Home Blog Page 3145

বিটিচিৰ মালাগুৰীত বিপিএফ দলৰ পদযাত্ৰা সমদল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁৱ, ৬ নৱেম্বৰঃ সমাগত বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী কুচকোৱাজ। সমান্তৰাকৈ ককালত টংগালি বান্দি নামিছে বিপিএফ দল। বিপিএফ দলৰ লক্ষ্য  উন্নয়ন কৰা, শান্তি ঐক্যতা সম অধিকাৰ সম বিকাশ বিপিএফ দলৰ মূল লক্ষ্য, আজি  বিপিএফ দলে ১৭ বছৰৰ উন্নয়নৰ তথ্য ৰাইজৰ আগত  দাঙি ধৰি এই প্ৰতিবাদী পদযাত্ৰা সমদল।

সম অধিকাৰ, সমউন্নয়ন, সমবিকাশ, আমাক লাগে শান্তি, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ জিন্দাবাদ, ৰেওঁৰেওৱা নাৰ্জাহাৰী জিন্দাবাদ আদি ধ্বনিৰে যমদুৱাৰ সমষ্টিৰ মালাগুৰীৰ পৰা পানোৱাৰী গাওঁত পদযাত্ৰা কাৰ্য্যসূচীলৈ  পৰিভ্ৰমন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি মালাগুৰীত এখন সভা অনুষ্ঠিত কৰে।  পদযাত্ৰা সমদলত প্ৰায় হেজাৰো অধিক পুৰুষ-মহিলাই ওলাই আহি বিভিন্ন ধ্বনি দি আকাশ বতাহ কপাই  তোলে৷

মালাগুৰী প্ৰাইমাৰী বিপিএফ সমিতিৰ উদ্দোগত  অনুষ্ঠিত পদযাত্ৰা সমদল কাৰ্যসূচীত ৪নং যমদুৱাৰ সমষ্টিৰ মনোনীত  প্ৰাৰ্থী ৰেওঁৰেওৱা নাৰ্জাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত বিপিএফে যথেষ্ট উন্নয়ন কৰিছে। এইবেলিও ৰাইজ আমাক বিপুল সঁহাৰি দিছে । গতিকে যমদুৱাৰ সমষ্টিত মোৰ জয় নিশ্চিত তাত কোনো সন্দেহ নাই বুলি কয় দৃঢ়তাৰে ৰেওঁৰেওৱা নাৰ্জাহাৰীয়েৱ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ হ’ব এয়া ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে।

অসমত যোৱা এমাহত ১.৮ শতাংশলৈ বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ অসমত ক্ৰমাত ভয়াবহ ৰূপ ধাৰন কৰিছে নিবনুৱা সমস্যাই। শেহতীয়াকৈ দেশৰ অৰ্থনীতি পৰ্যবেক্ষণ কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতত ছেপ্তেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

ছেপ্তেম্বৰ মাহত নিবনুৱাৰ সংখ্যা ৬.৬৭ শতাংশলৈ বৃদ্ধিৰ বিপৰিতে অক্টোবৰ মাহত ৬.৯৮ শতাংশ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। দেশত লকডাউন ঘোষণা কৰাৰ পাছতেই দেশৰ অৰ্থনীতিত বহু পৰিমাণে নেতিবাচক প্ৰভাৱ পেলাইছিল।

মনকৰিবলগীয়া চহৰ অঞ্চলসমূহৰ বিপৰীতে গ্ৰাম্য অঞ্চলসমূহত ১.০৪ শতাংশ নিবনুৱাৰ সংখ্যাৰ হ্ৰাস হৈছে। আনহাতে যদিও নিবনুৱাৰ হাৰ অন্য ৰাজ্যসমূহতকৈ কম। ৰাজ্যত যোৱা মাহত ১.৮ শতাংশলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।

আইপিএল-২০২০ত অভিলেখ গঢ়ি বেগুণীয়া টুপী হস্তগত কৰিলে যশপ্ৰীত বুমৰাহে

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ বিগত কিছুদিন ধৰি আইপিএলৰ বেগুণীয়া টুপীৰ দৌৰত দিল্লী কেপিটেলছৰ কাগিছো ৰাৱাডাৰ সৈতে যুঁজ চলি আহিছিল মুম্বাই ইণ্ডিয়ানছৰ যশপ্ৰীত বুমৰাহৰ। আইপিএল-২০২০ৰ প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীৰ বিৰুদ্ধে খেলপথাৰত নামে বুমৰাহ। বুমৰাহে তেওঁৰ নিৰ্দিষ্ট ৪ অভাৰত ১৪ ৰাণৰ বিনিময়ত ৪টা উইকেট লৈ লাভ কৰে পাৰ্পল কেপ।

