Home Blog Page 3172

হালোৱাটিং-গেলেকী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

গেলেকী : নাজিৰা মহকুমা সীমান্তৱৰ্তী হালোৱাটিঙত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। হালোৱাটিং-গেলেকী সংযোগী পথত যোৱা নিশা তীব্ৰবেগী বলেৰ পিক্‌আপ এ এছ ০৪ বিচি ৪৯২৩মাল কঢ়িওৱা বাহনখনে নিজা পদূলিমুখত তথা পথৰ কাষত থিয় হৈ থকা বৰুৱাআলি পাতৰ গাঁৱৰ নৰেন চুতীয়া (৫৫) নামৰ লোকজনক মহতিয়াই নিয়ে। থিতাতে নিহত হয় দুৰ্ভগীয়া লোকজনৰ। সম্প্ৰতি বলেৰ পিক্‌আপ গাড়ীখনো পথচ্যুত হৈ পথৰ পৰা কিছু নিলগত বাগৰি পৰে। যদিও গাড়ী চালক নতুবা আন কোনো আৰোহী হতাহত হোৱা নাই। স্থানীয় ৰাইজ উপস্থিত হোৱাৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকে ঠাই এৰি পলায়ন কৰে। ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ বিপৰীতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াকে লৈ অঞ্চলজুৰি উত্তেজনা, ভুক্তভূগীৰ পৰিয়ালে ঘটনাৰ উৎচিত ক্ষতিপূৰণ হিচাপে ২০লাখ টকা দাবী কৰিছে। যাক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ। আনহাতে হালোৱাটিং আৰক্ষী থানাই ঘটনা সন্দৰ্ভত পলাতক গাড়ী চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

হোজাইত বাটৰ নাটেৰে অৰুনোদয় আচনিৰ প্ৰচাৰ অভিযান আৰম্ভ

হোজাই, ৮ অক্টোবৰঃ অসম চৰকাৰৰ অভিলাষী অৰুনোদয় আচনি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক অভিনৱ কৌশল৷ নাট্যকাৰ আৰু পৰিচালক অচ্যুত ঠাকুৰীয়াৰ ৰচনা আৰু পৰিচালনাৰে স্থানীয় শিল্পীৰ দহজনীয়া দলে যোৱা সাত অক্টোবৰত এখনি বাটৰ নাটৰ প্ৰথম দৰ্শনীৰ জৰীয়তে অৰুনোদয় আচনিৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে। জিলা সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত পূৱা দহ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত বাটৰ নাটৰ প্ৰথম খন দৰ্শনী আনুষ্ঠানিকভাবে শুভাৰম্ভ ঘোষণা কৰি উপায়ুক্ত ডা° সদনেক সিংঙে অৰুনোদয় আচনিৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে৷ শুভাৰম্ভ অনুষ্ঠানত ডা° সদনেক সিংঙৰ লগতে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা আৰু লংকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডা° লোচন ৰঞ্জন তালুকদাৰ৷ পৰবৰ্তী সময়ত শিল্পীৰ দলটোৱে লংকা চহৰৰ লগতে কাকীৰ বিভিন্ন এলেকাত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ জনপ্ৰিয় আচনিখনৰ বহুল প্ৰচাৰৰ বাবে শিল্পীৰ দলটোৱে জিলখনৰ চুকে কোনে এসপ্তাহ ধৰি বাটৰ নাট পৰিবেশন অব্যাহত ৰাখিব।

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও : নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ তুলসীমুখৰ দেউৰীগাঁও অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দেউৰীগাঁওৰ শৰ্মা উপাধিৰ ব্যক্তি জনে দীৰ্ঘদিন ধৰি অবৈধভাবে কাঠ ফলা মিলটো চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে অবৈধ কাঠফলা মিলটো উৎখাত কৰিবলৈ সক্ষম হয়। এই অভিযানত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক এক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। আনহাতে আজিৰ অভিযানত অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক, গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

