Home Blog Page 3146

কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সংগী ভি কে শশীকলাক

৪ বছৰৰ পিছত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক । ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।কাৰাৰুদ্ধ সময়ছোৱাৰ ভিতৰতে মহামাৰী কৰোণাত আক্ৰান্ত হোৱাৰ বাবে শশীকলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে কিমান দিনলৈ শশীকলাক হাস্পতালত ৰখা হ’ব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই শশীকলাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জয়াললিতাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত শশীকলাৰ বিৰুদ্ধে জয়াললিতাৰ মৃত্যুৰ ক্ষেত্ৰতো হাত আছে বুলি অভিযোগ উচ্চাৰিত হৈছিল। কাৰাগাৰ কৰ্তৃপক্ষই শশীকলাৰ মুক্তিৰ যাৱতীয় সকলো আনুষ্ঠানিক কাম চিকিৎসালয়তে সম্পন্ন কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতো শশীকলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু কিছুদিন তেওঁক চিকিৎসালয়তে ৰখা হ’ব।

ইফালে শশীকলাৰ মুক্তি খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে চিকিৎসালয়ৰ চৌহদত ভিৰ কৰাৰ পৰিলক্ষিত হয়। তামিলনাডু বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে শশীকলাৰ মুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

এআইডিএমকে দলৰ সময়ৰ একচ্ছত্ৰী সম্ৰাজ্ঞী শশীকলাই পূৰ্বৰ দৰে দলত খোপনি পুতিবলৈ পালে আগন্তুক নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ উঠাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

কাজিৰঙাত বলীউদৰ তাৰকা আয়ুষ্মান খুৰানাৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। খোলা জিপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউদৰ বিকি ডনাৰখ্যাত অভিনেতা আয়ুষ্মান খুৰানাই। সহ–অভিনেতা আৰু অভিনেত্ৰীৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰা সময়ত তেওঁক সংগ দিয়ে বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহাই।

হাতত বাইন’কুলাৰ লৈ কাজিৰঙা‌ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মানে।ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলত প্ৰায় আঢ়ৈ ঘন্টা সময় প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে অভিনেতাগৰাকী৷


উল্লেখযোগ্য যে, এখন হিন্দী বোলছবিৰ চিত্ৰ গ্ৰহণৰ বাবে অভিনেতাজন উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙাৰ আয়’ৰা ৰিজ’ৰ্টত বাহৰ পতা অভিনেতাজনকলৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চলি আছে ছবিৰ চিত্ৰ গ্ৰহণ। যাৰ বাবে কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ যশস্বী পৰিচালক অনুভৱ সিনহা আৰু জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই ।

বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহা পৰিচালিত “স্পাই থ্ৰেলাৰ” ছবিৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বট’ছ দিয়া আৰম্ভ কৰাৰ পিছত কিছু বিৰতি লৈ দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।


ইতিমধ্যে কাৰ্বিআংলঙৰ ডলামাৰাত ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে দলটোৱে। জানিব পৰা মতে কাজিৰঙাৰ এখন অভিজাত হোটেলত বাহৰ পাতিছে চলচিত্ৰ নিৰ্মাণৰ বাবে অহা দলটোৱে।


বিকি ডনাৰ ছুপাৰহিট ছবিখনৰ জৰিয়তে বলীউদত খোজ দিয়া অভিনেতাগৰাকীক লৈ প্ৰায় বিশ দিন ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙত চলিব লগা এই চিত্ৰ গ্ৰহণৰ পিছত ছবিখনৰ পৰৱৰ্তী চিত্ৰ গ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত হ’ব বুলি জানিব পৰা গৈছে।


আনহাতে কাজিৰঙাত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাক ওচৰতে দেখা পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। অভিনেতাগৰাকীৰ গুণমুগ্ধ একাংশ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতে অভিনেতাগৰাকীক কাষত পাবলৈ হেতা–ওপৰা লগোৱা পৰিলক্ষিত হয়।


দৃশ্যগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি শ্বুটিংস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট

পিতৃৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট হোৱাতো স্বাভাৱিক ।কিন্তু যি সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত সম্পত্তি অসম চৰকাৰক সংৰক্ষণৰ বাবে তেজপুৰ বাসী ৰাইজে দাবী তুলি আহিছে সেই সময়তে কলাগুৰু সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাতে চুড়ান্ত ৰূপ ধাৰণ কৰিছে ।উল্লেখযোগ্য যে তেজপুৰৰ কলিবাৰীত অৱস্থিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ অনন্য সৃষ্টি আৰু আপুৰুগীয়া সম্পদ সম্বলিত বাসগৃহটো ঋণৰ বিপৰীতে বেঙ্কত বন্ধকীত থৈছে  বুলি গুৰুত্ব অভিযোগ তুলিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই । হেমৰাজ ৰাভাই এই সুযোগতে কোনো তৃতীয় পক্ষৰ প্ৰবেশ ঘটিলে কলাগুৰু দেৱৰ সৃষ্টিৰাজি হয়তো অসমীয়া সমাজৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন হ’ব। সেয়ে এই কাৰ্য্যৰ গৰিহনা দি আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটি উচিত তদন্ত বিচাৰিছে হেমৰাজ ৰাভাই ।তেওঁৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনি পুত্ৰৰ মাজত তেজপুৰৰ মণ্ডলে  কি অংকত  ৩কঠা ১২লেচা মাটি সমানে দুভাগ কৰিলে এজনৰ ভাগত ২কঠা আৰু আনজনৰ ভাগত ১কঠা ১২লেচা কৈ পৰে ।  এজনৰ ১কঠা ১৫লেচা পাই বুলি প্ৰশ্ন কৰে ।।ইফালে এই সন্দৰ্ভত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ফোন যোগে জনাইছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তিনি জন পুত্ৰৰ সমান অধিকাৰ আছে । মই ছোৱালী পঢ়োবাৰ বাবে মাটি বন্ধকত দিছো । টকা পালে ঘুৰাই আনিম ইয়াত লৈ আলোচনা কোনোবাই আপত্তি কৰা  যুক্তি কি  বুলিও জানিবলৈ দিয়ে ।।উল্লেখযোগ্যযে  কলাগুৰু বিষ্ণু ৰাভাই বেঙ্কৰ পৰা ২০০০০/- টকা ঋণ লৈ নিজৰ ঘৰটো নিৰ্মাণ কৰিছিল। বিনিময়ত ঘৰটো বেঙ্কত বন্ধকত আছিল।  কোনো আয় নথকা বিষ্ণু ৰাভাৰ ঋণ পৰিশোধ কৰাৰ সামৰ্থ্যতা নাছিল। ফলত তেখেতৰ জীৱিত কালতেই দুবাৰকৈ নিলামৰ জাননী আহিছিল। মৃত্যুৰ সময়ত সেই ঋণ সুদে মূলে ৬০০০০/- টকা হৈছিলগৈ। গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি থকা সময়ৰ তেতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় বিমলাপ্ৰসাদ চলিহাদেৱে খবৰ লবলৈ অহাত চকু পানী টুকি চলিহাদেৱক সকলো কথা অবগত কৰাত মুখ্যমন্ত্ৰী চলিহাদেৱে সেই ঋণ পৰিশোধ কৰি বিষ্ণু ৰাভাক ঋণমুক্ত কৰে।        এতিয়া পুনৰ সেই ঘৰটো বেঙ্কত বন্ধকত ৰখাটো বিষ্ণু ৰাভাক শ্ৰদ্ধা কৰাসকলে বিচাৰে নে?  সেইয়া ডাঙৰ প্ৰশ্ন ।

পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী পুনৰ হৃদৰোগত আক্ৰান্ত। যাৰ বাবে কলিকতাৰ এপ’ল’ হাস্পতালত ততাতৈয়াকে ভৰ্তি কৰোৱা হয় গাংগুলীক।