দিল্লীৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনৰে যশপ্ৰীত বুমৰাহে মেন অফ দ্য মেচ হোৱাই নহয় লগতে কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হৈছে। যশপ্ৰীত বুমৰাহে নিজৰ টী-২০ কেৰিয়াৰত ১৪ ৰাণত ৪ টা উইকেট লাভ কৰি শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ দৃষ্টান্ত গঢ়িছে। আইপিএল-২০২০ৰ প্লে-অফ মেচত মুম্বাই ইণ্ডিয়ানছৰ কোনো বলাৰৰ এইটোৱে বৰ্তমানলৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন।

আনহাতে আইপিএলত এতিয়ালৈকে দুখন মেচত ৪টা কৈ উইকেট দখল কৰাৰ কৃতিত্বও বুমৰাহে লাভ কৰিছে। আইপিএলৰ এটা সংস্কৰণত কোনো ভাৰতীয় বলাৰে ২৭ টা উইকেট লাভ কৰাৰ অভিলেখো গঢ়িলে বুমৰাহে। এইক্ষেত্ৰত বুমৰাহে আন এগৰাকী ভাৰতীয় বলাৰ ভুৱনেশ্বৰ কুমাৰক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আইপিএল-২০১৭ত ভুৱনেশ্বৰ কুমাৰে ২৬ টা উইকেট দখল কৰিছিল।

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৬ নৱেম্বৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা  কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন আঁচনি, ৰাষ্ট্ৰীয় পশুধন অভিযান (এন.এল.এম) অসমৰ অধীনত গোভাৰ পুৰণি গাঁৱলীয়া গাঁও ৰঙ্গমঞ্চত অঞ্চলটোৰ ৪৪ গৰাকী কৃষকৰ মাজত প্ৰযুক্তিগত ভাৱে কম ব্যয়ৰ কুকুৰাৰ ৪০ টাকৈ পোৱালি বিতৰণ কৰে।

কৃষক সকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কুকুৰাৰ পোৱালি বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথিৰূপে  সহকাৰী আয়ুক্ত মৈত্ৰী মৰাণ, মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী  ড° ৰিজুস্মিতা শৰ্মা ডেকা, জিলা পশুপালন ও পশুচিকিৎসা বিভাগৰ বিষয়া ডা: অনিল কুমাৰ ডেকা, ডা: সুভাষ কলিতা আৰু পৰাগ মণি ডেকা উপস্থিত থাকে।

বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, বিলাসীপাৰা, ৫ নৱেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিত বিগত ৭৪ বছৰৰ তুলনাত যোৱা ৫ বছৰত যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম হোৱা দেখা গৈছে।

মনকৰিবলগীয়া কথা যে বিধায়ক অশোক কুমাৰ সিংহীয়ে তত্বাৱধানত বিলাসীপাৰাত ৫০ লাখ টকাৰ   Sports Mini  Stadium কামৰ আধাৰশিলা উন্মোচন কৰে।

উল্লেখ্য যে, উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অনন্তলাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা কোকিলা সৰকাৰে গীত পৰিবেশন কৰে।

নগাঁৱৰ কঠীয়াতলী চিঙৰাপট্টিত হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ কৰিলে সুহৃদ মুছলমান লোকে

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ “মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে “ড: ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা  পুনৰ বাৰ সঁচা অৰ্থত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে। এফালে হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি আৰু আনফালে হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ সুহৃদ মুছলমান সমাজৰ।

ঘটনাৰ স্থান নগাওঁ জিলাৰ কঠীয়াতলী চিঙৰাপট্টি৷ বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা ৰাজেশ কুমাৰ প্ৰসাদ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ দুই এজনৰ বাহিৰে ওলাই নাহিল হিন্দু সমাজ, যাৰ বাবে মানৱতাৰ উকৃষ্ট নিৰ্দশন ডাঙি ধৰি কালি মৃত্যু হোৱা  লোকজনৰ মৃতদেহ শ্মশানত হিন্দু পৰম্পৰাৰে সৎকাৰ কৰিলে মুছলমান সমাজে।

