Home Blog Page 3170

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল ।

কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে।  বিশ্বৰ নেতা সকলৰ তেওঁলোকৰ কাৰ্যকালত নজৰ ৰখা ডাটা ফৰ্ম মৰ্ণিং কনচাল্ট মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫০ শতাংশ স্বীকৃতিৰ সৈতে বিশ্বৰ নেতা সকলৰ শীৰ্ষস্থানত আছে ।

মৰ্ণিং কনচাল্টত এয়াও দেখুওৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা সকলো বৈশ্বিক নেতাতকৈ ওপৰত ।ৰিপোৰ্টৰ মতে ৭৫ শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে আৰু ২০ শতাংশ লোকে তেওঁক যোগ্য বুলি সমৰ্থন কৰা নাই। যাৰ ফলত তেওঁৰ স্বীকৃত ৰেটিং ৫৫ শতাংশ হয়। যি পৃথিৱীৰ বিভিন্ন নেতা সকলতকৈ অধিক ।

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ ৰাজ্যখনত ছমাহলৈ বৃদ্ধি কৰা হৈছে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ ম্যাদ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি এই নিৰ্দেশনা প্ৰকাশ কৰে ৷ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পীয়ুষ গোৱেলে এই অধিসূচনা জাৰি কৰে ৷ সেই অনুসৰি, 30 ডিচেম্বৰ 2020ৰ পৰা বলৱৎ হোৱাকৈ এই অধিসূচনা জাৰি কৰা হৈছে ৷ অধিসূচনাত নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰা হৈছে আৰু নাগৰিক প্ৰশাসনৰ সহায় হোৱাকৈ এইদৰে আইনখনৰ ম্যাদ বৃদ্ধি কৰা হয় বুলি কোৱা হৈছে ৷

উল্লেখ্য যে, নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ খাপলাং গোটে শেহতীয়াকৈ শান্তি আলোচনালৈ অহাৰ কথা ব্যক্ত কৰিছিল ৷ নিকী চুমী নেতৃত্বাধীন গোটটোৱে নাগালেণ্ডৰ স্বেচ্ছাসেৱী সংগঠন, সাধাৰণ জনতা আৰু আলোচনাপন্থী বিদ্ৰোহী সংগঠনসমূহ লগতে নাগা শান্তি চুক্তিৰ প্ৰতি সমৰ্থন জনাই শান্তি আলোচনালৈ অহা কথা ব্যক্তি কৰি যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই নিকী চুমীৰ বিৰুদ্ধে 2015ৰ মনিপুৰৰ চাণ্ডেল জিলাত ভাৰতীয় সেনাৰ ডোগ্ৰা আৰু বিহাৰ ৰেজিমেন্টৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে ৷ এই আক্ৰমণত ভাৰতীয় সেনাৰ দুয়োটা ৰেজিমেন্টৰ 18 গৰাকী জোৱান শ্বহীদ হৈছিল ৷

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা : ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব

গোলাঘাটত বিজেপিৰ বিশাল যোগদান সমাৰোহ : ২০০০ বাইকৰ ৰেলীৰে ৰঞ্জিত,হিমন্তক আদৰিব দলীয় কৰ্মীয়ে

