Home Blog Page 3171

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বৰ্ধনা

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত কালি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা এখন জনজাতি গামোচা, শৰাই, মানপত্ৰ, ফুলৰ মালৰ লগতে অন্যান্য সামগ্ৰীৰে ৰাষ্ট্ৰীয় নেতাগৰাকীক সম্বৰ্ধনা জনায় ৷ ইয়াৰ উপৰিও মহানগৰ জিলাৰ অন্তৰ্গত মৰ্চ, কোষ আৰু ১২টা মণ্ডলৰ বিষয়ববীয়াসকলে দিলিপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত সমল ব্যক্তি হিছাপে বিধায়ক অতুল বৰা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, জি এম ডি এৰ উপাধক্ষ্য মুকুতা ডেকা, এমট্ৰনৰ উপাধক্ষ্য ৰিতুবৰন শৰ্মা, এচ চি মৰ্চাৰ ৰাজ্যিক সভাপতি নবৰুণ মেধি উপস্থিত থাকে ৷ সভাৰ আৰম্ভণিত জিলা সভাপতি মৃগেন শৰণীয়াই আদৰণী ভাষণ আগবঢ়ায়৷ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সম্বৰ্ধনা গ্ৰহণ কৰি কয় কাৰ্য্যকৰ্তাৰ মূল্যায়ন কৰা দলটোৱে হ’ল ভাৰতীয় জনতা পাৰ্টি ৷ দলৰ প্ৰতিগৰাকী কাৰ্য্যকৰ্তাই বিভিন্ন সময়ত ঘাট প্ৰতিঘাটৰ লগতে অশেষ ত্যাগ কৰিব লগা হৈছিল ৷ সেইবাবেই হয়তো অটল বিহাৰী বাজপেয়ীৰ মনৰ বিশ্বাস আজি বাস্তৱত প্ৰতিফলিত হৈছে বুলি শইকীয়াই উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ পৰিক্ৰমা আজিলৈকে উভতি চাবলগীয়া হোৱা নাই ৷ ২০১১ চনৰ আগৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় সেই সময়চোৱাত বিজেপি বুলি কলে মানুহে হাঁহিছিল ৷ মানুহে অসমত বিজেপি চৰকাৰ হ’ব বুলি ভবা নাছিল ৷ এই কাৰ্য্যকৰ্তাসকলৰ অশেষ ত্যাগৰ ফলত আজি ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে পুনৰ কয় যে মোৰ কোনো গৌৰৱ ,অহংকাৰ ভাব নাই ৷ মই এতিয়াও এগৰাকী সাধৰন কৰ্মীৰ দৰে অনুভৱ কৰো ৷৷ ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত যাব পৰাটো উত্তৰ পুৰ্বাঞ্চল তথা অসমৰ গৌৰৱ বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ বিষয়ববীয়া, মৰ্চা , মন্ডলৰ প্ৰায় পাচ শতাধিক সদস্য উপস্থিত থাকে ৷৷

দুৰ্ঘটনাত পতিত বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। কথমপি ৰক্ষা ৰকিবুল হুছেইন

নগাঁও, ১০ অক্টোবৰ : আজি বিয়লি এক দুৰ্ঘটনাত পতিত হয় বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। ৰহা ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ আজি বিয়লি নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৰকিবুল হুছেইন। গাড়ীৰ আগেদি এটা গৰু পাৰ হৈ যোৱাৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষৰ্দশীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোত সৌভাগ্য ক্ৰমে ৰকিবুল হুছেইন ৰক্ষা পৰে যদিও ভৰিত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ইপিনে গাড়ী খনৰ চালক জন গুৰুতৰ ভাবে আহত হয় । দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিৰোধী দলৰ উপ দলপতি জনৰ ইন’ভা গাড়ী খনৰ সন্মুখ ভাগ ভাঙি চুৰমাৰ হয়।

কানাডাত কৰুণ মৃত্যুক আকোঁৱালি ল’লে অসমৰ যুৱকে : দু:সাহসিক ক্ৰীড়াই কাল হ’ল অৰণ্যমৰ

