Home Blog Page 3171

ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা : গৃহীত হ’ল বিল

সদনত গৃহীত হ’ল আছাম ৰিপিলিং বিধেয়ক ২০২০। এই বিধেয়কৰ ভিত্তিতেই ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা। মাদ্ৰাছা ৰূপান্তৰিত হ’ব চৰকাৰী স্কুললৈ। চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় শিক্ষাৰ বিপৰীতে এতিয়া অসমৰ মুছলমানসকলে ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখিব বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। 

তীব্ৰ বাক-বিতণ্ডাৰ অন্তত ধ্বনি ভোটেৰে গৃহীত হ’ল বিধেয়কখন। মাদ্ৰাছা বন্ধ হ’লেও অব্যাহত থাকিব আৰৱী ভাষাৰ শিক্ষা। আৰু লগতে  মাদ্ৰাছাৰ শিক্ষকসকলৰ চাকৰি অব্যাহত থাকিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছা বন্ধই ৰক্ষণশীল সমাজক ৰক্ষা কৰিব বুলি উল্লেখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে সংস্কৃত টোলসমূহো বন্ধ হোৱাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ। মাদ্ৰাছা শিক্ষা লাভ কৰা সকলে ব্যৱহাৰিক শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই আন এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ। উল্লেখ্য যে বিধেয়ক গৃহীত হোৱাৰ পাছতেই সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF এ। বিৰোধীয়ে এই বিধেয়কক লৈ আইনৰ কাষ চাপিলেও বিজেপিয়েই আইনী যুঁজত জয় লাভ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

বঢ়মপুৰৰ দিন-হাজিৰা কৰা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিল ১.৩৭ লাখ টকা

নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও অঞ্চলৰ মুৰ্গীলড়াই মাজগাঁওৰ এটা দিন হাজিৰা কৰা পৰিয়ালৰ মুৰব্বী মাংৰা মূৰাৰ নামত আহিছে এমাহৰ বৈদ্যুতিক বিল ১,৩৭,৯১১ টকা । এই সম্পৰ্কত ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে তেওঁ যোৱা মাহতো বিদ্যুৎ বিল পৰিশোধ কৰিছে। প্ৰতি মাহে তেওঁলৈ বিল ১০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত আহে যদিও এইবাৰ তেওঁ এই বিলখন পোৱাৰ পিছত হতভম্ব হৈ পৰে। তেওঁ ইতিমধ্যে বিদ্যুৎ বিভাগৰ কোনো লোকৰ সৈতে যোগাযোগ কৰিছে যদিও বিষয়টো এই পৰ্যন্ত সমাধান হোৱা নাই বুলি জানিবলৈ দিছে। উল্লেখ্য যে , কেইমাহমান পূৰ্বে বঢ়মপুৰ ভকতগাঁৱৰ যোগেশ্বৰ বৰা নামৰ এজন ব্যক্তিৰ নামত এমাহৰ বিদ্যুৎ বিল হিচাপে প্ৰেৰণ কৰা হৈছিল  ত্ৰিশ হাজাৰৰ অধিক টকাৰ বিল। সেইদৰে, এবছৰ মান পূৰ্বেও বামুণী অঞ্চলৰ এজন লোকলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছিল বিল। এনেধৰণৰ আজব ঘটনা সংঘটিত হোৱাৰ আঁৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কৰ্তব্যৰ প্ৰতি অনীহা নে দায়িত্বজ্ঞানহীনতা, তাকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

নিজৰ জীৱন উচৰ্গা কৰি দেশ মাতৃৰ সেৱা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পাটকিজুলি অঞ্চলৰ ফুটবল খেলপথাৰত আজি ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা দিনযোৰা হিচাপে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । তদুপৰি দৰঙ্গা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলেও এই চিকিৎসা শিবিৰত উপস্থিত হয় নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।

সমাজকৰ্মীলৈ জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০ঃদিল্লীত উজলিল নাজিৰাৰ শুৱলা দাস

শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী ব্যৱসায়ী আনন্দ দাসৰ পত্নী শুৱলা দাসে নতুন দিল্লীত ভাৰতৰ কেইবাগৰাকী শ্ৰেষ্ঠ সমাজ সেৱক আৰু সাংস্কৃতিক কৰ্মীৰ তালিকাত অসমৰ পৰা  শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্হান দখলৰে এক সুনাম কঢ়িয়াই আনিছে।উল্লেখ্য‌ যে সমাজৰ অৱহেলিত,দৰিদ্ৰ ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগঢ়াই অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ,ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী শুৱলা দাস নতুন দিল্লীত অনুষ্ঠিত বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় বিজয় দিৱস অনুষ্ঠানলৈ অসমৰ অন্যতম শ্ৰেষ্ঠসমাজ সেৱক হিচাপে আমন্ত্ৰিত হয়।এই অনুষ্ঠানতে সমাজৰ অৱহেলিত,দৰিদ্ৰ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগবঢ়োৱাৰ উপৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে অসমৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শুৱলা দাসক “বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০বঁটা প্ৰদান কৰে বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ সঞ্চালক ড০ এচ এন খুবাই।এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্হিত থাকে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু শ্ৰম অধিকাৰ মন্ত্ৰী ৰামদাস অঠাচেল,লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ,বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে দিল্লী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম,ৰাজ্য সভাৰ সাংসদ ড০সত্য নাৰায়ন জাঠিয়া,লোক সভাৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং,বিশেষ অতিথি হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ড০ এন ডি আৰ চন্দ্ৰাকে প্ৰমূখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্হিত থাকে ।এই অনুষ্ঠান অসমৰ আনকেইবাগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হয় ।

গোৱালপাৰাৰ ৰনুৱাত AIUDF দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

সমাগত বিধানসভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল ৷পিছে এনে ক্ষনত পিছ পৰি নাথাকিল গোৱালপাৰ জিলাৰ পুৱ গোৱালপাৰা সমষ্টি ৷সমষ্টিখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে AIDUF দলৰ ৷দলটোৰ জিলা উপ সভাপতি তথা টিকট প্ৰত্যাশী প্ৰাৰ্থী যুৱ নেতা আবুল কালাম হুছেইনে সমষ্টিখনৰ চুকেকোণে যুদ্বংদেহী মনোভাৱেৰে সৰু বৰ সভা সমিতি অনুষ্টিত কৰি দলৰ হাত মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ইয়াৰ মাজতে মঙ্গলবাৰে নিশা সমষ্টিখনৰ ৰনুৱাত অনুষ্টিত হয় এক বিশাল নিৰ্বাচনী সভা ৷প্ৰায় দুই সহশ্ৰাধিক ৰাইজে উপস্তিত থকা জন সভাখনত যুৱনেতা আবুল কালাম হুছেইনে ভাষন প্ৰদান কৰে ৷ভাষনত তেও দলৰ হৈ কৰা অশেষ কষ্টৰ কথা ব্যাখ্যা কৰি দলৰ হাত মজবুত কৰিবলৈ উপস্তিত ৰাইজক আহ্বান জনায় ৷ভাষনত যুৱ নেতাজনে আগন্তক নিৰ্বাচনত তেওক দলে টিকট প্ৰদান কৰিলে নিশ্চত ৰূপে নিৰ্বাচিত হোৱাৰ কথাকৈ গৰিষ্ঠ সংখ্যক আসন দলে লাভ কৰিব বুলি দাবী কৰে ৷সভাত তেওৰ সহধৰ্মিণী তথা কেন্দ্ৰীয় কমিটিৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী জেৰিনা বেগমে উপস্তিত থাকে ৷সভাত যুৱ নেতা হুছেইনে শক্তিশালীৰূপে অৱৰ্তীৰ্ন হৈ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিখন দলৰ হাতলৈ দখল কৰাৰ ৰনকৌশল প্ৰস্তত কৰি দিনে নিশাই নামি পৰিছে প্ৰচাৰ সভাত ৷সভাত কেৱাজন বিশিষ্ট ব্যক্তিয়ে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰে সমালোচনা কৰি NRC আৰু মাটিৰ পট্টা সম্পৰ্কে  ভাষন দি বিজেপি দলে দলৰ সভাপতি বদৰুদ্দিন আজমলক TARGET কৰি লোৱা বুলি তীব্ৰ সমালোচনা কৰে ৷লগতে আগন্ততক নিৰ্বাচনত এই সমষ্টিৰ পৰা দলৰ উপ সভাপতি যুৱ নেতা আবুল কালাম হুছেইনে বিপুল ভোটত নিৰ্বাচিত হোৱাৰ দাবী কৰে ৷ঠেটুৱ পৰা জাৰতো দুপৰ নিশালৈ সভাখনত জিলা কমিটিৰ উপ সভাপতি ৰমজান আলী.জিলা যুৱ মৰ্চাৰ উপ সভাপতিদ্বয় জালাল সেখ.সাইদুল সিখদাৰ.জিলা যুৱ মৰ্চাৰ সাংগাঠনিক সম্পাদক আমজাদ আলী. সমষ্টি কমিটিৰ সাধাৰন সম্পাদকদ্বয় আব্দুৰ ছামাদ. নাছিৰ আলী আহমেদ. সমষ্টি যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি জংসেদ আলম. সাধাৰন সম্পাদক প্ৰশাসনিক লাহুল ইছলাম আদি কৰি গন্যমান্য ব্যক্তি সকল উপস্তিত থাকে ৷উল্লেখ্য যে সভাৰ আগে আগে উপস্তিত সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায় সম্পৰ্কে আলোচনা চক্ৰ