মহানগৰীৰ দিছপুৰ স্হিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত আজি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে দলৰ জেষ্ঠ্য নেতা তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা ,অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক উপসভাপতি জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি ভাষন প্ৰদানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিজেপি চৰকাৰৰ নিচিনাকৈ পূৰ্বতে কোনো এখন চৰকাৰে কাম কৰিব পৰা নাছিল ৷ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে উন্নয়নৰ এক যোৱাৰ আনিছে ৷ সেয়ে ২০২১ বিধান সভা নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বিজেপিয়া ৷ সেয়া জনসাধৰনে মনে প্ৰানে বিচাৰি আছে বুলি ভট্টাচাৰ্যই কয় ৷ তেওঁ লগতে কয় ২০২১ বিধান সভা নিৰ্বাচন আবেগ অনুভূতিৰ হ’ব ৷ ইয়াৰ বাবেই অসম জাতীয় পৰিষদে ৰাইজৰ মাজত আবেগ- অনুভূতিৰ এজেন্ডা প্ৰস্তুত কৰিব ৷ এই ক্ষেত্ৰত বিজেপি প্ৰতিগৰাকী সদস্যই চৰকাৰৰ উন্নয়ন মুলক আছনি সমুহ ৰাইজ মাজলৈ নিব লাগিব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে ৷ সভাত  বিধায়ক অতুল বৰাই ভাষন প্ৰদান কৰি কয় যে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ জয়লাভে বিজেপি ২০২১ বিধান সভাৰ জয় সুনিশ্চিত বুলি কয় ৷ তেওঁ স্বায়ত্ত্ব পৰিষদত জয়যুক্ত সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷৷ অসম বিত্তীয় নিগৰমৰ অধ্যক্ষ বিজয় গুপ্তা, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেক,প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভাপি জয়ন্ত দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰননীতিৰ বিষয়ে ভাষন প্ৰদান কৰে ৷ নিৰ্বাচনৰ আগমুহূৰ্তত দল আৰু অধিক শক্তিশালী ৰুপত প্ৰতিষ্ঠা লাভা কৰে তাৰ বাবেই প্ৰতিগৰাকী দলীয় সদস্যক  ৰাইজৰ মাজত কাম কৰিবলৈ আহ্বান জনাই আটাইকেইগৰাকী ব্যক্তাই ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ অন্তৰগত ১২টা মন্ডলৰ সভাপত সাধাৰণ সম্পাদক ,মৰ্চাৰ সভাপতি জিলা বিষয়ববীয়া সহ প্ৰায় চাৰি শতাধিক সদস্য উপস্থিত থাকে ৷

পুনৰ জিঅ’ৰ বিনামূলীয়া সেৱা : ১ জানুৱাৰীৰ পৰা বিনামূলীয়া ফোন কল

জিঅ’ চাবস্ক্ৰাইবাৰ সকলে ১ জানুৱাৰীৰ পৰা ফ্ৰী ভইচ ক’ল সেৱাৰ লাভ উঠাব পাৰিব ।

বৃহস্পতিবাৰে ৰিলায়েঞ্চ জিঅ’ই এই কথা জনাবলৈ দিয়ে। ৰিলায়েঞ্চ জিঅ’ কতৃপক্ষই জানিবলৈ দিয়ে যে off-net domestic voice calls সম্পূৰ্ণ বিনামূলীয়া হ’ব। অৰ্থাত আই ইউ চিৰ ( interconnect usage charges) ৰ সেৱা শেষ হোৱাৰ পিছত এই কল সমূহ ফ্ৰী হৈ যাব ।

মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত  কেশাৰভিটা গাৱত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু কনিষ্টবল শ্বৰীফ হাজৰিকাৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক অভিযান চলায়।উক্ত অভিযান কালত  মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ,নেনো গাড়ী (ML-14- 3207,) সহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থানা লৈ লৈ আহে লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ yava নিচাজাতীয় টেবলেট সমুহ  জব্দ কৰে। পিছত আৰক্ষীয়ে জোৰডাংগা গাৱৰ জিনাৰুল ইছলাম আৰু ফকিৰগঞ্জৰ ৰহমত আলী নামৰ যুৱকদ্বয়ক আটক কৰে। ৰহমত আলীয়ে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জোৰডাংগা গাৱৰ জিনাৰুল ইছলামৰ  নিচাজাতীয় টেবলেট সমুহ চমজাই দিবলৈ আহিছিল।  লক্ষ্যনীয় যে,মানকাচৰৰ জোৰডাংগা গাৱৰ উক্ত জিনাৰুল ইছলামক কেইবা মাহ পূৰ্বে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছিল।দুই মাহ আগতে জেলৰ পৰা মুকলি হৈ পুনৰ ড্ৰাগছ বেহাত নামি পৰে। কিন্তু কালি পুনৰ ড্ৰাগছ সহ আটক হয় যদিও মানকাচৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু আৰক্ষী শ্বৰীফ হাজৰিকাক বৃহৎ পৰিমাণৰ ধনেৰে মেনেজ কৰি নিশাৰ ভিতৰতে থানাৰ পৰা মুক্তি লাভ কৰে। অৱশ্যে ফকিৰগঞ্জৰ ড্ৰাগছ সৰবৰাহকাৰী ৰহমত আলীক কোৰ্টলৈ প্ৰেৰণ কৰি উক্ত বিষয়টো গাপ দিয়াৰ অপচেষ্টা কৰিছে। কিন্তু নেনো গাড়ী (ML-14- 3207) খন এতিয়াও মানকাচৰ আৰক্ষী থানাত  ৰখা হৈছে।এই ক্ষেত্ৰত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে ,সেয়া লক্ষ্যনীয় হ’ব।