নগাঁও, ১০অক্টোবৰ: অৰণ্যম বৰা, অসমৰ পৰা গৈ কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ত চুপাৰমেন হিচাপে পৰিচিত হোৱা অৰণ্যমৰ সাহসক লৈ লগৰীয়া বন্ধু তথা কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ মাজত চলিছিল চৰ্চা। শৰীৰ চৰ্চা, গীত-নৃত্যৰ উপৰিও যাদু প্ৰদৰ্শনৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা অৰণ্যমে প্ৰাণ ভৰি ভালপাইছিল প্ৰকৃতিক। কানাডাৰ চেইণ্ট থমাছ বিশ্ববিদ্যালয়ত গণসংযোগ আৰু ৰাজনীতিবিজ্ঞান বিভাগত অধ্যয়ণ কৰিবলৈ যোৱা অৰণ্যমে সুযোগ পালেই কানাডাৰ বন্ধু-বৰ্গক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা কৰিছিল। অৰণ্যমৰ মুখত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা শুণি চিৰদিন অসমৰ অসমীয়া হোৱাৰ সপোন দেখিছিল অৰণ্যমৰ প্ৰেয়সী তথা কানাডাৰ নাগৰিক মিলি স্কোৱাৰে। কিন্তু মিলিৰ সেই সপোন মাথো সপোন হৈয়ে ৰ’ল। কাৰণ সুউচ্চ নদীবান্ধৰ পৰা জপিয়াই নিজৰ ভিডিঅ’ বনোৱাৰ দুৰ্বাৰ হেপাহেই চীৰদিনৰ বাবে শেষ কৰি দিলে অসম তথা ভাৰতৰ এটি প্ৰতিভাক। অসমৰ মুখ্য বনসংৰক্ষক উৎপল বৰাৰ একমাত্ৰ পুত্ৰ তথা ২২বছৰীয়া যুৱক অৰণ্যম বৰাই যোৱা ২৩ছেপ্টেম্বৰত কানাডাৰ মেকাটুৱেক নদীৰ বান্ধত ক্লিফ ডাইভিং অৰ্থাৎ সুউচ্চ বান্ধৰ পৰা জপিয়াই প্ৰাণ হেৰুৱাই। কিন্তু এই কাৰ্যত পাৰ্গত আছিল অৰণ্যম। ইয়াৰ পূৰ্বেও লগৰীয়াৰ লগত ২৫ডলাৰৰ বাজি লগাই ইয়াতকৈও উচ্চতাৰ দলঙৰ পৰা নদীত ক্লিফ ডাইভিং কৰি সকলোকে চমক দিছিল অৰণ্যমে। কিন্তু ২৩ছেপ্টেম্বৰত যেন মৃত্যুয়ে হাতবাউলি মাতিছিল অৰণ্যমক। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মিলিয়ে দিয়া ভাষ্য অনুসৰি অৰণ্যমে মিলিক প্ৰতিমুহুৰ্ততে ফোন কৰি খবৰ লৈছিল। কিন্তু ২৩ছেপ্টেম্বৰত মিলিৰ ফোন উঠোৱা নাছিল অৰণ্যমে। ২৪ছেপ্টেম্বৰত অৰণ্যমৰ সৈতে যোৱা বন্ধুয়ে মিলিক জনাইছিল সেই দু:সংবাদ। ইয়াৰ পিছতে শোকত ভাগি পৰিছিল মিলিৰ লগতে ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ।অৱশেষত আজি কানাডাৰ পৰা আহি নগাঁৱত উপস্থিত হয় অৰণ্যমৰ মৃতদেহ। প্ৰকৃতি ভালপোৱা অৰণ্যমৰ বাবে পিতৃয়ে নগাঁৱৰ কঠিয়াতলিত নিৰ্মান কৰিছিল এক কৃষিপাম। পুত্ৰক ভাৰতলৈ আহিলে এই কৃষিপামখন উপহাৰ দিয়াৰ মানসৰে গোপনে সেই পাম খন সুন্দৰকৈ সজাই-পৰাই তুলিছিল পিতৃয়ে। পিছে সেই কৃষিপামতে আজি অন্তিম সৎকাৰ কৰা হ’ল অৰণ্যমক।

