Home Blog Page 3155

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চি তেল পৰিবাহী পাইপ, আতংকিত ৰাইজ

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত ঘটিল অনুৰূপ ঘটনা। শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চিৰ তেল পৰিবাহী পাইপ।

বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অ’ এন জি চিৰ পাইপ ফুটি নিৰ্গত হয় অহৰহ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ফ’ৰলেন পথৰ কাম কৰি থকা অৱস্থাত সংঘটিত হৈছে এই অঘটন। গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে।

অ’ এন জি চিৰ বলিয়াঘাটস্থিত GGS-1 ত তেল গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল আৰু প্ৰাকৃতিক গেছ৷ লগে-লগে ৰাইজে অ’ এন জি চি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

যদিও এক ঘন্টা পিছতহে নিগম কৰ্তৃপক্ষ উক্ত স্থানত উপস্থিত হোৱা বুলি স্থানীয়ে ৰাইজে জানিব দিয়ে৷ পৰৱৰ্তী সময়ত নিশালৈ পুনৰ পূৰ্বৰ পৰিস্থিতিৰ সূচনা হয় বুলি জানিব পৰা গৈছে।

গেলেকী আৰক্ষীয়ে জব্দ কৰিলে ৬০টিন লালীগুড়, পলাতক বাহনৰ চালক

দৈনন্নিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ নাজিৰা  মহকুমাৰ আৱকাৰী বিভাগৰ উপ-অধীক্ষক আব্দুল লেতিফ আৰু পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত আৱকাৰীৰ দলে সীমান্তবৰ্তী গেলেকীকে ধৰি বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে তথাকথিত অভিযান চলাই বাঃ বাঃ লব বিচৰাৰ সময়তে গেলেকী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে।

জানিব পৰা মতে গেলেকী থানাৰ আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ পমখেদি সীমান্ত অঞ্চলটোৰ মৰাণ গাঁৱত এক অভিযান চলাই এখন নতুন মহিন্দ্ৰ পিকআপ ভানত প্ৰায় ৬০ টিন লালীগুড় জব্দ কৰে যদিও আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ লাভ কৰি অবৈধ লালীগুড় ব্যৱসায়ীয়ে গাঁওখনত গাড়ী এৰি পলায়ন কৰে।

আৰক্ষীৰ দলটোৱে চালক তথা মালিকৰ সন্ধানত অভিযান চলাই আছে যদিও বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্যনীয় যে, আৱকাৰী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক মাহেকীয়া কমিচন আদায় দি গেলেকীৰ আলিয়ে-গলিয়ে অবৈধ মদৰ ঘাটী গঢ়ি তোলাৰ লগতে একাংশ দুষ্ট চক্ৰই লালীগুড়ৰ ব্যাপক অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে।

লাকুৱা ঐতিহাসিক আমলখি দেউশালত তৰুণ গগৈ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা

দৈনন্দিন বাৰ্তা সেৱা, গেলেকী, ৪নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাৰ ঐতিহাসিক আমলখি দেউশালত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আশু আৰোগ্য কামনা কৰি এক বিশেষ পূজাৰ আয়োজন কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

লাকুৱাৰ দিচাং নৈৰ কাষত থকা তথা আহোম যুগৰ পৱিত্ৰ উপাসনাস্থলী ঐতিহাসিক আমলখি দেউশালত পুৱা চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সম্পাদক দাদুল বৰুৱা, তীৰ্থ বৰা, স্বপ্নজিৎ বৰগোঁহাই আদিৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ পূজাভাগৰ আয়োজন কৰে।

মলুং নিপেন মহনৰ দ্বাৰা টাই আহোম পৰম্পৰা অনুসৰি আমলখি দেউশালত আয়োজন কৰা বিশেষ পূজাভাগৰ যোগেদি আহোম সকলৰ উপাস্য দেৱতাসকলক আৰাধনা কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত যথেষ্ট সংখ্যক কংগ্ৰেছ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

আমেৰিকা নিৰ্বাচনৰ ভোটগননা, কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি

দৈনন্দিন বাৰ্তাৰ সেৱা, ৪ নৱেম্বৰঃ কোন হব আমেৰিকাৰ পৰবৰ্তি ৰাষ্ট্ৰপতি! আজি ভাগ্য নিৰ্ণয় হব ড’নাল্ড ট্ৰাম্প আৰু জ’ ৱাইডেনৰ। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জ’ ৱাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখা গৈছে।

