেম্বৰ: অহা ইং ১৭ ডিচেম্বৰ, ২০২০ তাৰিখে হ’বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন হোজাই জিলাৰ অন্তৰ্গত ২৭ নং কাকী (মুক্ত) সমষ্টিৰ বাবে চুড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰি হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ পৰা ৩ ডিচেম্বৰ তাৰিখে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়। উক্ত সমষ্টিৰ প্ৰতিদ্বন্দ্বীতাৰ বাবে ৰাজনৈতিক দলৰ মুঠ দুই গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু ৩ ডিচেম্বৰ, ২০২০ তাৰিখে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কোনো এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নাই। গতিকে ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰাৰ্থী শ্রী বিজুমনি বৰদলৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী শ্রী সুভাষ বসুমতাৰীৰ নাম চুৰান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিচাবে তালিকা প্ৰকাশ কৰা হয়।

ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত বিজেপিৰ স্বচ্ছ ভাৰত অভিযান
অনলাইন বাৰ্তা, ৪ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষে আজি ভেটাপাৰা বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী ৰুপায়ন কৰে ৷ পূৱা ৮ বজাত আৰম্ভ কৰা চাফাই কাৰ্য্যসূচীত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, ৰাজধানী মন্ডলৰ সভাপতি জিতু হাজৰিকা, মহানগৰ জিলাৰ স্বচ্ছ ভাৰত অভিযান কোষৰ আহ্বায়ক মৃনাল কুমাৰ কাকতিৰ লগতে ভালেসংখ্যক সদস্যৰ উপস্থিতিত বিদ্যালয়ৰ চৌহদ এফালৰ পৰা পৰিস্কাৰ কৰা হয় ৷ সভাপতি মৃগেন শৰনীয়া সহ আটাইকেইগৰাকী সদস্যই হাতত ঝাৰু লৈ বিদ্যালয়ৰ প্ৰাংগণ পৰিস্কাৰ কৰাৰ বাবেই স্কুল কৰ্তৃপক্ষই বিজেপিৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷
আজিৰে পৰা দৰঙৰ বৈৰাগীঝাৰত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন
দিপীলা, ৪ডিচেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বৈৰাগীঝাৰ আঞ্চলিক ক্ৰীড়া পৰিচালনা সমিতিৰ উদ্যোগত স্থানীয় বৈৰাগীঝাৰ খেলপথাৰত আজিৰে পৰা এলানি প্ৰাইজমানি টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পুৱা ন বজাৰ পৰা আৰম্ভ হব লগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই। প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলক বিশ হাজাৰ এক টকা আৰু বিজিত দলক বাৰ হাজাৰ এক টকা নগদ ধন প্ৰদান কৰিব লগীয়া প্ৰতিযোগিতাৰ ভৰ্তি মাচুল পোন্ধৰ শ টকা নিৰ্ধাৰণ কৰে।’মেন অৱ দ্যা মেচ’ আৰু ‘মেন অৱ দ্যা ছিৰিজ’ৰ ব্যৱস্থা থকা প্ৰতিযোগিতাৰ ছয় ডিচেম্বৰৰ চূড়ান্ত খেলখন উদ্বোন কৰিব স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ইচ্ছুক প্ৰতিযোগী দল সকলক যোগদান নিশ্চিতৰ বাবে ৯১০১৫২৭৮১৪,৬০০১০৯০২৫৭ আৰু ৯১৩২৭৮৬১৭৬ ম’বাইল ফ’ন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে জনাইছে ।
এটা বেচৰকাৰী সংস্থাৰ অভিযোগ, সন্ত্ৰাসবাদৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেচন ! হিমন্ত বিশ্ব শৰ্মাই কিহৰ তদন্ত কথা ক’লে !
আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ । বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাৰ । ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে এই সংস্থাটোয়ে ৷
লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে টুইটাৰযোগে প্রকাশ কৰা তথ্য মতে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ-ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল-ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে ৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে টুইটটোত ৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল ৷
তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছিল৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷
তদুপৰি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে টুইটাৰত প্রকাশ কৰিছে যে আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্রত কাম কৰাৰ বাবে ৬৯.৫৫ কোটি টকা লাভ কৰিছিল কিন্ত ইয়াৰে মাত্র ২.০৫ কোটি টকাহে শিক্ষাৰ নামত আজমল ফাউণ্ডেচনে ব্যয় কৰিছে ৷
এই সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে এই সম্পৰ্কত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব । আনহাতে সংবাদমাধ্যমৰ আগত বদৰুদ্দিন আজমলে প্ৰকাশ কৰে যে, বিদেশৰ কথা তেওঁলোক জ্ঞাত নহয় কিন্তু ভাৰতত বে–আইনী কাম হোৱা নাই আৰু কাৰোবাৰ কিবা আপত্তি থাকিলে দাখিল কৰিব পাৰে। আজমল ফাউণ্ডেচনে বিদেশী পূঁজিৰ ক্ষেত্ৰত কোনো নিয়ম ভংগ কৰা নাই।
ৰাজ্যত কৰ’নাত মৃত্যু লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি
ৰাজ্যত পুনৰ দুজন লোকে প্ৰাণ হেৰুৱালে কৰ’নাৰ ফলত । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫ লৈ বৃদ্ধি হ’ল । স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনায় এই কথা । আজি মৃত্যু হোৱা লোক দুজনৰ এজন তিনিচুকীয়াৰ ৪৮ বৰ্ষীয়ান সূৰ্য বাহাদুৰ লিম্বু আৰু আনজন ডিব্ৰুগড়ৰ ৭৬ বৰ্ষীয় কৰুণা কান্ত ভট্টাচাৰ্য।
আনহাতে আজিৰ দিনটোত ৰাজ্যত কৰ’ণা আক্ৰান্ত ধৰা পৰিছে ১৬৫ গৰাকী লোক। ইয়াৰে ভিতৰত ৪৮ গৰাকী লোক কেৱল কামৰূপ মহানগৰৰ।