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

নগাঁও : নগাঁও ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা নগাঁও আৰু নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভা খনিত সভাপতিত্ব কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন নাথে৷ উক্ত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল পাটৰ, নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদ (DPO), জেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামী আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মা ৷ আজিৰ সমাজত মানসিক ৰোগী সকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি নগাঁৱৰ মনোৰোগ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে আগবঢ়োবা আদৰণী ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰে মানসিক ৰোগী সকলৰ বিভিন্ন দিশ সমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মতপ্ৰকাশ কৰি তেওঁ এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই মানসিক ৰোগীসকলৰ উৎকৰ্ষ সাধন সম্পৰ্কত এক ভাষণ প্ৰদান কৰে। নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন”ৰ এজন অন্যতম বিষয়ববীয়া জ্যোতিপ্ৰসাদ বৰাই আঁ‌তধৰা অনুষ্ঠানটোত জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ দ্বাৰা “জ্ঞানম-সুন্দৰম” নামৰ এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷ জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱিকা মনিমালা বৰাই শলাগৰ শৰাই আগবঢ়োৱা সজাগতা সভাখনিত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ কৰ্মচাৰী ক্ৰমে-গীতামনি বৰুৱা, (নৈদানিক মনোবিজ্ঞানী) অবনিতা শইকীয়া (তথ্য সংগ্ৰাহক)ৰ ওপৰি অন্যান্য কৰ্মচাৰী সকল উপস্থিত থাকে ৷

ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখলক লৈ চৌদিশে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। মাটি দখলৰ অভিযোগ পালেগৈ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়

হোজাই : হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত ২০ বছৰৰ পৰা চলিছে ভাড়াঘৰত, ডবকা নগৰৰ মাজমজিয়াত মাটি থকা সত্বেও নিৰ্মাণ কৰা হোৱা নাই কাৰ্যালয়খন, মাটি দখলৰ অভিযোগ তুলি এটা চক্ৰই অভিযোগ দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত। অসম বিধান সভাতো স্থান পাইছিল ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখল প্ৰসংগটো। এই লৈ হোজাই জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ডবকা ৰেভিনিউ কিচামতৰ 132 নং মাদ্যী পট্টাৰ 206 নং দাগৰ মনুচুকা মহেশ্বৰী আৰু পুছুৰাজ মহেশ্বৰী নামৰ দুজন মাৰোৱাৰী লোকৰ মাটি বিগত 5/3/19 তাৰিখে খৰিদদাৰ সূত্ৰে 476 আৰু 477 নং দলিল মৰ্মে ডবকাৰ বিৰেন কুমাৰ খাখোলীয়া, চৰাফতসহ অন্য দুজনৰ নামত নামজাৰি হোৱাৰ পিছতেই তৃতীয় পক্ষৰ একাংশ লোকে বিষয়টো অন্য ৰূপ দিয়াৰ অভিযোগ কৰিছে বিৰেন