Home Blog Page 3174

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশন সম্পন্ন

টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি  মাখিবাহা সভাৰ খলাত সম্পন্ন হয়  ।  এই উদ্দেশ্যে পুৱা  মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তই জ্যেষ্ঠ নাগৰিক পৰিষদৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ প্ৰাক্তন সভাপতি ভূকান্ত মজুমদাৰে । ইয়াৰ পাছতে অনুষ্ঠিত বিষয় বাছনি সভাত আৰুবেলি কাৰ্যকালৰ বাবে  উপেন্দ্ৰনাথ দত্তক সভাপতি  আৰু মোহনচন্দ্ৰ বৈশ্যক সম্পাদক হিচাপে লৈ নতুন সমিতি এখন গঠন কৰা হয় । দুপৰীয়া মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে বিশিষ্ট অতিথি হিচাপে অংশ লয়  । মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক মোহনচন্দ্ৰ বৈশ্যই আঁতধৰা এই সভাখনতে ‘সময় বালিত এৰি অহা খোজ’ শীৰ্ষক মাখিবাহাৰ জ্যেষ্ঠ নাগৰিক পৰিষদৰ   সদস্যসকলৰ  সংক্ষিপ্ত জীৱনপঞ্জী গ্ৰন্থ এখন উন্মোচন কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক  ড: সুৰেশচন্দ্ৰ শৰ্মাই । সভাত কেইবাজনো জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জ্ঞাপনো কৰা হয়  । 

বোকাখাতত ৰূপজ্যোতি সংঘৰ ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি

বোকাখাত, ২৮ ডিচেম্বৰঃঅসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি, প্ৰায় দুকুৰি বছৰীয়া বোকাখাতৰ ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত অনুষ্ঠিত ১৫ দিনীয়া নাট্য কৰ্মশালাৰ সামৰণি পৰে যোৱা ২৭ ডিচেম্বৰত। ১২ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনুষ্ঠিত নাট্য কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানৰ সভাপতিত্ব কৰে ৰূপজ্যোতি সংঘ, বোকাখাতৰ কাৰ্যকৰী সভাপতি অনন্ত হাজৰিকাই, আঁত ধৰে ৰূপজ্যোতি সংঘৰ সম্পাদক অভিলাষ বৰবৰাই। উল্লেখ্য যে লক-ডাউনে স্থবিৰ কৰি তোলা বিগত এচোৱা সুদীৰ্ঘ সময়ৰ বিৰতিৰ পাছত ১৬ ৰ পৰা ২৯ বছৰৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত কৰ্মশালাখনি আছিল ৰূপজ্যোতি সংঘৰ প্ৰথম পদক্ষেপ। সমগ্ৰ বোকাখাত মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰশিক্ষাৰ্থী সকলক নাট্য বিষয়ক কেইবাটাও শিতানত প্ৰশিক্ষণ প্ৰদান কৰে বোকাখাতৰ যুৱ প্ৰজন্মৰ প্ৰশিক্ষক সকল ক্ৰমে তৰুণ তীৰ্থ শইকীয়া (পৰিবেশ্য কলাৰ স্নতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়) , অবিনাশ শৰ্মা (এন এচ ডি, চিকিম), অৰ্পিতা কাশ্যপ (পৰিবেশ্য কলাৰ স্নতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়) টিকেন্দ্ৰজিৎ দাস ( এন এচ ডি, চিকিম)-এ। সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে বিশিষ্ট নাট্যকৰ্মী তথা বোকাখাত নাট্যমন্দিৰৰ সাংস্কৃতিক সম্পাদক বিমান বৰুৱা, প্ৰবীন নাট্যকৰ্মী মনো বৰা, বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, বোকাখাতৰ সংবাদসেৱী অনুষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচিব তথা বিশিষ্ট সাংবাদিক প্ৰদ্যুত মহন্ত, বিশিষ্ট লোক সংগীত শিল্পী তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক অতুল বেজবৰুৱা, ৰূপজ্যোতিৰ শুভাকাংক্ষী সদস্য তথা বিশিষ্ট নাট্যকৰ্মী মানসজ্যোতি দত্ত আদিয়ে। অনুষ্ঠানত একালত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে একেলগে সংগীত পৰিবেশন কৰা বিশিষ্ট সংগীত শিল্পী জিতেন শৰ্মা ৰাজখোৱাই কথা আৰু সংগীতেৰে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে অতুল বেজবৰুৱাই আৰু অংশুমা শইকীয়াই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। অনুষ্ঠানত প্ৰশিক্ষক সকলক আনুষ্ঠানিকভাৱে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষক সকলৰ লগতে কৰ্মশালাত প্ৰাপ্ত হোৱা প্ৰশিক্ষণৰ অনুভৱ আদিৰ বিষয়ে কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে বক্তব্য ৰাখে আৰু সৃজনীশীল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত স্পৃহা বশিষ্ঠই একক, শ্ৰেয়া ঘোষ আৰু পূজাৰাণী ফুকনে দ্বৈত নৃত্য পৰিৱেশন কৰাৰ লগতে তন্ময় শইকীয়াই সুললিত বাঁহী বাদনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক কৰ্মশালাত অংশ গ্ৰহণ কৰাৰ স্বীকৃতি হিচাপে একোখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰূপজ্যোতি সংঘৰ শুভাকাংক্ষী সদস্য তথা বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ধীৰেণ শৰ্মা, বিশিষ্ট নাট্যকৰ্মী তথা বোকাখাত নাট্যমন্দিৰৰ উপ-সভাপতি দুলাল ডেকা, ৰূপজ্যোতি সংঘৰ সাহিত্য উপদেষ্টা তথা কবি-সাংবাদিক অজন্তা তালুকদাৰ, ৰূপজ্যোতি সংঘ আৰু বোকাখাত নাট্যমন্দিৰৰ উপদেষ্টা, বিষয় ববীয়াৰ লগতে ৰূপজ্যোতিৰ যুৱ প্ৰজন্মৰ সদস্য ক্ৰমে প্ৰাচুৰ্য শৰ্মা, ৰূপম বাহেক, নুপূৰ বৰা, হৃষিকেশ শৰ্মা, ৰাহুল আচাৰ্য, আকাশজ্যোতি শইকীয়া আদি, অভিভাৱকসকল আৰু বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ‘ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ ঘোষণা

