Home Blog Page 3147

তেজপুৰত ভাগৱত পাঠ অনুষ্ঠানত মাইক বজোৱা লৈ সংঘাট : মহিলাৰ মৃত্যু

তেজপুৰত অঘটন । তেজপুৰ কটন ৰোডৰ নামঘৰত যোৱা ২৪, ২৫ আৰু ২৬  জানুৱাৰীত তিনিদিনিয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত হৈছিল । অত্যাধিক শব্দৰে মাইক বজোৱাৰ বাবে দুই যুৱতী পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীয়ে বাধা দিবলৈ গৈ ৰাইজৰ লগত সংঘাটত লিপ্ত হয় । ফলত উমা দাস (৬০) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । তেজপুৰ আৰক্ষীয়ে  যুৱতীদ্বয় পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীক আটক কৰিছে ।

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে ! দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে তেনে এক হৃদয়বিদাৰক ঘটনা ৷ এটি ফুলকুমলীয়া দেৱ শিশু সন্তানক পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটি ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনাৰ সবিশেষ জানিবপৰা মতে , কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া ৷ সেইদৰে যোৱা নিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল ৷ পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান ৷

ৰাতিপুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-ধোৱা ৷

ৰাইজৰ মতে স্বামী মিজানুৰ ৰহমানৰ লগত তেওৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহত আহিছিল, কোনে আনিছিল, কিয় কাজিয়াৰ সুত্ৰপাত হৈছিল স্থানীয় ৰাইজে সম্পুৰ্ণৰূপে অজ্ঞাত বুলি জানিবলৈ দিছে ৷

গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰাৰ পিছত উলাই পৰিব শিশুটিৰ প্ৰকৃত হত্যাকাৰী ৷

নাজিৰাত তিনিখনকৈ বিদ্যালয়ত নুৰিল ৰাষ্ট্ৰীয় পতাকা : ক্ষোভ ৰাইজৰ

৭২ত্‌ম গণৰাজ্য দিৱস । ক’ৰনাকেন্দ্ৰিক পৰিবেশৰ মাজত কিছু সচেতনতাৰে আজি পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

কিন্তু নাজিৰা শিক্ষা খণ্ড অধীনস্ত আচলাবাৰীৰ মেথেনচোৱাস্থিত ৮১৩নং কুৰ্ম্মী বস্তি প্ৰাথমিক বিদ্যালয়, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ ক্ৰমে নাজিৰাৰ পদূমপুখুৰী আৰু পহুসিঙ অংগনবাডী কেন্দ্ৰত নুৰিল ৭২ত্‌ম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা । চৰকাৰী কাৰ্যসূচীক চুড়ান্ত অৱমাননা, শিক্ষা বিভাগৰ ।

এতিয়া প্ৰশ্ন হয় ! মাহেলি চৰকাৰী দৰমহা খোৱা সহায়িকা নতুবা প্ৰধান শিক্ষকক এতিয়া কোনে ব্যৱস্থা গ্ৰহণ কৰিব । যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা দেখা গৈছে ।

দিল্লীত আন্দোলনৰত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক ঘটনা : আৰক্ষীৰ গােচৰ ৰুজু

ৰাজধানী দিল্লীত কৃষি আইন কেইখনৰ বাতিলৰ দাবীত আন্দোলনৰত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত কৰা হিংসাত্মক ঘটনাৰ বাবে দিল্লী আৰক্ষীয়ে গােচৰ ৰুজু কৰিছে। আইন উলংঘা কৰা, হিংসাত্মক কার্যত লিপ্ত হােৱা, ৰাজহুৱা সম্পত্তি ক্ষতি কৰা আৰু চৰকাৰী বিষয়াক আক্ৰমণ কৰাৰ বাবে এই গােচৰ ৰুজু কৰা হৈছে।