কুমাৰ খাখোলীয়াই। লগতে চক্ৰটোৱে জধে মধে ভুৱা অভিযোগ দাখিল কৰাৰো অভিযোগ উত্থাপন হৈছে। তদানীন্তন চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ নামো সাঙুৰ খোৱাই চক্ৰটোৱে সামাজিক মাধ্যমত অপপ্ৰচাৰত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে। উক্ত চক্ৰটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে খাখোলীয়াই। প্ৰাপ্ত তথ্য অনুযায়ী ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গ ডবকা ৰেভিনিউ কিচামতৰ 132 নং ম্যাদি পট্টা 206 নং দাগৰ মনুচুকা মহেশ্বৰী পিতা ৰঘুলাল আৰু পুছুৰাজ মহেশ্বৰী পিতা উদয় চান্দ, নামৰ দুজন ব্যক্তিৰ নামত 4 বিঘা 17 লোচা ম্যাদি মাটি NRQ1/75/19 নং চিঠি মৰ্মে, 7/5/1976 চনত ইকুয়েচন বাবত পট্টাৰ পৰা ৰদ কৰি গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ বাবে চৰকাৰীকৰণ কৰা হৈছিল। তাৰ পিছতেই মনুচুকা মহেশ্বৰী আৰু পুছুৰাজ মহেশ্বৰী য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্ত হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 63/86 নং গোচৰৰ হুকুম মৰ্মে, তেতিয়াৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ৰাজহ নগাঁও বিভাগে NRK 22/92 (A) 5/5/92 তাৰিখে চাবেক পট্টা দাৰ সকলৰ নামত বাহাল ৰাখে, পিছত 51/05_06 নং গোচৰ মৰ্মে 20/4/2006চনত 206 দাগৰ অংশ সুত্ৰে উ: দ: সূত্ৰে হনুমান দাস মহেশ্বৰী চম্পা লাল মহেশ্বৰীৰ নামত নামজাৰি হয়, তাৰ পিছত উক্ত তাৰিখতেই চম্পালল মহেশ্বৰীৰ স্থলত উ: দ: সূত্ৰে শীতাৰাম, লক্ষী নাৰায়ণ, শীৱ ভগৱান মহেশ্বৰী আৰু মাতৃ ভতি দেৱীৰ নামত নামজাৰি কৰা হয়। তাৰ পিছত 5/3/19 তাৰিখে 476 আৰু 477 দলিল মৰ্মে 27/3/19 বৰ্ষত HOJ/DAB/2018/_19/281আৰু 282 OMUT গোচৰ মৰ্মে বিৰেন কুমাৰ খাখোলীয়াসহ অন্য তিনিজনৰ নামত নামজাৰি হোৱাৰ পিছতেই ঘটনাটো অন্য ৰূপ ধাৰণ কৰিছে। বিগত বহু বছৰৰ পৰা মাটি ডোখৰ পৰিতক্ত অৱস্থাত পৰি আছিল, মাটিৰ গৰাকী কলকাতা আৰু ৰাজস্থানত বসবাস কৰি আছে। উক্ত মাটিৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিও পৰিতক্ত অৱস্থাত পৰি থকাৰ সুবাদতে এটা চক্ৰয় মাটি ডোখৰত সেন চকু ৰখাৰ চৰ্চা চলিছে, ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ SK ৰিজুমনি কটকিয়ে কোৱা মতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটি বেদখল হোৱা নাই আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ে কাৰো মাটি দখল কৰা নাই এয়া এক মিছা প্ৰচাৰ। বৰঞ্চ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিৰ ওপৰেৰে ডিফুলৈ যোৱা গড়কাপ্তানী ৰাস্তা বৈ গৈছে, গঢ়কপ্তানি ৰাস্তাৰ মাটি হে এটা চক্ৰই দখল কৰি দোকান পাঠ সাজি দখল কৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তদানীন্তন ডবকা নগৰৰ লাঠ মণ্ডল তথা বৰ্তমান ভাৰপ্ৰাপ্ত S. K ৰিজুমনি কটকিয়ে। প্ৰশাসনৰ সঠিক তদন্তৰ পিছতেই জলজল পটপট হৈ পৰিব বুলি দাবী কৰিছে ভাৰপ্ৰাপ্ত কানুনগৰ কটকিয়ে।