বোকাখাত, ২৮ ডিচেম্বৰঃএটাৰ পিছত আনটোকৈ ৰাষ্ট্ৰীয় সন্মান প্ৰাপকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে বোকাখাতৰ বিশিষ্ট ব্যক্তিৰ নাম। এইবাৰ ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে বোকাখাতৰ প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ঘোষণা কৰিছে ‘বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’।এক পত্ৰযোগে একাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি ড° এচ পি শোভনাক্ষৰে এই কথা বৰাক জানিবলৈ দিছে। বৰ্তমান বৰলুইতৰ বুকুত বিলুপ্ত বোকাখাতৰ ধনশিৰিমুখ বিলতীয়া গাঁৱৰ প্ৰয়াত দিনৰাম বৰা আৰু প্ৰয়াত মাকন বৰাৰ পুত্ৰ নিষ্ঠাবান নাট্যকৰ্মী, বিশিষ্ট কাৰু-কলা শিল্পী বৰাৰ জন্ম হয় ১৯৫৪ বৰ্ষৰ ১৪ আগষ্টত। আজীৱন সাধনাৰে অসমৰ নাট্য, শৈল্পিক, সাংস্কৃতিক, কাব্যিক, সামাজিক আৰু শৈক্ষিক জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বৰালৈ আগবঢ়োৱা হৈছে সন্মান। ষাঠিৰ দশকৰ পৰাই অভিনয় কৰি অহা বৰাই বৰ্তমানলৈকে অবিৰতভাৱে অসমৰ বহুকেইখন জিলাৰ বিভিন্ন মঞ্চত একাংক নাট প্ৰতিযোগিতাত শতাধিক অভিনেতা, শ্ৰেষ্ঠ পৰিচালকৰ ৰাজ্যিক খিতাপৰ ওপৰিও কোচবিহাৰ, উৰিষ্যাকে আদি কৰি দেশৰ বিভিন্ন মঞ্চত ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান অৰ্জন কৰিছে। ১৯৭৯ বৰ্ষৰ পৰাই বোকাখাতৰ কৈলাখাত নাট্যমন্দিৰৰ সৌজন্যত মাজুলীৰ গড়মূৰ সত্ৰৰ আৰ্হিত ধাৰাবাহিকভাৱে ৰাসলীলাৰ পৰিচালনা কৰি আহিছে মনো বৰাই। আঁশীৰ দশকত বোকাখাতৰ কৈলাখাত নাট্যমন্দিৰৰ সৌজন্যত বৰাৰ প্ৰচেষ্টাত চাৰিখন পূৰ্ণাংগ নাটক লৈ ‘সংঘমিত্ৰা থিয়েটাৰ’ নামৰ ভ্ৰাম্যমাণ নাট্যদল গঠন কৰি ৰাজ্যৰ ১০ স্থানত নাট্য নিবেদন কৰে। আধুনিক নাটকৰ সমান্তৰালকৈ ১৯৭০ বৰ্ষৰ পৰাই অংকীয়া ভাওনাৰ অভিনয়ৰ চৰ্চাও জাৰি ৰখা বৰাই বিভিন্ন ভাওনা প্ৰতিযোগিতাত স্থানীয়ভাৱে, জিলাভিত্তিত আৰু অসম ভিত্তিত শ্ৰেষ্ঠ ভাৱৰীয়াৰ সন্মান অৰ্জন কৰিছে। ২০০৬ বৰ্ষত বৰাৰ প্ৰচেষ্টাত ‘নৱজ্যোতি’ নাট্যদল গঠন কৰি উৰিষ্যাত নাট্য নিবেদন কৰে। ২০১১ বৰ্ষত বোকাখাতৰ কৈলাখাতৰ শিল্পী সকলক লৈ পুনৰ উৰিষ্যাৰ কটকত হোৱা এক সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহন নাটক, বিহু, বৰগীত আদি কেইবাটাও শিতানৰ দলীয় আৰু একক বহুকেইটা সন্মান লাভেৰে অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয়। ২০১৪ ত বোকাখাতৰ বিভিন্ন গ্ৰাম্যাঞ্চলক সামৰি ‘কপিধ্বজ ভাওনা দল’ গঠন কৰি বৰাৰ সভাপতিত্বত শিল্পী সকলৰ প্ৰশিক্ষণৰ জড়িয়তে অসমৰ ভাওনাৰ জগতখনলৈ এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। বৰা ঢোল, পেঁপা, গগণা, শুতুলী, বাঁহী, টোকাৰী, খোল, নাগাৰা, বৰতাল, দোতাৰা আদি থলুৱা বাদ্যযন্ত্ৰত নিপুণ শিল্পী। শৈক্ষিক, সামাজিক দিশত উদ্যমী বৰাৰ প্ৰচেষ্টাত বোকাখাতত ক্ৰমে ১৯৭০ ত বহিখোৱা ন-আলি প্ৰাথমিক বিদ্যালয়, আঁশীৰ দশকত কৈলাখাত নাট্যমন্দিৰ আৰু ১৯৯২ ত কৈলাখাত মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। উল্লেখ্য যে বৰাই বোকাখাত অঞ্চলৰ বহুকেইটা নামঘৰৰ লগতে যোৰহাটৰ এটি নামঘৰতো জয় বিজয়, নামসিংহ আৰু গড়ুৰৰ প্ৰতিমূৰ্তি, গায়ন বায়ন, ম’ৰা চৰাই, শৰাই, প্ৰৱেশদ্বাৰ আদিৰ লগতে কৈলাখাত মধ্য ইংৰাজী বিদ্যালয়ৰ তোৰণ নিৰ্মাণেৰে তেওঁৰ হস্তশিল্প, সুকুমাৰ কলা আৰু কাৰুশিল্পৰ দক্ষতাৰ পৰিচয় দিছে। শিল্প কৰ্মৰ সমান্তৰালকৈ বৰাৰ কবিতা, গল্প, প্ৰবন্ধ আদি লেখা মেলাও আজিকোপতি অসমৰ বিভিন্ন মুখপত্ৰ, আলোচনীত প্ৰকাশ পাই আহিছে। তেওঁৰ স্বৰচিত কাব্য সংকলন ‘অমিয়া সুৰ’ প্ৰকাশৰ পথত। পূৰ্ণাংগ দুই নাট ক্ৰমে ‘নতুন সূৰ্য’ আৰু ‘বনকন্যা’, একাংক নাট ক্ৰমে ‘উত্তৰণৰ গান’, ‘পৰুৱা’, ‘আচামীৰ বিচাৰ’ আদি মনো বৰাৰ ৰচিত নাট। তদুপৰি বৰাই ৫১ খন ভাওনাৰ নাট ৰচনা আৰু সম্পাদনা কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্বোধনী গীত ৰচনা, সুৰ সংযোজন আৰু পৰিচালনাৰ লগতে দুকুৰিৰো অধিক আধুনিক, বনগীত আৰু বিহুসুৰীয়া গীত ৰচনা কৰিছে বৰাই। ‘কিদৰে পাহৰো মই’, ‘মৰম’, ‘হৃদয়ৰ জ্বলা জুই’, ‘ভাওনা’, ‘হিয়ামনি’, ‘আমি অসমীয়া’, প্ৰাগ চেনেলৰ চিনেমা শিতানত বহুল প্ৰচাৰিত ‘প্ৰেমে মাথো প্ৰেম বিচাৰে’ আদি বৰাৰ অভিনীত ভি চি ডি কথাছবি। বৰালৈ ‘বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ চলিত মাহৰ ২৪ তাৰিখে প্ৰদান কৰাৰ কথা আছিল যদিও কভিডৰ বাবে বঁটা প্ৰদান অনুষ্ঠানৰ সময় সূচী সলনি কৰা হৈছে আৰু এই সন্মান অহা ২০২১ বৰ্ষৰ ১৩ মাৰ্চ তাৰিখে দিল্লীত প্ৰদান কৰা হ’ব বুলি বৰাৰ পৰা জানিব পৰা গৈছে। সম্প্ৰতি বোকাখাতৰ সংবাদসেৱী সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত মনো বৰাৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ খতিয়ানেৰে এখনি অভিনন্দন গ্ৰন্থৰ প্ৰকাশৰ যোঁ জা চলি আছে। আজীৱন নাট্যকৰ্ম, শিল্প সাধনা, লেখা-মেলাত ব্ৰতী জনপ্ৰিয় শিল্পী মনো বৰালৈ এই ৰাষ্ট্ৰীয় বঁটাৰ ঘোষণাই বোকাখাত অঞ্চললৈ আনন্দৰ বন্যা নমাইছে।

