যোৰহাট জিলাৰ চেলেংহাতৰ ষ্টেচনৰ সমীপত আজি দিনৰ ১১ বজাৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাত আঞ্চলিক সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আটাছুৰ সদস্য সকলে আহোম যুগৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ সংৰক্ষণ আৰু আহোম সকলক জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্মঘটৰ অন্তত চেলেংহাত আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ত্ৰলোক্য গগৈ আৰু সম্পাদক প্ৰদ্যুত ফুকন স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়া লিনা দলেৰ হাতত অৰ্পণ কৰে। উক্ত পত্ৰখনত ছাত্ৰ সংগঠন তোৰ জন্মৰ পৰাই জনজাতি কৰণৰ দাবী কৰি আহিছে যদিও চৰকাৰী পক্ষই প্ৰতিশ্ৰুতিৰ বাদে কোনো কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতেদি চেলেংহাতৰ পৰাই উৎপত্তি হোৱা চিন্তামণিগড়, লাদৈগড় বেদখল মুক্ত কৰা, চেলেং বাগিচাৰ মাজত অৱস্থিত নাওবৈছা ফুকন কোঁৱৰ- কুঁৱৰীৰ মৈদাম সংৰক্ষণ, ৰহধলা পুখুৰীৰ সংৰক্ষণ আদিৰ ক্ষেত্ৰৰ বহুবাৰ চৰকাৰী পক্ষক আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰি অনতিপলমে উক্ত দাবীসমূহৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহনৰ দাবী কৰে। আজিৰ প্ৰতিবাদ স্থলীত যোৰহাট জিলা আটাছুৰ যুটীয়া সম্পাদক মণ্টু ফুকন, ললিত গগৈ, যোৰহাট মহকুমা আটাছুৰ উপ সভাপতি বদন গগৈ , সম্পাদক হেমন্ত গগৈৰ লগতে আটাছুৰ বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে।
“আপকু” ৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক সম্বৰ্ধনা
মফচলীয় সংবাদ কৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক আজি সাপেখাতী প্ৰেছ ক্লাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান টোৰ সভাপতিত্ব কৰে ক্লাৱৰ সভাপতি কেশৱ গগৈয়ে । সাপেখাতী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ কলিতাই উদ্দেশ্যে বাখ্যা আগবঢ়োৱা পাছতেই দুয়োগৰাকী সম্বৰ্ধীত ব্যক্তিক চেলেং চাদৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ।ইয়াৰ পাছতে উক্ত অনুষ্ঠানতে চাঁওতাল ছাত্ৰ সন্থা , টাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে দুয়োজন সম্বৰ্ধিত ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই । উল্লেখযোগ্য যে ৰাজ্য খনৰ মফচলীয় সংবাদকৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু )ৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন খনি যোৱা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । উক্ত অধিৱেশনতে দৰং জিলাৰ আব্দুল খালেকক সভাপতি আৰু শিৱসাগৰ জিলাৰ শৰৎ শেনচোৱাক সম্পাদক প্ৰধান ৰূপে লৈ এখন শক্তিশালী নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । আজি সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ পৰাই সাপেখাতী প্ৰেছ ক্লাৱে নৱ নিৰ্বাচিত সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে ।
সাপেখাতীত আটাছু’ৰ জনজাতিকৰণ, কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট
সাপেখাতী, ২৯ ডিচেম্বৰ ২০২০: জনগোষ্ঠীক জনজাতিকৰণ , নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত আজি আটাছু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দল সংগঠনৰ বিষয়বীয়াৰ উপস্থিতত সাপেখাতীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট অনুষ্ঠান ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ সন্মুখত প্ৰায় এক শতাধিক কৰ্মী সমবেত হৈ হাতে হাতে প্লে ‘কাৰ্ড লৈ ছয় জনজাতিকৰণ কৰক,কা’ আমি নামানো, অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, বি – জে -পি চৰকাৰ গ’ ব্ৰেক , কৃষক বিৰোধী বি জে পি চৰকাৰ হায় হায় আদি শ্লো’গানেৰে আকাশ বতাহ কপাই ।আজি অৱস্থান স্থলীত আটছু প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈ, কেন্দ্ৰীয় সহ সম্পাদক দেৱজিৎ গগৈ, আটাছু চৰাইদেউ জিলা সমিতিৰ, সভাপতি সম্পাদক ৰাজীৱ চেতিয়া, দেৱাশীষ বুঢ়াগোহাঁই, উপদেষ্টা দিগন্ত চাংমাই,আছুৰ নিতুল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লংকেশ্বৰ গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কৃষ্ণ গগৈ, আৰু কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ হৈ ৰাজু গগৈ প্ৰমূখ্য কৰি বহু কেইজন লোকে প্ৰতিবাদ স্থলীত বক্তব্য আগবঢ়ায়।
চেলেংহাটৰ বিশিষ্ট সমাজ কৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ বঁটা
টীয়ক:- যোৰহাট জিলাৰ চেলেংহাট নামচেচুৰ বাসিন্দা, বিশিষ্ট সমাজ কৰ্মী, শৰীৰ চৰ্চাবিদ তথা নিচা মুক্তি অভিযানৰ লগত জড়িত তুষাৰ পালক সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চই অসম গৌৰৱ বঁটা প্ৰদান কৰিছে।। ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষ ব্যক্তি সকলক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোৱে সমাজকৰ্মী তুষাৰ পাললৈ জীৱন জোৰা সমাজপ্ৰাণ খিতাপ প্ৰদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত পি ডব্লিউ ডি অডিটেৰিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সমাজ কৰ্মী তুষাৰ পালে বঁটা গ্ৰহণ কৰে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কৃষানৰ হাতৰ পৰা। আনহাতে এই বটা লাভ কৰি সমাজ সেৱাৰ প্ৰতি অধিক দায়বদ্ধতাৰে কাম কৰি যাৱলৈ উৎসাহ আৰু অনুপ্ৰেৰণা পোৱা বুলি ব্যক্ত কৰে তুষাৰ পালে।উল্লেখ্য যে, তুষাৰ পাল এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শৰীৰ চৰ্চাবিদ। আনহাতে মাদক দ্ৰব্য, ড্ৰাগছ, অন্ধবিশ্বাস আৰু কৰ’নাৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা আনিবলৈ কোনো চৰকাৰী সহায় অবিহনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা লগতে কেইবাখনো ছুটি ছবি নিৰ্মান কৰা লগতে নিজৰ পকেটৰ ধন খৰচ কৰি বিভিন্ন অঞ্চলত সজাগতা সভা আৰু লিফলেট আদি বিতৰন আহিছে। ইয়াৰো পৰি বহু অসহায় দৰিদ্ৰ লোক আৰু ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াই আহিছে তুষাৰ পালে। ইতিমধ্যে তুষাৰ পালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে।এই গৰাকী মানৱ দৰদী সমাজকৰ্মী তুষাৰ পাললৈ অসম গৌৰৱ সন্মান বঁটা আগবঢ়োৱাত চেলেংহাট বাসীয়ে আনন্দ প্ৰকাশ কৰা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।
পানী নিস্কাষণৰ বাবে নিৰ্মাণ কৰা নলাই বাৰিষা জীয়াতু ভুগাব টীয়ক নগৰবাসীক
