Facebook : স্বাগতম ২০২১ : নতুন আশা-প্ৰত্যাশাৰে নতুন দিনক আদৰিছে ৰাজ্যবাসীয়ে
সুখবৰ, প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল-সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ
২০২১ বৰ্ষৰ প্ৰথম দিনটোতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আগবঢ়ালে সুখবৰ। ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব পেট্ৰ’ল- সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ। কেৱল ইমানেই নহয়, কোৰোণা ভাইৰাছৰ মহা সক্ৰমণৰ সময়ত অৰ্থনৈতিক দিশত ৰাজ্যখন সুস্থিৰ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে যিকেইটা দিশত অতিৰিক্ত কৰ আৰোপ কৰিছিল,সেই আটাইবোৰ অহা ফেব্ৰুৱাৰী মাহৰ পৰা কৰ্তন কৰা হ’ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখযোগ্য যে, ল’ক ডাউনৰ পিছতে পেট্ৰ’ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে অতিৰিক্ত ৫ টকাৰ কৰ আৰোপ কৰিছিল। সেইদৰে কৰ আৰোপ কৰিছিল সুৰাৰ ওপৰত। বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ ওপৰত কৰ আৰোপ কৰাৰ ফলত সাধাৰণ নাগৰিকৰ ওপৰত পৰিছিল ইয়াৰ প্ৰভাৱ ।
কোৰোণা পৰিস্থিতি সুস্থিৰ হোৱাৰ পিছত সকলোৱে দাবী জনাইছিল যে, কোৰোণাৰ সময়ত আৰোপ কৰা অতিৰিক্ত কৰ কৰ্তন কৰিব লাগে ৰাজ্য চৰকাৰে। আৰু পহিলা জানুৱাৰীৰ দিনাই এই সুখবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ভৈৰৱকুণ্ডত টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান
নৱবৰ্ষ ২০২১ক স্বাগতম জনাই ভাৰত ভূটান সীমান্ত তথা অসমৰ অন্যতম পর্যতনথলী ভৈৰবকুণ্ডৰ সমীপৱৰ্তী স্বপনগাওঁৰ মানৱ সৃষ্ট অৰণ্য তথা এলিফেণ্ট কান্ত্ৰী উদ্যানত পহিলা জানুৱাৰী শুক্ৰবাৰে টংলা প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান খন অনুষ্ঠিত হৈ যায়।উক্ত অনুষ্ঠান খনত “বিশেক সম্বৰ্ধনা-২০২০”জ্ঞাপন কৰা হয় ক্ৰমে হৰিশিঙা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ৰিতুত্তম বৰা, কলাইগাওঁ আসাম ট্ৰিবিউনৰ সাংবাদীক জয়ন্ত কুমাৰ দাস, ওদালগুৰি অসমীয়া প্ৰতিদিন ডি.ওৱাই ৩৬৫ৰ সাংবাদীক গুণজিৎ দাস লগতে টংলা জলসিঞ্চন সংমণ্ডলৰ অভিযন্তা সত্য ৰাম কলিতাক। টংলা প্ৰেছ ক্লাৱৰ সম্পাদক কৌস্তৱমণি শৰ্মাই আঁত ধৰা অনুষ্ঠান খনত সভাপতিত্বত কৰে টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্জ্বল কুমাৰ দাসে।অনুষ্ঠান খনত টংলা প্ৰেছ ক্লাৱৰ মাটিত স্থায়ী ভৱন নিৰ্মানৰ সিদ্ধান্ত, অসমৰ প্ৰথম জন কোভিড শ্বহীদ সাংবাদীক ধনেশ্ব ৰাভাৰ পৰিয়ালক চৰকাৰী ভাবে সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ লয়।লগতে শ্বহীদ সাংবাদীক গৰাকীৰ নামত স্মাৰক বঁটা আৰু স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।ভাষণৰ প্ৰসংগ সাংবাদীক তথা প্ৰকৃতি প্ৰেমী জয়ন্ত কুমাৰ দাসে কয় যে-অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত সাংবাদীক সকল সবল ভূমিকা দিব লাগিব বুলি।আনহাতে অনুষ্ঠান খনত মনোভাব ব্যক্ত কৰে টংলা প্ৰেছ ক্লাৱৰ উপ-সভাপতি দিগন্ত কুমাৰ শৰ্মা, সাংবাদিক দ্বীপেন ডেকা, কবি ফটিক নন্দনে।অনুষ্ঠান খনত উদিয়মান কণ্ঠ শিল্পী অশ্মিতা শৰ্মা বড়াৰ কালজয়ী গীত, সাংবাদীক ৰাম উপাধ্যায়ৰ গীত, বাঁহী বাদন, অভিনয়, সাংবাদীক গুণজিৎ দাসৰ অভিনয়ৰ সংলাপ, কবি তথা সাংবাদীক অৰূপ বড়োৰ কবিতা আবৃত্তিয়ে অনুষ্ঠান খন জীপাল কৰি তোলে । আনহাতে অনুষ্ঠান খনত উপস্থিত থাকে ওদালগুৰি জিলা আক্রছোঁ পশ্চিমৰ সভাপতি হেমন্ত বৰা কোচ, ওদালগুৰি জিলা আছাৰ সাংগাঠণিক সম্পাদক সংযোগ সবৰে।
