Home Blog Page 3175

জামুগুৰিহাটৰ ছাত্ৰ পৰাশৰৰ কৃতিত্ব : শিক্ষা বিভাগৰ অনলাইন ৰচনা প্ৰতিযোগীতাত তৃতীয় স্থান দখল

জামুগুৰিহাট, ৪ অক্টোবৰ : ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিক্ষা বিভাগে অনুষ্ঠিত কৰা “ৰক্ত হীনতা আৰু ইয়াৰ প্ৰতিকাৰ” শীৰ্ষক অন লাইন ৰচনা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ মধ্য জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ পৰাশৰ বৰা ৷ সেই উপলক্ষে ২ অক্টোবৰ গান্ধী জয়ন্তীৰ প্ৰবিত্ৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে যুটীয়া ভাবে আয়োজন কৰা গান্ধী জয়ন্তী উদযাপন অনুস্থানত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ছাত্ৰ পৰাশৰ বৰাক এখনি গামোচা, ট্ৰফী আৰু এখনি মানপত্ৰৰে অভিনন্দন জনাই জিলা উপায়ুক্তই। মধ্য জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পৰাশৰ বৰাৰ এই কৃতিত্বত অভিনন্দন জনোৱাৰ লগতে ছাত্ৰ পৰাশৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে ছাত্ৰ পৰাশৰ বৰা জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক দূৰ্গেশ্বৰ বৰা আৰু মৌচুমী বৰাৰ পুত্ৰ ৷

দৰং জিলা প্ৰশাসনৰ চকুত ধুলি মাৰি বহিৰাগত কোম্পানীয়ে লুটি নিলে কোটি কোটি টকা ৷ ঘটনাত নাম সাঙোৰ খাইছে বিতৰ্কিত আৰক্ষী বিষয়া পি কে দওৰ নাম