উল্লেখ্য যে, চলিত বৰ্ষৰে জানুৱাৰী মাহৰ প্ৰথম ভাগত হৃদৰোগত আক্ৰান্ত হোৱা বাবেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গাংগুলিক। আৰু এক হৃদযন্ত্ৰৰ অপাৰেচনৰ পিছতে সুস্থ হোৱাত ঘৰলৈ উভতিছিল। যদিও ঘৰতে চিকিৎসকৰ তত্বাৱধানত আছিল সৌৰভ গাংগুলি। পিছে আজি একেটা মাহতে পুনৰ হৃদৰোগত আক্ৰান্ত হয় তেখেত।

হাউলীৰ জয়েন বজাৰত জেপিএল প্ৰিমিয়াৰ লীগত ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবৰ বিজয়ৰ খিতাপ অৰ্জন

বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত দিনৰ এক বজাত চূড়ান্ত খেল খন বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাব আৰু সৰভোগৰ জামাদ্দাৰবড়ী আজানপীৰ মাছুম মডেল একাডেমী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় । উক্ত চূড়ান্ত  খেল খন উদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস আৰু মা পৰাণ ফাউণ্ডেচনৰ সঞ্চালক ছিকান্দৰ আলী আহমেদে । খেল খনত  সমাজ কৰ্মী তথা যুৱ ব্যৱসায় ৰেকিবুল ৰহমান ৰিংকু, হাউলীৰ যুৱ ব্যৱসাসী জিয়াৰুল হ’ক , সমাজ কৰ্মী গিয়াচ উদ্দিন আহমেদ সহ ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে । ইয়াৰ পিছত নয়ন মনি আহমেদ আৰু মহিদুল হ’কৰ পৰিচালনাত চূড়ান্ত খেলখন আৰম্ভ হয় । খেল খনত প্ৰথমে ছালাবীলা বাশবাৰী ক্ৰিকেট ক্লাবে বেট ধৰি  মুঠ ১৬৮ ৰাণ কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে জামাদ্দৰবড়ী আজানপীৰ মাছুম মডেল একাডেমীৰ ক্ৰিকেট দলে আটাইকেইটা উইকেট হেৰুৱাই মুঠ ৭৮ ৰাণ কৰি পৰাজয় বৰণ কৰে । চূড়ান্ত খেল খনত বঙাইগাওঁ জিলাৰ ছালাবিলা বাশবাৰী ক্ৰিকেট ক্লাবে বিজয়ৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । বিগত  ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মাহযোৰা ক্ৰিকেট প্ৰতিযোগিতা খনত মুঠ ৩০ টা দলে যোগদান কৰিছিল বুলি খেল পৰিচালনা সমিতিৰ উপ সভাপতি জাহিদুল ইছলামে জানিবলৈ দিয়ে । চূড়ান্ত খেল খন বিছ হেজাৰৰো অধিক দৰ্শকে উপভোগ কৰে ।

বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ ব্যাপক প্ৰস্তুতি

তিনি লাখ ভক্তৰ সমাগমেৰে অনুষ্ঠিত হব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ

নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত কালি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ  মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ উপলক্ষে ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হব ।

আনহাতে ভৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা বহু কেইগৰাকী বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব লগা এই প্ৰাণ প্ৰতিষ্ঠা সমাৰোহখন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য কালি মন্দিৰ প্ৰাংগণত এখন আলোচনা সভা অনুষ্ঠিত হয়। সমাজকৰ্মী দয়াৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত  সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মন্দিৰৰ মেনেজিং ট্ৰাষ্টি জিতু গোস্বামীয়ে। সভাত মন্দিৰৰ এই বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়নৰ বাবে ভালেকেইগৰাকী বক্তাই মন্তব্য আগবঢ়ায় । ইয়াৰ পিছতে অভ্যৰ্থনা সমিতি খন গঠন কৰা হয়।সভাত বিত্ত ,স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সভাপতি, প্ৰবীন গোস্বামীক কাৰ্যকৰী সভাপতি আৰু জিতু গোস্বামীক প্ৰধান সম্পাদক হিচাপে লৈ এখন ৭১ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