মিকিৰ বামুণী গ্ৰান্টত কৃষক মহিলাক নিৰ্যাতনৰ ঘটনা
নগাঁও জিলা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষি ভূমিৰ পৰা থলুৱা কৃষকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা আৰু বামুণী মিকিৰ গ্ৰান্টৰ মহিলা আৰু কৃষকৰ ওপৰত ২৯ ডিচেম্বৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে অমানুষিক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আজি নগাঁৱত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভা। উল্লেখ্য যে অসম চৰকাৰৰ অনুমোদন সাপেক্ষে আজু পাৱাৰ প্লেণ্ট কোম্পানীয়ে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বঢ়মপুৰৰ সমীপৰ হায়ংথল আমদাং গাঁৱত সৌৰ শক্তিৰে উৎপাদিত বিদ্যুৎ বিতৰণৰ এক ব্যয় বহুল প্ৰকল্প নিৰ্মাণৰ কাম চলাই আহিছে। এনে কাৰ্যত অসন্তুষ্ট হৈ বামুণী মিকিৰ গ্ৰান্টৰ কৃষক সকলে ন্যায়ালয়ৰ কাষ চাপে যদিও থলুৱা কৃষকৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বক ভাৱে দখল কৰে। থলুৱা কৃষক ৰাইজে নিজৰ মাটি কেতিয়াও এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰাত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে ২৯ ডিচেম্বৰত নিৰ্বিচাৰ নিৰ্যাতন চলাই মহিলা আৰু কৃষকৰ ওপৰত। যাৰ ফলত ১৬ গৰাকী মহিলা আহত হোৱাৰ উপৰিও লক্ষীৰাম মাৰ্ডি, চিকাৰী ৰংপি, ভাইটি তিমুং আৰু বুকু মাৰ্ডিক নিৰ্যাতন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। এনে অমানৱীয় কাৰ্যৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত উল্লেখিত সংগঠন কেইটাই এক সংবাদ মেল আয়োজন কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কৃষক বিৰোধী নীতিৰ তীব্ৰ প্ৰতিবাদ জনাই। যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কয়- আজু কোম্পানীয়ে দুখীয়া নিচলা কৃষক সকলক অত্যাচাৰ কৰি কৃষকৰ কৃষি ভূমি দখল কৰিবলৈ উঠি পৰি লাগিছে। থলুৱা কৃষক আৰু মহিলাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বাহিনীয়ে এতিয়া ৰাং কুকুৰৰ দৰে জপিয়াই পৰিছে। আমি চৰকাৰৰ এনে অমানুষিক কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু কোনো কাৰণতে কৃষকৰ ভূমি বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব। তেওঁ লগতে কয়- অচিৰেই কৃষকৰ ওপৰত চলোৱা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে আৰু কৃষকৰ ভূমি কৃষকৰ হাতত সুৰক্ষিত কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব। সংবাদ মেলত নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰাতুল বৰাই চৰকাৰক কঠোৰ সমালোচনা কৰি কয়- মিকিৰ বামুণী গ্ৰান্টৰ থলুৱা কৃষকৰ ভূমি পুঁজিপতি গোষ্ঠীক গটাই দিয়াৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাত আছে। ন্যায়লয়ত এই কৃষক সকলৰ ঘোচৰ চলি থকাৰ পিছতো চৰকাৰে আজু কোম্পানীক কৃষকৰ ভূমি গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈ আইন ব্যৱস্থাকো