দিপীলা, দৰং : এচ আই কাণ্ডৰ পিছত পুনৰ আন এক বিতৰ্কত নাম সাঙোৰ খাই পৰিছে চাকৰিৰ বেহা মেলা এচ আই কাণ্ডৰ মুল অভিযুক্ত পলাতক পি কে দত্তৰ নাম ৷ দৰং জিলা প্ৰশাসনৰ চকুত ধুলি মাৰি বহিৰাগত কোম্পানীয়ে জিলাখনৰ লগতে ৰাজ্যখনৰ পৰা লুটি নিলে কোটি কোটি টকা ৷ শীৰ্ষ আৰক্ষী বিষয়া পি কে দত্তৰ পৰা আদি কৰি জিলা উপায়ুক্ত, জিলা আৰক্ষী অধিক্ষক, খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়াই স্থায়ী ঘৰ গননাৰ বাবে প্ৰতিলিপি প্ৰেৰণ কৰিছিল বহিৰাগত এচ বি নাম্বাৰিং ওৱকচ প্ৰাইভট লিমিটেড নামৰ কোম্পানীটোক ৷ যাৰ বাবে কোম্পানীটোক অৱশেষত ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পঞ্চায়ত এলেকাৰ পঞ্চায়তৰ সভাপতি সকলে ঘৰ গননা কৰিবলৈ লিখিত অনুমতি প্ৰদান কৰাৰ উপৰিও প্ৰতিজনৰ পৰা ৩০ টকা সংগ্ৰহ কৰিবলৈও লিখিত অনুমতি প্ৰদান কৰিছিল ৷ অৱশেষত জিলাখনৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত বৰমপুৰ পঞ্চায়তত বাহৰ পাতি থকা কোম্পানীটোৰ গননাত জড়িত দুই ব্যক্তিক ৰাইজে আৱদ্ধ কৰি চমজাই দিয়ে আৰক্ষীক ৷ কোম্পানীটোৰ গননাত জড়িত দুই ব্যক্তি ক্ৰমে ঘাগ্ৰাপাৰাৰ ধীৰেন শালৈ আৰু মৰোৱাৰ জীতেন বৈশ্যৰ বিৰুদ্ধে ভোক্তভোগী যুৱক এজনে ছিপাঝাৰ থানাত দাখিল কৰে এজাহাৰ ৷ ছিপাঝাৰ থানাত 676/20 নম্বৰত এটি গোছৰ ৰুজু কৰি 406/420/34 ধাৰাত তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়া পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই ৷ উল্লেখ্য যে এচ বি নাম্বাৰিং ওৱকচ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে নম্বৰ ফলকত ব্যৱহাৰ কৰিছে স্বাস্থ্য বিভাগৰ NRHM ৰ প্ৰতীক চিহ্ন ৷ যদিহে তদন্তকাৰী আৰক্ষী বিষয়া গৰাকীয়ে পৰিকল্পিতভাৱে তদন্ত অব্যাহত ৰাখে তেনেহলে দৰং জিলাৰ লগতে ৰাজ্যখনৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি নিয়া কোম্পানীটোক সহযোগ কৰা বহু বিষয়া জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ অৱশ্যে ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সেই সময়ৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে কোম্পানীটোক গননাৰ বাবে প্ৰতিলিপি প্ৰেৰণ কৰা কথাতো অস্বীকাৰ কৰিছে ৷ যদিহে খণ্ড উন্নয়ন বিষয়া গৰাকীৰ কথা সছা হয় তেনেহলে কোম্পানীতোৱে ভুৱা চহীৰে ৰাইজক প্ৰতাৰণা কৰি লুটি নিলে নেকি কোটি কোটি টকা ৷ আনহাতে জিলা উপায়ুক্ত গৰাকীৰ ভুমিকাও সন্দেহজনক ৷ কিয়নো সেই সময়ৰ জিলা উপায়ুক্ত গৰাকীয়ে কোম্পানীতোক স্থানী ঘৰ গননাৰ বাবে জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বিহিত ব্যৱস্থা গ্ৰহনৰ বাবে প্ৰেৰণ কৰিছিল প্ৰতিলিপি ৷ অৱশ্যে সেই প্ৰতিলিপিত প্ৰতিজনৰ পৰা ৩০ টকা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত উল্লেখ কৰা নাছিল কোনো তথ্য ৷ তেনেহলে কাৰ নিৰ্দেশত পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কোম্পানীতোক প্ৰতিজনৰ পৰা স্বইচ্ছাই ৩০ টকা সংগ্ৰহ কৰিব বুলি পঞ্চায়ত সভাপতি সকললৈ প্ৰেৰণ কৰিছিল প্ৰতিলিপি ৷ ভোক্তভোগী ৰাইজে দাবী কৰিছে ঘটনাতোৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৷ এটা উচ্চ পৰ্যায়ৰ তদন্ত হলে বিতৰ্কিত আৰক্ষী বিষয়া পি কে দওৰ উপৰিও ৰাজ্যখনৰ লগতে দৰঙৰ বহুকেইজন বিষয়া জালত পৰিব ৷

