Breaking

কাজিৰঙাত বলীউদৰ তাৰকা আয়ুষ্মান খুৰানাৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণ

0 2,051

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। খোলা জিপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউদৰ বিকি ডনাৰখ্যাত অভিনেতা আয়ুষ্মান খুৰানাই। সহ–অভিনেতা আৰু অভিনেত্ৰীৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰা সময়ত তেওঁক সংগ দিয়ে বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহাই।

হাতত বাইন’কুলাৰ লৈ কাজিৰঙা‌ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মানে।ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলত প্ৰায় আঢ়ৈ ঘন্টা সময় প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে অভিনেতাগৰাকী৷


উল্লেখযোগ্য যে, এখন হিন্দী বোলছবিৰ চিত্ৰ গ্ৰহণৰ বাবে অভিনেতাজন উপস্থিত হৈছে কাজিৰঙাত। কাজিৰঙাৰ আয়’ৰা ৰিজ’ৰ্টত বাহৰ পতা অভিনেতাজনকলৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ মনোমোহা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চলি আছে ছবিৰ চিত্ৰ গ্ৰহণ। যাৰ বাবে কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ যশস্বী পৰিচালক অনুভৱ সিনহা আৰু জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাই ।

বলীউদৰ জনপ্ৰিয় পৰিচালক অনুভৱ সিনহা পৰিচালিত “স্পাই থ্ৰেলাৰ” ছবিৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বট’ছ দিয়া আৰম্ভ কৰাৰ পিছত কিছু বিৰতি লৈ দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।


ইতিমধ্যে কাৰ্বিআংলঙৰ ডলামাৰাত ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে দলটোৱে। জানিব পৰা মতে কাজিৰঙাৰ এখন অভিজাত হোটেলত বাহৰ পাতিছে চলচিত্ৰ নিৰ্মাণৰ বাবে অহা দলটোৱে।


বিকি ডনাৰ ছুপাৰহিট ছবিখনৰ জৰিয়তে বলীউদত খোজ দিয়া অভিনেতাগৰাকীক লৈ প্ৰায় বিশ দিন ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙত চলিব লগা এই চিত্ৰ গ্ৰহণৰ পিছত ছবিখনৰ পৰৱৰ্তী চিত্ৰ গ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত হ’ব বুলি জানিব পৰা গৈছে।


আনহাতে কাজিৰঙাত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাক ওচৰতে দেখা পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। অভিনেতাগৰাকীৰ গুণমুগ্ধ একাংশ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগতে অভিনেতাগৰাকীক কাষত পাবলৈ হেতা–ওপৰা লগোৱা পৰিলক্ষিত হয়।


দৃশ্যগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি শ্বুটিংস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

Leave A Reply