মাৰ্চিয়েল আৰ্টত পদক অৰ্জনেৰে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই কণমাণি টিনা আৰু বিজিতে

গুৱাহাটীৰ বাইহাটা চাৰিআলিত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টৰ  প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দুই ভাতৃ ভগ্নীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ জামুগুৰিহাটৰ উদ্ধবৰাচুক গাঁৱৰ কৃষ্ণ শইকীয়া আৰু কল্পনা শইকীয়াৰ দুই সন্তান ক্ৰমে ১১ বছৰীয়া জীয়ৰি টিনা শইকীয়া আৰু ৭ বছৰীয়া পুত্ৰ বিজিত শইকীয়াই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকীও খেলুৱৈৰ লগত প্ৰতিদ্বন্দ্বীতা কৰি ৰূপৰ পদক অৰ্জনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে ৷ চাইনিজ চাওলিঅন কুংফু ফেডাৰচনে আয়োজন কৰা এই প্ৰতিযোগীতাখনিত ৪১ কে:জি:ৰ শাখাত টিনা শইকীয়াই আৰু ৩১ কে:জি:ৰ শাখাত বিজিত শইকীয়াই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কেৱল মাত্ৰ তিনিমাহ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি এনে অভাৱনীয় সফলতা লাভ কৰা দুই কণমানিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে জামুগুৰিবাসী ৰাইজ ৷ নৱবৰ্ষত ৰূপৰ পদক বিজয়ী দুই কণমাণি ১১ বছৰীয়া টিনা আৰু ৭ বছৰীয়া বিজিতে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেম্পিয়নশ্বিপত অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে৷দুয়োগৰাকী ভাতৃ ভগ্নীৰ এই সফলতাত জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ-অনুষ্ঠান-প্ৰতিষ্ঠানে শলাগ লৈছে ৷

আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ বিদ্যালয় চেনিটাইজ

ক’ভিডৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰক্ষিতত ইতিমধ্যে ৰাজ্য চৰকাৰে পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পহিলা জানুৱাৰীৰ পৰা হোৱাৰ কথা শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো বিদ্যালয়তে চেনিটাইজ কৰা হৈছে। আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ উদ্যোগত লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ ৰহমৰীয়া, ফুকনৰখাত, চিৰিংহোলা, ৰমাই, টিমনা, মদাৰখাত পঞ্চায়তৰৰ অধীনৰ  বিদ্যালয়সমূহত চেনিটাইজ কৰা হয়। উল্লেখ্য যে আৰ ডি এডকেশ্বন ফাউণ্ডেচনৰ তৰফৰ পৰা লাহোৱালৰ বিভিন্ন বিদ্যালয়ত শৈক্ষিক সমৰ্থন আগবঢ়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফাউণ্ডেশ্বনৰ পৰিচালন সঞ্চালক  মনোজ ধানোৱাৰৰ তদাৰকত হোৱা চেনিটাইজ কাৰ্যত লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সহযোগিতা পৰিলক্ষিত হয়। লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ, আৰ ডিৰ কৰ্মী ৰাতুল কুম্ভকাৰৰ লগতে বহুকেইজন বিষয়ববীয়াৰ সহযোগত বিদ্যালয়ত চেনিটাইজ কৰা হৈছে। আৰ ডিৰ এই পদক্ষেপত ৰাইজে আদৰণি জনাইছে।

