Home Blog Page 3145

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ। ২৯, ৩০ আৰু ৩১ জানুৱাৰী তাৰিখে শ্ৰী শ্ৰী বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ।

উল্লেখ যোগ্য যে, মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্ৰৱা থানত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মহোৎসৱ । শ্ৰীমন্ত শঙ্কৰদেৱ মহোৎসৱত হাজাৰৰো অধিক লোকৰ সমাগম হ’ব বুলি আশা ৰাখিছে বটদ্ৰৱা থানৰ পৰিচালনা সমিটিয়ে ।

৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ হাজাৰকৈ টকা

File photo

নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।

বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্‍ঘোষণা কৰে।  অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।

মৰাণত সত্ৰীয়া নৃত্য বিদ্যালয়ৰ উদ্বোধন কৰিলে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে

সাংস্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান অধিকাৰ কৰি অহা উজনি অসমৰ মৰাণত আজি অন্য এক সাংস্কৃতিক দিশ সংযোজন ঘটিল। মৰাণত আজিৰে পৰা সত্ৰীয়া নৃত্য কলা  এক প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ হ’ল।

সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উদীয়মান যুৱক চন্দন চায়া(চন্দন কোঁৱৰ)ৰ অধ্যক্ষতাত মৰাণহাট জ্যোতিপুৰত “কলা মন্দিৰ” নামেৰে আজিৰে পৰা আৰম্ভ কৰা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ বিদ্যালয়খন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে। মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে। আহোম জাতীয় গণ মঞ্চ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সহঃকৰী সম্পাদক অকণ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃকাৰী সম্পাদক দেৱজিৎ গগৈ,মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা নবীন গগৈ,সমাজকৰ্মী মোহিনী মোহন লিগিৰা আৰু শিক্ষক ভীমবৰ পাতিৰিয়ে  অংশ গ্ৰহণ কৰি শুভেচ্ছা মুলক বক্তব্য ৰাখে।

৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ ভাৰত পালেহি ৰাফেল বিমান

বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে।

ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ২৯ জুলাইত ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল আনিছিল ভাৰতে।

তাৰ পাছতে ৫ নৱেম্বৰত পুনৰ ভাৰতলৈ তিনিখন ৰাফেল আহি পাইছিল।

বুধবাৰে আহি পোৱা তিনিখন ৰাফেলৰ পাছতে ভাৰতৰ বায়ু সেনাত চামিল হোৱা মুঠ ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা হ’লগৈ ১১খন।

উল্লেখ্য যে, ৫৯ হাজাৰ কোটি টকাৰ বিনিময়ত ফ্ৰান্সৰ সৈতে প্ৰায় ৪বছৰৰ আগতে ভাৰতে ৩৬খন বিমান ক্ৰয়ৰ চুক্তি কৰিছিল ভাৰত চৰকাৰে।

২৩ বছৰে পূৰ্বে ভাৰতে প্ৰথম ক্ৰয় কৰিছিল যুঁজাৰু বিমান।

এতিহাসিক পথৰুঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এতিহাসিক পথৰুঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

শ্বহীদ তৰ্পনৰ পাছতেই সংহত প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ উন্মোচন কৰি মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

মুকলি সভাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ২২জন প্ৰগতিশীল কৃষকক চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয়।

বোকাখাতত অসামৰিক পৰীক্ষাৰ সজাগতা অনুষ্ঠান

বোকাখাত পুৱতি সাহিত্য সভা ভবনত যোৱা ২৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায় অসম অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কে এক সজাগতা অনুষ্ঠান। সজাগতা অনুষ্ঠানত বোকাখাতৰ দুই মহাবিদ্যালয় জে, দি, এছ, জি মহাবিদ্যালয়, চি, এন, বি মহাবিদ্যালয়ৰ লগতে কমাৰগাঁও মহাবিদ্যালয়ৰ মুঠ ১৫০ গৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ মেধাবী ছাত্র ছাত্ৰীয়ে অংশগ্রহণ কৰে। বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতাৰ সঞ্চালনাত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে ভাগ লয় বোকাখাত  মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰনন্ময় ভৰদ্বাজ আৰু বোকাখাতৰ পৰা সদ্য নির্বাচিত এ, চি, এছ  বেদব্ৰত পেগুৱে। এই কৰ্মশালা অনুস্থিত হৈছিল বিজয় কুটুম, ড° বাবুলাল মোৰেৰ তত্বাবধানত।