উল্লেখ্য যে মহামৃত্যুঞ্জয় সাধক আচাৰ্য বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ২০০৩ বৰ্ষত মন্দিৰ নিৰ্মান হোৱা স্থানত ৫১ কুণ্ডৰ মহা মৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈছিল আৰু উক্ত যজ্ঞত দেশ বিদেশৰ প্ৰায় দুই শতাধিক সংস্কৃত পণ্ডিতে অংশগ্ৰহণ কৰিছিল।

আনহাতে উক্ত বৰ্ষত সেই স্থানত অস্থায়ী ভাৱে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ কৰা হয় । সেই সময়ৰ পৰাই  বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত মহামৃত্যুঞ্জয় যজ্ঞ সম্পন্ন হৈ আহিছিল। ইয়াৰ পিছতে ২০১০ চনৰ পৰা স্থায়ী মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। স্থানীয় কেইবাগৰাকী লোকে মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ ভূমি  দান কৰা স্হানত  দ্ৰুত গতিত মন্দিৰ নিৰ্মাণৰ কাম চলি থকা বিশ্বৰ সৰ্বোচ্চ এই মহামৃত্যুঞ্জয় মন্দিৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দৈনিক দুই শতাধিক শ্ৰমিকে বিভিন্ন দিশত কাম কৰি মন্দিৰক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেইদিনমানৰ ভিতৰতে মন্দিৰৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি মন্দিৰ সমিতিয়ে জানিবলৈ দিয়ে ।আনহাতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিছতে আধ্যাত্মিক দিশত পুৰণিগুদাম ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হব বুলি মন্দিৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে ।

অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা ১০৮ কুণ্ডৰ যজ্ঞ সমাৰোহত ভাৰত বৰ্ষৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিলাখ লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে।সকলো ধৰণৰ নিয়ম শৃংখলা বজাই ৰাখি অনুষ্ঠিত হব লগা এই প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সমাৰোহত মূল যজমান হিচাপে মন্ত্ৰী  ড: হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি মন্দিৰৰ তৰফৰ পৰা জানিব পৰা গৈছে।

ইপিনে এই যজ্ঞ সমাৰোহত অসমৰ বিভিন্ন স্থানৰ ভক্তসকলে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰতি জিলাতে বেনাৰ ,পোষ্টাৰ লগোৱা হব বুলি অভ্যৰ্থনা সমিতিৰ প্ৰধান সম্পাদক জিতু গোস্বামীয়ে জানিবলৈ দিয়ে। অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে মন্দিৰৰ ট্ৰাষ্টি সকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ।

কৃতি শিক্ষক, অসম আন্দোলনৰ কৰ্মী তথা হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যুত শোক

হোজাইৰ কোমোৰাকটাৰ নিবাসী তথা কৃতি শিক্ষক হোজাই জিলা সাহিত্য সভাৰ  উপ-সভাপতি পদ্ম কান্ত নাথৰ যোৱা ২৫ জানুৱাৰীৰ নিশা গুৱাহাটীৰ এপ’ল হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ। ৰহা দীঘলদৰী গাওঁত ১৯৪৪ খৃষ্টাব্দত (আনুমানিক) জন্ম লাভ কৰা প্ৰয়াত নাথে বিগত প্ৰায় পঞ্চাশ বছৰ হোজাইৰ সমাজ জীৱনৰ লগত জড়িত আছিল। অসম আন্দোলনৰ এজন কৰ্মী প্ৰয়াত নাথে যোগীজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰা নাথ মৃত্যুৰ সময়ত হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ লগতে আজমল গ্ৰুপ অফ কলেজৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭২ চনত হোজাই সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাতা প্ৰয়াত নাথ হোজাই কেন্দ্ৰীয় বিহু সমিতিৰ  প্ৰতিস্থাপক সম্পাদক, মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, হোজাই কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন সমিতিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল। শংকৰ আৰু অজান ফকীৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়াত নাথে বহু প্ৰবন্ধ ৰচনা কৰে। কিছুদিন আগতে প্ৰয়াত নাথ হৃদৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ হায়াত চিকিৎসাধীন হৈ আছিল যদিও অৱস্থাৰ কোনো উন্নতি নোহোৱাত পিছত এপলোত ভৰ্ত্তি কৰোৱা হৈছিল। কালি তেখেতৰ পাৰ্থিৱ শৰীৰ হোজাই সাহিত্য সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱন, কৰ্মস্থলী যোগীজান মধ্য ইংৰাজী বিদ্যালয়, আজমল ফাউণ্ডেচনলৈ নি শেষ শ্ৰদ্ধা নিবেদনৰ কৰা হয় আৰু বিয়লি নিজ বাসগৃহৰ সমীপত শেষ কৃত্য সম্পন্ন কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি ড: গুণেশ্বৰ শইকীয়া, সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, হেজাই সাহিত্য সভাৰ সভাপতি ডাঃ চামচুল হক, সম্পাদক দম্বৰু দাহল, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, আজমল ফাউণ্ডেচন, জাতীয় বিদ্যালয়, অংকুৰ যুৱ সংঘ, নিখিল ভাৰত বংগ সাহিত্য সন্মিলনী, হোজাই ডিমাছা সাহিত্য সভা, হোজাই নেপালী সাহিত্য সভা আদিয়ে শিক্ষাবিদ জনৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়।

SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণা কৰি টিংখাঙক কলংক মুক্ত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ ঘোষণা

ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ কলংক মোচন কৰাক লৈ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে  টিংখাঙৰ দল সংগঠন সমূহে । আজি মৰাণস্থিত হোটেল মন্দাকিনীত সভা কক্ষত আয়োজিত এক যৌথ সংবাদ মেলৰ যোগেদি  টিংখাঙৰ দল সংগঠন সমূহে  SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণাৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰে । “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱাই আঁত ধৰা সংবাদ মেলত চিপিআই (এম এল )ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া,ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়াল, আদিবাসী নেচনেল পাৰ্টিৰ বাবলু গড়,ভৰত ভূমিজ , অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা আহ্বায়ক  শুভাকৰন কোহাঞি, নিপু গগৈ,  কংগ্ৰেছ দলৰ ৰমেশ চাংমাইৰ আদি উপস্থিত থকা সংবাদ মেলত এক যৌথ সংবাদ মেলত সংগঠন সমূহে কয় যে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল সংগঠনৰ তৰফৰ পৰা বাৰে বাৰে উত্থাপিত হোৱাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষনা কৰা মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল নেতৃত্তাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সংগঠন সমূহে মুখ্যমন্ত্ৰীৰ এই ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু তেওঁৰ ঘোষিত অবস্থানত দৃঢ় ভাবে ঠিয় দিবলৈ দাবী জনায় ।  উল্লেখ্য যে এই কেলেংকাৰীক লৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা তদানীন্তন স্বৰাজ অসমৰ মূখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত এখনি পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছিল । উক্ত পত্ৰ খনিত তেওঁ এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়া জড়িত থকাৰ কথা উল্লেখ কৰিছে । ৩০-৯-২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি Ministry of Personnel, Public Grievances and Pension ৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্য সচিবলৈ এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৭ জানুৱাৰী ২০২১ তাৰিখে এক পত্ৰ প্ৰেৰণ কৰিছে । যিহেতু চি আই ডি বিভাগৰ  তদন্তই এই কেলেংকাৰীৰ মূল ব্যক্তি জনক চিহ্নিত কৰাত বিফল হৈছে, যিটো তেওঁলোকৰ অভিযোগনামাৰ মাজেদি প্ৰমাণ হৈছে , গতিকে এতিয়া এই কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পণ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে । তাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো সন্দেহজনক । সংবাদ টোকাত সংগঠন সমূহে কয় যে এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সাঙোৰ খোৱা ঘটনাৰ মাজেদি ৰাজ্য তথা  দেশৰ সন্মুখত টিংখাং বাসী ৰাইজ লজ্জিত হৈছে । বিমল বড়াই প্ৰচাৰ কৰা দৰে টিংখাঙে আজি  হাঁহি থকা নাই টিংখাঙে আজি লাজত মুৰ তল কৰি থাকিব লগা হৈছে । এই অবস্থাৰ পৰা টিংখাং বাসীয়ে মুক্তি বিছাৰিছে আৰু সেইটো একমাত্ৰ সম্ভৱ এই কেলেংকাৰীৰ চিবিআই তদন্তৰ যোগেদি বিমল বড়াক তদন্তৰ আওতালৈ অনা । এই কলংক দুৰ কৰিবলৈ আৰু SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সেয়ে উপস্থিত টিংখাঙৰ দল সংগঠনে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে *প্ৰথমতে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবীত  সমষ্টি জুৰি ব্যপক পষ্টাৰিং কৰা হব ।**দ্বিতীয়তে অহা ২ ফেব্ৰুৱাৰী ২০২১ তাৰিখে  টিংখাং চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাজৰে দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা হব ।**তৃতীয় পৰ্যায়ত ফেব্ৰুৱাৰী ৩ ৰ পৰা ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত  সমষ্টিৰ ৫০ হাজাৰ ভোটাৰে এই কেলেংকাৰীৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হব ।**চতুৰ্থ পৰ্যায়ত ২১ ফেব্ৰুৱাৰী তাৰিখে  সমষ্টিত চাইকেল ৰেলী বাহিৰ কৰা হ’ব বুলি সংবাদমেলত ঘোষনা কৰে। 