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা লুটি নিলে ধন

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই দুজনকৈ কলেজীয়া ছাত্ৰৰ পৰা লুটি নিলে ধন। নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ পদ সেঁতুৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা। নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হোষ্টেল অভিমুখে খোজকাঢ়ি গৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুজনকৈ ছাত্ৰৰ পৰা মুঠ ২,৪০০ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে । এজন ছাত্ৰৰ পৰা ভয়-ভাবুকিৰে নগদ চাৰিশ টকা কাঢ়ি নিয়াৰ বিপৰীতে দুৰ্বৃত্তই আন এজন ছাত্ৰৰ হাতত নগদ ধন নথকাত এ টি এম বুথৰ পৰা ২০০০ টকা উলিয়াই আনিবলৈকো বাধ্য কৰে। এই দুষ্কাৰ্য সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। নগাঁও চহৰৰ মাজ মজিয়াত দিনৰ পোহৰতে সংঘটিত এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে। ইপিনে, নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত এগৰাকী যুৱতীৰ পৰা ম’বাইল থপিয়াই গণৰোষৰ বলি হ’ল এটা চোৰ। ৰাইজে চোৰটোক খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখ্য যে, নগাঁও চহৰত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এনে ধৰণৰ ঘটনা। একাংশ ড্ৰাগচ আসক্ত যুৱকে পথচাৰীৰ পৰা সোণৰ আ-অলংকাৰৰ উপৰিও ম’বাইল আদি কাঢ়ি নিয়া ঘটনা প্ৰায়েই সংঘটিত হ’ব ধৰিছে।

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, “অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনাৰে বহুতে কাম কৰি আছে, সেয়া স্বাধীনতাৰ আগৰে পৰা আজিলৈ চলি আছে। তেনে পৰিকল্পনা বিজেিপি দলে কেতিয়াও বাস্তৱত হ’বলৈ নিদিয়ে আৰু বিজেপি থকা লৈকে তেওঁলোকে সেই কাম কেতিয়াও কৰিব নোৱাৰে। আজমল ৰাজনৈতিক ভাৱে কোনো প্ৰত্যাহ্বান নহয়, যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক ভাৱে এইদৰে দিশ দৰ্শন দি কাম কৰিব। অসমৰ সমাজ জীবনটো ভাঙি-চিঙি পেলোৱাত বা সমাজ জীৱনত প্ৰকৃত ভাৰতীয় মূল খুতিৰ বা প্ৰকৃত অসমীয়া মূল খুতিৰ লোক সকলক গ্ৰাস কৰিবলৈ বিচৰা লোক সকল তেওঁৰ লগত আছে, গতিকে বদৰুদ্দিন আজমল প্ৰত্যাহ্বান। বিজেপিয়ে সদায় সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে আৰু দলে তাক নিঃশেষ কৰিবলৈ সদায় কাম কৰি যাব।