মাজুলীত ক’ভিড চেন্টাৰ আৰু ক’ভিড চিকিৎসালয়ৰ চাফাই কৰ্মী সকলক সম্বৰ্ধনা

উজনি-মাজুলীঃ মাজুলী জিলাত ক’ভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিড চিকিৎসালয়ৰ চাফাই কৰ্মী সকলক গান্ধী জয়ন্তীৰ পৱিত্ৰ উপলক্ষত শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায় মাজুলী জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে। ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰ তথা চিকিৎসালয়ত বিগত ছমাহে চাফাই কাৰ্যত নিয়োজিত হৈ থকা ২১গৰাকী চাফাইকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ড, জেংৰাইমুখ আদৰ্শ চিকিৎসালয় আৰু গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত সেৱা আগবঢ়োৱা এই ক’ভিড যোদ্ধাসকলক উপায়ুক্ত কৈৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত (উন্নয়ন) নৰেণ দাস, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অৰিন্দম বৰুৱা, নিৰ্বাচনী বিষয়া কাকুমণি শইকীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নীলকান্ত পেগুৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোটিকৈ উপাহাৰৰ টোপোলাও প্ৰদান কৰে। কমলাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ বিমল পেগুসহ জিলা স্বাস্থ্য বিভাগৰ একাধিক বিষয়া-চিকিৎসক আৰু এন এইচ এমৰ জিলা প্ৰকল্প প্ৰৱন্ধকেও অংশগ্ৰহণ কৰা এই অনুষ্ঠানত চাফাইকৰ্মীসকলক অভিনন্দন জনাই উপায়ুক্ত গৰাকীয়ে কয় বিগত ছমাহৰো অধিককাল মাজুলী জিলাত ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে চলোৱা যুঁজত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমাৰ চাফাইকৰ্মীসকলে। এই যুঁজত সবাতোকৈ বেছিকৈ সংক্ৰমণত আক্ৰান্ত হোৱাৰ আশংকা থকা দায়িত্বটোৱেই হৈছে ক’ভিড আক্ৰান্তসকলে স্পৰ্শ কৰা আহাৰৰ পেকেট তথা আন ব্যৱহৃত সামগ্ৰীসমূহ পৰিষ্কৰণৰ কামখিনি। যিসময়ত সমাজৰ সকলোৱেই ভয়-শংকা-সন্দেহৰ মাজত আছিল, সেইখিনি সময়তে আমাৰ চাফাইকৰ্মীসকলে সাহস আৰু নিষ্ঠাৰে সুচাৰু ভাৱে সেৱা আগবঢ়াই ক’ভিড প্ৰতিৰোধৰ অভিযানত বিশেষ অৱদান যোগালে। তেওঁলোকৰ এই নিষ্ঠাপূৰ্ণ সেৱাক সমাজৰ সকলোৱেই সন্মান জনোৱা উচিত।” অনুষ্ঠানত উপায়ুক্ত কৈৰীয়ে এই ক’ভিড যোদ্ধা তথা চাফাইকৰ্মীসকলৰ সৈতে মত বিনিময়ো কৰে।

নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ নলবাৰী সংমণ্ডলত অস্থায়ী কৰ্মচাৰী প্ৰতিবাদ । চৰকাৰী শৌচালয় তথা অধীক্ষক অভিযন্তা কাৰ্যালয়ত ঠিকাদাৰৰ পঞ্জীয়ন সন্দৰ্ভত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

নলবাৰী : জনস্বাস্থ্য কাৰিকৰী বিভাগ নলবাৰী সংমণ্ডলৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে আজি অনশন কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰায় দাহ-বাৰ বছৰ বিনা বেটনে কাম কৰা তথা চৰকাৰী ভাবে চাকৰি নিয়মীয়া কৰণ নকৰাৰ প্ৰতিবাদত আজি শতাধিক কৰ্মচাৰীয়ে জিলা অভিযন্তাৰ কার্যলয়ৰ সন্মুখত প্ৰতিবাদ কৰে । বিভিন্ন শ্লগান দি প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী শৌচলয় সন্দৰ্ভত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে । সমান্তৰালভাৱে নলবাৰী বিদ্যাপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত সংঘটিত হৈ আছে ব্যাপক দুৰ্নীতি । নিবনুৱা যুৱকে ঠিকাৰ কামৰ বাবে পঞ্জীয়ন বনাব গলে চৰকাৰী মাচুলৰ উপৰিও একাংশ মধ্যভোগী দালালে ৪০-৫০ হাজাৰ টকালৈ দাবী জনাই বুলি অভিযোগ উত্থাপন হৈছে । টকা দিব নোৱাৰিলে নানান নীতি নিয়মৰ দোহাই দি অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ পৰা খেদি পঠিওৱা হোৱাৰ বিপৰীতে ঘোষ প্ৰদান কৰা ব্যক্তিক প্ৰায় লাগতিয়াল নথি পত্ৰ নোহোৱাকৈ ঠিকাৰ পঞ্জীয়ন প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ হিন্দু ক্ৰান্তি দলে । হিন্দু ক্ৰান্তি দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে প্ৰকাশ কৰে যে জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত হৈ থকা এই দুৰ্নীতি যদি অতি সোণকালে বন্ধ নহয় তেন্তে হিন্দু ক্ৰান্তি দলে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হব ।