ডবকা নগৰৰ যান-জঁটৰ সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজহুৱা অভিযোগ

হোজাই জিলাৰ ডবকাত অবৈধ পাৰ্কিংৰ ফালতেই সঘনাই দুৰ্ঘটনা, সংঘাত, মাৰপিটৰ ঘটনা সংঘটিত হোৱাত হোজাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল সংগঠনে। ডবকা পৌৰসভা অঞ্চলত অনেক সমস্যাৰ লগতে ব্যৱস্থিত পাৰ্কিং ব্যৱস্থা নথকাত ৰাইজৰ লগতে পথচাৰিয়ে নিতৌ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ বিশেষকৈ ডবকা বজাৰত জধে-মধে গঢ়ি উঠা অবৈধ পাৰ্কিং আৰু অবৈধ বাছ আস্থানে সমস্যাটো তীব্রতৰ কৰি তুলিছে। সেয়েহে, ডবকা চহৰত ডবকা পৌৰসভাই ৰাইজৰ হিতাৰ্থে সুনিৰ্দিষ্ট ঠাইত আস্থানৰ ব্যৱস্থা কৰিলে নগৰখনৰ যানযঁটৰ সমস্যা ভালেখিনি উপশম হ’ব বুলি দাবী উত্থাপন হৈছে ৷ ডবকা নগৰ সমিতি এলেকাত থকা লংকা, ডিফু, হোজাই, নগাঁও বাছ আস্থানসমূহ প্ৰায় ৰাস্তাৰ ওপৰত কৰা হৈছে, নো পাৰ্কিং জনত গাড়ী ৰখাই গাড়ীত যাত্ৰী উঠা-নমা কৰোতে ৰাস্তাৰ ওপৰত আল্ট্ৰা বাছ ৰখাই যাত্ৰী উঠা-নমা কৰিব লাগে ৷ ই ৰাস্তাৰ ওপৰত যান-জঁট সৃষ্টিত অৰিহণা যোগাইছে ৷ বিশেষকৈ ডবকা চহৰৰ অতি ব্যস্ত ডবকা-হোজাই ৰোডৰ ওপৰত থকা বাছ আস্থানে এই সমস্যা গভীৰ কৰি তুলিছে, পৰ্যাপ্ত ভূমি নথকাত যাত্ৰীবাহী বাছ অতি ব্যস্ত ডবকা-হোজাই পথৰ ওপৰত ঘূৰাবলগীয়া হয়, যাৰ ফলত বহু সময় ৰাস্তাৰ ওপৰত অন্যান্য বাহনৰ লগতে ৰাইজে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ডবকা-ডিফু ৰোডটোও  ডবকাৰ অতি ব্যস্ত পথ ৷ পথছোৱা এনেই ঠেক আৰু সৰু ৷ অথচ অতি ব্যস্ত পথছোৱাৰ কাষত অপৰ্যাপ্ত ঠাইত ডিফু বাছ আস্থানটো গঢ়ি উঠাত যাতায়াত ব্যৱস্থা একেবাৰে নৰক সদৃশ হৈ পৰিছে ৷ ৰাস্তাৰ কাষত এই আস্থানটো গঢ়ি উঠাত পথৰ ওপৰত আল্ট্ৰা বাছ ৰখাই থয় ৷ ফলত সাধাৰণ মানুহৰ চলাচল যথেষ্ট কষ্টসাধ্য হৈ পৰিছে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, ডবকা নগৰত থকা বাছ কাউন্টাৰ ক্ৰমে হোজাই-লংকা, নগাঁও, ডবকা-ডিফু বাছ আস্থানসমূহৰ প্ৰয়োজনীয় বৈধ কোনো নথি-পত্ৰ নথকাৰো অভিযোগ উঠিছে ৷ লগতে বাছ এখন ৰখাবলৈ, যাত্ৰী উঠা-নমা কৰিবলৈ এই আস্থানসমূহৰ পৰ্যাপ্ত মাটিও নাই ৷ নাই ডবকা পৌৰসভাৰ কোনো আপত্তিবিহীন প্ৰমাণ-পত্ৰ আৰু ব্যৱসায়িক অনুজ্ঞা-পত্ৰ ৷ গতিকে কাৰ্বি আলং বাছ আস্থান আৰু হোজাই-লংকা বাছ আস্থানবোৰৰ নথি পত্ৰবোৰ জব্দ কৰি উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে একাংশ দল সংগঠনৰ লগতে ৰাইজে।