জানিব পৰা মতে কেউ কিছু নথকা ৰোগাক্ৰান্ত ৰাজেশক কেবামাহ ধৰি মুছলমান সমাজে চিকিৎসাৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আহিছিল। উল্লেখ্য যে, যি সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত একাংশ লোকে বিভাজনৰ ৰাজনীতি কৰি আহিছিল সেই সময়তে শংকৰ-আজানৰ দেশত হিন্দু মুছলমানৰ মাজত মহামিলনৰ এক সাক্ষী হৈ ৰ’ল কঠীয়াতলীৰ চিঙৰাপট্টিত।

নগাওঁ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটা ৰাজেশৰ মৃতদেহ  কালি নিশা সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰে শ্মশানত সৎকাৰ কৰিলে মুছলমান সমাজে।

নগাঁৱত ড০ ভূপেন হাজৰিকাক সোঁৱৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ৰ-বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত  সুধাকন্ঠ গৰাকীক সোঁৱৰিলে বিভিন্ন দল সং‌গঠনৰ।

মহান শিল্পী গৰাকীৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলা সমিতিয়ে আজি ভূপেন্দ্ৰ সংগীতৰ প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শ্বহীদ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত নগাঁও জিলাৰ বিভিন্ন স্থানৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিৰ মুকলি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী গুণকান্ত শ‌ইকীয়া, বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম জাগৰণ প্ৰমুখ ব্ৰজ জ্যোতি শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি,বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক সম্পাদক ৰাকেশ দাস, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক ৰৌপশ্ৰী গগৈ প্ৰমুখ্যে পৰিষদৰ সদস্য সকল উপস্থিত থাকে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ জিলা সংযোজক মৃত্যুজ্ঞয় কুমাৰ মাহাতোয়ে আঁত ধৰা  ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত প্ৰথম স্হান লাভ কৰে নগাঁও জিলাৰ কঠীয়াতলীৰ জ্যোতিময় শ‌ইকীয়াই।

বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ বৃহস্পতিবাৰে ওডালগুৰি জিলাৰ ভেৰগাৱস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুস্থিত হয়৷ লুহাং খুংগুৰ দৈমাৰীৰ সভাপতিত্বত অনুস্থিত সভাখনত মহকুমাটোৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ প্ৰায় শতাধিক চৰকাৰী কৰ্মচাৰী উপস্থিত থাকে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নবীন কলিতাই৷ উক্ত সভাত তিলক ৰামচিয়াৰীক সভাপতি, ভানু বসুমতাৰী, শ্যামল নাৰ্জাৰীক উপ-সভাপতি, জিতু মজুমদাৰক সাধাৰণ সম্পাদক, গৌতম দৈমাৰী, সাধুৰাম বড়োক যুটীয়া সম্পাদক আৰু অলংবাৰ বসুমতাৰীক কোষাধ্যক্ষ হিচাপে লৈ বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ৪১ জনীয়া ভেৰগাৱ জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷

সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰী, উপদেষ্টা গৌতম বড়োইও উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

গোসাইগাঁওত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ জৰিয়তে মখ্যমুন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোসাইগাঁওত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বসাধাৰণ লোক আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।

দীৰ্ঘ দিন ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ অহাত চৰকাৰে খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব নোৱাঁৰাত গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত আমছুয়ে  প্ৰতিবাদী কাৰ্যসূচীত একগোটহৈ অসম চৰকাৰ হায় হায়, ফণী ভূষন চৌধুৰী হায় হায়, যোগান বিভাগ হায় হায়, খাদ্য আৰু যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে গোসাইগাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে।

তদুপৰি আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলাম প্ৰমুক্ষে পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাজহাৰুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ পিছতো যদি চৰকাৰে মূল্যৰোধৰ কোনো ধৰনৰ পদক্ষেপ নলয় আমছুয়ে হাত হাবুটি বহি নাথাকে, প্ৰয়োজনত গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰো হুংকাৰ দিয়ে আমছু বিষয়ববীয়াসকলে।

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৫ নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত নগৰত পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান।

নগৰৰ হাস্পতাল ৰোডৰ ফ্ৰেণ্ডছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গ’ল বহু লাখ টকাৰ কাপোৰ, জোতা-চেণ্ডেল। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

সম্প্ৰতি অগ্নি নির্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে এঘণ্টাজুৰি চলোৱা নেৰা-নেপেৰা প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।