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত মংগলবাৰে সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায়(A Symposium on protection of women from harassment at present situation) সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানতিৰ আতঁ ধৰে শিক্ষা বিভাগৰ অধ্যাপিকা ৰানী বৰাই। অনুষ্ঠানটিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি জেষ্ঠ অধিবক্তা দিপ্তী ফুকনে নাৰীয়ে বিভিন্ন ক্ষেত্ৰত সন্মুখিন হোৱা নিৰ্যাতন আৰু তাৰ বাবে পাব পৰা আইনী সুৰক্ষাৰ উপয় সমূহৰ বিষয়ে আলোচনা কৰে। আন এগৰাকী সমল ব্যক্তি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অধিবক্তা অসমী কলিতাই নাৰী সজাগতা সম্পৰ্কে বহুল ব্যখ্যা আগবঢ়াই। জেষ্ঠ অধ্যাপক দেৱজিৎ মহন্ত, ড০ বীনা কলিতা, নাচৰিন আহমেদ ভাষন প্ৰদান কৰা অনুষ্ঠানটিত অধ্যাপক দিলীপ ভূঞা, হেময়ন্তী ডেকা, প্ৰাঞ্জলী মহন্ত, লিপিকা আফৰুজকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে।

এই পি এচ চিত স্থান লাভ কৰাসীমা দেবী ইয়েনক টি,এম,পি,কে,ৰ অভিনন্দন

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলি উঠা সীমা দেবী ইয়েনক সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি,এম,পি,কে,ৰ তৰফৰ পৰা অলপতে অভিনন্দন জ্ঞাপন কৰা হয়। কৰ্ম সুত্ৰে যোৰহাট নগৰৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ আ‌য়োগৰ বিষয়া ঘনকান্ত ইয়েন আৰু মিনতি ইয়েনৰ কন্যা সীমা দেবী ইয়েনৰ সফলতাৰ বাবে জনোৱা অভিনন্দনৰ কাৰ্যসূচীত সদৌ মিচিং ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিচং , বাঁহফলাস্থিত শ্ৰী শ্ৰী বিষ্ণু দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঙিলী দলেকে ধৰি কেইবা গৰাকীও গন্য মান্য লোক উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত সকলোৱেই সীমা দেবী ইয়েনক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবৰ বাবে আহ্বান জনায়।মোঃ ৯৮৫৯৮২৫৩৬৬

অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

” সাম্প্ৰতিক সময়ত অসমীয়া ভাষা , সাহিত্য – সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট আহিব ” ড০ জীৱন কলিতাদিলীপ হাজৰিকা : নাজিৰা : ৩০ ডিচেম্বৰ : –  অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন ” অসম সাহিত্য সভাৰ ” ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ চণ্টক বিহুবৰ শাখা সভাৰ সহযোগত বিহুবৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে উদযাপন কৰা হয় । পুৱা জিলা শাখাৰ সভাপতি যোগ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলাৰ পিছতে বিশিষ্ট সমাজকৰ্মী অতুল চেতিয়াই স্মৃতি তৰ্পণ , ঘন বৰুৱাই বন্তি প্ৰজ্বলন আৰু বিহুবৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আলহাজ আলিমুদ্দিন আহমেদে বৃক্ষ ৰোপণৰ শুভাৰম্ভণি কৰে । বিশিষ্ট চিত্ৰ শিল্পী আলী হাইদৰে চিত্ৰাংকণ প্ৰতিযোগিতা  উদ্বোধন কৰাৰ পিছতে জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনোৱা টায়ে । সভাত বিশিষ্ট গল্পকাৰ – জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অধ্যাপক ডঃ জীৱন কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত অসম তথা অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি আৰু জাতীয় জীৱনলৈ সংকট নমাই আনিছে জাতি , মাটি ,  ভেটি ৰক্ষাৰ জয়ঢোল বজোৱা সকলে । এনে সময়ত ভাষা , সাহিত্য , সংস্কৃতি সুৰক্ষিত নহ’লে জাতি , মাটি , ভেটি সুৰক্ষিত হোৱাটো নিশ্চিত নহয় । গতিকে  জাতি – জনগোষ্ঠী ঐক্যবদ্ধ হৈ মাৰবান্ধি ঠিয় হৈ ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে জাতিৰ অস্তিত্বলৈ সংকট নামি অহাতো নিশ্চিত বুলি মত পোষণ কৰে ড: জীৱন কলিতাই । সভাত অসম চাহ জনজাতি সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্মাদক বসন্ত ৰাজোৱাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠী আৰু অসমীয়া সাহিত্যৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য দাঙি ধৰে । সভাত বিশিষ্ট সমাজকৰ্মী জগত চুৰী , আলহাজ আলিমুদ্দিন আহমেদ , ঘন বৰুৱা , অনিল লোহাৰ , আনাউৰ ইছলাম , নৱ পাংগিঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত স্থানীয় ছাত্র – ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্য – গীতেৰে অনুষ্ঠান জীপাল কৰি তোলে । 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সমাজ শাস্ত্ৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ মণি শইকীয়াই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ সমাজ শাস্ত্ৰ বিষয়ত মণি শইকীয়াই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি নাজিৰা মহকুমা তথা শিৱসাগৰ জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নাজিৰাৰ ঐতিৰ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ সমাজ শাস্ত্ৰ বিষয়ৰ মুঠ ৪০০ নম্বৰৰ ভিতৰত ৩৩৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা মণি শইকীয়া নাজিৰাৰ মঠিয়াছিগা নাওঁ শলীয়া গাঁৱৰ নিবাসী বিনয় শইকীয়া আৰু চুনু শইকীয়াৰ কন্যা । এই কৃতিত্বৰ বাবে অঞ্চলটোৰ ৰাইজে আনন্দোল্লাসেৰে মণিক অভিনন্দন জ্ঞাপন কৰিছে ।

মিৰ্ছেচ ইণ্ডিয়া প্ৰতিযোগিতাত খিতাপ অৰ্জন গহপুৰৰ শিক্ষয়িত্ৰী ছায়া গোস্বামীৰ

বেদেতীৰ জীয়ৰী তথা গহপুৰৰ বোৱাৰী শ্ৰীমতী ছায়া গোস্বামীয়ে মিছন ড্রিমছ ৰ সৌজন্যত কলিকতাত অনুষ্ঠিত সৰ্বভাৰতীয় মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত  মিছেছ দিভা খিতাপ অৰ্জন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে  |  সৰ্বভাৰতীয় পৰ্যায়ত প্রথমতে ভোটিং আৰু তাৰ পিছত টেলেন্ট ৰাউণ্ড , নেচনেল কষ্টিউম ৰাউণ্ড , ককটেইল ৰাউণ্ড,  ইভিনিং গাউন ৰাউণ্ড  তথা প্রশনোততৰ ৰাউণ্ড এই কেইটি ৰাউণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত  ছায়া গোস্বামীয়ে বিজয়ীৰ সন্মান অৰ্জন কৰে  |  বিজয়ী সূত্রে শিক্ষয়িত্রী গৰাকীয়ে মিছেছ দিভাৰ  মুকুট  ,  এখনি বস্ত্ৰ  , ট্ৰফী আৰু নগদ ধন লাভ কৰে  |  ছায়া গোস্বামী বেদেতীৰ অৱসৰপ্রাপত শিক্ষক শ্রীযুত কীৰ্তি গোস্বামী  আৰু শিক্ষয়িত্রী অম্বিকা গোস্বামীৰ কন্যা তথা গহপুৰৰ ৰজাবাৰীৰ শ্ৰী যুত ভৱেশ বৰাৰ পত্নী  |পেছাত এগৰাকী শিক্ষয়িত্রী ছায়া গোস্বামীৰ এই সফলতাত সমগ্ৰ অসমবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে আৰু তেখেতৰ উজ্বল ভৱিষ্যত কামনা কৰিছে  |