Home Blog Page 3126

হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক দিব্যাংগ দিৱস সমাজত দিব্যাংগৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে হোৱা অনুষ্ঠানত স্বাস্থ্য শিবিৰ, অনান্য প্ৰতিযোগীতা কুইজ, নৃত্য, কবিতা আবৃত্তি আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভৰ পূৰ্বে বিদ্যালয়ৰ প্রধান শিক্ষক কিতাব আলীয়ে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ পতাকা উত্তোলন কৰে আৰু মূখ্য অতিথি হিচাপে  যোগীযান প্রাথমিক শিক্ষা খণ্ডৰ বিষয়া জিতেন ডেকাৰ লগতে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে। অনুষ্ঠানৰ সভাত দিব্যাংগৰ বিশেষ শিক্ষক জয়ন্ত চৌধুৰীয়ে কয় যে, “বিশেষভাৱে সক্ষম হোৱাতো অভিশাপ নহয়, এটা কথা সত্য যে এনে লোক সকল বহু ক্ষেত্ৰত সাধাৰণ লোকসকলতকৈ পাৰ্গত, তেওঁলোকক কোন ক্ষেত্ৰতে উপেক্ষা কৰা উচিত নহয়, সকলোকে সমান ভাৱে চোবা উচিত।” হোজাইৰ উক্ত বিদ্যালয়ত হোৱা অনুষ্ঠানত ৬০ গৰাকী বিশেষ ভাৱে সক্ষম লোক অভিভাবক তথা অনান্য স্থানীয় লোকসকল উপস্থিত থাকে।

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস উদযাপন

মৰিগাঁও ,৩ ডিচেম্বৰঃ বৃহস্পতি বাৰে মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত জিলা দিব্যাংগ সন্থা কাৰ্য্যালয়ত দিনযোৰা কাৰ্যক্ৰমেৰে বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰে। জিলা দিব্যাংগ সন্থাৰ সভাপতি লিলাধৰ শইকীয়া সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সমাজ কল্যাণ বিষয়া, জিলা যুটীয়া স্বাস্হ্য বিষয়া লগতে মৰিগাঁও জিলা জেষ্ঠ সাংবাদিক জাকিৰ হুছেইন সহ দুই শতাধিক দিব্যাংগৰ ব্যক্ত উপষ্ঠিত থাকে। অনুষ্ঠানত উপষ্ঠিত থকা বিশিষ্ট ব্যক্তি সকলে দিব্যাংগ সকলৰ বাবে চৰকাৰে অনুমোদন দিয়া সকলো আচনি সম্পৰ্কে বুজাই দিয়ে ।

টংলাত প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত অৱস্হান ধৰ্মঘট

টংলা, ৩ডিচেম্বৰ : সদৌ ওদালগুৰি জিলা ছাত্র সন্থাৰ আহ্বানক্ৰমে বৃহস্পতিবাৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত টংলা আঞ্চলিক ছাত্র সন্থাই প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰৰ প্ৰতিবাদত মুখত কলা কাপোৰ বান্ধি ৰাতিপুৱা ১১ বজাৰ পৰা দিনৰ ২ বজা লৈ অৱস্হান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে বুধবাৰে টংলা আঞ্চলিক ছাত্র সন্থাই ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত গণতান্ত্ৰিক ভাবে কা-ই আই এ-২০২০ বাতিল আৰু  মূল্য বৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ কৰিছিল, উক্ত প্ৰতিবাদী কাৰ্যাসূচী প্ৰতিবাদী সকলে প্লে কাৰ্ডলৈ অসম চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা গ বেগ, বি জে পি হুচিয়া, কা আমি নামনো, মূল্য বৃদ্ধি ৰোধ কৰক বুলি শ্লোগানেৰে পিৰিবেশ উত্তাল কৰি তুলিছি । আন হাতে উক্ত কাৰ্যসূচীৰ বাবে প্ৰশাসনৰ পৰা অনুমতি লৈছিল আৰু দিনৰ ১২ বজাৰ পৰা আবেলি ৪ বজালৈ নিৰ্ধাৰণ কৰা হৈছল প্ৰতিবাদী কাৰ্যসূচী কিন্তু প্ৰতিবাদৰ অন্তিম মুহূর্তত প্ৰশাসনে প্ৰতিবাদী আছু কর্মীৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে লগতে প্লে কাৰ্ড, ফলক, পেণ্ডেল ভাঙি ছিঙি লণ্ড ভণ্ড কৰাৰ লগতে আছুৰ পতাকা দলিয়াই পেলাই আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা, সম্পাদক ৰিংকু ডেকা, উপ সভাপতি ৰুদ্ৰ কমল দাস, ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল পাতোৱাৰী লগতে কেবা গৰাকী আছু কৰ্মীক টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ এক মাত্ৰ কাৰণ হল ৪:৪২ বজাত টংলাত হব লগা বি টি চি পৰিসদীয় নিৰ্বাচন বি জে পি দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পদ যাত্ৰা আছে আৰু উক্ত পদ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আছুৰ প্ৰাতিবাদী কাৰ্যসূচী সমাপ্ত কৰিব বিচাৰিছিল আৰক্ষী প্ৰশাসনে। উক্ত কাণ্ডক আছুই কঠোৰ ভাবে গৰিহণা দি আজি সমগ্ৰ ওদালগুৰি জিলাৰ প্ৰতিটো শাখাই মুখত কলা কাপোৰ বান্ধি অৱস্হান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ন কৰে।   উক্ত অৱস্হান ধৰ্মঘট কাৰ্যাসূচীত টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি তথা ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল ডেকাই ব্যক্ত কৰি কয় যে– বৰ্তমান বি জে পিয়ে এতিয়া অসম তথা সমগ্ৰ ভাৰত বৰ্ষত গণতন্ত্ৰ বিষয়টো নোহোৱা কৰি পেলাইছে, তেওঁ লোকে হিতলাৰী শাসন চলাই আছে । হিমন্তৰ প্ৰৰোচনাত পৰি অতি নিৰ্লজ ভাবে অসম আৰক্ষীয়ে ছাত্ৰ সন্থাৰ ওপৰত জঁপিয়াই পৰে এয়া নতুন কথা নহয় । সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকা তেওঁলোকে মাটিত পেলাই ভৰিৰে গচকি ভাল কাম কৰা নাই । আছুক শাৰীৰিক ভাবে অপদস্ত কৰা এই কাণ্ডক আমি তীব্ৰ ভাবে গৰিহণা দিছোঁ। লগতে এই ঘটনাৰ লগত জড়িত দূষিত উচিত শাস্তি বিহিব লাগে, তদন্ত আওতালৈ আহিব লাগে নহলে অনাগত দিনত তীব্ৰ আন্দোলনৰ সূচনা হব বুলি ব্যক্ত কৰি কয়। উক্ত কাৰ্যসূচীত প্ৰাতিবাদী সকলে অসম আৰক্ষী হুচিয়াৰ, বি জে পি ৰ হিতলাৰী শাসন নচলিব, নিৰ্মল ঘোষ গ বেগ, প্ৰসেনঞ্জিত দাস গ বেগ, ঋতুত্তম বৰা হুচিয়াৰ আদি শ্লোগানেৰে টংলা ৰাজপথ উত্তাল কৰি তোলে।