কেন্দ্রীয় গৃহমন্ত্রী  অমিত শ্বাহ য়ে কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্রতিবাদকাৰী কৃষকসকলে সৃষ্টি কৰা পৰিস্থিতি পর্যালােচনা কৰে। আৰু এই পর্যালােচনা বৈঠকত দিল্লীত অর্ধসামৰিক বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

এম জি এনৰেগা আঁচনিৰ নামত মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীৰ শুৱালকুছি, বেজেৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়মৰ অভিযোগ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধিনৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ পাকৰকোনাৰ গৰখীয়া থানলৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি। শিঙিমাৰী গাও পঞ্চায়তে এম জি এনেৰেগা আঁচনিৰে নিৰ্মান কৰিছে এই পথ । কিন্ত এম জি এনৰেগাৰ আঁচনিৰ অধিনত নিৰ্মান হবলগীয়া এই পথছোৱা নিৰ্মানৰ নামত পঞ্চয়াতখনৰ একাংশ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াই চলাইছে ব্যাপক অনিয়ম । জবকাৰ্ড হিতাধাকাৰী সকলক বঞ্চিত কৰি উক্ত পথ নিৰ্মানৰ কামত ডাম্পাৰ ব্যৱহাৰ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে পথছোৱা নিৰ্মানৰ কাম ।

অতি কৌশলৰে জনশূন্য স্থানত আচনিখন আৱন্টন কৰি পঞ্চয়াতখনৰ জনপ্ৰতিনিধি সকলে আঁচনিখনৰ সৰহভাগ ধনেই লুটি পুটি খোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে । আনকি স্থানীয় ৰাইজক আন্ধকাৰত ৰাখি পথছোৱা নিৰ্মান কৰিবলৈ ওলাইছিল পঞ্চায়ত সভানেত্ৰীৰ লগতে পঞ্চয়াতখনত কৰ্মৰত চৰকাৰী বিষয়া আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াই, এই অভিযোগ স্থানীয় ৰাইজৰ ।

এফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শূণ্য সহনশীলতা আনফালে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ চৰকাৰী আঁচনিৰ কামত সীমাহিন দূৰ্নীতি । ইয়াৰ লগতে বেজেৰা উন্নয়ন খণ্ডতো একাংশ চৰকাৰী বিষয়া, পঞ্চায়ত সভাপতি, সচিব, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিজেপি পালিনেতা একাংশৰ পৃষ্ঠপোষকতাত চলিছে সীমাহীন দুৰ্নীতি।

আনকি শৰাইঘাট আৰু ধোপাটাৰী গাওঁ পঞ্চায়তত ৩০৬৪ আৰু ২০৪৭ গৰাকী জবকাৰ্ডধাৰীৰ যথেষ্ট সংখ্যকেই ভুৱা, চৰকাৰী কৰ্মচাৰী, লাখপতি জবকাৰ্ডধাৰীক কাগজে পত্ৰই কাম সম্পাদনা কৰা দেখুৱাই ডাম্পাৰ ট্ৰেক্টৰ জেচিবিৰে নিম্ন মানৰে সীমাহীন দুৰ্নীতিৰে এনৰেগাৰ কাম কৰি একাংশই লুটি গৈছে লাখ লাখ টকা। তাৰ পিচতো মৌন একাংশ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ লগতে খোদ জালুকবাৰী সমষ্টিত নিজৰ ঘৰ বুলি পৰিচয় দিয়া তথা জালুকবাৰীৰ জনপ্ৰিয় নেতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

এতিয়া এনেদৰেই চলিছে জালুকবাৰী সমষ্টিৰ শুৱালকুছি উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহৰ লগতে সমষ্টিটোৰ অন্য উন্নয়ন খণ্ড ও পঞ্চায়তৰ উন্নয়নৰ কাম । ইমানবোৰ দেখি, শুনি এইবাৰ বিভাগীয় কতৃপক্ষ, মন্ত্ৰী তথা জালুকবাৰীৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে সকলোবোৰ ওলাই কৰি একাংশক উন্নয়নৰ লাখ লাখ টকা লুটি পুটি খোৱাৰ সুযোগ দিব সেয়া হব লক্ষ্যনীয় ।

