Home Blog Page 3134

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা সম্বোধন

আজি ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰে। অনুষ্ঠানৰ মাজতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আধাৰশিলা স্থাপন কৰে বিশ্বনাথ চাৰিয়ালি আৰু চৰাইদেউত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান।

প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়?  অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি?   দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰিকৰে।সভাত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, অসমত মাতৃভাষাতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান। প্ৰধানমন্ত্ৰীৰ মতে, ‘স্থাপন হ’বলগীয়া এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওক।’

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক নিৰ্বাচনৰ পিছত যেতিয়া ৰাজ্যত নতুন চৰকাৰ প্ৰতিষ্ঠা হ’ব, তাৰ পিছতে ৰাজ্য়ৰ এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

লগতে ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বঢ়োৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, ‘স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নাযায়?  অসমীয়াতে অধ্যয়ন কৰিলে এজন ছাত্ৰ ভাল চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব নেকি? 

দেশ প্ৰতিখন ৰাজ্যৰ এখনকৈ মেডিকেল কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজত মাতৃভাষাত শিক্ষাদান প্ৰধানমন্ত্ৰীৰ সপোন বুলিও সদৰি কৰে।

লস্কৰ-এ-তৈয়বাৰ মূৰববী হাফিজ ছইদৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰােৱানা জাৰি

দিল্লীৰ এখন আদালতে জম্মু-কাশ্মীৰৰ সন্ত্রাসবাদী সংগঠনসমূহলৈ ধন যােগান ধৰা ঘটনাৰ সৈতে জড়িত কলা ধন বৈধকৰণ গােচৰত লস্কৰ-এ-তৈয়বাৰ মূৰববী তথা ২৬নৱেম্বৰত সংঘটিত মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী হাফিজ ছইদ আৰু অন্যান্যসকলৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰােৱানা জাৰি কৰিছে।

আদালতে জামিনবিহীন পৰােৱানা জাৰি কৰি ৱাটালীৰ Trison Farms and Construction প্রাইভেট লিমিটেড নামৰ কোম্পানীটোকো এই গােচৰত অভিযুক্ত কৰে। মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী হাফিজ ছইদ সম্প্রতি পাকিস্তানত থকাৰ বিপৰীতে ৱাটালী, ফণ্টছ আৰু কাপুৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ।

গণ সুৰক্ষা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন নকৰে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে

 আসন্ন বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰক্ষিতত ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজনৈতিক ক্ষেত্ৰ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে জয়লাভৰ দাবীৰে অনানুষ্ঠানিকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দল সমূহে বুথ, মণ্ডল আদি সমিতি গঠন কৰা পৰিলক্ষিত হয়। বিগত বিটিচি নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱা গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ বিধান সভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে। ইয়াৰ সমান্তৰালভাৱে গণ সুৰক্ষা পাৰ্টীৰ মূল চালিকা শক্তি অবড়ো সুৰক্ষা সমিতিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে যো-জা চলোৱাৰ বাতৰি পোৱা গৈছে। বিগত সময়ছোৱাত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ বহু লোক নিজ দল তথা সংগঠন ত্যাগ কৰি অইন দলত যোগদান কৰে। ইয়াৰ পিছতো বৃহত্তৰ অবড়ো জনতাই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে আগন্তুক বিধান সভা নিৰ্বাচনত সৰ্বশক্তিৰে অবতীৰ্ণ হোৱাৰ বাবে কুছকাৱাজ চলাইছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ পিতৃ সংগঠন অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰ্তা সকলে এগৰাকী যোগ্য ব্যক্তিক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ যো-জা চলাইছে। এই সম্পৰ্কে বাক্সা জিলাৰ চৰাইমাৰীত অনুষ্ঠিত এখন সভাত ৬৩ নং চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ সমান্তৰালভাৱে বৃহত্তৰ অবড়ো ভোটাৰৰ সন্মতি অবিহনে গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বই যদি নিজ স্বাৰ্থৰ বাবে নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহলে চাপাগুৰি সমষ্টিৰ অবড়ো ভোটাৰে কোনোপধ্যে মানি নলয় বুলি হুংকাৰ দিয়ে ৷ এই সম্পৰ্কে অবড়ো সুৰক্ষা সমিতিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ সম্পাদক প্ৰদীপ দাসে অবড়ো জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থতে সদায় জনতাৰ পক্ষত থাকিব লাগে বুলি মন্তব্য কৰি তেখেতে গণ সুৰক্ষা পাৰ্টীৰ নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে তাক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে।

প্ৰেমিকে হত্যা কৰি দেৱালত প্লাষ্টাৰ কৰি লুকুৱাই থলে প্রেমিকাক, চাৰিমাহ পিছত উদ্ধাৰ মৃতদেহ