বামুণী গাওঁ বনাঞ্চলিক বিষয়াৰ সফল অভিযানত জব্দ চোৰাং কাঠ

এচাম ধূৰন্ধৰ প্ৰকৃতিৰ লোকে অহৰহ চলাই আহিছে অসমৰ মুল্যবান সম্পদ ধ্বংসত। এই চামৰ বাবে ধ্বংস হৈছে এফালৰ পৰা বনাঞ্চল। কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয় অধিনৰ এলেকাটো সঘনাই সংঘটিত হয় মুল্যবান কাঠৰ চোৰাং বেহা। অসাধু চক্ৰই চলাই এই দূষ্কাৰ্য্য।

উল্লেখ্য যে, যোৱা নিশাও অসাধু চক্ৰই সৰবৰাহৰ বাবে লৈ গৈছিল চোৰাং কাঠ ভৰ্তি এখন ডি আই গাড়ী। এই খৱৰ পোৱাৰ লগে লগে জামবাৰীৰ হাতীপাৰাৰ পৰা বামুণী গাওঁ বনাঞ্চলিক বিষয়াই  নিশা ১০ বজাত জব্দ কৰে গাড়ী খন ।

জানিব পৰা মতে বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত এটি সজাতি দলে খেদি গৈ পথতে আগচি ধৰে গাড়ী খন। বনাঞ্চলিক বিষয়াৰ এই কাৰ্য্যৰ বাবে সচেতন সমাজে সলাগ লয় বিষয়া জনক।

আজিৰে পৰা ধেমাজিত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মেডাম মেফী

ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি  ২৮ জানোৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে চাৰিদিনীয়া বৰ্ণিল কাৰ্য্যসুচীৰে ধেমাজি ডি আৰ ডিএ খেল পথাৰত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফীৰ উদযাপন কৰা হৈছে ৷  কাৰ্য্যসুচী অনুসৰি আজি পুৱা সামুহিক চাফাই অভিযানৰে প্ৰথম দিনা কাৰ্য্যসুচীৰ পাতনি মেলা হয় ৷ ইয়াৰ পাছতে আটাছুৰ উপ সভাপতি দুলাল বৰুৱাৰ দ্বাৰা মুখ্যদ্বাৰ উদ্বোধন কৰা হয় ৷ মৈদাম তপৰ্ণ কৰে আটাছুৰ কাৰ্য্যকৰী সভাপতি খগেন কোঁৱৰে ৷ চ্যুকাফা প্ৰতিমূৰ্তিত মল্যাপৰ্ণ  আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁইয়ে ৷ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে ৷  ইয়াৰ পাছতে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা , আই চিঙ লাউ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷ইফালে  সন্ধিয়া সাংস্কৃতিক প্ৰতিযোগিতা অনুস্ঠিত হোৱাৰ লগতে কুসুম কৈলাচৰ সংগীতানুষ্ঠান হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে ৷

