বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে সকিয়াই দিছে যে, COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ প্রতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্রতিষেধক উপলব্ধ নহ’বও পাৰে। শ্ৰী ৰেয়ানে কয় যে, ক’ৰ’ণাৰ প্রতিষেধক উপলব্ধ হ’বলৈ কমেও চাৰিৰ পৰা ছয় মাহ লাগিব।
বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানৰ এই কথাৰ পৰা ধাৰণা কৰিব পাৰি যে COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।
নলবাৰী, ২০ নৱেম্বৰ: হিন্দী বোলছবিৰ কায়দাৰে নলবাৰী জিলাত সংঘটিত হল বেংক ডকাইতি । এখন হাতত পিস্তল এখন হাতত টকাৰ বেগলৈ পলাল ডকাইতৰ দল । ঘটনা অনুসৰি নলবাৰী জিলাৰ অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত আজি দিন-দুপৰতে এটা চাৰিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই বেংকৰ পৰা নিলে প্ৰায় ৬০ লাখ টকা লুটি নিয়ে । ডকাইতি কাণ্ড সংঘটিত কৰি চাৰিজনীয়া ডকাইতৰ দলটোৱে যোৱাৰ সময়ত বাহিৰত তিনিজাইকৈ গুলী ফুটাই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ তদুপৰি ডকাইতৰ গুলীত এজন লোক আহত হয় ৷ আহত ব্যক্তি গৰাকী অময়াপুৰৰ এলেঙ্গী দলৰ নয়ন দাস বুলি জানিব পৰা গৈছে ৷ পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰ সহ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । বাতৰি লিখা সময়লৈকৈ বৰ্তমানলৈ কোনো এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নলবাৰীৰ আৰক্ষী ৷ আনহাতে বেংকৰ ভিতৰত এটা সক্ৰিয় নাইন এম এমৰ গুলী উদ্ধাৰ কৰা হয় ৷