দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ জেষ্ঠ্য কংগ্ৰেছ নেতা তথা তিনিটা কাৰ্য্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ স্বাস্থ্যৰ বুজ ললে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ বিগত কিছুদিনৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ স্বাস্থ্যৰ অবনতি হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ আজি দিনৰ ভাগত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তৰুন গগৈৰ স্বাস্থ্যৰ বুজ লয় ৷ লগতে মন্ত্ৰী গৰাকীয়ে তৰুন গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে তেওঁৰ পিতৃ প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্যৰ লগত তৰুন গগৈৰ আছিল এক সু সম্পৰ্ক ৷ সেই সময়চোৱাত তৰুন গগৈয়ে মন্ত্ৰীগৰাকীৰ পৰিয়ালক যথেষ্ট সহায় কৰাৰ কথা জানিবলৈ দিয়ে ৷
হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ ক’ৰোণাত আক্ৰান্ত
হোজাই, ১২ অক্টোবৰঃ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ ক’ৰোণাত আক্ৰান্ত। সামাজিক মাধ্যম ফেচবুক যোগে নিজেই জনাইছে ক’ৰোনাত আক্ৰান্তৰ তথ্য। ফেচবুকত তেওঁ লিখিছে, “আৰু প্ৰতিৰোধ কৰিব নোৱাৰিলো, আজি কোভিড ১৯ পৰিক্ষা পজিটিভ পোৱা গৈছে, যদিও মই ৬ অক্টোবৰৰ পৰা লক্ষণগত আছিলো, মই পেৰাচিটামল, জিনকোনিয়া, ভিটামিন আৰু প্ৰচুৰ পৰিমানৰ খাই স্ব-বিচ্ছিন্ন হৈ আছিলো”। তেওঁ আৰু লিখিছে, “আশা কৰো সকলো ঠিক হ’ব, নিৰাপদে থাকক বন্ধুগন”। তেওঁৰ ক’ৰোনা হোৱাৰ খবৰ পাই হোজাইবাসী তথা অনান্য শুভাকাংশী সকলে দ্ৰুত আৰোগ্য হৈ উঠাৰ কামনা কৰিছে।

মাজুলীত ফেৰীৰ দুৰ্ঘটনা
মাজুলী : মাজুলীৰ অফলা-নিমাতী ফেৰীত দু্ৰ্ঘটনা। ফেৰীৰ পৰা নৈত পৰিল যাত্ৰী। অফলামুখ ঘাটৰ পৰা নিমাতীলৈ ফেৰীখনে লৈ গৈছিল অত্যাধিক যাত্ৰী। পুৱা ৮ বজাত এই দু্ৰ্ঘটনা সংঘটিত হয় । সবিশেষ ক্ষয় ক্ষতিৰ তথ্য বৰ্তমানেও লাভ কৰিবলৈ সক্ষম হোৱা নাই।
নগাঁৱৰ ঐতিহ্যমণ্ডিত বেপ্টিষ্ট গীৰ্জালৈ পাঁচ লাখ টকাৰ অনুদান বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও, ১১ অক্টোবৰ : নগাঁও চহৰৰ মাজমজিয়াত স্থিত ঐতিহ্যমণ্ডিত বেপ্টিষ্ট চাৰ্চৰ সভাগৃহ আৰু আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি পাঁচ লাখ টকাৰ অনুদান আগবঢ়ায় । গীৰ্জা কৰ্তৃপক্ষক উক্ত ধনৰাশিৰ চেক প্ৰদান কৰি বিধায়ক শৰ্মাই কয় যে সংকট কালত অসমীয়া ভাষাক উদ্ধাৰ কৰোতাসকলৰ অন্যতম মাইলচ ব্ৰনচনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নগাঁৱৰ ঐতিহ্যমণ্ডিত বেপ্টিষ্ট চাৰ্চৰ এক সুকীয়া পৰিচয় আছে । ঐতিহ্য বহনকাৰী এই গীৰ্জাক লৈ আমি গৌৰৱান্বিত। সকলোৰে আদৰৰ এই বা চাৰ্চক সুন্দৰকৈ ৰখাটো আমাৰ কতৰ্ব্য। সেয়ে বেপ্টিষ্ট চাৰ্চৰ সভাগৃহ আৰু আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে আজি ৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হয়। ইয়াৰ পূৰ্বেও অসম দৰ্শন আচঁনিৰ অধীনত নগাঁও বেপ্টিষ্ট চাৰ্চলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছিল বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে চৰকাৰৰ পৰা লাভ কৰা এই অনুদানেৰে নগাঁও বেপ্টিষ্ট চাৰ্চ আৰু অধিক আটকধুনীয়া হৈ পৰিব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে ।