নাজিৰাত সুৰাৰ ঘাটি উচ্ছেদ

নাজিৰা : নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক আশুতোষ বৰুৱাৰ নেতৃত্বত আবকাৰী বিভাগৰ এটা দলে ৭ অক্টোবৰত নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত এক আবকাৰী অভিযান চলায়। আবকাৰী বিভাগৰ দলটোৱে নাজিৰা মহকুমাৰ হাতীমূৰীয়া গাওঁ, লক্ষ্মীজান চাহ বাগিচা, তামুলীচিগা, আঠপুৰীয়া, হাৰকিনা, ৰেবতী কপহুৱা গাওঁ, শিমলুগুৰি সাতিমূৰিয়া গাওঁ আদিত আবকাৰী অভিযান চলাই ১০ টা গোচৰ ৰুজু কৰাৰ লগতে ৩জনক গ্ৰেপ্তাৰ কৰে। অভিযানকাৰী আবকাৰী দলটোৱে কেইবাটাও সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা পাছ ১২০ লিটাৰ, সঁজুলি ৩ টা, বিলাতী সুৰা আৰু বিয়েৰ ৪.৪ লিটাৰ, দেশীয় সুৰা ২.৪ লিটাৰ, ৪০ লিটাৰ চুলাই মদ, ১২০ লিটাৰ লাওপানী জব্দ কৰাৰ লগতে বহুকেইটা অবধ্য সুৰাৰ ঘাটি ভাঙি ধ্বংস কৰে।

তিনিচুকীয়াত ধৰ্ষণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চিপিআই (এম এল)ৰ

তিনিচুকীয়া : আজি তিনিচুকীয়াৰ থানা চাৰিআলিত নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) আৰু চিপিআই(এম-এল)এ দেশত সঘনে হ’বলৈ ধৰা ধৰ্ষণ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ প্ৰদেশৰ হাথ্ৰাচত দলিত মহিলা মণিষা বাল্মিকীৰ গণ ধৰ্ষণ আৰু হত্যা আৰু এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই উক্ত ৰাজ্যৰে বলৰামপুৰত আন এগৰাকী দলিত সম্প্ৰদায়ৰ কলেজীয়া ছাত্ৰীৰ দলবদ্ধ বলাৎকাৰৰ পিছত গুৰিয়াই গুৰিয়াই কঁকাল আৰু ভৰি ভাঙি নৃশংসভাৱে হত্যা কৰা কৰা হয়। তাৰ ২৪ ঘণ্টাৰ ভিতৰত যোৱা ৩০ ছেপ্তেম্বৰত ৰাজ্যখনৰ আজমগড় জিলাত এজনী ৮ বছৰীয়া, বুলণ্ড চহৰত আৰু এগৰাকী কন্যাশিশু আৰু বাগপটত এগৰাকী ১৭ বছৰীয়া ছোৱালীক দলবদ্ধ বলাৎকাৰ কৰা হয়। তাৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰি মনুবাদী অৰ্থাৎ ব্ৰাহ্মণ্যবাদ তথা পুৰুষতান্ত্ৰিকতাবাদী দৰ্শনত বিশ্বাসী তথাকথিত নিম্নবৰ্গৰ অব্ৰাহ্মণ হিন্দু, মুছলমান হত্যাকাৰী তথা সমাজবিৰোধী, ধৰ্ষণকাৰী, নৰপিশাচ আৰু মাফিয়াহঁতৰ গুৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগ দাবী কৰি থানা চাৰিআলিৰ পৰা তিনিকোণীয়া লৈকে শোভাযাত্ৰা সম্পন্ন কৰা হয় বুলি চিপিআই(এম-এল)ৰ অন্যতম কেন্দ্ৰীয় সদস্য সুভাষ সেনে জানিবলৈ দিছে। উক্ত ঘটনাৰ তদন্তৰ লগত যুক্ত সাংবাদিক তনুশ্ৰী পাণ্ডে আৰু প্ৰতিমা মিশ্ৰৰ অসীম সাহসিকতাৰো ভূয়সী প্ৰসংশা কৰা হয়। তদুপৰি ৰাজস্থানৰ আজমীৰত এগৰাকী দলিত মহিলাৰ দলবদ্ধ বলাৎকাৰী আৰু সদ্যহতে অসমৰ কাৰবি আংলঙৰ ডকমকাৰ লাংহিনত ডাইনী সজাই এগাৰীক মহিলাক হত্যা আৰু হত্যাকাণ্ডৰ প্ৰতিবাদকাৰী এগৰাকী শিক্ষকৰ আৰু কৰিমগঞ্জৰ শিৱানী নমঃশূদ্ৰৰ হত্যাকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবী জনোৱা হয় বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। বিবৃতিটোত আৰু কোৱা হৈছে যে মনুবাদী অৰ্থাৎ পিতৃতান্ত্ৰিক বিচাৰধাৰা ধৰ্মবিশ্বাস নিৰ্বিশেষে এক মধ্যযুগীয় পিছপৰা অতি বৰ্বৰ সামন্তবাদী চিন্তাধাৰা হোৱাৰ বাবেই পাকিস্তানৰ মুছলিম মনুবাদী প্ৰধানমন্ত্ৰী ইমৰাণ খানেও তেওঁৰ দেশৰ টিভি চেনেলসমূহক পাকিস্তানত হৈ থকা ধৰ্ষণৰ বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে। তদুপৰি ‘আইছা’য়ো অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ প্ৰশ্নপত্ৰ ফাদিল কাণ্ডৰ বাবে যৌথ বিক্ষোভ প্ৰদৰ্শন কৰে আৰু নিষ্ঠাবান সৎ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক দালাল চক্ৰৰ হাতত তুলি দি লাখ লাখ টকাৰ সদাগিৰি কৰাৰ সুযোগ কৰি দিয়াৰ বাবে অসমৰ অন্ধকাৰ ভৱিষ্যতৰ নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ দাবী কৰা হয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। আজিৰ কাৰ্যসূচীৰ নেতৃত্ব দিয়া সকলৰ ভিতৰত আছিল ব্ৰীজ প্ৰধান, চব্বিৰ আহমেদ, হীৰা মাহালি, মাধুৰী মাহালি, বীণা মাঝি, সুভাষ সেন, শিখা দাস আৰু আইছা’ৰ লুপামুদ্ৰা তামুলী, বিশাল কল, সুৰজ মাহালী, প্ৰিয়াংকা এক্কা আদি ৷