সংস্কৃত টোল বন্ধ কৰাক লৈ নলবাৰীত হিন্দু ক্ৰান্তি দলৰ প্ৰতিক্ৰিয়া

নলবাৰী : ৰাজ্যত অসম চৰকাৰে সংস্কৃত টোল বন্ধ কৰা কাৰ্যক লৈ হিন্দু ক্ৰান্তি দল অসমে ক্ষোভ উজাৰী নলবাৰীস্থ আদাবাৰীত বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে, ভাৰতীয় সংস্কৃতিৰ মূলতে আছিল টোল সমূহ। য’ত মহা মহা ঋষি মনৰ্ষি সকলে মানৱ সমাজৰ কল্যানঅৰ্থে মহা যজ্ঞ আয়োজন কৰিছিল। আৰু য’ত মানৱসকলক জ্ঞান ধাৰনা বিকাশ স্থলি আছিল। মূঠতে ক’ব পাৰি যে টোলসমূহ সমগ্ৰ মানৱ সমাজৰ কাৰনে আত্মা স্বৰুপ। এতিয়া প্ৰশ্ন হয় ভাৰতীয় ইতিহাসত ভূলতে টোলৰ নামতো সান্নিবিষ্ট কৰা আছিল নেকি বা এই টোলৰ বাবে সমগ্ৰ মানৱ সমাজ বিপথে পৰিচালনা হৈছিল নেকি ? যদি সকলো ঠিকে আছিল তেন্তে কি কাৰণে এই টোলসমূহ বন্ধৰ কাৰণে নিৰ্দেশ আহিল? আনহাতে মাদ্ৰাচা সমূহ চৰকাৰৰ সাহস আছে যদি বন্ধ কৰি দেখুওক। কিয়নো অসমত কাঠফুলাৰ দৰে য’তে ত’তে নিৰ্মাণ হোৱা মাদ্ৰাচা সমূহত কণ কণ শিশু সকলক সু নাগৰিক গঢ়াৰ পৰিবৰ্তে জেহাদীৰ প্ৰশিক্ষণ দিয়া হয়। যাৰ প্ৰতিফলন স্বৰুপে সমগ্ৰ অসমতে নাৰী নিৰ্যাতন, হিন্দু যুৱকক হত্যা আদিকে ধৰি মুঠতে অসম খনক বাংলাদেশলৈ ৰুপান্তৰ কৰাৰ এক অভিসন্ধি স্বৰুপ। লগতে সংযোজক গৰাকীয়ে কয় যে অসম চৰকাৰে ৰাজনৈতিক মুনফা আদায়ৰ স্বাৰ্থত অকল মাদ্ৰাচা সমূহ বন্ধ কৰিব নোৱাৰী সংখ্যালঘু লোকৰ মন জয়ী কৰাৰ বাবে সংস্কৃত টোল সমূহ বন্ধ কৰিব খোজা কাৰ্যক হিন্দু ক্ৰান্তি দলে অধিক নিন্দা প্ৰকাশ কৰি সংস্কৃত টোল সমূহ বন্ধ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰলৈ দলটোৱেই দাবী জনাই। উক্ত বৈঠকত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সহ:সংযোজক মিন্তু কলিতা, সাধাৰণ সম্পাদক লিংকন কলিতা আদিকে ধৰি বহুতো কাৰ্যকৰ্তা উপস্থিত আছিল। আনহাতে সংখ্যা লঘুক সন্তুষ্ট কৰা নীতিক বন্ধ কৰাৰ বাবে চৰকাৰক দাবী হিন্দু ক্ৰান্তি দলৰ।