ডবকা-ডিফু ৰাস্তাটোৰে নেহৰু জয়ন্তী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা সূতাৰগাঁও মধ্য ইংৰাজী মাদ্ৰাছালৈকে যোৱা পথছোৱাৰ দুয়োকাষৰ মাটি ক্ৰমান্বয়ে খহি পৰাত সচেতন ৰাইজে গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ৰাস্তাৰ কাষৰ থিয় গৰা আৰু দ’ খাৱৈবোৰে ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা বহন কৰিছে। ৰাস্তাটোৰে নিতৌ চলাচল কৰা দ্ৰুতবেগী যান-বাহন, ডিফু, হোজাই, লংকা, নগাওঁ আদিৰ বাছবোৰ চলাচল কৰাত কাষেৰে ছাত্ৰ-ছাত্ৰী আৰু আন পথচাৰীসকলে ভয় আৰু শংকাৰ মাজেৰে অহা যোৱা কৰিবলগা হৈছে।  সেয়েহে, নাগৰিক জীৱনৰ সুৰক্ষাৰ্থে এই পথটোৰে যাত্ৰীবাহী বাছবোৰৰ লগতে গধুৰ বাহনৰ অহা যোৱা বন্ধ কৰি ডবকা চহৰৰ বাহিৰত কৰবাত সুব্যৱস্থিত ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ ৰাইজৰ লগতে একাংশ দল সংগঠনে অনুৰোধ জনাইছে ৷

জামুগুৰিহাটৰ চেচাসত্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা, গুৰুতৰভাৱে আহত এক

জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চেচাসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া সংঘটিত হয় এক পথ দুঘটনা । প্ৰাপ্ত তথ্য মতে তেজপুৰ দিশৰ পৰা লক্ষীমপুৰ অভিমুখে  গৈ থকা AS-01-KC-8852 নম্বৰৰ এখন মালবাহী ট্ৰাকে একেটা দিশেৰেই  গৈ থকা AS-12-Z-5794 নম্বৰৰ এখন পালছাৰ  বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী কল্পজোতি কলিতা(২২) নামৰ যুৱক জন গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয় ৷

ইফালে দূৰ্ঘঘনাটো সংঘটিত কৰা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটি বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতেই ট্ৰাকখনৰ চালকজন পলাবলৈ বিচাৰিছিল যদিও স্থানীয় ৰাইজ তথা জামুগুৰি আৰক্ষীৰ তৎপৰতাত চালকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

অন্যহাতে গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।