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰটোকলক চৰম ভেঙুচালি : লাচিত নগৰ আধাৰ কাৰ্ড কেন্দ্ৰত অভাবনীয় ভীৰ, গুৰুত্ব নাই জিলা প্ৰশাসন-আৰক্ষীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ স্বাস্থ্য বিভাগে কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবেই সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এচাম অসচেতন নাগৰিকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই ৷ আজি গুৱাহাটী মহানগৰীৰ লাচিত নগৰস্হিত আধাৰ কেন্দ্ৰত কোনো কভিড প্ৰটোকল নামানি সামজিক দূৰত্বৰ প্ৰতি অকণো গুৰুত্ব প্ৰদান নকৰি এনেদৰে লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গ’ল ৷ পুৱতি নিশাৰ পৰা ৰাজ্যৰ ছয়গাঁও, বকো, গোৱালপাৰা, মিৰ্জা, ৰহা, দিছপুৰ, জাগীৰোডকে ধৰি অন্যান্য স্হানৰ পৰা আধাৰ কাৰ্ড এখন পোৱাৰ আশাত লাচিত নগৰ আধাৰ কেন্দ্ৰৰ ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ তৎস্বত্বেও কামৰূপ মহানগৰ জিলা প্ৰশাসন-আৰক্ষীৰ কোনো ব্যক্তি উপস্থিতি দেখিবলৈ পোৱা নাই৷ আধাৰ কেন্দ্ৰটোৰ গেটৰ ভিতৰত পৰা এগৰাকী কৰ্মচাৰীয়ে প্ৰতি গৰাকীয়ে ব্যক্তিৰ কাগজ-পত্ৰ সংগ্ৰহ কৰে ৷ সেই সময়চোৱাত সকলোৱে নিজৰ কাগজ জমা দিয়াৰ বাবেই হেতা ওপৰা লগায় ৷ যাৰ বাবে কভিড প্ৰটোকল বুলিবলৈ একো নাথাকে ৷ তেনেস্থলত মহানগৰ আৰক্ষী-প্ৰশাসনে কোনো ধৰণৰ প্ৰদান নকাৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে ৷ এই ক্ষেত্ৰত এচাম স্হানীয় সচেতন নাগৰিকে কয় যে ৰাজ্য চৰকাৰে এফালে সামজিক দূৰত্ব বজাই ৰাখিবলৈ ঢাক-ঢোল বজাই আছে ৷ আনফালে আধাৰ কাৰ্ড পোৱাৰ আশাত সকলো স্বাস্থ্য বিভাগৰ নীতি নিয়ম জলাঞ্জলি দিছে সেয়া প্ৰশাসনে দেখিবলৈ পোৱা নাই নে ? না দেখিও চকুমুদা কুলিৰ ভাও জুৰিছে ৷ চৰকাৰৰ কোনো ধৰণৰ পলিচি নাই ৷ সেয়ে প্ৰতিখন জিলাত উপযুক্ত পৰিমানে আধাৰ কেন্দ্ৰ স্হাপন কৰিব পৰা নাই ৷ সেইবাবেই আজি কৰোনা মহামাৰীৰ সময়তো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি একাংশ সচেতন নাগৰিকে ক্ষোভ উজাৰে ৷ শীঘ্ৰেই ৰাজ্যৰ প্ৰতিখন জিলাত উপযুক্তভাৱে আধাৰ কেন্দ্ৰ স্হাপন কৰিবলৈ একাংশ উপস্থিত ৰাইজে চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷

কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদ ১০ অক্টোবৰত অসম বন্ধৰ আহ্বান

তামুলপুৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত অহা ১০ অক্টোবৰত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে। কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক প্ৰদীপ ডেকাই আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনোৱা মতে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৭৫ লাখ। এই জনগোষ্ঠীটোৱে বিগত চাৰিটা দশক ধৰি জনগোষ্ঠীটোৰ দুখ-দুৰ্গতি আৰু বিভিন্ন সমস্যাৰ কথা অসমৰ প্ৰতিখন চৰকাৰকে অৱগত কৰি আহিছে। কিন্ত আজিলৈকে কোনো এখন চৰকাৰে অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠীটোৰ সমস্যাৰাজিক অনুধাৱন নকৰিলে। ফলত জনগোষ্ঠীটোৰ সমস্যাবোৰ সমস্যা হৈয়ে ৰ’ল। যদিহে অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়াহ’লে আগন্তক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ লগতে আগন্তুক অসম বিধান সভা নিৰ্বাচন বৰ্জন কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিবলৈ জনগোষ্ঠীটো বাধ্য হ’ব বুলি প্ৰেছ বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিয়ে। ইপিনে অহা ১০ অক্টোবৰৰ ১২ ঘণ্টীয়া অসম বন্ধ সফল ৰূপায়ন কৰাৰ বাবে সৰ্বস্তৰৰ ৰাইজক আহ্বান জনাইছে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে।

ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ; চাৰি চকীয়া বাহনসহ এজনক আটক

তামুলপুৰ : তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বুধবাৰে নিশা নাগ্ৰীজুলি আৰক্ষী আৰু গুৱাবাৰী এছএছবিয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এ এছ-১২ কে-২৮৭৮ নম্বৰৰ এখন চাৰিচকীয়া বাহনসহ কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী অঞ্চলত এখন গাড়ীৰে বৃহৎ পৰিমাণৰ গাজা লৈ অহাৰ খবৰ লাভ কৰিছিল। সেই খবৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে গুৱাবাৰীৰ এছএছবিৰ সৈতে গুৱাবাৰীৰ এক ভিতৰুৱা অঞ্চলত অভিযান চলাই গোবিন্দ বচনেট নামৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত থকা বাহন খনৰ পৰা প্ৰায় ৯ কিলো ৫০০ গ্ৰাম গাজাসহ চাৰি চকীয়া বাহনখন জব্দ কৰে আৰু কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কৃষ্ণ বসুমতাৰীৰ ঘৰ ওদালগুৰি জিলাৰ কুৰুৱাবাহীত। বৰ্তমান আটকাধীন যুৱকজনক নাগ্ৰীজুলি আৰক্ষী চকীত আৰক্ষীয়ে জেৰা চলাই আছে। গাঞ্জা ব্যৱসায়ৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কৃষ্ণ বসুমতাৰীৰ জেৰাৰ অন্তত আৰু অধিক লোক আৰক্ষীৰ হাতত আটক হোৱাৰ সম্ভাৱনা আছে।

খেলপথাৰৰ বাবে হাহাকাৰ টীয়কৰ এজাক উৎসাহী প্ৰজন্মৰ

কাকজান : যোৰহাট জিলা টীয়কৰ কাকজান খেলপথাৰৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতাৰ অভিযোগ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা আঁজুৰি অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা থকা এই খেলপথাৰখনক লৈ এলাগী কৰাৰ অভিযোগ তুলি সচেতন ৰাইজে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ২০০৭ চনত কাকজান ক্ৰীড়া সন্থা আৰু কাকজান ফুটবল কচিং চেন্টাৰৰ উদ্যোগত উক্ত খেলপথাৰখনত ফুটবলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ৷ ৰাইজৰ অভিযোগ, আন্তঃগাঁথনি বিহীন খেলপথাৰখনত বোকা, গাঁত, ঘাঁহনিৰ মাজত অনুশীলন কৰি ইতিমধ্যে বহু খেলুৱৈয়ে জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সমগ্ৰ টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তথাপি খেলপথাৰখন উন্নীতকৰণৰ ক্ষেত্ৰত আজিও চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত ন’হল ৷ উল্লেখ্য যে ২০০৭ চনৰ পৰাই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই নিয়াত কাকজান খেলপথাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ইতিমধ্যে এই খেলপথাৰখনে বহুকেইগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিছে ৷ খেল’ ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত এই ক্ৰীড়া সন্থাৰ প্ৰশিক্ষাৰ্থীয়ে সফলতা আনিবলৈ সক্ষম হোৱাৰ লগতে, এই সন্থাৰে অন্যতম পাৰ্গত মহিলা খেলুৱৈ অঞ্জনা শইকীয়াই ইতিমধ্যে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গ’ল ৰক্ষক হিচাপে খেলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ তৎসত্বেও ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে থকা খেলপথাৰখনে আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল ৷ প্ৰশিক্ষকে জানিবলৈ দিয়া মতে খেলপথাৰখনৰ পুতৌজনক অৱস্থাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত থকাৰ মাজত আঘাতপ্ৰাপ্ত হৈ বহু সময়ত খেলুৱৈসকলে খেলত অংশ ল’ব নোৱাৰাৰ বহুত উদাহৰণ আছে ৷ সচেতন ৰাইজৰ অভিযোগ, যি সময়ত চৰকাৰে ক্ৰীড়া জগতৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে উদাত্ত ভাষণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰি আহিছে তেনে সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত খেলপথাৰখনৰ দূৰৱস্থাই আচলতে চৰকাৰৰ ফোপোলা স্বৰূপটোকহে উদঙাই দিছে ৷ ইমানখিনি অসুবিধাৰ মাজতো হাৰ নামানি অনুশীলনত ব্ৰতী খেলুৱৈসকলে যাতে ক্ৰীড়াক জীৱনৰ পেচা হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এতিয়া সচেতন ৰাইজে আহ্বান জনাইছে ৷

আইপিএল ২০২০

টছত জয়ীকলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ: ১৬৭ (‌ত্রিপাঠি ৮১, ব্র‌্যাভো ৩/‌৩৭)
চেন্নাই ছুপাৰ কিংছ: ১৫৭/৫ (ৱাটছন-৫০, ৰাইডু-৩০)
ফলাফল: ১০ ৰানত  কলকাতা  নাইট  ৰাইডাৰ্ছ  (কেকেআৰ) জয়ী