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ সৈতে কথোপকথন : নাজিৰা কলেজ প্ৰতিষ্ঠা কৰি ঘাটী মঞ্জুৰী প্ৰাপ্তিৰ কালতে ত্যাগ অধ্যক্ষৰ পদ

৯২ বছৰত মহাত্মা গান্ধীৰ বিষয়ত গ্ৰন্থ ৰচনাৰ বাবে প্ৰস্ত্ততি : হ'ব তথ্যচিত্ৰৰ নিৰ্মাণ

২৮ ডিচেম্বৰঃ নাজিৰাৰ বিশিষ্ট শিক্ষাবিদ আৰু ৰাজ্যৰ কমিউনিষ্ট আন্দোলনৰ ধাৰাত নীতিগত ভাৱে নিজকে ধৰি ৰাখি ৰাইজৰ পক্ষত সমস্যাৰ বিষয়ত সকলো সময়তে সৰৱ হৈ অহা অৱনী বৰঠাকুৰক পৰহি এক কথোপকথনৰ অনুষ্ঠানৰ মাজেদি বাসগৃহৰ সমীপত ৰাইজে বিপুল ভাৱে ওলগ আৰু অভিনন্দন জনায় । বাৰ্ত্তালাপৰ এই অনুষ্ঠানটিত কৃতী শিক্ষয়িত্ৰী তথা অৱনী বৰঠাকুৰৰ সহধৰ্মিনী অমিয়া বৰঠাকুৰৰ উপস্থিতিত অৱনী বৰঠাকুৰৰ অনুৰক্ত শিক্ষক, ছাত্ৰ-ছাত্ৰী, সমাজ সংগঠক, কৃষকে বৰ্ষীয়ান শিক্ষাবিদ জনৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন দিশত প্ৰশ্ন কৰি নিজৰ জিজ্ঞাসাৰ প্ৰশমন কৰে । সম্প্ৰতি ৯২ বছৰত ভৰি দিয়া অৱনী বৰঠাকুৰক একাদিক্ৰমে বৰহাট হাইস্কুল, নাজিৰাৰ চকীমুখ হাইস্কুল আৰু পৰৱৰ্ত্তী নাজিৰা কলেজ প্ৰতিষ্ঠাৰ পৱিত্ৰ কৰ্মৰাজীৰে শিক্ষকতাৰ জীৱন মহীয়ান কৰাৰ বাবে শিক্ষানুৰাগীয়ে সম্ভ্ৰমেৰে তেওঁৰ কৰ্মৰ শলাগ লয় । আয়োজক সংগঠন জ্যোতি-বিষ্ঞু কলাঙ্গনৰ মুখ্য সম্পাদক দিলীপ ফুকনে কথোপকথনৰ আগলি পাততে অৱনী বৰঠাকুৰৰ জীৱন, শিক্ষা, সমাজ আৰু সংগ্ৰামৰ এক বৰ্ণনা দাঙি ধৰে । গড়গাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিলীপ বুঢ়াগোহাঁই, চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেউকণ চাংমাই, প্ৰাক্তন অধ্যক্ষ মুবিদুল ইছলাম, অৱসৰ প্ৰাপ্ত গাণণিক বিষয়া অজিত খাটনীয়াৰ আদি বিশিষ্ট ব্যক্তি সকলৰ বক্তব্যৰ আঁত উলিয়াই অতীতত ভূমুকি মাৰি কৈ গ’ল পঞ্চাশৰ দশকৰ প্ৰথম ভাগত কমিউনিষ্ট পাৰ্টীৰ সংগঠনে অসমত মূৰ দাঙি উঠাৰ কথা । ১৯৪৯ চনত চৰকাৰে কমিউনিষ্ট সংগঠনক নিষিদ্ধ ঘোষনা কৰাৰ কথা । জাজী হাইস্কুলত হোৱা কমিউনিষ্ট ছাত্ৰৰ আন্দোলনত কলেজৰ অধ্যক্ষ বাণী কাকতিৰ পৰামৰ্শ আৰু শেষত গ্ৰেপ্তাৰৰ বাবে অহা আৰক্ষীৰ ৱাৰেন্ট নাকচ হোৱাৰ কথা । প্ৰতিষ্ঠা হোৱাৰ পাচত ১৯৭০ চনত চকীমুখ হাইস্কুলে নিজ গতি লোৱাৰ পাছত সেই বিদ্যালয়ৰ শিক্ষকতাৰ পদো বাদ দি কমিউনিষ্ট আন্দোলনৰ বিকাশৰ কৰ্মত গুৱাহাটীত ব্যস্ত হৈ পৰাৰ পাছত ১৯৮১ চনত তেওঁ ৰাইজৰ প্ৰয়োজনৰ তাগিদাত নাজিৰালৈ প্ৰত্যাৱৰ্তন কৰে । নাজিৰা কলেজ প্ৰতিষ্ঠাৰ সংগ্ৰামো নেতৃত্ব দিয়াৰ লগতে বাঁহ কাঠ গোটাই কলেজ আৰম্ভণি কৰিবলৈ ৰাইজৰ গাঁথিৰ সহায় বিচাৰি কামত নামি পৰে । এই প্ৰচেষ্টা আৰু নেতৃত্বতে ঠন ধৰি উঠা নাজিৰা কলেজে ১৯৮১চনৰ ১৬ ডিচেম্বৰৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব পৰা হ’ল । তেওঁ নিজেও সহযোগী হৈ থাকি ১৯৮২ চনৰ পৰা পৰিচালনা সমিতিৰ তাগিদাত কলেজৰ অধ্যক্ষৰ দায়িত্ব মূৰ পাতি লৈ আগবাঢ়ে । সমাজৰ প্ৰয়োজন পূৰ্ণ হোৱালৈকে ব্যস্ত থাকি ১৯৯৪ চনত ঘাটি মঞ্জুৰী লাভ কৰাৰ পাছতে অৱনী বৰঠাকুৰে কলেজৰ অধ্যক্ষ পদৰ পৰা ইস্তফা দিয়ে । কটন কলেজৰ পৰা আগবঢ়া উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো কোনো চৰকাৰী চাকৰিৰ প্ৰতি মোহ প্ৰদৰ্শন নোহোৱা আৰু স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো হাঁহি মুখে কলেজৰ পদবীৰ দৰমহাৰ সুবিধাৰপৰা পৰা আঁতৰি থাকিবলৈ সক্ষম হোৱা আদি কাৰকেই সামাজিক স্তৰৰ নেতৃত্বক সুদৃঢ় কৰি ৰাখিলে । চকীমুখ হাইস্কুলত শিক্ষকতাৰ বেলিকা বিদ্যালয় ছুটিৰ পাছত ছাত্ৰৰ ক্ষতি নোহোৱাকৈ কমিউনিষ্ট দলৰ হৈ কাম কৰা, চাইকেল চলাই অনিদ্ৰা অনাহাৰে ৰাইজৰ মাজত ঘূৰি ফুৰা, আৰক্ষীৰ হাতত পৰি কাৰাৰুদ্ধ হোৱা আদি বিভিন্ন ঘটনাৰে পৰিপূৰ্ণ ঘটনা বহুল জীৱনত সাৰথি স্বৰূপ পুৰণি চাইকেলখন এদিন আত্মীয়ইহে হাতত তুলি দিছিল । ৰাইজৰ মাজত সম্প্ৰীতিৰ বিঘ্নিত হোৱা কোনো কাৰক প্ৰত্যক্ষ হ’লেই ৰাজহুৱা ভাৱে ৰাইজৰ মাজত উপস্থিত হৈ ৰাইজ-মেল আৰু দোষীক দণ্ড বিহাৰ সামাজিক ৰীতিক প্ৰাধান্য দি আহিছিল বুলি তেওঁ প্ৰকাশ কৰে । “নৱ্য উদাৰতাবাদ আৰু অন্যান্য প্ৰৱন্ধ” “ভাৱনি বিবিধা” আদি দুখনি মৌলিক গ্ৰন্থৰ ইতিমধ্যে ৰচনা কৰা বৰঠাকুৰৰ আত্মজীৱনী “অভিজ্ঞতাৰ আলোকপাত এজন কমিউনিষ্টৰ স্মৃতিকথা” গুৱাহাটীত উন্মোচন হৈছিল । বিভিন্ন কাকত আৰু আলোচনীত জাতিৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা সৰৱ হৈ পথ প্ৰদৰ্শনৰ বাবে সদা প্ৰস্ত্তত হৈ ৰোৱা অৱনী বৰঠাকুৰে জীৱনৰ দশমটো দশকত প্ৰস্ত্তত হৈ উঠিছে মহাত্মা গান্ধীৰ বিষয়ত এখনি গ্ৰন্থ লিখি উলিওৱাৰ বাবে । কথোপকথন অনুষ্ঠানৰ আয়োজক নাজিৰাৰ জ্যোতি-বিষ্ঞু কলাঙ্গনে শতায়ু অভিমুখী দূৰন্ত তৰুণ অৱনী বৰঠাকুৰৰ এই প্ৰয়াসক শ্ৰদ্ধা জনোৱাৰ লগতে কলাঙ্গনৰ সভাপতি যোগ গগৈয়ে তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি তথ্য চিত্ৰ নিৰ্মাণৰ বাবে শিল্পী তথা পৰিচালক প্ৰাঞ্জল চেতিয়াক আৰু ৰঞ্জিত ফুকনক শিশুৰ উপযোগীকৈ তেওঁৰ জীৱনী লিখাৰ বাবে ৰাজহুৱাভাৱে দায়িত্ব অৰ্পণ কৰে । নাজিৰা কলেজ চৌহদত দিনটোৰ তাৎপৰ্য্য ৰক্ষা কৰি নিজহাতে এটি বৃক্ষ ৰোপন কৰে বৰ্ষীয়ান চিন্তাবিদ জনে । আয়োজক সংগঠনৰ সম্পাদক ৰঞ্জিত ফুকন, অধ্যাপক ড’ জীৱন কলিতাই আঁত ধৰা অনুষ্ঠানত প্ৰতিষ্ঠাপক উপাধ্যক্ষা ৰঞ্জু বুঢ়াগোহাঁই, মীনা কুমাৰী দেৱী, কবি সমালোচক ৰাজীৱ বৰা, অৱনী বৰঠাকুৰৰ পুত্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, কবি থানু বৰুৱা, প্ৰহ্লাদ বৰগোহাঁই, সত্যনাৰায়ণ কৰ, জাকিৰুল হুছেইন, ফৈজুদ্দিন আহমেদ আদি বিশিষ্ট লোক সকলৰ লগতে নাজিৰা কলেজৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকসকলে গামোচা, কিতাপ, চেলেং চাদৰ আদি উপহাৰ যাচে । উদীয়মান শিল্পী আলোকপ্ৰাণ কছাৰী, শিশু শিল্পী কল্যাণী ৰাইদঙ্গীয়া আৰু কুকি কোঁৱৰে কলাগুৰু বিষ্ঞু ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে ।

বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠন

 দেৰগাঁও, ২৮ ডিচেম্বৰঃ অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যেগত বনগাঁওৰ নামনি বহুপথাৰ হাইস্কুলত এখনি সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত শিক্ষক মানিক গগৈয়ে।  অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন পুজাৰী, দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা, পত্ৰিকা সম্পাদক জ্যোতি জনাৰ্দন বৰা, শ্ৰীমন্তশঙ্কৰদেৱ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজয় গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত নামনি বহুপথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বীনা বৰুৱা ফুকন, কবি বিজয়া গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক লোকাৰাম গগৈ, পৰেশ গগৈ, কবি নেত্ৰজ্যোতি গগৈ হাজৰিকাকে ধৰি বহুকেইজন বক্তাই সাহিত্য সন্মিলনীৰ দৰে সংগঠনৰ অৱশ্যকতাৰ ওপৰত বক্তব্য আগবঢ়ায়। এই সভাতে  মানিক গগৈক সভাপতি, বিজয় কুমাৰ গগৈক কাৰ্যকৰী সভাপতি, বীনা বৰুৱা ফুকন আৰু লোকৰাম গগৈক উপ-সভাপতি, ৰঞ্জিত গগৈক সাধাৰণ সম্পাদক,  ৰক্তিম দুৱৰা আৰু অনুৰাধা গগৈ ক সহঃসম্পাদক, দীজেন গগৈক কোষাধ্যক্ষ আৰু বলীন দুৱৰাক পত্ৰিকা সম্পাদক হিচাপে লৈ অসমীয়া সাহিত্যৰ বহুপথাৰ আঞ্চলিক সমিতি খন গঠন কৰা হয়।

দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন : তিনি গৰাকী লেখিকাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন

দেৰগাঁও ২৮ ডিচেম্বৰঃ দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত ২৭ ডিচেম্বৰত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰাক্তন শিক্ষা বিষয়া যতীন্দ্ৰ নাথ নেওগে সভাপতিত্বত কৰা সভাখনিত তিনি গৰাাকী বিশিষ্ট লেখিকাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অনিমা দেৱী বৰঠাকুৰে আঁতধৰা গাম্ভীয্যপূৰ্ণ সভাখন উদ্বোধন কৰে বিশিষ্ট ভাষাতত্ববিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডঃ নগেন ঠাকুৰে।অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য ৰাখি ডঃ ঠাকুৰে বৰ্তমান অসমীয়া সাহিত্যত নাৰীৰ আধিপত্য চলা বুলি মন্তব্য কৰে।পুৰুষৰ তুলনাত সম্প্ৰতি বহুকেইগৰাকী নাৰী লেখিকাই অসমীয়া সাহিত্য লৈ উল্লেখনীয় অৱদান আগবঢ়াইছে বুলি ব্যক্ত কৰি তেও সমাজৰ সৰ্বদিশতে নাৰীসকলৰ অগ্ৰগতিত সন্তোষ্টি প্ৰকাশ কৰে।মংগলাচৰনেৰে আৰম্ভ হোৱা সভাখনত দেৰগাঁও কমল দুৱৰা কলেজৰ প্ৰাক্তন অধ্যক্ষা তথা লেখিকা বীনা ঠাকুৰ বেজবৰুৱাৰ ‘ সাহিত্য,সংস্কৃতি ইত্যাদি’নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট লেখিকা তথা সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ প্ৰাপ্তি ঠাকুৰে।একেগৰাকী লেখিকাৰ অন্যখন গ্ৰন্থ ‘তোমাৰ নামেই আমাৰ নাম’উন্মোচন কৰে গোলাঘাট ডি আৰ কলেজৰ অসমীয়া বিভাগৰ মুুৰব্বী অধ্যাপিকা ডঃ জ্যোতিম্ময়ী ভট্টাচাৰ্যই।অনুষ্ঠানত লেখিকা,তথা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰেণু বৰাৰ গ্ৰন্থ’ প্ৰজ্ঞাৱতী’উন্মোচন কৰে ডঃ নগেন ঠাকুৰে।অন্যহাতে,লেখিকা তথা দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ কায্যকৰী সভানেত্ৰী কল্পনা দত্ত বৰাৰ ‘প্ৰসংগ:সাহিত্য আৰু অন্যান্য’নামৰ গ্ৰন্থ খন গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা ই উন্মোচন কৰে।অনুষ্ঠানত দেৰগাঁও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ভোলা হাজৰিকা, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, হৰিপ্ৰসাদ বৰদলৈ, অতুল মহন্ত, ডঃ দেবেন বৰা,মহেন হাজৰিকা, গুণিন শৰ্মা, প্ৰাণগোপাল বৰঠাকুৰ, বুবুল বৰা,প্ৰমোদ দত্ত, প্ৰমুখ্যে বহুকেইজন গণ্য মান্য ব্যক্তি আৰু যথেষ্ঠসংখ্যক সাহিত্যনুৰাগীয়ে অংশগ্ৰহণ কৰে।

গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  ভুমিৰ অধিকাৰৰ দাবীত চাৰি সহস্ৰাধিক ৰাইজৰ মহা পদযাত্ৰা : এমাহৰ ভিতৰতে ভুমি পট্ৰন দিয়াৰ দাবী

গোগামুখ, ২৮ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি কৃষক মুক্তি সংগ্ৰাম সমিতি. ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ভুমিৰ অধিকাৰ আৰু ভুমি পট্টন দিয়াৰ দাবীত মহা পদযাত্ৰা বাহিৰ কৰা হয় ৷  মিংমাং পাৰ্বতীপুৰৰ পৰা গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাহিৰ কৰা এই পদযাত্ৰাত চাৰি সহস্ৰাধিক ৰাইজে ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰে  আৰু হাতে হাতে বেনাৰ-পষ্টাৰ লৈ চৰকাৰী বিৰোধী শ্ল’গান দিয়ে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাম নাই, মুখ্যমন্ত্ৰী মিছলীয়া, মন্ত্ৰী হিমন্তৰ স্বেচ্ছাচাৰীতা নচিলব, বিধায়ক ৰণোজ পেগু মূৰ্দাবাদ, ৰণোজ পেগুৰ কাম নাই, সাংসদ প্ৰদান বৰুৱা নিপাত যাৱক, প্ৰদান বৰুৱা হায় হায়, আমাক ভুমিৰ অধিকাৰ লাগিবই, ভূমি পট্টা লাগিবই আদি শ্ল’গান দি সমগ্ৰ গোগামুখৰ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই কয়- চৰকাৰে লাখ লাখ থলুৱা জনগণক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি লাখ লখ হিন্দু-বাংলাদেশীক মাটিৰ অধিকাৰ দিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ আজি নিজৰ ভূমিতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণ ভূমিহীন হোৱাৰ লগতে অন্ন-বস্ত্ৰৰ সমস্যাত অঘৰীৰ দৰে জীৱন-যাপন কৰিছে ৷ এনে সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি ভয়ংকৰ ষড়যন্ত্ৰ কৰি হিন্দু-বাংলাদেশীক অসমত সংস্হাপন দিব বিচাৰিছে ৷ জাতি-মাটি আৰু ভেটিৰ শ্ল’গান আওৰাই দিছপুৰৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসমৰ মাটি-ভেটি হিন্দু-বাংলাদেশীক অৰ্পণ কৰি জাতিৰ অস্তিত্বৰ প্ৰতি প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে ৷ যিটো আমি অসমৰ অসমীয়া ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সম্ভৱ নিদিয়ে বুলি কৃষক নেতাজনে হুংকাৰ দিয়ে ৷ এমাহৰ ভিতৰতে গোগামুখ তথা মিংমাংবাসী ৰাইজক ভূমিৰ পট্টা দিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্ক ডি শইকীয়াই কয়- ভূমিৰ অধিকাৰ পোৱাটো থলুৱা জনসাধাৰণৰ জন্মগত অধিকাৰ ৷ অসমৰ থলুৱা জনসাধাৰণে ভূমিৰ অধিকাৰ তথা ভূমিৰ পট্টা পাবই লাগিব ৷ খিলঞ্জীয়া বিৰোধী বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনগণক উচ্ছেদ কৰি হিন্দু বাংলাদেশীক সংস্হাপনৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কঠোৰভাৱে বাধা দিয়া হ’ব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

