Breaking

বাৰ্তালোচনী “জেংখ্‌লং মান্দেৰ” উন্মোচন

0 2,035

মৰিয়ম আজমল ৱ’মেন কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজীৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয় ইতিহাসৰ ভিতৰতে প্ৰথম “জেংখ্‌লং মান্দেৰ” শীৰ্ষক এখনি বিভাগীয় ষান্মাষিক বাৰ্তালোচনী উন্মোচন কৰা হয় । বাৰ্তাখন উন্মোচন কৰে ড° ৰেকিবুল হক আজাদে । ৰাজীৱ হুছেইনৰ সম্পাদনাত বিভাগীয় ছাত্ৰীসকলে প্ৰৱন্ধ, গল্প, আৰু কবিতাৰ সমাহাৰত এখন মননশীল বাৰ্তা প্ৰকাশ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইমৰান হুছেইন , ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° আৰ কে ৰথ, কৰ্নেল সামিৰ কাঞ্জিলাল, মুনচিফা ফিৰদৌছ খান বৰভূঞা, গৌৰী প্ৰসাদ শৰ্মা, প্ৰেৰনা তালুকদাৰৰ লগতে  মহাবিদ্যালয়ৰ অধ্যাপকমণ্ডলী আৰু ছাত্ৰীসকল ৷ বাৰ্তালোচনীখন উন্মোচন কৰি ড° ৰেকিবুল হক আজাদে কয় “এনে ধৰনৰ ব্যতিক্ৰমী সাহিত্যিক কৰ্মই মানুহৰ মন মগজু স্পৰ্শ কৰাৰ লগতে ছাত্ৰী সকলৰ বৌদ্ধিক উত্তৰণত সহায় কৰে । কলেজীয়া দিনৰে পৰাই সাহিত্য চৰ্চা  অব্যাহত ৰাখিলে পৰৱৰ্তী পৰ্যায়ত নিজকে এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলিও তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগৱঢ়াই ৷

Leave A Reply