কাকজান, ২৯ ডিচেম্বৰ : চাৰিলেন যুক্ত পথ নিৰ্মাণৰ চৰম মইমতালিৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাস্থিত কাৰ্যালয়ৰ একাংশ বিষয়াক মেনেজ কৰি “জিডিচিএল” নামৰ নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচৰ পৰা জাঁজী পৰ্যন্ত নিম্ন মানৰ কাম অব্যাহত ৰখা “লিংকন দিগনিটি” নামৰ সংস্থাটোৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি নিৰ্মাণ সংস্থাটোৱে অব্যাহত ৰখা নিম্নমানৰ কামৰ বাবে নিৰ্মাণ সম্পূৰ্ণ এমাহ নৌহওতেই পথটোৰ বহু স্থানত এৰাই গৈছে ব্লেকটেপিং ।তদুপৰি পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ ক্ৰটিপূৰ্ণ ভাবে নিৰ্মাণ কৰা বুলি যি অভিযোগ ৰাইজে উত্থাপন কৰিছিল সেয়া প্ৰমাণিত হৈছে ৰাইজৰ দাবীৰ ভিত্তিত কৰা পুনৰ জৰীপত।
হেলিকপ্টাৰ যোগে লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীৰ পাঠিমাৰী-খোলাবান্ধাত সজাগতা সভা
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী-খোলাবান্ধা চৰাঞ্চলত সোমবাৰে হেলিকপ্টাৰ যোগে আহি সংখ্যালঘু জনগনৰ সৰ্বাংগীণ উন্নয়ণৰ লগতে যেন নিৰ্বাচনৰ আগতীয়া বতৰা দি গল লাউচৰ আম্বানী খ্যাত হাবিব মহম্মদ চৌধুৰীয়ে। দৰিদ্ৰতাৰে সংগ্ৰাম কৰি কেনেকৈ হোজাইৰ পৰা গৈ লাউচৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি হল তাৰ বৰ্ণনা দিয়াৰ লগতে কৌশলপূৰ্ণ ভাৱে ৰাজনীতিৰ বহু কথাই উল্লেখ কৰিলে হাবিব মহম্মদ চৌধুৰীয়ে। এম ডি এছ ডব্লিউ আৰু জে এফ ফাউণ্ডেচনৰ জৰিয়তে সংখ্যালঘু লোকক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ সংকল্পৰে ৰাইজৰ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চৌধুৰীয়ে। স্বাধীনতাৰ ৭৫ বছৰ পিছতো সংখ্যালঘু মুছলমান লোক সকল আৰ্থ-সানাজিক, শৈক্ষিক দিশত তেনেই পিছ পৰি থকাত আক্ষেপ প্ৰকাশ কৰি ইয়াৰ উত্তৰণ নঘটিলে মুছলমান সকলৰ পৰিত্ৰাণ নাই বুলিও উল্লেখ কৰে। বিগত দিন সমুহত মুছলমান লোক সকলক ভয় ভাবুকি দি একাংশ লোকে ৰাজনৈতিক মুনাফা আদায় কৰি অহা বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে চৌধুৰীয়ে। ৰাজনীতিৰ নামত একাংশ আলিম-উলেমাই মুছলমান লোকক প্ৰতাৰণা কৰাৰ বাবেও দীৰ্ঘদিনে তেওঁলোকৰ সমস্যা আজিও সমস্যা হৈয়েই থাকিল। চৰাঞ্চলৰ আধাতে স্কুল এৰা এক হাজাৰ ল’ৰা ছোৱালীক বিনামূলীয়াকৈ স্কিল ডেভলপমেন্টৰ জৰিয়তে প্ৰশিক্ষণ দিব বুলি ৰাজহুৱা সভা খনত ঘোষণা কৰে হাবিব মহম্মদে। শেষতীয়াকৈ প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৌধুৰীয়ে কয়, ৭০ বছৰে শুদ্ধ এন আৰ চি নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইপিনে লাউচৰ প্ৰখ্যাত উদ্যোগপতি হাবিব মহম্মদ চৌধুৰীৰ এনে সভাৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ সন্নিবিষ্ট থকাৰ অভিযোগ কৰিছে একাংশ লোকে। ২১ ৰ বিধান সভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘূ লোকৰ ভোট বিভাজন ঘটোৱাই এনে সভাৰ মূল উদ্দেশ্য বুলিও কব খোজে এচামে। সি যিকিনহওঁক বৰপেটাৰ খোলাবান্ধাচৰত হাবিব মহম্মদৰ চৌধুৰীৰ হেলিকপ্টাৰ চফৰে বহু কথাৰ ইংগীত দি থৈ গল।সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলফাজ উদ্দিন আহমেদ,পাঠীমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ পৰিচালনা সমিতিৰ সভাপতি মোজাম্মেল হক, অৱসৰপ্ৰাপ্ত শিক্ষক আ:মান্নান এছাহক আলী, সাংবাদিক মেদিনী গগৈ প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে । সভাত কেইবা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে।