৩২ বছৰীয়া এজন যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।এই গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত।যুৱকজনে প্রেমিকাক হত্যা কৰি মৃতদেহ দেৱালৰ সৈতে প্লাষ্টাৰ কৰি লুকুৱাই থয়।তথ্য অনুসৰি বৃন্দাবন দৰ্শন কমপ্লেচৰ ১০১নং ফ্লেটত সুৰজ হৰমলকাৰ আৰু অমিতা মোহিতে লিভ ইন ত আছিল।স্থানীয় লোকৰ মতে,বিগত কিছুদিন ধৰি কেৱল সুৰজকে দেখিবলৈ পাইছিল, অমিতাক তেওঁলোকে দেখা নাছিল।এই সন্দৰ্ভত আৰক্ষীক জনোৱাত আৰক্ষী লগতে ফৰেনছিত বিশেষজ্ঞ ঘৰটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।আৰক্ষীয়ে বাথৰুমৰ দেৱাল ভাঙি অমিতা মৃতদেহ উদ্ধাৰ কৰি মৰণোও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।আৰক্ষীৰ মতে মৃতদেহটো প্ৰায় চাৰিমাহ পুৰণি আছিল।আনহাতে,সোধ-পোছৰ বাবে সুৰাজক জিম্মা লয় ।

বকোৰ মালিবাৰীত টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ সামৰণি

আন আন বছৰৰ দৰে এই বেলিও দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী টাউন ক্লাবৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ  শনিবাৰে এক উখল মাখল পৰিৱেশৰ মাজত সামৰণি পৰে। অধিবেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি ও বঁটা বিতৰণী সভাখন উদ্বোধন কৰে শিক্ষক আলাউদ্দিন আল আমিনে। জনপ্ৰিয় কণ্ঠশিল্পী ওৱাহিদা ৰহমানৰ সংগীতৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে টাউন ক্লাবৰ  সভাপতি কুতুব উদ্দিন আহমেদে । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি গোপীনাথ দাস, প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সম্পাদক সুকুমাৰ বিশ্বাস, সমাজকৰ্মী ড০ প্ৰহ্লাদ চন্দ্ৰ দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী আহমেদ আদি বহুকেইজন বক্তাই শৈক্ষিক, সামাজিক, ৰাজনৈতিক দিশ সামৰি ভাষণ প্ৰদান কৰাৰ লগতে সমাজৰ পৰা দুৰ্নীতি, অনিয়ম, অসামাজিক কাৰ্য্যকলাপ পৰিহাৰ কৰি আত্মশুদ্ধিৰে দায়বদ্ধতাৰেঅঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়া যাৱলৈ আহ্বান জনায়। সভাত টাউন ক্লাবৰ সভাপতি কুতুব উদ্দিন আহমেদে ভাষণত উপস্থিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিক বৃহত্তৰ মালিবাৰী অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদানৰ আহ্বান জনায়। তদুপৰি সভাত সমাজকৰ্মী আলহাজ মীৰ মহম্মদ আলী, অধ্যাপক নজমূল হক, আব্দুল কাদিৰ বাবু, তাৰেক হুছেইন, আলহাজ চানমিঞা, ওচমান গনি, হজৰত আলী, নুৰ আলম আদি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে অধিবেশন উপলক্ষে পতাকা উত্তোলন, সমাজসেৱা, বৃক্ষৰোপন, সাধাৰণ খেল ধেমালি প্ৰতিযোগিতা, তৰ্ক, আবৃত্তি, আকস্মিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে যোৱা নিশা বৰপেটাৰ কণ্ঠশিল্পী মিচ মুন্নী আৰু অনাতাঁৰ আৰু দুৰদৰ্শন শিল্পীসহ কেইবাজন আমন্ত্ৰিত শিল্পীবৃন্দৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।সাংস্কৃতিক অনুষ্ঠানটিত অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ আহ্বায়ক দীপজ্যোতি দাস আৰু সমাজকৰ্মী আবু তাহেৰে ভাষণ প্ৰদান কৰে। 

ভেৰগাওঁত প্ৰাক্তন সাংবাদিক,নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য দাউবাইচা বড়োক সম্বৰ্ধনা আপকুৰ

ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পৰা ইউপিপিএলৰ হৈ নিৰ্বাচিত হোৱা দাউবাইচা বড়োক ৬ফেব্ৰুৱাৰীত  ওদালগুৰি জিলা আপকুই উষ্ম সম্বৰ্ধনা জনায় ৷ পোন প্ৰথমবাৰ ছাত্ৰ নেতা তথা সাংবাদিক জীৱনৰ পৰা ৰাজনীতিলৈ খোজ পেলাই ৰাইজৰ প্ৰতিনিধি হ’বলৈ সক্ষম হোৱা ভেৰগাঁৱৰ পৰা নিৰ্বাচিত হৈ বিটিআৰত কাৰ্যবাহীৰ পদ লাভ কৰা হেতুকে তেখেতক এখন জাপি,ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনায় ৷ ওদালগুৰি জিলা আপকু সমিতিৰ সভাপতি গিৰিশ শৰ্মা ,সম্পাদক ধীৰেন মহলীয়াৰ নেতৃত্বত আপকুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি  নৱ কুমাৰ  ডেকা, জিলা আপকুৰ উপদেষ্টা গুনজিৎ দাস প্ৰমুখ্যে সাংবাদিক নাৰায়ণ ডেকা,দ্বিপেন ডেকা,প্ৰফুল্ল কুমাৰ বড়ো,গনেশ ডেকা,বিপুল  হাজৰিকা আদিয়ে সম্বৰ্ধনা জনাই কাৰ্যবাহী সদস্য গৰাকীক সাংবাদিক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহ অৱগত কৰে আৰু উক্ত সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধানৰ দিহা কৰিবলৈও অনুৰোধ জনায় আৰু কাৰ্যবাহী সদস্য গৰাকীয়েও সজাতি দলৰ আগত আহিথকা দিনত পাৰ্যমানে সমাধান কৰিবলৈ বিধান পৰিষদত উত্থাপন কৰিম বুলি আশ্বাস প্ৰদান কৰে ৷ 

মাজবাট আৰু ওৰাঙত কেইবাটাও আধাৰশিলা স্থাপন বিধায়ক চৰন বড়োৰ

ওৰাং আৰু মাজবাটত ৩১জানুৱাৰীত বহুকেইখন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে মাজবাটৰ যুৱ বিধায়ক চৰন বড়োয়ে। মাজবাটৰ পলাশবস্তীত মাজবাট আৰু গেলাবিল সংযোগী পথৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ওৰাঙটো এচ অ পি ডি আঁচনিৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। লগতে ওৰাঙৰ পৰিদৰ্শন বংলাৰ নবীকৰণ কাৰ্য আৰু নতুন কোঠা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। দলং আৰু পকী পথ নিৰ্মাণ কাৰ্যই সমষ্টি বাসীক যোগাযোগৰ ক্ষেত্ৰত সুচল কৰাৰ লগতে সমষ্টি বাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। মাজবাট সমষ্টিবাসী ৰাইজৰ  দুখ দুৰ্দশা আৰু প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় কাম  কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। মাজবাট সমষ্টিৰ উন্নয়ৰ বাবে ৰাইজে মোক নিৰ্বাচিত কৰিছিল আৰু মই উন্নয়ন কাম কৰিবলৈ ৰাইজৰ ওচৰত দায়বদ্ধ বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে উন্নয়নমূলক কাম-কাম কৰি সমষ্টিবাসীক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়াই নিয়াৰ লক্ষ্য বিধায়ক গৰাকীৰ। আগন্তক দিনত সমষ্টিবাসীৰ সকলো দিশৰ উন্নয়নমূলক কাম কাজ কৰিবলৈ প্ৰস্তুত থকা যুৱ বিধায়ক গৰাকীক লৈ ৰাইজৰ  মাজত ব্যাপক চৰ্চা। আঁচনি সমূহৰ উন্নয়নমূলক কাম কাজৰ বাবে সমষ্টি বাসীৰাইজ সন্তুষ্ট বিধায়ক গৰাকীক লৈ।

বাৰ্তালোচনী “জেংখ্‌লং মান্দেৰ” উন্মোচন

মৰিয়ম আজমল ৱ’মেন কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজীৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয় ইতিহাসৰ ভিতৰতে প্ৰথম “জেংখ্‌লং মান্দেৰ” শীৰ্ষক এখনি বিভাগীয় ষান্মাষিক বাৰ্তালোচনী উন্মোচন কৰা হয় । বাৰ্তাখন উন্মোচন কৰে ড° ৰেকিবুল হক আজাদে । ৰাজীৱ হুছেইনৰ সম্পাদনাত বিভাগীয় ছাত্ৰীসকলে প্ৰৱন্ধ, গল্প, আৰু কবিতাৰ সমাহাৰত এখন মননশীল বাৰ্তা প্ৰকাশ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইমৰান হুছেইন , ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° আৰ কে ৰথ, কৰ্নেল সামিৰ কাঞ্জিলাল, মুনচিফা ফিৰদৌছ খান বৰভূঞা, গৌৰী প্ৰসাদ শৰ্মা, প্ৰেৰনা তালুকদাৰৰ লগতে  মহাবিদ্যালয়ৰ অধ্যাপকমণ্ডলী আৰু ছাত্ৰীসকল ৷ বাৰ্তালোচনীখন উন্মোচন কৰি ড° ৰেকিবুল হক আজাদে কয় “এনে ধৰনৰ ব্যতিক্ৰমী সাহিত্যিক কৰ্মই মানুহৰ মন মগজু স্পৰ্শ কৰাৰ লগতে ছাত্ৰী সকলৰ বৌদ্ধিক উত্তৰণত সহায় কৰে । কলেজীয়া দিনৰে পৰাই সাহিত্য চৰ্চা  অব্যাহত ৰাখিলে পৰৱৰ্তী পৰ্যায়ত নিজকে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলিও তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগৱঢ়াই ৷