এপিডিচিএল ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলৰ যৌথ বিক্ষোভ

ডিকম, ৩ ডিচেম্বৰঃ ভাৰত চৰকাৰে এপিডিচিএল ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে ডিব্ৰুগড়ৰ কদমনিস্থিত মুখ্য কাৰ্যলয়ত আজি যৌথ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম) চিপিআই, চিপিআই (এম এল) আৰু চিপিআই, অসম জনতা দলৰ লগতে অসম সংগ্ৰামী মঞ্চই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত গুৰুৰ আসন প্ৰতিষ্ঠা

অনলাইন বাৰ্তা, ৩ ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ মৰিজাঁজী দ-গাঁও নামঘৰত মণিকূট উদ্বোধন কৰাৰ লগতে গুৰুৰ আসন প্ৰতিষ্ঠা কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে ৷ মৰিজাঁজী দ গাঁৱৰ ১২৫ বছৰীয়া নামঘৰটি সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এক পুৰণি ঐতিহাসিক নামঘৰ ।  এই নামঘৰত  অক্টোবৰ মাহত গাঁৱৰ সমূহ ৰাইজে আলোচনামৰ্মে নৱ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাকে প্ৰমুখ কৰি হীৰেন শৰ্মা(হিনমণী), ধ্ৰুৱজিৎ শৰ্মা(তুনু), ধ্ৰুৱজ্যোতি শৰ্মাক প্ৰায় এশজনীয়া এখন নিৰ্মাণ সমিতি গঠন কৰি এই দায়িত্ব অৰ্পণ কৰাৰ পাছত নামঘৰটো এক নতুন ৰূপত পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰে ।উল্লেখযোগ্য যে, ১২০ টা পৰিয়ালৰ লগতে কেইবাখনো গাঁৱৰ সামূহিক উপাসনাৰ স্থান এই নামঘৰত ৰাইজে সমূহীয়াভাবে সেৱা জনাই অনাগত দিনবোৰত সকলোৰে মাজত মিলাপ্ৰীতিৰ লগতে বিশ্বৰ পৰা সকলো অপায়-অমংগল দূৰ কৰিবলৈ প্ৰাৰ্থনা আগবঢ়ায় । অনুস্থানটিত ৰাইজৰ হৈ সভাপতি দিলীপ শৰ্মা আৰু সম্পাদক সুব্ৰত শৰ্মাৰ লগতে স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাৰ হৈ সঞ্চালক বিজু কুমাৰ শৰ্মা, উপসভাপতি ৰুবুল চন্দ্ৰ বৰদলৈ আৰু উপদেষ্টা কৰ্কট ৰোগ বিশেষজ্ঞ ডঃ যদুনাথ বুঢ়াগোহাঁইয়ে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাপতি দিলীপ শৰ্মাৰ নেতৃত্বত নামঘৰভাগি সম্পূৰ্ণ হোৱাত তেখেতক দগাৱৰ যুৱ সমাজৰ লগতে ৰেঙণি এটি আশাৰ  সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ৰত্নাকৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰনৱ গোস্বামী, পুনীয়া সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰী শ্ৰী নিলমণি দেৱগোস্বামী, ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, সমাজকৰ্মী বিকাশ শইকীয়া, অসীম বৰুৱা, ডঃ যদুনাথ বুঢ়াগোহাঁই, সমাজসেৱীকা পল্লৱী গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে‌।

সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত

বিলাসীপাৰা, ২ ডিচেম্বৰঃ  ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে, ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সভানেত্রী শ্ৰীমতী বিউটি ৰায় অৰু লগতে ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল্য কলিতা দেৱে। উক্ত সভা খনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা সাপটগ্ৰাম মণ্ডল প্ৰভাৰি মৌচুমী বাউদেউ, ৰত্না কলিতা আদিকে ধৰি মহিলা মৰ্চাৰ সতীৰ্থ বৃন্দ উপস্থিত থাকে।

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ আদ্যশ্ৰাদ্ধ

২৩ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা প্ৰয়াত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধ উপলক্ষে দেখা গ’ল অনেক গুণমুগ্ধৰ উপস্থিতি৷ আদ্যশ্ৰাদ্ধৰ দিনটোত পুৱাৰে পৰা আয়োজন কৰা হয় মাংগলিক অনুষ্ঠান।

পঞ্জাৱৰ চি এম অমৰিন্দৰ সিঙে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সম্পৰ্কত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে

কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে চলায় থকা আন্দোলনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আজি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।

বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমিত শ্বাহক কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সমাপ্ত কৰাৰ বাবে এক আগতীয়া সমাধান বিচাৰিবলৈ কয়। অমৰিন্দৰ সিঙে লগতে কৃষকসকলক নতুন কৃষি আইনৰ ওপৰত হোৱা অচলাৱস্থা সমাধান কৰিবলৈ আবেদন জনায় কিয়নো ই পঞ্জাৱৰ অৰ্থনীতি আৰু দেশৰ সুৰক্ষাক প্ৰভাৱিত কৰে।

কৃষক আৰু কেন্দ্ৰৰ মাজৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ ঠিক কেই মিনিট আগতে সিং আৰু শ্বাহৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছিল।

অসমত পুনৰ ২জন কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু

বুধবাৰে অসমত কভিডৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল । মৃত্যু হোৱা লোক দুজন টুন্না ৰাওট আৰু ত্ৰৈলোক্য ৰায়।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ।মৃত্যু হোৱা লোক দুজনৰ টুন্না ৰাওটৰ ঘৰ যোৰহাটত আৰু ত্ৰৈলোক্য ৰায়ৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে।

বিবাহপাশত আবদ্ধ হ’ল আদিত্য নাৰায়ণ

অৱশেষত বিবাহপাশত আবদ্ধ হ’ল বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী উদিত নাৰায়নৰ পুত্ৰ গায়ক আৰু টিভি হোষ্ট আদিত্য নাৰায়ণৰ।বহুবাৰ আদিত্য নাৰায়ণ বিবাহপাশত আৱদ্ধ হব বুলি সংবাদ মাধ্যমৰ যোগেদী চৰ্চালৈ আহিছিল কিন্ত সেয়া হৈ উঠা নাছিল । কিন্ত সকলো চৰ্চাৰ অৱসান ঘটাই দীৰ্ঘদিনৰ প্ৰেমিকা শ্বেতা আগৰৱালাৰ সৈতে মঙলবাৰে মুম্বাইত বিবাহপাশত আবদ্ধ হ’ল আদিত্য। আদিত্য আৰু শ্বেয়াৰ বিয়াৰ ফটো বৰ্তমান ছচিয়েল মডিয়াত ভাইৰেল হৈ পৰা দেখা পোৱা গৈছে।


জানিব পৰা মতে, আদিত্য নাৰায়ন আৰু শ্বেতা আগৰৱালাই মুম্বাইৰ ইস্কন মন্দিৰত বিবাহপাশত আবদ্ধ হয়। কোভিড পৰিস্থিতিৰ বাবে পৰিয়াল আৰু নিকটাত্মীয়ৰ উপস্থিতিত সম্পন্ন হয় বিয়া। বিয়াৰ পিছত অনুষ্ঠিত হ’য় অভ্যৰ্থনা অনুষ্ঠান। তিলক চেৰিমণিৰে শনিবাৰেই আৰম্ভ হৈছিল প্ৰাক বিবাহৰ নিয়ম। দেওবাৰে অনুষ্ঠিত হয় মেহেণ্ডী আৰু সোমবাৰে হালদী অনুষ্ঠান।

‘শাপিত’ ছবিৰ ছেটত প্ৰেমত পৰাৰ পিছত এটা দশকৰো অধিক সময় ধৰি সম্পৰ্কত আছিল দুয়ো । বিয়াত পিতৃ উদিত নাৰায়ণৰ সৈতে নৃত্যত মচগুল হোৱা দেখা যায় আদিত্য নাৰায়ণক।