Home Blog Page 3147

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ  অসমত পুনৰ ২৭১ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৩৮৮ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬২৯ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০২৪৬৮ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৫৯৬৫ জন ৰোগী। কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৫২ জন লোকৰ।

উৰিষ্যা বিধানসভাৰ উপ-নিৰ্বাচনত বিজু জনতা দলৰ জয় লাভ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ মঙ্গবাৰে ঘোষণা কৰা উৰিষ্যা বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজু জনতা দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে। টিৰট’ল সমষ্টিত বিজু জনতা দলৰ বিজয় শংকৰ দাসে বিজেপিৰ ৰাজকিশোৰ বেহৰা ৪১,৭০৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰাৰ লগতে বেলছ’ৰেত স্বৰূপ কুমাৰ দাসে মানস কুমাৰ দত্তক ১৩,৩৫১ টা ভোটত পৰাজিত কৰে। আনহাতে ২০১৯ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজু জনতা দলে ১১২ খন আসনত জয় হ’বলৈ সক্ষম হৈছিল।

মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি পথৰ অনিয়মৰ সন্দৰ্ভত ৰাইজমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ যোৰহাট পথ সংমণ্ডলৰ অধীনত ভগামুখ অঞ্চলৰ বৃহত্তৰ ঔগুৰি সংলগ্ন ২০১৮/১৯ বৰ্ষৰ মূখ্যমন্ত্ৰী ছিগনেচাৰ প্ৰকল্পৰ আঁচনি বনাই হোজাইকান -ঘোঁৰাচৰা নিৰ্মানৰ আৰম্ভণি পৰাই ব্যাপক বিসংগতি হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে  এখন ৰাইজ মেল অনুষ্ঠিত কৰা হয়। বানপীড়িত অঞ্চলটোৰ বৰকোৰ প্ৰাথমিক বিদ্যালয়ত স্থানীয় সমাজকৰ্মী মোহন দত্তৰ সভাপতিত্বত হোৱা উক্ত সভাতেই টীয়ক আৰু মৰিয়নী উপ-সংমণ্ডলৰ কাৰ্ষবাহী অভিযন্ত্ৰা ৰাণা শৰ্মা, সহকাৰী অভিযন্ত্ৰা ৰঞ্জন দে,আৰু পথটো নিৰ্মানত নিয়োজিত আগৰৱালা এণ্টাপ্ৰাইজৰ ঠিকাদাৰসহ বিষয়ববীয়া সকল উপস্থিত থাকি  অচিৰেই প্ৰাক কলনমতে কাম কৰা প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, পূৰ্বতে পথছোৱা ১০কোটি টকা ধাৰ্য কৰাহৈছিল যদিও সম্প্ৰতি ৮.৬৮ কিলোমিটাৰ পথত ৮,৯২,৯৪,৯৮৬ টকাহে ধাৰ্য কৰা বিষয়ে বিভাগীয় কৰ্তপক্ষই ৰাইজক অৱগত কৰিছে। চলিত বৰ্ষৰ বাঢ়নী পানীয়ে অদ্ধনিৰ্মিত পথছোৱা বিধবস্ত কৰি পেলোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত অঞ্চলটো ৰাইজে জীয়াতু ভোগ কৰিব লগা হৈছিল। ইফালে পথছোৱা প্ৰাককলনৰ মতে নিৰ্মান নকৰিলে স্থানীয় ৰাইজে আদালতৰ কাষচাপিবলৈ বাধ্য হ’ব বুলি বিভাগীয় বিষয়াক সকীয়াই দিয়ে।

চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ অসমৰ চাহ অধ্যুষিত ১৮ খন জিলাক সামৰি বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহন কৰা অসমৰ চাহ উদ্যোগীসকলৰ উন্নয়নৰ স্বাৰ্থত অসমৰ চাহ অধ্যুষিত ১৮ খন জিলা ক্ৰমে শিৱসাগৰ, ডিব্ৰুগড় , যোৰহাট, গোলাঘাট, কলিয়াবৰ, চৰাইদেউ, তিনিচুকীয়া, দৰং, লক্ষীমপুৰ, কাৰ্বি  আংলং, বঙাইগাঁও , ধুবুৰী, কাছাৰ, বাক্সা, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰা জিলাক সামৰি এক বিশেষ উন্নয়ন সমিতি গঠনৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অলপতে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সন্থাৰ উপ-সভাপতি থুনুক গগৈ স্বাৰিত স্মাৰকপত্ৰখনত এক বিশেষ উন্নয়ন সমিতিৰ মূখ্য সভাপতিৰ দায়িত্বত ৰাজ্যৰ মূখ্যমন্ত্ৰীক অৰ্পণ কৰাৰ লগতে ৰাজ্যৰ মূখ্য সচিবক সমিতিৰ আহ্বায়ক হিচাপে ৰখাৰ বাবে অনুৰোধ জনাই। আনহাতে জিলা সমূহত অসমৰ চৰকাৰৰ মন্ত্ৰী-বিধায়ক আৰু জিলা উপায়ুক্তসকল আৰু বৃহৎ পুঁজিপতি গোষ্ঠীৰ চাহ বাগিচাৰ পৰিচালকসকলক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সদস্যসকলক সমিতিৰ সমিতিৰ সদস্য হিচাপে লৈ বিশেষ উন্নয়ন সমিতি গঠন কৰিবৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰৰ যোগে আহ্বান জনায়। বিশেষ উন্নয়ন সমিতি গঠন কৰি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকসকলৰ আৰ্থামাজিক উন্নয়ন সাধন কৰাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ।উল্লেখ্য যে সন্থাৰ ১২অক্টোবৰৰ কেন্দ্ৰীয় কাৰ্যনিবাহকত এই সিদ্ধান্ত গ্ৰহন কৰা হৈছিল। 

সৰবৰহী মহিলা কমলা দেৱীৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, দেৰগাঁও, ১১ নৱেম্বৰঃ দেৰগাঁৱৰ দাধৰা দৈয়ঙ্গীয়া গাঁৱৰ এগৰাকী সৰবৰহী মহিলা  কমলা দেৱী(৬১)ৰ ১০ নবেম্বৰৰ দাধৰাস্থ   নিজ বাসগৃহত দেহাৱসান। মৃত্যুৰ সময়ত তেখেতে বিভিন্ন আত্মীয়ক ইহ সংসাৰত এৰিথৈ গৈছে। সমাজৰ প্ৰতিটো কামতে অংশ গ্ৰহন কৰা কুমাৰী কমলা দেৱীৰ মৃত্যুত সমগ্ৰ দেৰগাঁৱতে শোকৰ চাঁ পৰিছে।

গেলেকী ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ১১ নৱেম্বৰঃ ক’ৰনা মহামাৰীৰ ফলত সমগ্ৰ বিশ্ব ব্যাপী হোৱা লকডাউনৰ ফলশ্ৰুতিত শিক্ষা গ্ৰহণৰ পৰা শিক্ষাৰ্থীসকল বিৰত থাকিবলগীয়া হৈছিল। তাৰ ফলত শিক্ষাৰ্থীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল। কিন্তু কিছু নীতি-নিয়মৰ মাজেৰে লক ডাউন শিথিল হোৱাৰ পাছত আজি অসমৰ ভিতৰতে ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী অনুষ্ঠান। শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ সৈতে জড়িত কৰোৱা অন্য এক ব্যতিক্ৰমী কৌশল দেখিবলৈ পোৱা গ’ল।

শৈক্ষিক উত্তৰণ যাত্ৰা নামেৰে এক অনুষ্ঠান দোলাকাষৰীয়া মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ সহযোগত  শিশু দিৱসৰ লগত সংগতি ৰাখি দুমাহ যোৰা কাৰ্য্যসূচীৰে পঞ্চায়ত পৰ্যায়ত ছাত্ৰ ছাত্ৰী সকলক শিকণ আহিলা প্ৰস্ততি কৰ্মশালা অনুষ্ঠিত কৰে। দুমাহযোৰা এই কৰ্মশালাত নাজিৰা অঞ্চলৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্হিত থাকি সহায় সহযোগ আগবঢ়ায়। এই পদক্ষেপক স্থানীয় ৰাইজেও যথেষ্ট প্ৰশংসা কৰিছে।

নাগালেণ্ড বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগালেণ্ডৰ দুটা সমষ্টিত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ নিৰ্বাচন। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি দুটা হ’ল কহিমা জিলা ১৪ নং দক্ষিণ আংগামী সমষ্টি আৰু আনটো কিফিৰি জিলা ৬০ নং পুংগ্ৰ বিধানসভা সমষ্টি। ইয়াৰে দক্ষিণ আংগামী সমষ্টিত শাসকীয় এনডিপিপি দলৰ মেড য়হখা আৰু নাগা পিপলছ ফ্ৰণ্টৰ দলৰ কিকভি কিৰহা তথা নিৰ্দলীয় প্ৰাৰ্থী ছেয়েভিলি পিটাৰকে ধৰি মুঠ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

আনহাতে পুংগ্ৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ খেৰছঅ আনাৰ বিজেপিৰ লিৰিমংগ ছেংটাম আৰু নিৰ্দলীয় ক্ৰমে কে চেলুথঙ, টি য়িমছুংগাৰে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। সম্প্ৰতি নাগালেণ্ডৰ বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত পাংগ্ৰো কিফিৰে সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী টি ইয়াংছিওয়ে ১৫২৭ টা ভোটৰ ব্যৱধানত বিজয়ী হয়।

দক্ষিণ আঙ্গমি ১ সমষ্টিত ৫৯৮ টা ভোটৰ ব্যৱধানত জয়ী হয় নেছনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰাৰ্থী মেড’ ইয়াহোখা। উল্লেখ্য যে কিছু মাহৰ পূৰ্বে শাসকীয় এনডিপিপি দলৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ভিখঅ য়ুহছু আৰু বিৰোধী দল এনপিএফ দলৰ বিধায়ক টি টৰেছুৰ মৃত্যু হোৱাত দখন আসন খালি হৈছিল।

গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এদিনীয়া এনজিঅ’ সন্মিলন সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১১ নৱেম্বৰঃ গোলাঘাট জিলা প্ৰাধিকৰণ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৯ নৱেম্বৰ সোমবাৰে গোলাঘাট জিলা নাবাৰ্ডৰ সৌজন্যত এখনি এনজিঅ সন্মিলন সম্পন্ন হয়। গোলাঘাট জিলাৰ অন্তৰ্গত চৰকাৰী বেচৰকাৰী বিভিন্ন কৰ্মক্ষেত্ৰত ব্ৰতী বহু সংখ্যক এনজিঅ’ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুস্থিত সন্মিলনত  আৰ্থ-সামাজিক ক্ষেত্ৰত এনজিঅ’ সমূহৰ দায়িত্ব, কৰণীয় তথা বিশ্বব্যাপ্ত মহামাৰী কোভিডোত্তৰ পৰিস্থিতিত এনজিঅ’ সমূহৰ সামাজিক দায়বদ্ধতাৰ ওপৰত বিষদ আলোচনা কৰা হয়।

গোলাঘাট জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাৰ্গলাৰীয়ে সন্মিলনখনি উদ্ধোধন কৰি কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময় চোৱাত  গোলাঘাট জিলাবাসী জনসাধাৰনৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এনজিঅ’ৰ বিষয়ববীয়া সকলে যি তৎপৰতা দেখুৱালে তাৰ বাবে  ধন্যবাদ জনায়। গোলাঘাট জিলা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপেন সিংহই জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে এনজিঅ’ সমূহৰ সহায়ত ৰূপায়িত কৰা স্বচ্ছ ভাৰত মিচন অভিযান আৰু কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চেনিটাইজেচন কাৰ্য সূচীত জিলাখনৰ এনজিঅ’ সমূহৰ একনিষ্ঠ সেৱাৰ ভূয়সী প্ৰসংশা কৰে।

গোলাঘাট জিলা নাবাৰ্ডৰ জিলা প্ৰৱন্ধক সুশান্ত চক্ৰৱৰ্তীয়ে নাবাৰ্ডৰ দ্বাৰা ৰূপায়িত বিভিন্ন আচনিৰ বিষয়ে বিস্তাৰিত ভাবে ব্যাখ্যা কৰে। নাবাৰ্ডৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এনজিঅ’ সমূহে কেনেদৰে অংশ গ্ৰহন কৰিব পাৰে সেই বিষয়ে বিষদ ভাবে ব্যক্ত কৰে। উক্ত কাযৰ্সূচীত জিলা গ্ৰামীণ অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক দিলাউৰ ৰহমান, এনআৰএলএমৰ গোলাঘাট জিলা প্ৰকল্প প্ৰৱন্ধক পৰিশ্মিতা শৰ্মা আৰু জিলাখনৰ অগ্ৰণী এনজিঅ’ সমূহৰ বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

বিজেপি সংখ্যা গৰিষ্ঠ, চাওক কত কিমান আসন পালে

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ

১. ৫ খন আসনৰ বাবে অনুস্থিত হোৱা মনিপুৰৰ বিধান সভা উপ নিৰ্বাচনৰ ফলাফল ঘোষনা। ফলাফলৰ অন্তত ভাৰতীয় জনতা পাৰ্টীয়ে ৪ খন আসনত জয় লাভ কৰাৰ লগতে ১ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।

২. উত্তৰ প্ৰদেশ উপ নিৰ্বাচনৰ ৭ খন আসনৰ ভাৰতীয় জনতা পাৰ্টীয়ে ৬ খন আসন দখল কৰাৰ বিপৰিতে সমজবাদী পাৰ্টীয়ে ১ খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

৩. গুজৰাটতত আঠ খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুধবাৰে ঘোষনা কৰা ফলাফল অনুসৰি উপ নিৰ্বাচনৰ সম্পূৰ্ণ আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে।

পুৱতি নিশা ওলাল ফলাফল, মধ্যপ্ৰদেশত বিজেপি সংখ্যা গৰিষ্ঠ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১১ নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা মধ্যপ্ৰদেশৰ ২৮ খন আসনক লৈ অনুষ্ঠিত হোৱা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰে নিৰ্বাচনী আয়োগে। ফলাফল অনুসৰি ১৯ খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰিতে কংগ্ৰেছে লাভ কৰে মাত্ৰ ৯ খন আসন।

আনহাতে ফলাফল ঘোষণা পিছৰে পৰা মধ্যপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ প্ৰতি শংকা নাইকীয়া হয়। ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ চলাব পাৰিব।