এ জে পিৰ বিষয়ত খোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিভিন্ন দল বোৰত নিজৰ জেগা বনাব নোৱাৰি তালৈ ঠিয় হৈছে, সি প্ৰবীণ ডেকাই হওঁক বা জগদীশ  ভূঞাই হওঁক। এইবিলাক কোনো আঞ্চলিক শক্তি বা আঞ্চলিকতা বাদী চিন্তাধাৰা নহয়, অসমত যদি আঞ্চলিকতাবাদী চিন্তাধাৰা শক্তিশালী কৰিব বিচাৰে তেন্তে তেওঁলোক এজিপিত গৈ শক্তিশালী কৰক, তেতিয়াহে আঞ্চলিকতাবাদী চিন্তাধাৰা হ’ব। অসমৰ সেইসকল লোকে এই কথাটো নেজানে যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ কাক কয়,জাতীয়তাবাদ বুলি কলে অসমীয়া কোৱা মানুহ সিনিয়েই কি জাতীয়তাবাদ নেকি, অসমতো বিভিন্ন ভাষাভাষী আছে। আনহাতে জাতীয় পৰিষদ দলে এখনো আখন নাপায় বুলিও মন্তব্য আগবঢ়ায়, খুব বেছি পালেও চাৰি-পাচ হেজাৰলৈকে যাব তাকো দুই এটা সমষ্টিত আৰু বেছিভাগ সমষ্টিত একহেজাৰৰ তলতে ভোট পোৱা দেখিবলৈ পাব বুলিও মন্তব্য আগবঢ়ায়।


হোজাই নতুন বজাৰস্থিত মণিপুৰী সাহিত্য পৰিষদ ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত হোজাইৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আদি নেতা সকল উপস্থিত থাকে। হোজাই জিলা বিজেপি সভাপতি অনুপ দেৱৰ নেতৃত্বত অনুষ্টিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত জিলাৰ প্ৰায় দুইশতাধীক নেতা কৰ্মী সকল উপস্থিত থাকে।

পাকাবেতবাৰীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভ উদ্বোধন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী স্পৰ্টিং ক্লাৱৰ সৌজন্যত স্থানীয় পুজা ফিল্ডত ২৯ আৰু ৩০ ডিচেম্বৰত  দুদিনীয়াকৈ চলা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতাখন কালি শুভ উদ্বোধন কৰে এ আৰু ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱীকা তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মিনাক্ষী ৰহমানে । কালি সন্ধিয়া ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিচত  উদ্বোধনী সভাত মিনাক্ষী ৰহমানে ভাষন প্ৰসংগত কয় যে, বিভিন্ন ঠাইত এই খেল সমূহ এটা প্ৰতিযোগীতা হিচাপে অনুষ্ঠিত হৈ অাছে যদিও এই খেল সমূহৰ প্ৰয়োজনীয়তা আমাৰ আছে। কিয়নো অাজি সৰু-সুৰা খেলৰ পৰাই যিসকল প্ৰতিভা বিকশিত হৈ অাহিব, সেই সমূহ প্ৰতিভা কিন্তু অহা দিনত আমাৰ নক্ষত্ৰৰ দৰে জিলিকি থাকিব।  বি.কে. নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সমাজ কৰ্মী নিখিল মণ্ডল, ইউ ডি এছ এফ’ৰ উপ-সভাপতি মফিদুল ইছলাম,  কয়াকুছিৰ বিশিষ্ট সমাজসেৱীদ্বয় আমজাদ হুছেইন আৰু শ্বাহানুৰ ৰহমান, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, সমাজকৰ্মী শশীমোহন ৰায়, শিক্ষক সনাতন মণ্ডল, সাংবাদিক জিলমোহন ৰায় আৰু ৰপছেত আলীকে ধৰি বহুতো গুনি-মানি ব্যক্তিৰ  উপস্থিতত উদ্যোক্তাসকলে মিনাক্ষী ৰহমানক এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনায়। আনহাতে আজি উক্ত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দীপুল ভূঞা, পাকাবেতবাৰী মণ্ডল বিজেপিৰ সভাপতি ধনমণি ডেকা, পাকাবেতবাৰী ব্লক সংখ্যালঘূ মৰ্চাৰ সভাপতি হুৰমুজ অালী, বজালী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গুনজিৎ বৰ্মন আৰু সৰুক্ষেত্ৰী সমষ্টি বিজেপিৰ বিস্তাৰক নৱজিৎ দাসে অংশগ্ৰহন কৰি ক্ৰীড়া সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে।