Breaking

গৌৰৱ গগৈ নে ৰিপুন বৰা?কোন হ’ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? কি ইংগিত সভাপতি ৰিপুণ বৰাৰ?

0 46

নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমুহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সকলোৱে নিজৰ ৰণকৌশল সাজু কৰিছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছ, AIUDF, আঞ্চলিক গণ মৰ্চা আৰু বাওপন্থী শক্তি লগ হৈ গঠন কৰিছে মহাজোঁট।

সমান্তৰালভাৱে চৰ্চালৈ আহিছে ব আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব? সঘনাই নাম উচ্চাৰণ হৈছে সাংসদ গৌৰৱ গগৈৰ। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গৌৰৱ গগৈ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত ৰিপুণ বৰাই কয় যে, ‘কংগ্ৰেছে নিৰ্বাচনৰ আগত কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰে ৷ জীতেন্দ্ৰ সিঙে স্পষ্ট কৰি গৈছে কথাবোৰ ৷ গৌৰৱেও বহুবাৰ এই সন্দৰ্ভত স্পষ্ট কৰিছে।’

ইফালে মহাজোঁট গঠন কৰাৰ এমাহ সম্পূৰ্ণ নৌহওতেই যেন লাগিছে মহাযঁট! মহাজোঁটত কংগ্ৰেছ নাই নেকি? এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে,  ‘অজিত কুমাৰ ভূঞা আৰু বাকী দল কেইটাৰ মাজত আলোচনা চলিছে ৷ সেয়া তেওঁলোকৰ অধিকাৰ ৷ সকলো সভাতে কংগ্ৰেছ থাকিব লাগিব বুলি কথা নাই ৷ মহাজোঁটৰ বাবে  আমি ক’ৰডিনেশ্যন কমিটী গঠন কৰিছো ৷ কম দিনৰ ভিতৰতে আনুষ্ঠানিকভাবে ঘোষণা কৰিম।’

ইফালে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছ দলৰ আমন্ত্ৰণ ৰক্ষা কৰা নাই বুলি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত বৰাই কয় যে, আমি হতাশ হোৱা নাই ৷ দল দুটাক আমি শেষ মুহূৰ্তলৈ আনিবলৈ চেষ্টা কৰিম ৷ জনগোষ্ঠীয় দলবোৰক আমি মহাজোঁটলৈ আমন্ত্ৰণ জনাইছো ৷ কথা চলি আছে ৷’

Leave A Reply