বকোত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসক সম্বৰ্ধনা
কামৰূপ জিলাৰ বকোত আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে পদাৰ্পণ কৰি কংগ্ৰেছ দলৰ কৰ্মীবৃন্দক উৎসাহিত কৰি তোলে৷
উল্লেখ্য যে সমাগত অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিজ নিজ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলা মুহূৰ্ততে বকো সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা নন্দিতা দাসৰ সৈতে কংগ্ৰেছ কৰ্মীবন্দৰ মাজত ঠায়ে ঠায়ে দলীয় সংঘাট সৃষ্টি হোৱাত আন ৰাজনৈতিক দলবোৰে কুজকাৱাজ অব্যাহত ৰাখিবলৈ সুবিধা লাভ কৰিছে৷
এই লৈ দলৰ মজিয়াত চিন্তাৰ বিষয় হৈ পৰিছে। এই বিষয়টো মহিমুৰ কৰিবলৈ সমষ্টিৰ ভোটাৰৰ মাজত উপস্থিত হয় কৃষ্ণা দাস। আজি বকোৰ সোনতলীত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট খেলৰ চূড়ান্ত খেলৰ বঁটা বিতৰণী সভাত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাসে উপস্থিত হৈ বঁটা প্ৰদান কৰাত কেবা সহস্ৰাধিক লোকৰ ভোটাৰ ৰাইজে কৃষ্ণা দাসক বিপুলভাৱে আদৰনী জনায়৷
উল্লেখ্য বকো সমষ্টিত ২০১৬ চনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীৰ দাবী জনাই ভোটাৰৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ আগন্তুক বিধান সভাৰ নিৰ্বাচনত বকো সমষ্টিৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সম্পাদিকা পদত নিয়োজিত হৈ কৃষ্ণা দাসে প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰিলে বকোত কংগ্ৰেছৰ বাবে স্হান লাভ কৰাটো নিশ্চিত বুলি ধাৰণা কৰিছে কংগ্ৰেছৰ মহলে৷
সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষা দাসৰ সৈতে সোনতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, ছমৰীয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুতুব উদ্দিন, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, সোনতলী-চৌধুৰী পাম গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰমজান আলী প্ৰমুখ্যে কৰি কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী আবু শ্বহিদুল ইছলাম, দোস্ত খলিলুৰ ৰহমান, আব্দুল ৰেজ্জাক তৰফদাৰ, লালমিয়া , ফুলচান আলী, আমিন ময়দুল ইছলাম, আক্কাছ আলী, ৰবিউল হুছেইনে অংশ গ্ৰহণ কৰে।
কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত
কাকজান ২৯ ডিচেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টি কলিয়াপানী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ মংগলবাৰে কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত হয়। কলিয়াপানী মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে জিলা মহিলা মৰ্চাৰ বিষয়ববীয়া সকল মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰভাৰী নিৰলা কলিতা মণ্ডলৰ উপসভাপতি দ্বীজেন বৰুৱা, সম্পাদক অভিজিৎ বৰুৱা, মণ্ডল মহিলা মৰ্চাৰ উপসভানেত্ৰী জ্যোতি দত্ত, ভাৰতী শইকীয়া বৰুৱা, সম্পাদিকা শেৱালি টাই, ৰাজ্যিক কায্যৰ্নিবাহক সদস্য সকল, জিলাৰ সদস্য – সদস্যা, মণ্ডলৰ বিষয়ববীয়া , মহিলা মৰ্চাৰ বহু কাৰ্যকৰ্তা সকল । লগতে বিভিন্ন বুথৰ পৰা মহিলা বুথবাহিনীৰ হৈ প্ৰায় শতাধিক মহিলা সদস্যা উপস্থিত থাকে ।
