Breaking

দিল্লীৰ এইমছৰ মতে ডিচেম্বৰৰ ভিতৰত দেশত উপলব্ধ হব কৰ’নাৰ ভেকচিন

0 30

বিশ্বত কৰ’না ভেকচিন উদ্ভাৱন হোৱা বুলি খবৰ সদৰী হোৱা পিছতেই বিভিন্ন দেত সৃষ্টি হৈছে এই ভেকচিন আহৰনৰ প্ৰতিযোগিতা ।ব্ৰিটেইনত কোৰোণা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ’ব আগন্তুক সপ্তাহৰ পৰা। সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কোৰোণাৰ প্ৰতিষেধক  দিয়া আৰম্ভ হৈছে।

এতিয়া প্ৰশ্ন হল, ভাৰতত কেতিয়াৰ পৰা উপলব্ধ হব কৰ’না ভেকচিন !

এই সম্পৰ্কত দিল্লীৰ এইমছৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে গুৰুত্বপূৰ্ণ মন্তব্য । এইমছৰ কৰ্তৃপক্ষৰ মতে, জৰুৰী ব্যৱহাৰৰ বাবে চলিত মাহতে ভাৰতত উপলব্ধ হব কৰ’না ভেকচিন ।এইমছৰ সঞ্চালকপ্ৰধান ৰণদীপ গুলেৰিয়াই সংবাদ মাধ্যমৰ আগত কয় যে, এই পৰ্যন্ত দেশৰ ভিতৰতে আমাৰ বহুকেইটা ভেকচিনৰ কাম-কাজ চলিছে। এই মাহৰ শেষত বা অহা মাহৰ আৰম্ভণিতে অনুমোদন লাভ কৰিব পাৰে ভেকচিনে। প্ৰতিটো ভেকচিনেই চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েলত আছে।

Leave A Reply