প্ৰতিবাদ স্থলীত উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ  মুক্তিৰ কেন্দ্ৰীয় সভাপতি বিটু সোনোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, ৰাইজৰ দলৰ আহ্বায়ক ডাঃ হৰিকান্ত দাস, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ আৰু কৃষক মুক্তি সংগ্ৰামত সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুৰাজ বৰপাত্ৰগোঁহাই আদিয়ে ৷ উল্লেখনীয় যে প্ৰতিবাদকাৰী সকলে নিজৰ প্ৰাপ্যৰ দাবীত গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু ধেমাজি আৰক্ষীয়ে প্ৰতিবাদীৰ সংখ্যাধিক্য দেখি গোগামুখ নগৰতে বেৰিকেড বনাই প্ৰতিবাদী ৰাইজক বাধা দিয়ে ৷ 

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ অন্যতম বিষয়ঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ -পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ এটা অন্যতম বিষয় । কালি মণিপুৰৰ ৰাজধানী ইম্ফলত তিনিটা বৃহৎ প্ৰকল্প উদ্ধোধন কৰাৰ লগতে আন কেইবাখনো উন্নয়ণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে এই অঞ্চলটোক এটা নতুন পৰিচয় প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত ন-ন ক্ষেত্ৰত উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে মণিপুৰৰ লোকসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে মণিপুৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা হৈছে ৰাজ্যখনৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববৃহৎ উপহাৰ। তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ যুৱক-যুৱতীসকল প্ৰচুৰ অৰ্হতাসম্পন্ন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালৰ যোৱা তিনিটা বছৰত এহাতে যিদৰে উন্নয়নী প্ৰক্ৰিয়া তৰান্বিত কৰিছে ঠিক তেনেদৰে ৰাজ্যখনত শান্তি প্ৰতিস্থাৰ ক্ষেত্ৰটো সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত এখন ফৰেনচিক বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি আশ্বাস দি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আহ্বান জনায়। পূৰ্বৰ চৰকাৰসমূহে উত্তৰ-পূৰ্বাঞ্চলক কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলস্বৰূপে অতি কম সময়ৰ ভিতৰতে ৪০ বাৰকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে। সভাত ভাষণ দি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে, মণিপুৰত বিজেপি চৰকাৰ প্ৰতিস্থা হোৱাৰ পিছৰে পৰা পথ অৱৰোধ আদিৰ দৰে সঘনাই হৈ থকা বিশৃংখলৰ পৰিস্থিতি বৰ্তমান নোহোৱা হৈছে। তেওঁ আৰু কয় যে, উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান মণিপুৰ, দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :

চালকবিহীন মেট্ৰ’ৰেলসেৱা মুকলি প্ৰধানমন্ত্ৰীৰ

দিল্লীৰ ৰেলসেৱাত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত দেশৰ প্ৰথম চালকবিহীন মেট্ৰ’ৰেলসেৱা মুকলি কৰে।

মেজেণ্টা লাইনত পশ্চিম জনকপুৰীৰ পৰা ব’টানিকেল গাৰ্ডেনৰ মাজত এই মেট্ৰ’ৰেলগাড়ীখনে চলাচল কৰিব।

ৰাজ্যত পুনৰ নতুনকৈ ৬০ জন ব্যক্তি ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৬০ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৩০৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.২৮ শতাংশ ৷

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৯৩৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৩৫৬গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১১৫৪৩ গৰাকী ব্যক্তি।

সুস্থৰ হাৰ ৯৭.৯৬ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৩৭ গৰাকীলৈ  বৃদ্ধি পালে।