ভেঙুচালি কৰিছে। এই কৃষক সকলৰ কৃষি ভূমি কোনো কাৰণতে বহিৰাগত কোম্পানীক এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰি ৰাতুল বৰাই কয়-কৃষি ভূমি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যুঁজ ন্যায়লয় আৰু ৰাজপথত সমানে চলি থাকিব। সংবাদ মেলত থলুৱা মিকিৰ বামুণী গ্ৰান্টৰ মহিলা কাৱে ইংতিপি, মাকনি মাৰ্ডি, কাচাং ক্ৰপি আৰু যমুনা ইংতিপিয়ে ২৯ ডিচেম্বৰৰ দিনা আৰক্ষীয়ে তেওঁ লোকক চলোৱা অমানৱীয় নিৰ্যাতনৰ বিষয়ে বিবৰি মন্তব্য কৰে যে- আমাক আৰক্ষী প্ৰশাসনে যিমানেই নিৰ্যাতন নচলাওক কিয় আমি কোনো কাৰণতে মাটি এৰি নিদিও। আমাক মাটি লাগিবই। সেইদিনা আৰক্ষীয়ে মহিলা পুলিচ নিনিয়াকৈ তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছিল। চৰ, গোৰ, লাঠিৰে আৰু বুকুত গচকি ধৰি অত্যাচাৰ চলাইছিল। তেওঁলোকৰ অত্যাচাৰৰ পৰা গৰ্ভৱতী মহিলাও সাৰি যোৱা নাছিল। সংবাদ মেলত অসম ৰাজ্যিক কৃষক সভাৰ অমৰেন্দ্ৰ শৰ্মা, ছবিৰ আহমেদ আদিয়ে অংশগ্ৰহণ কৰে। পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিবৰ বাবে ৫ জানুৱাৰীত নাগৰিক সভা অনুষ্ঠিত কৰা হ’ব বুলি সংগঠন কেইটাই জানিবলৈ দিয়ে।
অসম সমবায় মৰাপাট কলৰ উৎপাদন আৰম্ভ
নৱবৰ্ষৰ পহিলা দিনৰ দিনাই কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হয়। বহু উৎকণ্ঠাৰ মাজতে কালি পুৱা ছয় বজাত স্থানীয় বিধায়ক, জলসম্পদ মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই মৰাপাট কলটোৰ চুইছ অন কৰি উৎপাদনৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতে আয়োজিত এখনি ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে শ্ৰমিক কৰ্মচাৰীসকলক কৰ্ম সংস্কৃতি গঢ়াৰ ক্ষেত্ৰতআহ্বান জনাই কয় “মৰাপাট কলটো জীয়াই থাকিলেহে আমি বোৰ জীয়াই থাকিম” বুলি মন্তব্য কৰাৰ লগতে কলটো মুকলি কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈ আৰু মহকুমাধিপতি বিতোপন নেওগে ভাষণ প্ৰদান কৰি কলটোৰ উন্নতিৰ কল্পে শ্ৰমিক কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰে ভাষন প্ৰদান কৰে। ভাষন প্ৰসংগত প্ৰদীপ লস্কৰে শ্ৰমিক কৰ্মচাৰীয়ে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়।ইয়াৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলটোৰ শ্ৰমিক সকলৰ হৈ কৰ্মী সন্থাই বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনায় । উল্লেখ্য যে যোৱা ২ নৱেম্বৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ পাছত দুমাহ ধৰি উৎপাদন বন্ধ হৈ পৰি এক অন্ধকাৰ পৰিবেশলৈ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৱে গতি কৰিছিল । কলিয়াবৰবাসী ৰাইজ, কলটোৰ প্ৰায় হাজাৰোধিক কৰ্মীৰ আহ্বান মৰ্মে বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কলটোৰ পুণৰ উৎপাদনক্ষম কৰি তুলিবৰ বাবে কলটোলৈ ১০ কোটি টকা অনুদান ঘোষণাৰ পাছত আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে কলটোৰ পুণৰ উৎপাদন আৰম্ভ হয় । অসম অন্যতম অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন আৰম্ভ হোৱাৰ লগে-লগে বহু পৰিয়াললৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।
বিশিষ্ট সাংবাদিক, লেখক মনোজ কুমাৰ গোস্বামীলৈ কলংপাৰ বঁটা
নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকত গোষ্ঠীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “কলংপাৰ বঁটা -২০২০” । অহা ৩ জানুৱাৰীত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক ,বিশিষ্ট সাংবাদিক, নগাঁৱৰ সু – সন্তান মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰিব অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । তিলক প্ৰকাশন গোষ্ঠীৰ সৌজন্যত নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান । ইফালে কলংপাৰ কাকতৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আৰু সদ্যপ্ৰয়াত কলংপাৰ কাকতৰ উপ – সম্পাদক অচ্যুত প্ৰৱৰ শৰ্মাৰ নামত উচৰ্গিত গল্প, প্ৰবন্ধ আৰু কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এই অনুষ্ঠানতে প্ৰদান কৰাৰ লগতে লেখিকা অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ “পঞ্চ সতীৰ দেশত গোৱালীৰ কন্যা ” নামৰ গ্ৰন্থখনিও উন্মোচনৰ দিহা কৰা হৈছে । উক্ত অনুষ্ঠানতে বিশিষ্ট মুক্তিযোদ্ধা আবু চামাৰ স্মাৰক বক্তৃতা -সাংবাদিকতাৰ সংকট – ৰাজনৈতিক আৰু সামাজিক পটভূমি ‘ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব কলংপাৰ বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে । বিশিষ্ট সাংবাদিক, কলংপাৰ কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন বৰাৰ বলিষ্ঠ পদক্ষেপত জন্মলাভ কৰা কলংপাৰ কাকতৰ পুনৰ প্ৰকাশনৰ অন্যতম হোতা যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিতব্য বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব স্থানীয় বিধায়ক ৰূপক শৰ্মা ; প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড :শৰৎ বৰকটকীয়ে ।
নগাঁৱত কেইগৰাকীমান শিক্ষিত অসমীয়া যুৱকৰ অসমীয়াগিৰি
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখিবলৈ পোৱা যায় শীত কালত ৷শীতে লৈ আহে বহু সুখৰ বতৰা ৷কৃষি-শস্য আদিলৈকো লৈ আহে এক প্ৰাণচঞ্চল আশাৰ হাঁহি ।এই শীততে নগাঁও চহৰৰ কিছু নিলগৰ হালধিআটিত দেখিবলৈ পোৱা গৈছে এখন ফুলাম হালধীয়া দলিচা। নতুন বছৰত হালধীআটি গাঁৱৰ স্হানীয় কেইগৰাকী মান শিক্ষিত নিবনুৱা যুৱ কৃষকে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা। হালধীআটিৰ স্হানীয় কেইগৰাকীমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে “সুৰুয সন্মিলিত কৃষক গোট”।এই কৃষক গোটে এইবাৰ হালধিআটি অঞ্চলত কৃষি বিভাগৰ পৰা সহায় লৈ প্ৰায় ১০০ বিঘা মাটিত আৰম্ভ কৰিছে সৰিয়হৰ খেতিৰ লগতে বতৰৰ শাক পাচলি,স্টবেৰী,মাকৈ,বেলি ফুল,বুটৰ খেতিকে ধৰি বিভিন্ন খেতি। এইসকল যুৱ কৃষকৰ কৃষি কৰ্মই বৰ্তমান ৰাজ্যৰ কৃষিখন্ডলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।তেওঁলোকৰ সৰিয়হ খেতি ডৰাই এতিয়া যেন হাঁহিবলৈ আৰম্ভ কৰিছে । অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত মন মুহিব পৰা সৰিয়হৰ লগতে বিভিন্ন খেতিয়ে যুৱ কৃষক সকলক উৎসাহ যোগাইছে।ইতিমধ্যে বতৰৰ শাক পাচলি খেতিৰ জৰিয়তে যুৱ কৃষক সকল লাভাম্বিতও হৈছে বুলি গোটটোৰ এগৰাকী সদস্য প্ৰভাত শইকীয়াই জানিবলৈ দিয়ে।