উদ্বোধন হ’ল বিশ্বৰ সৰ্বদৈৰ্ঘ্য় সুৰংগ

হিমাচলৰ ৰোহটাঙৰ সমীপত এই অটল টানেল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে এই সুৰংগটো।
অটল টানেলে মনালীৰ পৰা লেহলৈ ৪৬ কিলোমিটাৰ পথ হ্ৰাস কৰিব।
মনালী-লেহ সংযোগী সুৰংগটো ২৪ ঘন্টায়ে থাকিব খোলা।
সমুদ্ৰপৃষ্ঠৰ পৰা ১০হাজাৰ ফুট উচ্চতাত পঞ্জালক্ষেত্ৰত এই সুৰংগটো নিৰ্মান কৰা হৈছে।
২০০২ চনত তদানিন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই সুৰংগৰ আধাৰশীলা স্থাপন কৰিছিল।
সুৰংগ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুৰংগটো লাডাখত সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত জীৱনৰেখা হিচাপে পৰিগনিত হ’ব।

চৰাইদেউত পোষণ মাহ ২০২০ৰ সামৰণি : লাকুৱা শিশু উন্নয়ন বিষয়া উপস্থিত

গেলেকী : চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত ১ৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২০লৈকে পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২০ৰ সামৰণি অনুষ্ঠান ২ অক্টোবৰৰ দিনা জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত সভাপতিত্ব কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে কয় যে সমাজৰ উঠি অহা শিশু তথা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখিবলৈ পোষণ অভিযানৰ প্ৰয়োজনীয়তা আছে। এটি সুস্থ সবল শিশুৱেহে সমাজৰ শ্ৰীবৃদ্ধি কৰিব পাৰে। বিধায়িকাগৰাকীয়ে লগতে পোষণ মাহ ২০২০ উপলক্ষে অংগনবাড়ী কেন্দ্ৰসমূহত স্থাপন কৰা শাকনিবাৰীসমূহ নিজে পৰ্যবেক্ষণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। সভাৰ আৰম্ভনিতে ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰদান কৰে। পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই পোষণ মাহত সম্পাদন কৰা কাৰ্যাৱলী সমূহৰ ওপৰত প্ৰস্তুত কৰা এটি ভিডিঅ’ প্ৰদৰ্শন কৰে। তাৰ পাছতেই পোষণ মাহ উপলক্ষে শিক্ষা বিভাগৰ সহযোগত দুটা পৰ্যায়ত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক নগদ ধন আৰু প্ৰমাণ পত্ৰেৰে পুৰষ্কৃত কৰা হয়। শলাগৰ শৰাই আগবঢ়ায় লাকুৱা প্ৰকল্পৰ শিশু উন্নয়ন বিষয়া ৰিণু বৰাই। আজিৰ সভাখনত চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, অতিৰিক্ত উপায়ুক্তদ্বয় মোচুমী চেতিয়া আৰু মনোৰমা মৰাং, সহকাৰী আয়ুক্ত সমুজ্জ্বল বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নিজৰা দেৱী, শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকাবৃন্দ, পোষণ অভিযানৰ কৰ্মচাৰীবৃন্দৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৌজন্যত গান্ধীজয়ন্তী পালন