নাজিৰা, নামটি আৰু গেলেকীৰ পৰা বহিঃৰাজ্যলৈ চোৰাং গৰু সৰৱৰাহ : নীৰৱ আৰক্ষী প্ৰশাসন

গেলেকী : শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহৰ লগতে সদৰৰ উপকণ্ঠৰ নগৰ, গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলসমূহৰ পৰা বহিঃৰাজ্যলৈ গৰু চোৰাং চক্ৰই ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। নাগালেণ্ডকে ধৰি ভাৰত বাংলা সীমান্তইদি কেৱল গৰুৰ চোৰাং ব্যৱসায়ই নহয়, সীমান্ত পথেদি অব্যাহত আছে দেশৰ প্ৰতি ভাবুকি অনাৰ দৰে আন বহু অপৰাধজনিত কাৰবাৰ ৷ সম্প্ৰতি গৰুৰ চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে নীৰৱ ভূমিকা পালন কৰি আহিছে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন নতুবা নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনে। লগতে এই দুষ্ট চক্ৰ সমূহে পূৰ্বৰ তুলনাতকৈও দুগুণ অধিক হাৰত দৈনিক অপৰাধমূলক কাৰ্য বৃদ্ধি কৰি অহাটো নুই কৰিব নোৱাৰি। উল্লেখ্য যে বিগত দিনকেইটাত গো-মাফিয়া চক্ৰই নাজিৰাৰ লিগিৰীপুখুৰী চাহ বাগিচা, গড়আলি, চকীমুখ, বিহুবৰ চাহ বাগিচা, মেকিপুৰ চাহ বাগিচা, নামটিৰ মেজেঙ্গা, মিছাজান, গেলেকীৰ হাতীপটি চাহ বাগিচা, জ্যোতি নগৰ, বগিচাপৰি, কলগাওঁ, বামগাওঁ, লক্ষ্মীজান চাহ বাগিচা, লাহনগাওঁ, শিঙিবিল, মুগাপাৰা, ঢেকীয়াজুৰি, চৰাইসঁজীয়া, সোণাপুৰ, মোডী নগৰ চাহ বাগিচা, শিৱবাৰী চাহ বাগিচা আৰু শিমলুগুৰিৰ বকতা, চণ্টক, বিহুবৰ, লাকুৱা ইত্যাদি অঞ্চলৰ পৰা চোৰাং চক্ৰই গৰু ট্ৰাকেৰে নিশা বহিঃৰাজ্যলৈ সৰৱৰাহ কৰি মুনাফা অৰ্জন কৰি গৈছে। ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সদৰি কৰা অনুসৰি উজনিৰ পৰা বাংলাদেশলৈ চালান দিয়া গৰুৰ মূল্যৰ বৃহৎ পৰিমাণৰ টকা সম্পূৰ্ণ অবৈধভাৱে হাৱালাৰ জৰিয়তে লেন দেন কৰা হয়৷ যি দেশৰ প্ৰতি চৰম ভাবুকি তেনে আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰত জড়িত হৈ থকা চোৰাং ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন অপৰাধজনিত কাৰবাৰ তথা দেশ বিৰোধী চক্ৰৰ সৈতে জড়িত হৈ ব্যৱসায় অব্যাহত ৰাখিছে৷ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছে যে যোৱা কিছু দিনৰ পৰা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ স্থলপথেৰে কিছু হ্ৰাস পাইছে। যদিও নদীপথেৰে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত আছে৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি দীৰ্ঘ দিনে গো মাফিয়া ছিণ্ডিকেট চক্ৰই চলাই গৈছে ভয়াৱহ চোৰাং কাৰবাৰ৷ যাৰ প্ৰভাৱ উজনিৰ শিৱসাগৰ জিলা নাজিৰাত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে।