আলকাবা ফাউণ্ডেইচনৰ প্ৰশংসনীয় পদক্ষেপ

আলকাবা ফাউণ্ডেইচন সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণে কাম কৰি সমাজৰ বিভিন্ন জনক সহায় কৰি অহা নতুন কথা নহয়। আলকাবা ফাউণ্ডেইচন বিপদৰ সময়ত সদায় দুখীয়া দৰিদ্ৰৰ ওচৰত।বহুদিন ধৰি দেৰগাঁৱৰ শীতলপথাৰ অঞ্চলৰ ৰাইজে খেতি পাথাৰলৈ যাবলৈ বা অন্য বিভিন্ন কামত বাৰিষা অহা যোৱা কৰিবলৈ বহু কষ্ট ভূগি আহিছে। শীতল পথাৰ কৃষি বান্ধ এক প্ৰকাৰৰ শীতল পথাৰ পৰা নেঘেৰিটিং শিৱদৌল সংযোগী ১৩ কি:মি:এই বান্ধ তথা পথ বাৰিষা পানীৰ তলত দুবি থকাৰ লগতে বোকাময় হৈ থাকে।স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আবেদন নিবেদন কৰাৰ পাছতো একো সু ফল নাপালে। শেষত এই কথা গম পাই আলকাবা ফাউণ্ডেইচনৰ সভাপতি আলহাজ ৰাজুমণি হুছেইনে তেওঁলোকৰ কাষত থিয় দিয়ে।আলকাবা ফাউণ্ডেইচনে নিজাববীয়াকৈ প্ৰায় ২ লাখ টকাৰে উক্ত বান্ধ তথা পথটো জেচিবি, দামফাৰ লগাই মাটিৰে ওখ কৰি বান্ধ মেৰামতিৰ কাম আৰম্ভ কৰিছে। এনে ধৰনৰ সামাজিক কামবোৰ অনাগত সময়তো ৰাইজৰ বাবে কৰি যাব বুলি আলকাবা ফাউণ্ডেচনৰ সভাপতি ৰাজুমনি হুছেইনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