উজনি মাজুলীঃ আজি ২ অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষত মাজুলীৰ ঢেকীয়াজুলিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এখনি যোগাত্মক চিন্তা ধাৰাৰে ছাত্র ছাত্ৰী সকলৰ মাজত শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰাংকণ আৰু মহামানৱ গৰাকীৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে । সভাখনিত সভাপতিৰ আসন অলংকৃত কৰে ঢেকীয়াজুলি প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুন্দৰ দাসে। গান্ধীজীৰ বিষয়ে কণ কণ ছাত্ৰ ছাত্ৰী সকলক বহল ভাবে আলোচনা আগবঢ়াই ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মাজুলী জিলাৰ প্ৰচাৰক বুবুল চন্দ্ৰ ডেকাই লগতে বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোনোৱালে। সভাত উপস্থিত থাকে পৰিষদৰ জিলা সহ:সংযোজক মনু নেৱাৰ, জিলা সম্পৰ্ক প্ৰমুখ ভাৰ্গব প্ৰতীম বৰুৱাৰ লগতে পৰিষদৰ সক্ৰিয় কার্যকৰ্তা সকল। সভাখনিৰ আঁত ধৰে ঢেকীয়াজুলি শাখাৰ সহ:সম্পাদক বাস্তৱ দাসে।

বিলাসীপাৰাত আৰক্ষী প্ৰশাসনৰ সজাগতা মূলক অভিযান

বিলাসীপাৰা : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ক’ৰোণা মহামাৰী সজাগতাৰ বাবে বিলাসীপাৰা গান্ধী চকত অসম আৰক্ষী দিৱস উপলক্ষে আজি ৰাইজৰ মাজত মাক্স বিতৰণী অভিযান হাত লয় আৰক্ষীয়ে। উল্লেখ্য যে মাক্স বিতৰণী অভিযানটোত উপস্থিত থাকে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাত্ত বিষয়া মহেশ নাৰ্জাৰী, বিলাসীপাৰা আৰক্ষী নিৱেশৰ টাউন পৰিদৰ্শক প্ৰণৱ ডোলী উপস্থিত থাকে।

নলবাৰীত ১৩৬ নং চিআৰপিএফ বাহিনীৰ উদ্যোগত ফিট ইণ্ডিয়া শীৰ্ষক কাৰ্যসূচীৰ আয়োজন

নলবাৰী : ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি নলবাৰী সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে “ফিট ইণ্ডিয়া” শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিআৰপিএফ বাহিনীৰ চাউনীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দৌৰৰ অনুষ্ঠিত কৰা হয়। ইতিমধ্যে যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা “ফিট ইণ্ডিয়া”ৰ এই কাৰ্যসূচীত চিআৰপিএফ বাহিনীৰ ৭০০ জন সদস্যসহ সদস্যসকলৰ ১৫০ গৰাকী পৰিয়ালৰ লোকে ৫৫,৪১২ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিছে। এই কাৰ্যসূচীৰ যোগেৰে জনসাধাৰণক শাৰিৰীক সুস্থতাৰ মহত্ব জনাবলৈ চিআৰপিএফ কেম্পৰ ওচৰৰ এলেকাত জোৱানসকলে বেনাৰ পোষ্টাৰসহ বিভিন্ন কাৰ্যসূচী হাতত লয়। আৰু চিআৰপিএফ বাহিনীৰ এই কামত স্থানীয় ৰাইজে ও সহায় সহযোগিতা আগবঢ়ায়। ইয়াৰ পূৰ্বেও ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে খেলো ইণ্ডিয়া, স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা জন কল্যাণ তথা কৰ’ণা মহামাৰীৰ ভীষণ সময়ত হেণ্ড গ্লোবছ, চেনেটাইজাৰ, মাস্ক আদি বিতৰণ কৰি ৰাইজক সজাগ কৰি আহিছে। আজিৰ এই কাৰ্যসূচীত ১৩৬ নং বেটেলিয়নৰ কামানডেন্ট পিচি চৌহান সহ চি আৰ পি এফৰ বিষয়ববীয়া, জোৱানসকলৰ লগতে স্হানীয় ৰাইজে ও অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই “ফিট ইণ্ডিয়া” শীৰ্ষক কাৰ্যসূচী যোৱা ১ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ লৈ অনুষ্ঠিত কৰা হৈছে।