কৰ্মচাৰীৰ অভাৱত এবছৰে খুলিব পৰা নাই একাউণ্ট

দিপীলা : অসম গ্ৰামীণ বিকাশ বেংক দুনী শাখাত অথন্তৰ ৷ এবছৰে শাখাটোত ৰাইজে খুলিব পৰা নাই একাউণ্ট ৷ ইয়াকে লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে অসম চৰকাৰে ৰাজ্যৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে প্রতিজন ছাত্ৰ-ছাত্ৰীক ৩০ নৱেম্বৰৰ ভিতৰত একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছে যদিও দুনী গ্ৰামীণ বিকাশ বেংকৰ এলেকাৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান একাউণ্ট খুলিবলৈ সমৰ্থ হোৱা নাই ৷ অৰুনোদয় আঁচনি, জৱকাৰ্ড, বৃদ্ধ পেঞ্চন আদিকে ধৰি বিভিন্ন আঁচনিৰ বাবে বেংক একাউন্টৰ প্ৰয়োজন যদিও বেংকৰ একাউন্ট খুলিব নোৱাৰি বঞ্চিত হৈছে হিতাধিকাৰী সকল ৷ বেংকৰ শাখাটোত একাউণ্ট খুলিবলৈ গৈ হতাশ মনেৰে ঘৰলৈ উভতি যাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ জনতা ৷ আনহাতে বেংকৰ শাখাটোৰ কৰ্মচাৰীৰ দুব্যৱহাৰে অতিষ্ঠ কৰিছে গ্ৰাহক সকলক ৷ প্ৰাপ্ত তথ্যত জানিব পৰা মতে অসম গ্ৰামীণ বিকাশ বেংক দুনী শাখাটোত মেনেজাৰ এগৰাকী, সহকাৰী মেনেজাৰ এগৰাকী, কোষাধ্যক্ষ দুগৰাকী আৰু পত্ৰবাহক এগৰাকী থাকিব লাগে যদিও আজি প্ৰায় এবছৰৰ পৰা শাখাটোত আছে এগৰাকী মেনেজাৰ আৰু এগৰাকী কোষাধ্যক্ষ ৷ যাৰ বাবে বেংকৰ শাখাতোত পাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে সাধাৰণ জনতা ৷ ইফালে বেংকটোৰ অধীনৰ গ্রাহক সেৱা কেন্দ্রসমূহতো বহুদিনৰ পৰা নলবাৰী ৰিজনেল অফিচে বন্ধ কৰি থৈছে একাউণ্ট খোলাৰ সুবিধাৰ পৰা ৷ দুনীস্থ বেংক শাখাটোৰ অধীনৰ ৰাইজে অভিযোগ কৰা অনুসৰি চিএচপি কেন্দ্র সমূহত বিগত এবছৰ ধৰি সকলো ধৰণৰ একাউন্ট খোলা বন্ধ কৰি থোৱাৰ ফলত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক স্কলাৰশ্বিপকে আদি কৰি বিভিন্ন আচঁনিৰ অধীনত প্রদান কৰা সা- সুবিধা সমূহ স্হানীয় চি এচ পি কেন্দ্রৰ যোগেদি পাব লগা সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হৈছে। আনহাতে একাংশ অভিভাৱকে সন্তানক লগত লৈ একাউন্ট খুলিবলৈ তাত বাটি কৰি ফুৰিছে। পিছে অঞ্চলটোৰ একাংশ গ্রাহকে এই ক্ষেত্ৰত কেইবাদিনো গ্রাহক সেৱা কেন্দ্রসমূহত গৈ হতাশ মনেৰে উভতি আহিব লগা হৈছে। মনকৰিবলগীয়া কথাতো হ’ল গ্রাহক সেৱা কেন্দ্রসমূহে গ্রামাঞ্চলত গ্রাহকক উপযুক্ত সেৱা আগৱঢ়ায় উপকৃত কৰি আহিছে যদি এইক্ষেত্ৰত একাউন্ট খোলা প্রক্ৰিয়াটো বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰি থোৱাত কেন্দ্রসমুহ ৰাইজৰ সমালোচনা সন্মুখীন হ’ব লগা হৈছে গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক সকল। অঞ্চলটোৰ ক্ষুব্ধ গ্রাহকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক শীঘ্রে গ্রাহক সেৱা কেন্দ্রসমূহত গ্রাহকৰ একাউন্ট খুলিবলৈ দাবী জনোৱাৰ লগতে তৎকালে দুনী গ্ৰামীণ বিকাশ বেংকত কৰ্মচাৰী নিয়োগ কৰিবলৈ দাবী জনাইছে ৷

অসমৰ মাটিত বদৰুদ্দিন সম্পকীয় কথা বতৰা নপতাই ভাল : পদ্ম হাজৰিকা

জামুগুৰিহাট, ৯ অক্টোবৰ:- অসমৰ মাটিত বদৰুদ্দিন আজমল সম্পকীয় কথা বতৰা আজিৰ তাৰিখত নপতাই ভাল। কাৰণ তেওঁ লোকৰ চিন্তা, লক্ষ্য, পৰিকল্পনা, আচনি সকলো খিলঞ্জীয়া বিৰোধী । এই মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ। গোৱালপাৰা জিলাৰ কাৰবালাত অনুষ্ঠিত ৰাজহুৱা সভাৰ বেনাৰত অসমীয়া ভাষাৰ পৰিবৰ্তে আজমলে আৰবী ভাষা ব্যৱহাৰ কৰাৰ সম্পকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে আজি জামুগুৰিহাটত এইদৰে কয়ে। চতিয়াৰ বিধায়ক গৰাকীয়ে লগতে খিলঞ্জীয়া বিৰোধী এই শক্তিটোক প্ৰতিৰোধ কৰিবৰ বাবে সকলো একত্ৰিত হৈ খিলঞ্জীয়া ৰাইজে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে।

নগাঁও মহাবিদ্যালয়ৰ অভিনৱ প্ৰচেষ্টা : প্ৰব্ৰজনকাৰী শ্রমিকক সংস্থাপনৰ বাবে প্ৰশিক্ষণ