টংলাৰ বৰজলাহত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ : দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পুখুৰীত এৰি দিয়ে স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক ছাত্র সন্থাই
টংলা, ১১ অক্টোবৰ : ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ অন্তৰ্গত টংলাৰ বৰজলাহত ৰবিবাৰে এটা ২৫-৩০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। হুদুমা নদীৰ পানী বৃদ্ধি হোৱাৰ ফলত গাৱঁৰ ৰাইজে পানী যাবলৈ ৰবিবাৰে এৰি দিছিল চুইচ গেট আৰু চুইচ গেটৰ পানী এৰি দিয়াত স্থানীয় ৰাইজে মাছ মাৰিবলৈ যাওতে পৰিলক্ষিত কৰে এই বিৰল প্ৰজাতিৰ কাছতো। স্থানীয় যুৱক আৰু বৰজলাহ আঞ্চলিক ৰাইজৰ সহযোগত প্ৰায় অৰ্ধ শতাধিক লোকে আপ্রাণ চেষ্টা কৰে কাছটো উদ্ধাৰৰ বাবে আৰু অবশেষত কাছটো উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা কাছতোৰ ওজন প্ৰায় ২৫-৩০ কেজি বুলি অনুমান কৰিছে ৰাইজে। কাছতো উদ্ধাৰ কৰি বৰজলাহ শিৱ মন্দিৰলৈ লৈ গৈ টংলা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াক খবৰ দিয়ে স্থানীয় যুৱক সকলে আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকল উপস্থিত হৈ কাছটো উদ্ধাৰ হোৱাৰ কথা টংলা বন বিভাগৰ বিষয়াক জনাই। টংলা বন বিভাগৰ বিষয়া উপস্থিত হোৱাৰ পাছত টংলা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে আলোচনা কৰি তেওঁলোকে উদ্ধাৰ কৰা কাছটো দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পুখুৰীত এৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বৰজলাহৰ স্থানীয় যুৱক আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ এটি দলে গৈ খটৰা সত্ৰৰ পুখুৰীত এৰি দিয়ে কাছটো।

নগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ
নগাঁও : কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত আধাৰ শিলা স্থাপন এক অনুষ্ঠানত এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে আৰৱী ভাষাৰ বেনাৰ সমৃদ্ধ আধাৰশিলা স্হাপন কৰিছিল। যাক লৈ সমগ্ৰ ৰাজ্যতে আজমলৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত হৈছিল। আজমলৰ সেই কান্ডৰ বিৰুদ্ধে কালি সন্ধিয়া নগাঁও চহৰৰ ঘাইপথত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে। আজমলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতিয়ে। প্ৰতিবাদ স্হলীৰ পৰাই সংগঠনটোৰ সদস্যই অসমৰ জাতীয় সংগঠন সমূহৰ লগতে বুদ্ধিজীৱী সকল এই ক্ষেত্ৰত নিমাত কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিতিৰালিৰ আৰু বুজা বুজিৰ বাবেই কংগ্ৰেছও ইয়াক লৈ নিমাত বুলি মন্তব্য প্ৰদান কৰে।
নগাঁৱত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অনুশেষ শৰ্মা : তুংগত নগাঁও এন এছ ইউ আইৰ আভ্যন্তৰীণ কন্দল