উত্তৰ-পূৱৰ কৰ্কট ৰোগৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক’ল’জিষ্ট এইবাৰ টীয়ক সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী

নিৰ্বাচন সমাগত । চৌদিশে এতিয়া বলিছে নিৰ্বাচনী বতাহ।সপ্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশষ্ট চিকিৎসকে। উত্তৰ পুৰ্বাঞ্চলৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক’ল’জিষ্ট তথা টীয়কৰ সুযোগ্য সন্তান যদুনাথ বুঢ়াগোহাঁইয়ে এইবাৰ সমষ্টিটো প্ৰতিনিধিত্বক লৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।বিগত প্ৰায় ৫ বছৰ টীয়কীয়া ৰাইজৰ কাষত থাকি বিভিন্ন সমস্যাৰাজিৰ লগতে স্বাস্থ্য সম্পৰ্কীয় দিশসমুহত সহযোগিতা আগবঢ়াই একপ্ৰকাৰ সকলোৰে প্ৰিয়ভাজন হৈ পৰিছে ডা০ যদুনাথ বুঢ়াগোহাঁই। একেদৰে অধিকাংশ ভোটাৰ ৰাইজেও টীয়কৰ সন্তান তথা মেধা সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ নেতৃত্ব এইবাৰ আশা কৰিছে।উল্লেখ্য যে, শাসকীয় চৰকাৰৰ মিত্ৰজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টি এইবাৰ বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ জোৰদাৰ গতিত প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। আৰু সেই অনুসৰি চিকিৎসক যদুনাথ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি ৭ গৰাকীকৈ প্ৰাৰ্থীত্বপ্ৰত্যাশীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ।

গৌৰৱ গগৈ নে ৰিপুন বৰা?কোন হ’ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? কি ইংগিত সভাপতি ৰিপুণ বৰাৰ?

নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমুহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সকলোৱে নিজৰ ৰণকৌশল সাজু কৰিছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছ, AIUDF, আঞ্চলিক গণ মৰ্চা আৰু বাওপন্থী শক্তি লগ হৈ গঠন কৰিছে মহাজোঁট।

সমান্তৰালভাৱে চৰ্চালৈ আহিছে ব আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব? সঘনাই নাম উচ্চাৰণ হৈছে সাংসদ গৌৰৱ গগৈৰ। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৌৰৱ গগৈ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত ৰিপুণ বৰাই কয় যে, ‘কংগ্ৰেছে নিৰ্বাচনৰ আগত কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰে ৷ জীতেন্দ্ৰ সিঙে স্পষ্ট কৰি গৈছে কথাবোৰ ৷ গৌৰৱেও বহুবাৰ এই সন্দৰ্ভত স্পষ্ট কৰিছে।’

ইফালে মহাজোঁট গঠন কৰাৰ এমাহ সম্পূৰ্ণ নৌহওতেই যেন লাগিছে মহাযঁট! মহাজোঁটত কংগ্ৰেছ নাই নেকি? এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে,  ‘অজিত কুমাৰ ভূঞা আৰু বাকী দল কেইটাৰ মাজত আলোচনা চলিছে ৷ সেয়া তেওঁলোকৰ অধিকাৰ ৷ সকলো সভাতে কংগ্ৰেছ থাকিব লাগিব বুলি কথা নাই ৷ মহাজোঁটৰ বাবে  আমি ক’ৰডিনেশ্যন কমিটী গঠন কৰিছো ৷ কম দিনৰ ভিতৰতে আনুষ্ঠানিকভাবে ঘোষণা কৰিম।’

ইফালে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছ দলৰ আমন্ত্ৰণ ৰক্ষা কৰা নাই বুলি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত বৰাই কয় যে, আমি হতাশ হোৱা নাই ৷ দল দুটাক আমি শেষ মুহূৰ্তলৈ আনিবলৈ চেষ্টা কৰিম ৷ জনগোষ্ঠীয় দলবোৰক আমি মহাজোঁটলৈ আমন্ত্ৰণ জনাইছো ৷ কথা চলি আছে ৷’