মাজুলীৰ ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে অসম চৰকাৰে নতুন ভূমিনীতিৰ জৰিয়তে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলী জিলাতো ভূমিপট্টা আৰু ভূমি আৱণ্টন পত্ৰ প্ৰদানৰ ব্যৱস্থা খৰতকীয়া কৰা হৈছে। জিলাখনৰ ভূমিহীন পৰিয়ালসমূহক তেওঁলোকে বছৰ বছৰ ধৰি ঘৰ-বাৰী সাজি, খেতি-বাতি কৰি ভোগ-দখল কৰি অহা মাটিৰ আৱণ্টন প্ৰদানৰ বাবে মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ দশক দশক ধৰি অসুবিধাৰ সন্মুখীন হৈ অহা পৰিয়ালসমূহক উপকৃত কৰাকৈ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত জিলা প্ৰশাসনে বিগত তিনিটা বৰ্ষত মাজুলীত এনে ভূমিহীন পৰিয়ালৰ মাজত ভূমিপট্টা তথা আৱণ্টন পত্ৰ বিতৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজহ বিভাগে ইতিমধ্যে ২০১৮-১৯ বৰ্ষৰ পৰা এইপৰ্যন্ত তিনি বছৰতে জিলাখনৰ মুঠ ৮১২৪ টা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১,৫২৭ টা পৰিয়ালক ভূমি পট্টা আৰু ৬,৫৯৭ টা পৰিয়ালক ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা হৈছে। জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯ বৰ্ষত ১,৩২৭ টা ভূমিহীন পৰিয়ালক মুঠ ৯৮৬ বিঘা দুকঠা ১১ লেচা ভূমিৰ আৱণ্টন পত্ৰ বিতৰণ কৰাৰ পাছত অসম চৰকাৰৰ নতুন ভূমিনীতিৰ আধাৰত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত মুঠ ৫,২৭০ টা ভূমিহীন পৰিয়ালক সৰ্বমুঠ ৫,৬৩৪ বিঘা ৩ কঠা ৮ লেচা মাটিৰ আৱণ্টন পত্ৰ আৰু  ১,৫২৭ টা পৰিয়ালক ৩,৬৫২ বিঘা ১৯ লেচা মাটিৰ পট্টা প্ৰদান কৰিছে। ইয়াৰে ১,৬৯২টা ভূমিহীন পৰিয়ালক ২০১৯-২০ বৰ্ষত আৰু ৩,৫৭৮ টা ভূমিহীন পৰিয়ালক চলিত ২০২০-২১ বৰ্ষত এতিয়ালৈকে ভূমি আৱণ্টন পত্ৰ বিতৰণ কৰি জিলাখনৰ ৰাজহ বিভাগে মাজুলী জিলাক অসম চৰকাৰৰ নতুন ভূমি-নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত ৰাজ্যৰ অন্যতম সফল জিলা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তদুপৰি, অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে জিলাখনৰ আন ৭,০০০টা ভূমিহীন পৰিয়ালৰ মাজতো ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰিবলৈ ইতিমধ্যে মাজুলী আৰু উজনি মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। এই পৰিসংখ্যাৰ সৈতে ২০১৮-১৯ বৰ্ষত মাজুলী ৰাজহ চক্ৰই ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা ১,৩২৭টা পৰিয়ালকো ধৰিলে বিগত তিনিটা বৰ্ষত নদীদ্বীপ জিলাখনত ভূমিৰ অধিকাৰ লাভ কৰা মুঠ পৰিয়ালৰ সংখ্যা ১৫,১২৪টা হ’ব ৷ দশক দশক ধৰি  নিজৰ ভোগ-দখলত থকা ভূমিৰ কোনো চৰকাৰী নথি লাভ নকৰাৰ বাবে নদীদ্বীপটোৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগা হোৱাৰ দিশটো অনুধাৱন কৰি মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীবাসীৰ এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ২০১৭ বৰ্ষতে জিলা প্ৰশাসনৰ লগতে ৰাজহ বিভাগক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী গৰাকীৰ এনে উদ্যোগৰ বাবেই ২০১৮-১৯ বৰ্ষৰ পৰা মাজুলীত ভূমিহীন পৰিয়ালসমূহে ক্ষিপ্ৰতাৰে ভূমিৰ অধিকাৰ লাভ কৰাৰ পথ প্ৰশস্ত হয়। আনহাতে, আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিকে ধৰি মাজুলীৰ ইতিপূৰ্বে ভূমি জৰীপ নোহোৱাকৈ থকা এলেকাসমূহতকেইবা দশকৰ মূৰত শেহতীয়াকৈ ভূমি জৰীপৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ আগ্ৰহতে ২০১৯ চনৰ মাজভাগৰ পৰা ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে মাজুলী জিলা প্ৰশাসনৰ সহযোগত এই ভূমি জৰীপৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনৰ সহযোগত অসম চৰকাৰৰ ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ে জিলাখনৰ ২৩খন ন’ন-কেডেষ্ট্ৰেল (এনচি) গাঁৱৰ ২১খনতে ভূমি-জৰীপৰ মূল পক্ৰিয়া বহিঃ জৰীপ (এক্সটাৰ্নেল ছাৰ্ভে) সম্পূৰ্ণ কৰি বৰ্তমান চূড়ান্ত পৰ্যায়ৰ আন্তঃ জৰীপ (ইণ্টাৰ্নেল ছাৰ্ভে) কাৰ্য অব্যাহত ৰাখিছে। ইতিমধ্যে ইয়াৰে ছখন গাঁও (ভকতচাপৰি, কুলামুৱা, বেদাং চাপৰি, পুনিয়া, ধনাই চাপৰি আৰু বনৰীয়া চাপৰি)ত এই আন্তঃ জৰীপকাৰ্য সম্পূৰ্ণ কৰিছে গুৱাহাটীৰ পৰা আহি মাজুলীত বাহৰ পাতি থকা ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ জৰীপকাৰ্য চলাইছে ৷ এই ভূমি জৰীপৰ পাছতে মাজুলীৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিসহ ন’ন-কেডেষ্ট্ৰেল গাঁওসমূহ চৰকাৰী ভাৱে ৰাজহ গাঁও হিচাপে স্বীকৃত হোৱাৰ লগতে এই এলেকাসমূহত বাস কৰা জনসাধাৰণকো নিজৰ ভোগ-দখলত থকা ভূমিৰ অধিকাৰ প্ৰদানৰ পথো প্ৰশস্ত হৈ উঠিব ৷