নগাঁও, ৯অক্টোবৰ : নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ক’ৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তৰ পৰা নগাঁও জিলালৈ প্ৰব্ৰজিত শ্ৰমিকৰ স্বনিয়োজনৰ বাবে আলংকাৰিক মৎস্য পালন, একুৰিয়াম নিৰ্মাণ, কাঠফুলাৰ খেতি, কেচু সাৰ উৎপাদন আৰু ব্যবসায়ৰ বাবে ১৬ আগষ্টৰ পৰা মাহ জোৰা কাৰ্যসূচী এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰথম পৰ্যায়ত ১২ গৰাকী প্ৰব্ৰজিত শ্ৰমিকক উদ্ভিদ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে আলংকাৰিক মাছৰ যুৱ ব্যবসায়ী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পাৰ্থৰথী হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্যযোগ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীত নগাঁও জিলাৰ মীন বিষয়া ড০ ৰমেন চন্দ্র বৰ্মনে মীন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে প্ৰশিক্ষাৰ্থীসকলক বিশদভাবে বিৱৰণ দিয়াৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ বিষয়া বেংকৰ পৰা প্ৰশিক্ষাৰ্থীসকলে লাভ কৰিব পৰা সাহায্য আৰু ঋণৰ বিষয়ে অৱগত কৰে। মাহজোৰা প্ৰশিক্ষণৰ অন্তত আজি মানপত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পাঠ্যক্ৰমৰ সমন্বয়ক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰকল্প বিষয়া ড০ ভূৱন চন্দ্র চুতীয়াই আঁত ধৰা আজিৰ এই অনুষ্ঠানত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰনি ভাষন প্ৰদান কৰে। মানপত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও মহাবিদ্যালয়ৰ এই ব্যতিক্রমী প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে আৰু প্ৰশিক্ষাৰ্থীসকলক মান পত্ৰ প্ৰদান কৰে। শৰ্মাই লগতে প্ৰব্ৰজিত শ্রমিকৰ সংস্থাপনে ৰাজ্যখনৰ অৰ্থনৈতিক ভেঁটি সবল কৰাৰ লগতে আত্ম নিৰ্ভৰ অসম গঢ়াত সহায় কৰিব বুলি মন্তব্য কৰে। এই অনুষ্ঠানত প্ৰব্ৰজিত শ্ৰমিক ৰাজীৱ বৰাই নগাঁও মহাবিদ্যালয়ৰ এই প্ৰয়াসক প্ৰশংসা কৰে আৰু আলংকাৰিক মৎস্য পালনৰ যোগেদি স্বাৱলম্বনৰ পথ দেখা বুলিও ব্যক্ত কৰে। আজিৰ এই অনুষ্ঠানত অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালী, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ কৃষ্ণকান্ত মেধী, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ললিত গগৈ, অধ্যাপক অধ্যাপিকাসকলৰ প্ৰমুখ্যে বহুসংখ্যক এন, এছ, এছ স্বেচ্ছাসেৱক উপস্থিত থাকে।

হালোৱাটিং-গেলেকী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

গেলেকী : নাজিৰা মহকুমা সীমান্তৱৰ্তী হালোৱাটিঙত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। হালোৱাটিং-গেলেকী সংযোগী পথত যোৱা নিশা তীব্ৰবেগী বলেৰ পিক্‌আপ এ এছ ০৪ বিচি ৪৯২৩মাল কঢ়িওৱা বাহনখনে নিজা পদূলিমুখত তথা পথৰ কাষত থিয় হৈ থকা বৰুৱাআলি পাতৰ গাঁৱৰ নৰেন চুতীয়া (৫৫) নামৰ লোকজনক মহতিয়াই নিয়ে। থিতাতে নিহত হয় দুৰ্ভগীয়া লোকজনৰ। সম্প্ৰতি বলেৰ পিক্‌আপ গাড়ীখনো পথচ্যুত হৈ পথৰ পৰা কিছু নিলগত বাগৰি পৰে। যদিও গাড়ী চালক নতুবা আন কোনো আৰোহী হতাহত হোৱা নাই। স্থানীয় ৰাইজ উপস্থিত হোৱাৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকে ঠাই এৰি পলায়ন কৰে। ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ বিপৰীতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াকে লৈ অঞ্চলজুৰি উত্তেজনা, ভুক্তভূগীৰ পৰিয়ালে ঘটনাৰ উৎচিত ক্ষতিপূৰণ হিচাপে ২০লাখ টকা দাবী কৰিছে। যাক লৈ এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ। আনহাতে হালোৱাটিং আৰক্ষী থানাই ঘটনা সন্দৰ্ভত পলাতক গাড়ী চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।