হোজাইঃ দীৰ্ঘ দিন বিৰতিৰ পিছত আজি হোজাই জাতীয় বিদ্যালয়ৰ প্ৰঙ্গনত হোজাই জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী আৰু নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে হোজাইৰ স্পন্দন ডান্স একাডেমীৰ ছাত্ৰী ভাস্বতী গোস্বামী, প্ৰত্যাশি কাশ্যপ, নৱলীনা নাথ আৰু দেৱদত্তা ঘোষৰ দুৰ্গা বন্দনা শীৰ্ষক এটি নৃত্য পৰিবেশন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠানত সাহিত্যক পেঞ্চনাৰ ড০ সাৰদানন্দ দেৱগোস্বামীৰ উপন্যাস ‘উত্তল সৰত্নি’ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই উন্মোচন কৰে। বিৰাজ কুমাৰ বৰাৰ কাব্য সংকলন ‘জীৱন নদীৰ পালতৰা নাওঁ’ উন্মোচন কৰে অনুপ কুমাৰ বৰঠাকুৰ আৰু ‘জীৱনৰ জোনাক বিচাৰি’ নামৰ গল্প সংকলন খন উন্মোচন কৰে সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই। নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠানত বিভাষ দাস আৰু পদ্মকান্ত বৰাই গল্প, ডাঃ চামছুল হকে কঠিকা, কল্পনা দেৱী গোস্বামী, এম জামাল উদ্দীন, নিবেদিতা শৰ্মা, চন্দনা ডেকা, শশী প্ৰভা শইকীয়া, আৰাধনা শৰ্মা,অমল কলিতা, অনুপ কুমাৰ বৰঠাকুৰ, অনুপ কুমাৰ বৰঠাকুৰ আৰু সাগৰিকা মহন্তই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে অনাতাঁৰ শিল্পী পদ্মিনী ডাউলাগাপুৱে গীত পৰিবেশন কৰে৷ সাহিত্যক ডঃ সাৰদানন্দ দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানত সমীক্ষক হিচাপে উপস্থিত থাকে সাহিত্যক পদ্ম কান্ত নাথ।
হাইদৰাবাদত ধাৰাসাৰ বৃষ্টিপাত, বানপানীত নিহত প্ৰায় ৫০ জন
ডিজিটেল ডেস্কঃ ক’ৰবাত যদি বানপানী আন ক’ৰবাত আকৌ ভূমিকম্পৰ জোকাৰণী৷ চলিত বৰ্ষত বিপদে লগ নেৰা হৈছে জীৱ-কুলৰ৷ কৰোনা ভাইৰাছৰ আতংকৰ মাজতে হাইদৰাবাদত হোৱা তীব্ৰ বৰষুণৰ বাবে সৃষ্টি হোৱা বানপানীত প্ৰায় ৫০ জন ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ৰাজ্যৰ ৬০০০ কোটি টকাৰ লোকচান হৈছে৷ তেলেঙ্গানাৰ ৰাজধানী হাইদৰাবাদত হোৱা তীব্ৰ বৰষুণৰ বাবে চহৰত বানপানীৰ সৃষ্টি হয়। বানপানীৰ চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকো ক্ষতিগ্ৰস্ত হৈছে৷প্ৰতীকি ফটো
নবেম্বৰত প্ৰকাশ হ’ব মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ হোৱাৰ জাননী
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ বাবে জাননী অহা মাহত প্ৰকাশ কৰা হব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছা সমূহ উচ্চ মাধ্যমিকলৈ পৰিৱৰ্তন কৰা হব৷ আনহাতে সকলো শিক্ষানুষ্ঠানৰ দৰেই নামভৰ্তি হব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই বৰ্তমান সময়ত যি সকল ছাত্ৰ-ছাত্ৰীয়ে মাদ্ৰাছাত চূড়ান্ত বৰ্ষত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলে পূৰ্বৰ ব্যৱস্থাৰে উত্তীৰ্ণ হব পাৰিব। সংস্কৃত টোল সমূহ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃতি বিশ্ববিদ্যালয়ৰ অধীনলৈ নি টোলসমূহ ভাৰতীয় সংস্কৃতি, সভ্যতা আৰু ৰাষ্ট্ৰীয়তাবাদৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ কৰি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হব ।
ৰাইজৰ দলৰ খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা
ডিজিটেল ডেস্কঃ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানকে ধৰি কেবাটাও লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি শনিবাৰে আঞ্চলিক ৰাজনৈতিক দল “ৰাইজৰ দলে” দলীয় খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা কৰে| সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাষ্কো ডি শইকীয়াই সংবিধানৰ বিশেষ বৈশিষ্ঠ আৰু আন দিশ তথা বিষয়বস্তুসমূহ প্ৰকাশ কৰে| সংবিধানৰ খনৰ প্ৰস্তাৱনা- “ভাৰতৰ সংবিধানৰ সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ আদৰ্শক সাৰোগত কৰি এক ঐক্যবদ্ধ শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়িবলৈ, অসমবাসীৰ জাতীয় আশা-আকাংক্ষাক সাকাৰ কৰিবলৈ তথা এখন উন্নত অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰি আমি আমাৰ এই সংবিধান গ্ৰহণ কৰিছো। বিভিন্ন জাতি, জনগোষ্ঠীৰ, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰি প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু অসমীয়া জাতিৰ সামুহিক জাতীয় সপোনক বাস্তৱ ৰূপ দিবলৈ এই দল গঠন কৰা হৈছে। ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ। সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা-ভাষীৰ সম-মৰ্যাদা, সম-অধিকাৰ, সম-বিকাশৰ প্ৰতিশ্ৰুতিৰে আমি এই দল গঠন কৰিছো।” মুখ্য আহ্বায়ক গৰাকীয়ে জনোৱা অনুসৰি ‘ৰাইজৰ দল’ৰ প্ৰতীক অসমৰ ৰাইজৰ পৰামৰ্শ আৰু মতামতৰ ভিত্তিত নিশ্চিত কৰা হ’ব। সংবিধানখনত ২২ টা অনুচ্ছেদ আছে।
ক্ৰীড়া পেঞ্চনাৰ দুৰ্গা বৰাৰ মৃত্যুত কমাৰবন্ধাত শোকৰ ছাঁ
কমাৰবন্ধাঃ অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ গোলাঘাট কমাৰবন্ধাৰ দুৰ্গা বৰাৰ দেহাবসান৷ দুৰ্গা বৰাদেৱে ছাত্রাৱস্থাত হাইজাম্পত অসমক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত ভেটাৰ্ণ ক্ৰীড়া প্ৰতিযোগিতাত ৰাজ্যিক পৰ্যায়তো তেখেতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ কেৱল হাইজাম্পে নহয় হাইজাম্পৰ লগতে ভলীবল, শ্বতপুত থ্ৰৌ, ডিচকাচ থ্ৰৌ, জেভলিন থ্ৰৌ আদি খেলসূহতো পাৰদৰ্শী আছিল প্ৰয়াত বৰা৷ দুৰ্গা বৰাই মৃত্যুৰ সময়লৈকে কমাৰবন্ধা ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আছিল। ১৫ অক্টোবৰত মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭০ বছৰ৷ প্ৰয়াত বৰাৰ মৃত্যুত কমাৰবন্ধা ক্ৰীড়া সন্থা, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কমাৰবন্ধা আঞ্চলিক সমিতি, জয়হিন্দ পুথিভঁৰাল আৰু ক্লাব, কমাৰবন্ধা ব্যৱসায়ী সন্থা, কমাৰবন্ধা আঞ্চলিক চুতীয়া ছাত্র সন্থা, চানি ক্লাব আৰু পুথিভঁৰাল, কমাৰবন্ধা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে৷
২ নবেম্বৰৰ পৰা পুনৰ খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান
ডিজিটেল ডেস্কঃ জনতা ভৱনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন। সংবাদমেলত শিক্ষামন্ত্ৰী গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে। অহা ২ নবেম্বৰৰ পৰা অসমতত খোলা হ’ব শিক্ষানুষ্ঠানসমূহ। ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব তাৰ পৰিবৰ্তে পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান৷ এটা শ্ৰেণীত ২০ বা ২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব, যদিহে অৱশ্যে ডাঙৰ হলত ক্লাছ কৰে তেন্তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব। শ্ৰেণীসমূহৰ বাবে বাৰ নিৰ্দিষ্ট কৰি দিয়া হৈছে৷ আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰ., তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ কৰিব লাগিব৷ পুৱা ৮.৩০ বজাৰ পৰা বিদ্যালয়সমূহ খোলা হ’ব লগতে ৫০ শতাংশকৈ পুৱা আৰু বিয়লি দুটা ভাগত ভাগ কৰি প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা শ্ৰেণী আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ শ্ৰেণী হ’ব। কেৱল অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা বৰ্ডে অনুষ্ঠিত কৰাৰ বিপৰিতে বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব। আগৰ দৰেই স্বাভাৱিকভাৱে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো ২ নবেম্বৰৰ পৰা খোলা হ’ব।
দহ দিনীয়া কাৰ্য্যসূচীৰে শনিবাৰৰ পৰা শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত শাৰদীয় দুৰ্গা পূজাৰ আয়োজন
ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ বেলশৰস্হিত ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত প্ৰতিবাৰৰ দৰে এইবাৰো ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজন কৰা হৈছে৷ শনিবাৰ, ১৭ অক্টোবৰত শুক্লা প্ৰতিপদ তিথিৰ পুৱা ৯-৩০ বজাত শৈলীপুত্ৰী ৰূপে দুৰ্গা পূজা আৰম্ভ আৰু দুপৰীয়া ১২ বজাত বলিদান৷ ৰবিবাৰ, ১৮ অক্টোবৰত ব্ৰহ্মচাৰিণী ৰূপী দুৰ্গাৰ পূজা, পুৱা ১০ বজাত দ্বিতীয়া বিহিত পূজা৷ সোমবাৰ, ১৯ অক্টোবৰত চন্দ্ৰ ঘন্টা ৰূপী দুৰ্গা পূজা., মঙ্গলবাৰ, ২০ অক্টোৱৰত কুষ্মাণ্ড ৰূপী দুৰ্গা পূজা, বুধবাৰ, ২১ অক্টোবৰত স্কন্দমাতা ৰূপী দুৰ্গা পূজা., বৃহস্পতিবাৰ, ২২ অক্টোবৰত কাত্যায়ণী ৰূপী দুৰ্গা ষষ্ঠী পূজাৰ লগতে সন্ধিয়া ৬ বজাত দেৱীৰ বোধন, আমন্তণ আকু অধিবাস, নিশা নৱপত্ৰিকা স্নান আৰু প্ৰৱেশ৷
শুকুৰবাৰ, ২৩ অক্টোবৰত কালৰাত্ৰী ৰূপী দুৰ্গাৰ সপ্তমী পূজা, শনিবাৰ, ২৪ অক্টোবৰত মহা অষ্টমী পূজা., ৰবিবাৰ, ২৫ অক্টোৱৰত মহা নৱমী পূজা৷ মহা নৱমী পূজাৰ পুৱা ১০ বজাত বলিদান কাৰ্যসূচীত দেৱালয়ৰ তৰফৰ পৰা ৰাইজৰ মঙ্গলৰ হকে এটি ম’হ বলি দিয়া হ’ব৷ অন্যবাৰৰ দৰে এইবাৰ ম’হ বলিৰ কাৰ্যসূচী বাতিল কৰা হৈছে৷ সোমবাৰ, ২৬ অক্টোবৰৰ বিজয়া দশমীৰ পুৱা ৮ বজাত পুজা আৰম্ভ আৰু ১০ বজাত দেৱী বিসৰ্জন, অপৰাজিতা পূজা৷ স্বাস্থ্য বিভাগৰ সকলো নীতি নিয়ম মানি ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে বিল্বেশ্বৰ দেৱালয় শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজক কমিটিয়ে স্বাস্হ্য বিভাগ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নয়ম মানি চলিবলৈ ৭ টা নীতি-নিৰ্দেশনাৰ এখন গোঁহাৰি ছপা কৰি বিতৰণ কৰাৰ লগতে চাবোনেৰে হাত ধুই, হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি পূজাত অহা মাৰ ভক্ত সকলক পূজাস্হলীত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাক্স পৰিধান কৰিবলৈ আহ্বান জনাইছে৷
১২ গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫ ৰাজ্যিক আহ্বায়কৰে এজেপিৰ ‘জাতীয় যুৱ শক্তি’ৰ আত্মপ্ৰকাশ
ডিজিটেল ডেস্কঃ শুকুৰবাৰে আত্মপ্ৰকাশ ঘটিল নতুনকৈ আছু-যুৱ ছাত্ৰৰ দ্বাৰা গঠণ হোৱা ৰাজনৈতিক দল এজেপিৰ ভাতৃ সংগঠন ‘জাতীয় যুৱ শক্তি’ৰ। ঐতিহাসিক কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আত্মপ্ৰকাশ কৰে ‘জাতীয় যুৱ শক্তি’ নামৰ সংগঠনটোৱে। অসমৰ ২৮৫ গৰাকী যুৱ প্ৰতিনিধিয়ে যোগদান কৰা এজেপিৰ ভাতৃ সংগঠনটোত ১২ গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫ ৰাজ্যিক আহ্বায়কৰে এখন আহ্বায়ক সমিতি গঠন হৈছে৷
NEET পৰীক্ষাৰ ফলাফল ঘোষণা, ১০০ শতাংশ নম্বৰেৰে উজলিল ওড়িশ্যাৰ মেধাৱী ছাত্ৰ
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা কৰা হ’ল NEET ২০২০ পৰীক্ষাৰ ফলাফল। NEET পৰীক্ষাত ইতিহাস ৰচনা কৰি ওড়িশ্যাৰ শ্বয়েব আফতাব নামৰ পৰীক্ষাৰ্থীয়ে গৰাকীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰে লাভ কৰিবলৈ সক্ষম হৈছে।
আই পি এল’ত আজি ৰাজস্থান বনাম বেঙ্গালুৰ, দেল্লী বনাম চেন্নাই
ডিজিটেল ডেস্কঃ আই পি এল’ত আজি ৰাজস্থানৰ মুখামুখি হ’ব বেঙ্গালুৰ৷ চলিত বৰ্ষত ৰাজস্থানে ৮ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে বেঙ্গালুৰে ৮ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত অৱস্থান কৰিছে৷ পৰবৰ্তী খেলখনত আজি দেল্লীৰ মুখামুখি হ’ব চেন্নাই৷ আনহাতে আজিৰ ৰাজস্থান বনাম বেঙ্গালুৰ খেলখন ডুবাইৰ ৰ খেলপথাৰত ৩.৩০ বজাৰ পৰা আৰু দেল্লী বনাম চেন্নাই খেলখন শাৰজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে কালিৰ কলকাতা বনাম মুম্বাইৰ খেলত মুম্বাইয়ে ৮ উইকেটত জয় লাভ কৰে৷