নগাঁও : “এন এছ ইউ আই এটা শৃংখলাবদ্ধ সংগঠন। কোনো সদস্যই সংগঠনৰ নিয়মানুৱৰ্তীতা আৰু শৃংখলা ভংগ কৰিলে আমি কঠোৰ ভাৱে ব্যৱস্থা ল’ম।” নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰিলে এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অনুশেষ শৰ্মাই। উত্তৰ প্ৰদেশ এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অনুশেষ শৰ্মাই নগাঁও এন এছ ইউ আইৰৰ মাজত চলি থকা লবীকেন্দ্ৰিক ৰাজনীতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে। উল্লেখযোগ্য যে বিগত কেইমাহমান ধৰি নগাঁও এন এছ ইউ আইতত চলি থকা সংঘাতে সংবাদ মাধ্যমত সৰৱ চৰ্চা লাভ কৰিছে। সংগঠনটোৰ জিলা সভাপতি অক্ষয় কটকী আৰু জিলা সম্পাদক পল্লৱজ্যোতি নাথ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লবীৰ বুলি চৰ্চিত হোৱাৰ বিপৰীতে উপসভাপতি মহম্মদ আমিৰ হামজা খানে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পক্ষত অৱস্থান কৰিছে বুলিও বিভিন্ন সংবাদ মাধ্যমত চৰ্চিত হৈছে। বিগত সময়ছোৱাত নগাঁৱত সংগঠনটোৰ দুটা গোটে পৃথকে পৃথকে আয়োজন কৰিছিল বিভিন্ন দলীয় অনুষ্ঠানৰ। আনকি শেহতীয়াভাৱে সংঘটিত আৰক্ষীৰ উপপৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীৰ প্ৰতিবাদ স্যবস্ত কৰাৰ ক্ষেত্ৰটো স্পষ্ট হৈছিল বিবাদ। সেয়ে সংগঠনটোৰ মাজৰ আভ্যন্তৰীণ বিবাদ মীমাংসা কৰাৰ লগতে নগাঁও এন এছ ইউ আয়ে আয়োজন কৰা ছাত্ৰ জাগৰণ সমাৰোহত সন্মতি দিছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা গৰাকীয়ে। পিচে এই সভাখন বিফল কৰাৰো অপচেষ্টাত লিপ্ত হয় এগৰাকী প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী। অৱশ্যে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টাত নগাঁও ৰাজীৱ ভৱনত জিলা সভাপতি অক্ষয় কটকী, সম্পাদক পল্লৱজ্যোতি নাথ আৰু যুৱকংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ উদ্যোগত জিলা এন এছ ইউ আয়ে সভাখন অনুষ্ঠিত কৰাত সফল হয়। অৱশ্যে আনটো গোটৰ সদস্য সকল পিচত কিছূসময়ৰ বাবে মঞ্চত উপবিষ্ট হয় যদিও সভা শেষ হোৱাৰ পূৰ্বে পুনৰ মঞ্চৰ পৰা আতৰি যায়। উল্লেখযোগ্য যে আজিৰ সভাত এন এছ ইউ আইৰৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে য়ে অসমৰ আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ লগতে হাথৰসৰ ঘটনা সন্দৰ্ভটো চৰকাৰক তীব্ৰ সমালোচনা কৰে।আজি নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত ছাত্ৰ জাগৰণ সমাৰোহ অনুষ্ঠানটোত অসম ৰাজ্যিক এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাঃ সম্পাদক মৃণাল হাজৰীকা , নগাঁও পৌৰসভা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামী, নগাঁও জিলা এন এছ ইউ আইৰ ৰ সভাপতি অক্ষ্যয়জ্যোতি কটকীকে ধৰি জিলা যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ ৰ বিষয় ববীয়া সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানটোত নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় ৫৫০ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

জামুগুৰিহাটত এছ আই কেলেংকাৰীৰ অভিযুক্ত জিন্তু নাথক গেপ্তাৰ
জামুগুৰিহাট : ৰাজ্য কঁপোৱা এছ,আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত জিন্তু নাথক কালি নিশা জামুগুৰিহাটত আৰক্ষীয়ে গেপ্তাৰ কৰে। এছ,আই কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পাছতে পলাতক হৈ থকা জিন্তু নাথক কালি নিশা ১ বজাত বিশেষ সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে জামুগুৰিহাটৰ বামুনবাৰী গাওঁৰ সম্পকীয় এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা গেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত জিন্তু নাথৰ ঘৰ উত্তৰ গুৱাহাটীৰ চাংসাৰিত।
বিজেপি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বৰ্ধনা
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত কালি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা এখন জনজাতি গামোচা, শৰাই, মানপত্ৰ, ফুলৰ মালৰ লগতে অন্যান্য সামগ্ৰীৰে ৰাষ্ট্ৰীয় নেতাগৰাকীক সম্বৰ্ধনা জনায় ৷ ইয়াৰ উপৰিও মহানগৰ জিলাৰ অন্তৰ্গত মৰ্চ, কোষ আৰু ১২টা মণ্ডলৰ বিষয়ববীয়াসকলে দিলিপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত সমল ব্যক্তি হিছাপে বিধায়ক অতুল বৰা, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, জি এম ডি এৰ উপাধক্ষ্য মুকুতা ডেকা, এমট্ৰনৰ উপাধক্ষ্য ৰিতুবৰন শৰ্মা, এচ চি মৰ্চাৰ ৰাজ্যিক সভাপতি নবৰুণ মেধি উপস্থিত থাকে ৷ সভাৰ আৰম্ভণিত জিলা সভাপতি মৃগেন শৰণীয়াই আদৰণী ভাষণ আগবঢ়ায়৷ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সম্বৰ্ধনা গ্ৰহণ কৰি কয় কাৰ্য্যকৰ্তাৰ মূল্যায়ন কৰা দলটোৱে হ’ল ভাৰতীয় জনতা পাৰ্টি ৷ দলৰ প্ৰতিগৰাকী কাৰ্য্যকৰ্তাই বিভিন্ন সময়ত ঘাট প্ৰতিঘাটৰ লগতে অশেষ ত্যাগ কৰিব লগা হৈছিল ৷ সেইবাবেই হয়তো অটল বিহাৰী বাজপেয়ীৰ মনৰ বিশ্বাস আজি বাস্তৱত প্ৰতিফলিত হৈছে বুলি শইকীয়াই উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ পৰিক্ৰমা আজিলৈকে উভতি চাবলগীয়া হোৱা নাই ৷ ২০১১ চনৰ আগৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় সেই সময়চোৱাত বিজেপি বুলি কলে মানুহে হাঁহিছিল ৷ মানুহে অসমত বিজেপি চৰকাৰ হ’ব বুলি ভবা নাছিল ৷ এই কাৰ্য্যকৰ্তাসকলৰ অশেষ ত্যাগৰ ফলত আজি ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে পুনৰ কয় যে মোৰ কোনো গৌৰৱ ,অহংকাৰ ভাব নাই ৷ মই এতিয়াও এগৰাকী সাধৰন কৰ্মীৰ দৰে অনুভৱ কৰো ৷৷ ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত যাব পৰাটো উত্তৰ পুৰ্বাঞ্চল তথা অসমৰ গৌৰৱ বুলি তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক অমৰ জ্যোতি ডেকাই আতধৰা সভাত মহানগৰ জিলাৰ বিষয়ববীয়া, মৰ্চা , মন্ডলৰ প্ৰায় পাচ শতাধিক সদস্য উপস্থিত থাকে ৷৷
দুৰ্ঘটনাত পতিত বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। কথমপি ৰক্ষা ৰকিবুল হুছেইন
নগাঁও, ১০ অক্টোবৰ : আজি বিয়লি এক দুৰ্ঘটনাত পতিত হয় বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। ৰহা ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ আজি বিয়লি নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৰকিবুল হুছেইন। গাড়ীৰ আগেদি এটা গৰু পাৰ হৈ যোৱাৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষৰ্দশীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোত সৌভাগ্য ক্ৰমে ৰকিবুল হুছেইন ৰক্ষা পৰে যদিও ভৰিত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ইপিনে গাড়ী খনৰ চালক জন গুৰুতৰ ভাবে আহত হয় । দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিৰোধী দলৰ উপ দলপতি জনৰ ইন’ভা গাড়ী খনৰ সন্মুখ ভাগ ভাঙি চুৰমাৰ হয়।












