Home Blog Page 3148

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁৱতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ  সভাপতিত্ব অনুষ্ঠিত সভাত  ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় । আনহাতে ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত মুকলি কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে। ইয়াৰ উপৰি ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰো আয়োজন কৰে । উক্ত চাইকেল ৰেলীত পেৰাচাইকেলিষ্ট ৰাকেশ বনিকৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে  অংশগ্ৰহণ কৰে।  সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত

উত্তৰ-পূব ভাৰতৰ বৃহত্তৰ সামাজিক-সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পদবীত পুনৰ অধিষ্ঠিত হৈছে কমলাকান্ত গগৈ। বৰ্তমানেও শংকৰ দেৱ সংঘৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গগৈয়ে আজি নগাঁওস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত হোৱা ভোট গণনাত ১ হাজাৰৰো অধিক ভোটত জয়ী হয় ।

উল্লেখযোগ্য যে এইবাৰ পদাধিকাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত গোলাঘাট জিলা শাখাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলা শাখাৰ ডাঃ পুনিৰাম পাটৰো অৱতীৰ্ণ গৈছিল যদিও বৃহত্তৰ সংগঠনটোৰ অধিকাংশ সদস্যই পুনৰ ডিব্ৰুগড় জিলা শাখাৰ কমলাকান্ত গগৈকে সভাপতি হিচাপে নিৰ্বাচন কৰে।

শংকৰী কলা-সংস্কৃতিৰ সাধক কমলাকান্ত গগৈয়ে বিগত বহুবছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে। আজি নগাঁও চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত কমলাকান্ত গগৈক নতুন পদাধিকাৰ হিচাপে ঘোষণা কৰে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই। আনহাতে, এই সংবাদমেলতে বাবুল বৰাই বিগত ১ বছৰে কোৰোণাৰ বাবে স্থবিৰ হৈ পৰা সংগঠনটোৰ কাম-কাজ পুনৰ গতিশীল কৰা হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক

অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাওতাল জনগোষ্ঠী। এই জনগােষ্ঠীটোক শীঘ্ৰেইঅর্থাৎ নির্বাচনৰ পূর্বেই চৰকাৰে জনগােষ্ঠীয় মর্যাদা নিদিলে বিজেপিক বর্জন কৰা হ’ব বুলি কাজিৰঙাত সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয়সমিতিয়ে এক সংবাদমেল যােগে জানিবলৈ দিয়ে ৷ বিধানসভা নির্বাচনৰ পূর্বে চৰকাৰে চাওতালকজনজাতিকৰণ ঘােষণা নকৰিলে তীব্র প্রত্যাহ্বানৰ সম্মুখীন হ’ব। সদৌ চাওতাল ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অনিল মুৰ্মু, সহকাৰী সাধাৰণ সম্পাদক বিমল চৰেণ, লক্ষ্মীনাথ হেমৰম, শিক্ষা সম্পাদক কেৱল হাচদা, প্রচাৰ সম্পাদক ৰাজেশ হাচদা আৰু উপদেষ্টা চাইমন কিস্কুৰ উপস্থিতিত সভাপতি মিন্টু হেমৰমে কাজিৰঙাৰ কঁহৰা বনুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত জানিবলৈ দিয়া মতে শীঘ্ৰে চাওতালী ভাষা সংৰক্ষণ কৰাৰ লগতে শিক্ষক নিযুক্তি দি প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে চাওতালী ভাষা প্রচলন কৰিবলৈ চৰকাৰক দাবী জনায়। ৰাজ্যখনৰ কেৱল বড়ােলেণ্ড এলেকাত চাওতালী ভাষা প্রচলন কৰাৰ কথা প্ৰকাশ কৰিছে যদিও ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বিদ্যালয়ত এক জৰীপ চলাই চাওতালী ছাত্র-ছাত্রী থকা বিদ্যালয়বােৰত চাওতালী ভাষা প্রচলনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। সভাপতি হেমৰমে আৰু জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বহু বছৰৰ পৰা বসবাস কৰি থকা আদিবাসী লােকসকলক উচ্ছেদৰ কার্যকোনাে কাৰণতে গ্রহণযােগ্য নহয়। এই সিদ্ধান্ত যদি অসম চৰকাৰে বাতিল নকৰে, তেন্তে সমগ্র অসম জুৰি তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তােলা হব বুলি চৰকাৰক সকীয়নি দিয়ে। ইফালে উক্তসংবাদমেলত অসমীয়াৰ অস্তিত্ব বিনষ্ট কৰা নাগৰিকত্ব সংশােধনী আইন আৰু ই আই এ বাতিলৰ দাবীও উত্থাপন কৰে। অন্যহাতে মিকিৰবামুণি গ্রান্টৰ প্রায় তিনিশ বিঘা মাটি বহিৰাগত বণিয়া গােষ্ঠীক চৰকাৰে দিয়াৰ যি প্রস্তুতি চলাই আছে তাক কোনােপধ্যে মানি লোৱা নহব বুলি কয়। উল্লেখ্য যে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা কাজিৰঙাৰ কৰা প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় আৰু তাত চৰকাৰে যদি শীঘ্ৰে চাওতাল লােকক জনগােষ্ঠীয় মর্যাদা নিদিয়ে, তেন্তে২৭ জানুৱাৰীৰ পৰা ১০ ফেব্রুৱাৰীলৈকে একআন্দোলনৰ কার্যসূচী হাতত লােৱাৰ সিদ্ধান্তৰ কথা সভাপতি মিন্টু হেমৰমে জানিবলৈ দিয়ে।

পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)

শতবৰ্ষ গৰকী যোৱা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰৰ মাঘী পূৰ্ণীমা তিথি (সভা) নলবাৰী জিলাৰ পূব নলবাৰীৰ জাজিয়াবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘি পূৰ্ণীমা তিথি (সভা) উৎসৱ ভাগি অহা ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি হাতত লোৱা হৈছে। ২৮ জানুৱাৰীৰ পুৱা ৬ বজাত প্ৰাতঃ প্ৰসঙ্গৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। ইয়াৰ পিছত পৰ্ষ্যায়ক্ৰমে ধৰ্মধ্বজা উত্তোলন, ছহিদ তৰ্পন, গছপুলি ৰোপন, মুখ্যদ্বাৰ উন্মোচন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, মুখ্য বন্তি প্ৰজ্বালন, আতচবাজি প্ৰজ্বালন, পূৰ্ব পুৰুষ আৰু ভূমিদাতাৰ স্মৃতিত বন্তি প্ৰজ্বালনৰ লগত সংগতি ৰাখি সন্ধিয়া ৬-৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু নিশা ৮ বজাত ৰৌমাৰী গোপাল সেৱক ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শনেৰে দিনটোৰ কাৰ্যসূচী সমাপন কৰা হ’ব। ২৯ জানুৱাৰীত পুৱা ৮ বজাত চিত্ৰাংঙ্কন প্ৰতিযোগিতা, ১১ বজাত আয়তীৰ সমূহীয়া নাম-কীৰ্ত্তন, সন্ধিয়া ৬ বজাত জ্যেষ্ঠ সকলৰ সম্বৰ্ধনা অনুষ্ঠান, ৭ বজাত ৰামচৰণ ভড়ালী, কুমাৰীকাটা আৰু দীপাংকৰ দাস, আমৰাৰ নাগাৰা নাম পৰিবেশন। ৩০ জানুৱাৰীৰ ২ বজাত কিশোৰ বেজবৰুৱা জাগাৰাৰ ওজাপালি প্ৰদৰ্শন, সন্ধিয়া ৬ বজাত শকুন্তলা নাট্য গোষ্ঠী, বৰবৰীৰ নাট প্ৰদৰ্শন। সভাখন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অজিত দাসক সভাপতি, ললিত দাসক উপ সভাপতি, বানেশ্বৰ দাসক সম্পাদক, সতীশ দাসক সহঃ সম্পাদক আৰু ক্ষিতীশ দাসক বিত্ত সম্পাদক হিচাপে এখন শক্তিশালী কমিটি গঠন কৰা হৈছে। সভাৰ হিচাপ-নিকাচ ২০ ফেব্ৰুৱাৰীত বিয়লী ৩ বজাত নামঘৰ প্ৰাঙ্গনত দাখিল কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।

BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি

কোকৰাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে বিটিআৰ চুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে বিজয় উৎসৱ। সেই উদ্দেশ্য কালিৰ দিনটোত কোকৰাঝাৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিছল বিশাল জনসভাত ।

সেই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১ ফেব্ৰুৱাৰীৰ পৰা বিটিআৰত মাটিৰ কিনা-বেচাৰ অনুমতি প্ৰদান কৰা হ’ব। নিজ জিলাতেই পাব মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি ।

লগতে এই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা-বেচাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। BTRৰ ৰাস্তা-পথৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা। ওদালগুৰিত স্থাপন কৰা হ’ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ। লগতে বাক্সা আৰু চিৰাং জিলাক হ’ব নতুন মডেল কলেজ।চৰকাৰে বিটিআৰৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলিও মন্তব্য কৰে ।

কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহেৰে আজি ডিমৌত আছু’ৱে ক’লা পাতাকা প্ৰদৰ্শন কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে ডিমৌ চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্র সমালোচনা কৰাৰ লগতে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্ৰী অমৃত শ্বালৈ ক’লা পাতাকা প্ৰতিবাদ স্হলিৰ পৰা প্ৰদৰ্শন কৰে। আছু’ৰ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচীত ডিমৌৰ ভালেকেইগৰাকী জিলা আৰু মহকুমা পৰ্যায়ৰ কৰ্মীয়ে অংশগ্রহণ কৰে।  ‘কা’ বাতিলৰ দাবীত ছাত্র সংগঠনটোৰ কৰ্মী সকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদলৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত বাধা দিবলৈ আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যক তীব্র নিন্দা কৰিছে প্ৰতিবাদকাৰী সকলে।

লংকাত কালচাৰ্চ আৰ্ট একাডেমিৰ সৌজন্যত চিত্ৰাংকন আৰু ৰংগুলী অংকন প্ৰতিযোগিতা

শিল্পী দিৱসৰ লগত সংগতি ৰাখি লংকাত কালাৰ্চ আৰ্ট একাডেমীৰ সৌজন্যত আজি চিত্ৰাংকন আৰু ৰংগুলি অংকন প্ৰতিযোগিতা পোন  প্ৰথম বাৰৰ বাবে অনুস্হিত হয় ৷ লংকা ৰেল ষ্টেচন বাকৰিত আয়োজন কৰা এই ভূ অংকন প্ৰতিযোগিতাত হোজাই জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগী সকলে কোনোৱে যদি আন ছবি অংকন কৰি দেখুৱাইছে আন কোনোৱে কভিড ৰ পৰা হাত সাৰিব পাৰি তাক ৰং তুলিকাৰ জৰিয়তে তাক দেখুৱাৰ প্ৰয়াস কৰিছে ৷ কোনোৱে আকৌ অসমীয়াৰ বাপতি সাহোনৰ বিহুটোৰ ঢোল পেঁপা আদি ভূমিত অংকন কৰিছে ৷ উক্ত  ভূ অংকন প্ৰতিযোগিতাত যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম হয় ৷

২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীয়েহৈ ১৯ বছৰীয়া সৃষ্টিয়ে কি কি কাম কৰিলে ?

অনিল কাপুৰৰ নায়ক(২০০১) ছবি খনৰ কথা হয়তো আপোনাৰ মনত আছে ! ছবিখনত মাত্ৰ ২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অনিল কাপুৰ। কিন্তু এইবাৰ চিনেমাত নহয়, সঁচাকৈয়ে সংঘটিত হ’ল তেনে এক ঘটনা। ২৪ জানুৱাৰীত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল হৰিদ্বাৰৰ বাসিন্দা সৃষ্টি গোস্বামী। আৰু মুখ্যমন্ত্ৰীৰ আসনত বহি সৃষ্টিয়ে কৰি দেখুৱালে বহুকেইটা কাম। আনকি ভবিষ্যতে ৰাজনীতিলৈ অহাৰ হেঁপাহ আছে বুলিও জনাই সৃষ্টি গোস্বামীয়ে।

২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী হৈ বৈঠক অনুষ্ঠিত কৰি শিশু অপৰাধ নিঃশেষ কৰাৰ বাবে আৰক্ষী বাহিনীক আহ্বান জনালে সৃষ্টিয়ে। মহিলাসকলে যাতে সুৰক্ষিত ভাবে থাকিব পাৰে তাৰ ব্যৱস্থা ল’বলৈ জনালে আহ্বান সৃষ্টিৰ। আহ্বান জনালে ঘৰুৱা হিংসা ৰোধ কৰিবলৈ। লগতে কিদৰে নিবনুৱা সমস্যা সমাধানৰ দিশত আগবাঢ়িব পাৰে, সেই সম্পৰ্কতো কৰিলে বিশদ আলোচনা ।

মুখ্যমন্ত্ৰীৰ আসনত বহা সৃষ্টি গোস্বামী  পি এছ এম পিজি কলেজৰ বিএছচি কৃষিৰ ছাত্ৰী। বিধানসভাত ভিভিন্ন বিভাগৰ সমীক্ষা বৈঠকত ভাগ লৈ এদিনৰ মুখ্যমন্ত্ৰী সৃষ্টি গোস্বামীয়ে কয় যে,  ‘কন্য়া সন্তানে শিক্ষানুষ্ঠাবলৈ অহা যোৱা কৰোতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।নিৰাপত্তাহীনতাত ভুগিছে। গতিকে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে।’

বঙাইগাঁৱত আছুই দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাইও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে ৰাজহুৱা স্থানত ক’লা পতকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুকৰ্মীয়ে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানো দিয়ে ৷ আনহাতে বঙাইগাঁও চহৰৰ বীৰ চিলাৰায় উৰণীয়া সেতুত সংগঠনটোৰ কৰ্মীয়ে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে পিচত আৰক্ষীয়ে ক’লা পতাকাখন খুলি লৈ যায় ৷ 

বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !

যুৱ প্ৰজন্মক সংস্থাপন দিয়াত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ আনি  ইয়াৰ বাবে চৰকাৰক জবাবদিহি কৰি আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগানত যুৱ কংগ্ৰেছে  যুৱ একতা সমাৰোহ অনুষ্ঠিত কৰে।

মুলতঃ সমাগত বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগদাত্ৰী পূজাবাৰী খেলপথাৰত এই যুৱ একতা সমাৰোহখন অনুষ্ঠিত কৰা হয় । কংগ্ৰেছ আৰু যুৱ কংগ্রেছৰ নেতৃত্বতই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি সমষ্টিটোৰ বিধায়ক তথা বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনৰ হৈ আজি ভাষিক সংখ্যালঘূ বষতি প্ৰধান আমবাগানত কংগ্ৰেছৰ নেতৃত্ব‌ই নিৰ্বাচনী ৰণ শিঙা বজায়।

লাওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত  যুৱ একতা সমাৰোহৰখন উদ্ধোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে চামগুৰি সমষ্টিত আজি যি জনজাগৰণ সৃষ্টি হৈছে তাৰ পৰা প্ৰমাণ হয় যে ২০২১ ৰ নিৰ্বাচনত চামগুৰিত কংগ্ৰেছক কোনেও ৰুধিব নোৱাৰে।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক সমালোচনা কৰি ৰিপুন বৰাই কয় যে বানপানী, খহনীয়া আৰু ক’ভিডৰ সময়ত অসমবাসীলৈ মনত নপৰা এই দুগৰাকী নেতা নিৰ্বাচনৰ সময়তহে অসমলৈ ঢপলিয়াই আহে।অসমৰ মানুহক বাৰে বাৰে প্ৰতাৰণা কৰি অহা নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী ৰাজ্য বুলি উল্লেখ কৰা অসমক কঙাল ৰাজ্যত পৰিণত কৰিলে। খিলঞ্জীয়াৰ ভূমি কাঢ়ি বাবা ৰামদেৱক দিয়া নৰেন্দ্ৰ মোডীয়ে অসমৰ মানুহৰ ওপৰত বুলডজাৰ চলাইছে।প্ৰসংগক্ৰমে তেওঁ বিজেপি চৰকাৰক প্ৰবঞ্চক ,প্ৰতাৰক আৰু সাম্প্ৰদায়িক আখ্যা দিয়ে।

কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই আঁত ধৰা সমাৰোহত কলিয়াবৰ লোক সভা সমষ্টিৰ  সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ধনী মানুহ আৰু ধনী হৈছে ,দুখীয়া মানুহ বেছিকৈ দুখীয়া হৈছে।বিজেপি চৰকাৰৰ মন্ত্ৰী সকল  মাটিত নাথাকে, তেওঁলোক আকাশত উৰি ফুৰিছে ।সেয়ে দুখীয়া মানুহৰ বাবে বিকল্প চৰকাৰ হৈছে কংগ্ৰেছ চৰকাৰ।

ৰাইজৰ জাগৰণ দেখি বৰ্তমান বিজেপি চৰকাৰে ভয় খাইছে বুলি উল্লেখ কৰি সাংসদ গগৈয়ে লগতে কয় যে ভয়তে তেওঁলোকে আনকি বিভিন্ন দল সংগঠনক জোঁৰ সমদল বাহিৰ কৰিবলৈকো বাধা আৰোপ কৰিছে।  বৃটিছলৈ ভয় নকৰা কংগ্ৰেছ দলে বিজেপিক কিয় ভয় কৰিব বুলিও তেওঁ হুংকাৰ  দিয়ে।

আনহাতে সমাৰোহখনত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি য়ে কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে যুৱ প্ৰজন্মক বিশ্বাসঘাটকতা কৰিছে ।বছৰি ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল যদিও কেইজনকনো তেওঁলোকে চাকৰি দিলে। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকে দেশদ্ৰোহী বুলি কয়। এই চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে।প্ৰসংগক্ৰমে যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা জনে মোডী চৰকাৰৰ কেইবাজনো মন্ত্ৰী জাল চাৰ্টিফিকেটৰে চলি থকা বুলি অভিযোগ কৰি লগতে কয় যে  তেওঁলোক অশিক্ষিত হোৱাৰ বাবেই শিক্ষিতৰ মূল নুবুজে।বিজেপিৰ ‘বেটি বচাও বেটি পঢ়াও’ শ্লগানক সমালোচনা কৰি শ্ৰীনিবাসে কয় :   ‘বেটি পঢ়াও,বেটি বিজেপি নেতা চে বচাও’। সমাৰোহত অংশ লৈ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে  বিজেপিৰ শাসন কালত অসমত নিবনুৱা সমস্যাই অধিক ভয়াবহ ৰূপ লৈছে । বিজেপিৰ পৰিবৰ্তন নামত অসমখন পিছুৱাই যোৱা বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে ন- কংগ্ৰেছী মীৰা বৰঠাকুৰে বিজেপি দলক চোকা সমালোচনা কৰি কয় যে বিজেপি দল  বাকী আৰু ফাঁকিৰ ওপৰত চলি আছে।তেওঁ নাম উল্লেখ নকৰাকৈ ‘মামা’ সম্বোধন কৰি  কয় যে মামাৰ ফন্দীত যাতে কোনেও ভৰি নিদিয়ে।মামাৰ অংকত এইবাৰ আউল লাগিছে।মামাই যিদৰে ভাবে কংগ্ৰেছত তেওঁৰ মানুহ আছে বুলি একেদৰে মামা যোৱা গাড়ীখনতে আমাৰ মানুহো আছে।মামাই বিজেপিৰ সভাৰ পৰা উভটি নৰেন্দ্ৰ মোডীক গালি পাৰি অহা কথাও আমি গম পাওঁ।

চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি দলৰ পতন নিশ্চিত বুলি উল্লেখ কৰি নাটকীয় ভংগীৰে লগতে কয় : ”গ’ল বন্ধু গ’ল তোমালোকৰ চৰকাৰ গ’ল। আমাবাগানৰ পৰাই তোমালোকৰ চৰকাৰ পতন হ’ল।” শিল্পী বাবু ,টানা আৰু নেকিবে গীত গাই ৰাইজক উৎসাহ যোগোৱা সভাখনত বিভিন্ন দলৰ শতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে।কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত বিধায়ক নুৰুল হুদা, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম, অংকিতা দত্ত,অজয় চিকাৰা,মনোজ জৈন,জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা,প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, স্বপন ক’ৰ প্ৰমুখ্যে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।