নাজিৰা সদৰত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ত্‌ম গণৰাজ্য দিৱস পালন

৭২ত্‌ম গণৰাজ্য দিৱস । প্ৰচণ্ড শীতৰ মাজতো পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো শান্তিপূৰ্ণ ভাৱে পতাকা উত্তোলনৰ বাবে সকলো যাৱতীয় কাম-কাজ সমাপন হয় । উল্লেখ্য যে নাজিৰাত জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি লখিমী দত্ত মহোদয়াই গান্ধী ময়দান সমীপৰ নগৰৰ খেলপথাৰত পুৱাই পতাকা উত্তোলন কৰি দেশবাসীক উদ্দ্যেশি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে ৭২ত্‌ম গণৰাজ্য দিৱস উপলক্ষে সমষ্টিৰ প্ৰতিগৰাকী নাগৰিককে ধৰি বীৰ শ্বহীদ, সময়িক বাহিনীৰ লোক সকললৈ চৰকাৰী বিষয়াগৰাকীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপনেৰে এই বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ আহক আৰু দেশক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰোঁ বুলি ভাষণ ৰাখে । পেৰেড্‌ গ্ৰাউণ্ডত সমাবেত ৰাইজৰ বিপৰীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চিকে আদি কৰি আৰক্ষী প্ৰশাসনে ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰা কুচকাৱাজৰ মহকুমাধিপতি গৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ।

১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত

দেশত বৰ্তমানলৈ ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩৩ হাজাৰতকৈয়ো অধিক লোকক এই প্ৰতিষেধক প্ৰদান কৰা হয়।

বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন

শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰাজি, কলা, সাহিত্য, দৰ্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু থান খনিৰ চৌপাশে অৱস্থিত সত্ৰ সমূহত অনুষ্ঠিত হ’ব “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”নামৰ এক বিশাল সাংস্কৃতিক কাৰ্যক্ৰমণিকা। মাধৱ সংস্কৃতিক ন্যাসৰ উদ্যোগত, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হবলগিয়া “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ সাংস্কৃতিক কাৰ্যসূচী খন আজি বটদ্ৰৱা থানৰ আই খেৰসূঁতী সাংস্কৃতিক মঞ্চত সংবাদমেলে জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি অহা ২৯ জানুৱাৰীত আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষক পণ্ডিতৰ উপস্থিতিত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হব। ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া সাত খন ঐতিহ্যমণ্ডিত সত্ৰত দেশ, ৰাজ্যৰ বহুকেইজন পণ্ডিত, শিল্পী অভিনেতা, অভিনেত্ৰীৰ ওপৰিও বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী সহ প্ৰায় লক্ষাধিক লোকৰ সমাৱেশেৰে আলোচনাচক্ৰ, ভাওনা, বৰগীত, দিহানাম, সত্রীয়া নৃত্য, কবি সন্মিলন, প্ৰদৰ্শনী, চিত্ৰকলা, দিহানাম আদি বিভিন্ন সাংস্কৃতিক উপাদানৰ সমাহাৰ ঘটিব। আজিৰ সংবাদমেলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সমন্বয়ক ব্ৰজেন কাকতি, সাধাৰণ সম্পাদক ৰাজীৱ দও, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি উদযাপন সমিতি বিষয়ববীয়া সকলৰ লগতে বটদ্ৰৱা অঞ্চলৰ আইমাতৄ সকল উপস্থিত থাকে।

গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও স্থিত চি আৰ পি এফৰ ১২৯ নম্বৰ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক আজি বিনামূলীয়া বীজ বিতৰন কৰা হয় ৷ চি আৰ পি এফৰ জন হিতাৰ্থ আচনীৰ (চিভিক এক্সন প্ৰগ্ৰাম) ২০২০-২০২১ অধিনৰ গোসাইগাঁও মহকুমাৰ বিভিন্নজনৰ গাঁৱৰ কৃষক সকলক বিভিন্ন প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ মহকুমাখনৰ হাকমা, সত্যপুৰ, পদ্মপুখুৰী আৰু সাহাজুৰি গাঁৱৰ মুঠ ৫০ গৰাকী কৃষকক ধান,ভেন্ডী, আদি ১০ প্ৰজাতিৰ বীজ প্ৰদান কৰা হয় ৷ চি আৰ পি এফৰ ১২৯ নং বাহিনীৰ কমান্ডাৰ গুলাব সিঙে কৃষকক বীজ সমুহ প্ৰদান কৰি কয় যে ভাৰতবৰ্ষ হল কৃষি প্ৰধান দেশ ৷ ভাৰতৰ ৭০-৮০ শতাংশ নাগৰিক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে ৷ কৃষক সকলে উৎপাদন কৰা খাদ্য সামগ্ৰি দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কমান্ডৰ জনে প্ৰকাশ কৰে ৷ কাৰ্যসুচীত উপ কমান্ডাৰ শিব কুমাৰ ঝা,ৰজনিশ কুমাৰ পাঠক,সহ কমান্ডাৰ সঞ্জীৱ যাদব,বিনয় পাল,ইন্সপেক্টৰ ৰাধা বল্লব দাস সহ কেবাগৰাকী বিষয়া তথা জোৱান সকল উপস্থিত থাকে ৷ 

দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম

মুকালমুৱাত  আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভাত বিস্ফোৰক মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। শিক্ষা ও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ধিংৰ বিধায়ক আমিনুল ইছলামে কয় দিছ্পুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয়, নহয় তেওঁক শহৰেকৰ ঘৰৰ পৰা দিয়া যৌতুক যে আজমল বাহিনীক দিছপুৰৰ পৰা খেদিব ।

উল্লেখযোগ্য যে, যোৱা কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত হোৱা  অমিত শ্বাহৰ বিজয় সংকল্প সভা খনত আজমল বাহিনীক বিধান সভা/দিছপুৰ পৰা ১০০ কিঃমিঃ দূৰত সোমাব দিয়া নহব বুলি মন্তব্য কৰাৰ পাছত  সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আজি মুকালমুৱাত এখন দলীয় সভাত উপস্থিত হৈ সাংবাদিকৰ আগত এনে বিস্ফোৰক  মন্তব্যৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি পুনৰ কয় যে, বিজেপিয়ে বহু  হেজাৰ কোটি টকা ধাৰত পোত খুৱাই, ৰাজ্যত অপশাশন কৰি,চৰম দুৰ্নীতি কৰি, ৰাজ্য বাসীৰ আগত এতিয়া নিৰ্বাচনৰ পূৰ্বে মুখ দেখুৱাব নোৱাৰি সাম্প্ৰদায়িক মন্তব্য কৰা বুলি তেওঁ কয়।লগতে তেওঁ কয় যে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি এতিয়া  কংগ্ৰেছ ই এ আই ইউ ডি এফৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে।আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সঠিক উত্তৰ দিব বিজেপিক।এনেদৰে বিজেপিক চোকা সমালোচনা কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।কংগ্ৰেছ এ আই ইউ দি এফ মিত্ৰতা কৰি সত্তৰ খনৰো অধিক আসন তেওঁলোকে পাব বুলিও কয় এইবাৰ বিধান সভা নিৰ্বাচনত। আজিৰ এই সভাখনত উপস্থিত থাকে নাওবৈচাৰ বিধায়ক মামুদ  ইমদাদুল হক,এ আই ইউ ডি এফৰ মুখপত্ৰ তথা সাধাৰণ সম্পাদক চম্পক শৰ্মাকে ধৰি কেইবাজনো দলৰ বিষয়ৱবীয়া।