আনহাতে এইবাৰ আমেৰিকাৰ নিৰ্বাচনত ভোটদান কৰা দিনৰ পূৰ্বেই মেইল অথবা বেলটৰ জৰিয়তে অভিলেখ সংখ্যক ভোট প্ৰদান কৰে মাৰ্কিন ভোটাৰ সকলে। বেলেটৰ ৯ কোটি ৩০ লাখ আমেৰিকাবাসীয়ে আগতীয়া ভোট প্ৰদান কৰিছে।

২০১৮ চনৰ আত্মহত্যাৰ গোচৰত আটক ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্নৱ গোস্বামীক

দৈনন্দিন বাৰ্তাৰ সেৱা, মুম্বাই, ৪ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্নৱ গোস্বামীক আটক। ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত মুম্বাই আৰক্ষীয়ে আটক কৰে ৰিপাব্লিক টিভিৰ সম্পাদক গৰাকীক।

২০১৮ চনৰ মে ৫৩ বছৰীয়া ইন্টেৰিয়ৰ ডিজাইনাৰ আনভাই নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ আত্মহত্যাৰ ফলত মৃত্যু হৈছিল। আনভাই নাইকে লিখা আত্মহত্যাৰ টোকা পোৱা গৈছিল।

নাইকে লিখিছিল যে, গোস্বামী আৰু আন দুজনে তেওঁক ৫.৪০ কোটি টকা পৰিশোধ কৰা নাই। যাৰ ফলত তেওঁৰ বিত্তীয় বাধাৰ সৃষ্টি হৈছিল। উপযুক্ত প্ৰমাণৰ অভাৱত ২০১৯ চনত গোচৰটো বন্ধ হৈছিল যদিও ২০২০ চনৰ মে মাহত এই আত্মহত্যা ঘটনাৰ চিআইডি তদন্তৰ ঘোষনা কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।

শিৱসাগৰৰ প্রগতি নার্চিংহোমত ম্যাদ উকলা ঔষধ বিক্ৰীক লৈ উত্তেজনা

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৩ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত নগৰৰ সমীপৰ জেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ব্যক্তিগত নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনক লৈ হেঁতালিখেলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাইজৰ অভিযোগ ডিমৌ দিহাজানৰ নিবাসী মফিদা বেগম নামৰ মহিলাগৰাকী হঠাৎ অসুস্থ অনুভৱ কৰি ব্যক্তিগতখণ্ডৰ চিকিৎসালয় প্রগতি নার্ছিং হোমৰ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকে বেগমৰ স্বাস্থ্য পৰীক্ষা কৰি ভালেকেইটা ঔষধ লিখি দিয়ে। চল্লিশ বছৰীয়া মফিদা বেগমৰ স্বামীয়ে প্রগতি নার্ছিং হোমৰ চৌহদত সংগ্নল হৈ থকা ঔষাধালয়ত পত্নীৰ বাবে ঔষাধ ক্ৰয় কৰে। সামান্তৰাল ভাৱে বেগমে টেবলেট সেৱন কৰিবলৈ লওঁতে দেখা পায় টেবলেটবোৰ গলি যোৱা তথা ম্যাদ ওকলা ঔষধখিনিৰ বিপৰীতে এক উত্তেজনাময় পৰিবেশৰ সূচনা হয়। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ খবৰ পায় জিলা দণ্ডাধীশ পংকজ বৰা উপস্থিত হৈ ঔষধালয়খনৰ পৰা বহু সংখ্যক ম্যাদ ওকলা ঔষধ জব্দ কৰে। সম্প্ৰতি ঔষধ বিক্ৰী কৰিবৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ আৰু ঔষধালয়ত উপস্থিত ঔষধ বিক্ৰেতাৰ উপযুক্ত প্রশিক্ষণৰ অভাৱ সম্পন্ন ব্যক্তিক কর্মচাৰি হিচাপে নিয়োজিত কৰি ৰখাৰো অভিযোগ উত্থাপন হৈছে।

আনহাতে আপাতকালীন সময়ত চিকিৎসকৰ অনুপস্থিতিৰো অভিযোগ উত্থাপিত হৈ আহিছে প্রগতি নার্ছিং হোমৰ বিৰুদ্ধে। শিৱসাগৰ জিলা প্ৰশাসনে বাৰম্বাৰ চিকিৎসালয়খনৰ এনেবোৰ দোষ আওকান কৰা কার্যক এতিয়া সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে শিৱসাগৰবাসী ৰাইজে।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ নৱেম্বৰঃ নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পানিখাইতি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি পানিখাইতি অঞ্চলৰ  ৰিংকু আহমেদ নামৰ লোক এজনে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল।

মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।

অবৈধ কাঠ ফলা মিল জব্দ আৰক্ষীৰ

অভিযান কালত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বন পালক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে অভিযান কালত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত অবস্থান ধৰ্মঘট

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী, ৩ নৱেম্বৰঃ ড° ভুপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুল্যবৃদ্ধিৰ প্ৰতিবাদত অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীয়ে কয় বিজেপি চৰকাৰৰ সময়ত বস্তুৰ মুল্যবৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত কাৰ্যসুচী গ্ৰহণ কৰে৷

আনহাতে মুল্যবৃদ্ধি সন্দৰ্ভত কয় যে বিজেপি চৰকাৰ শাসনকালৰ সদয়ত বস্তুৰ যি মুল্যবৃদ্ধি হৈছে এই মুল্যবৃদ্ধিৰ বাবে জগৰীয়া যোগান মন্ত্ৰী ফনীভুষন চৌধুৰী আৰু অযোগ্য মন্ত্ৰী জনাক আমি শিঘ্ৰে পদত্যাগৰ দাৱী জনাইছোঁ৷

প্ৰতিবাদীৰ একাংশ

অকৰ্মণ্য মন্ত্ৰী জনৰ গাদীত থকাৰ কোনো অধিকাৰ নাই বুলি কয় নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ প্ৰতিবাদী কাৰ্যচীত বক্তব্য ৰাখি সাংগঠণিক সম্পাদক নুৰ মহম্মদ, সম্পাদক দীপেন কলিতা আৰু সভাপতি ৰোফ আলিয়ে শাসনাধিষ্ঠিত চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে।

সংগঠণটোৱে কোকৰাঝাৰত যোৱাকালি একেটা পৰিয়ালৰে গোটেইকেইগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰা বাৱে চৰকাৰক জগৰীয়া কৰা হয় বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে জিলা অতিৰিক্ত উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিৰ বিক্ষোভ কাৰ্য্যসূচী

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী, ৩ নৱেম্বৰঃ কা’ আইন আৰু ই.আই.এ বাতিলৰ কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী এন টি ৰোডত বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে৷

ইপিনে প্ৰতিবাদকাৰীয়ে কা’ আইন বাতিল কৰক, ই.আই.এ বাতিল কৰক, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবৰ্তন কৰক আদি শ্লো গান প্ৰদৰ্শন কৰে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰি ষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক নিৰোদ দাসে কয় যে আমি কা’ আইন আৰু ই.আই.এ বাতিলৰ  দাবীত সদায়ে বিৰোধিতা কৰি  আহিছোঁ আৰু ভবিষ্যতেও এই আইনখন বাতিলৰ দাবী সদায় উত্থাপন কৰি যাম৷

আমি এই আইন কেতিয়াও মানি নলওঁ বুলি কোৱাৰ লগতে ৰাজ্যৰ যোগান মন্ত্ৰীয়ে বস্তুৰ মুল্যবৃদ্ধিৰ ক্ষেত্ৰত যি চকু মুদা কুলিৰ ভাও জুৰিছে সেয়া আমি সহ্য নকৰো বুলি কয়  জিলা সম্পাদক গৰাকীয়ে৷

২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আই এচ এল

দৈনন্দিন বাৰ্তা সেৱাঃ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সপ্তম সংস্কৰণৰ আই এছ এল৷ বিশ্ব ত্ৰাস সৃষ্টিকাৰি মহামাৰী কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ আই.এছ.এল সপ্তম সংস্কৰণৰ খেল সমূহ দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে গোৱাৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব৷

গোৱাৰ ফাটোৰডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, বাম্বোলিমৰ জি এম চি এথলেটিকছ ষ্টেডিয়াম আৰু ভাস্কোৰ তিলক মৈদান ষ্টেডিয়ামত সপ্তম সংস্কৰণৰ আই.এছ.এলৰ খেলসমূহ অনুষ্ঠিত হ’ব। আনহাতে প্রতিযোগিতাৰ লীগ পর্যায়ৰ মেচসমূহ নৱেম্বৰৰ পৰা ফেব্রুৱাৰীলৈ অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

২০ নৱেম্বৰৰ উদ্বোধনী খেলত কেৰালা ব্লাষ্টার্ছে গোৱাৰ জি.এম.চি এথলেটিকছ ষ্টেডিয়ামত এ.টি.কেমোহন বাগান এফ চি মুখামুখি হ’ব। দেশশৰ ফুটবল ইতিহাসৰ অন্যতম সফল ক্লাব মোহন বাগানে এ টি কে দলৰ সৈতে সংযুক্ত হৈ প্রথমবাৰৰ বাবে আইএছএলত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

ইয়াৰ বিপৰিতে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে নর্থ ইষ্ট ইউনাইটেডে ২১ নৱেম্বৰত আই এছ এলৰ প্রথমখন মেচ খেলিব৷