গৰৈমাৰীত নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ
বকো ২৯ ডিচেম্বৰ:: ৰাজ্যৰ গ্ৰামাঞ্চলত সক্ৰিয় হৈ উঠা নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত আজি হঠাতেই উত্তাল হৈ পৰিল গৰৈমাৰী অঞ্চল৷ উল্লেখ্য, অঞ্চলটোত সঘনাই নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় প্ৰশাসন কিম্বা আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰায় শতাধিক পুৰুষ-মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদেৰে গৰৈমাৰীৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, নাৰী সুৰক্ষা নিশ্চিত কৰক, অপৰাধীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে বৃহৎ সমদল উলিয়াই প্ৰথমতে গৰৈমাৰী আৰক্ষী চকী ঘেৰাও কৰে৷ পিচত প্ৰতিবাদকাৰী সকলে সদলবলে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, চলিত ডিচেম্বৰ মাহতে ছয়গাঁৱৰ কাণহাৰা গাঁৱৰ দুগৰাকী কিশোৰী কন্যাক একে গাঁৱৰে ৰবিউল হুছেইন নামৰ লম্পট যুৱক এজনে বিয়াৰ প্ৰলোভনেৰে পলুৱাই নি বহিঃৰাজ্যৰ ৰাজস্থানত বিক্ৰী কৰে৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পৃথকে পৃথকে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যাৰ বাবে প্ৰতিবাদকল্পে আজি গৰৈমাৰী আৰক্ষী চকী আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
আনুষ্ঠানিক ভাৱে গেৰুৱা হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালা
আজি দিনৰ ১১ বজাত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সদ্য কংগ্ৰেছ ত্যাগী অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালায়ে পিন্ধিলে গেৰুৱা বসন ৷ কংগ্ৰেছ নেত্ৰী তথা গোলাঘাটৰ প্ৰাক্তন বিধায়িকা, সদ্য পদত্যাগী কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাৰ লগতে গৌৰিপুৰৰ প্ৰাক্তন বিধায়ক বলিন মুছাহাৰীয়েও পিন্ধিলে গেৰুৱা বসন ।
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাৰ উপস্থিতিত তিনিও গৰাকী নেতাই বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।
যোগদান কৰাৰ লগে লগে তিনিওগৰাকীয়ে লাভ কৰিলে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আসন।
তিনিওগৰাকী ব্যক্তিৰ যোগদানে ১০০ ৰ লক্ষ্যলৈ আগবাঢ়ি যোৱাত আমাক সহায় কৰিব আৰু সকলো মিলি আমি লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়িম বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ অজন্তা নেওগ । নিজকে ন-বোৱাৰীৰে কৰিলে তুলনা কৰি গোলাঘাটৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে কয়, ”যিসকল ব্যক্তিয়ে এই দলটোত যোগদান কৰাৰ ক্ষেত্ৰত মানসিকভাৱে অনুপ্ৰেৰণা যোগালে তেওঁলোকক ধন্যবাদ জনালো।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পোৱাৰ পিছতে যোগদান কৰাৰ কথা নেওগে কয়।
মোক সন্মান সহকাৰে ৰাখিব লাগিব বুলি দলক কৈছিলো আৰু পূৰ্ব স্বৰ্ত নোহোৱাকৈ দললৈ আহিছো বুলি নেতাগৰাকীয়ে কয়। যোগদান কৰিয়েই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ নেত্ৰীগৰাকী। দলটোৰ ভৱিষ্যতক চাইহে যোগদান কৰা বুলি মন্তব্য নেত্ৰীগৰাকীৰ।