প্ৰভাত শইকীয়াই লগতে নতুন বছৰত অসমীয়া শিক্ষিত যুৱ চামক কৃষি ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাই আৰু যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সাৰথি তেওঁলোকে আগবঢ়াব বুলিও উল্লেখ কৰে।লগতে তেওঁলোকে কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে নগাঁও জিলা কৃষি বিভাগৰ লগতে জিলা কৃষি বিষয়া অশোক বৰঠাকুৰৰ শলাগ লয় ।ইতিমধ্যে বছৰৰ প্ৰায় সমুহ খেতি কৰি স্বাবলম্বী হৈছে এই সকল শিক্ষিত নিবনুৱা ৷ কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কৰা সৰিয়হৰ খেতি ডৰা এতিয়া লহ পহ কৈ বাটৰুৱাৰ মন মুহিবলৈও সক্ষম হৈছে।

সোণতলীৰ ডেকাচাংত ছাত্ৰ মুক্তিৰ কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
দক্ষিণ কামৰূপৰ ডেকাচাঙত আজি আঞ্চলিক বজাৰ প্ৰাংগণত কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী সকলে হাতে হাতে প্লে কাৰ্ডলৈ কা বাতিল কৰক,কা নামানো, অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়,জয় আই অসম আদি ধ্বনিৰে সোণতলীৰ ডেকাচাঙ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰী উপস্থিত থাকি বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি অখিল গগৈক বিনা চৰ্তে মুক্তি কৰি দিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ মুখ পাত্ৰ এম মুক্তাৰ মণ্ডলে উপস্থিত থাকি কয় যে বিজেপি চৰকাৰে অসমৰ বুকুত যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিছে এই অসমীয়া বিৰোধী আইন অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয়। লগতে মুক্তাৰ মণ্ডলে কয় যে অসমীয়া জাতিৰ হৈ মাত মতা অখিল গগৈক বিগত একবছৰ পাৰহৈ গ’ল বিজেপি চৰকাৰে আক্ৰোশমূলক আৰু ষড়যন্ৰ মূলক ভাবে কাৰাবন্ধী কৰি ৰাখিছে। চৰকাৰৰ যদি দম আছে অখিল গগৈক মুক্তি কৰি দি অহা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ভাৱে সংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।
আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়ত আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কৰ’ণাৰ সকলো নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহ ছেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি শিক্ষকসকলে শিক্ষাৰ্থীক পাঠদান কৰিবলৈ আহিছে। সকলো প্ৰকাৰৰ কভিড গাইডলাইন মানি চলি বিদ্যালয় খোলাৰ বাবে কেইদিনমান পূৰ্বে চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল। বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে। নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰেই সপ্তাহৰ এদিন এৰি এদিন পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব। ঠিক তেনেদৰে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব।
পাঠদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ো নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগে। প্ৰকাশ কৰা নীতি নিয়ম অনুসৰি, পুৱা ৯ বজাত পাঠদান আৰম্ভ হৈ বিয়লি ১.৪৫ বজাত সমাপ্ত হ’ব। সকলো ক্ষেত্ৰতে কৰ’ণাৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব।
শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰা হ’ব যদিও সেইসময়ত সকলো প্ৰকাৰেৰে কৰ’ণাৰ নীতি নিৰ্দেশানা বিদ্যালয়সমূহে মানি চলিব লাগিব। উল্লেখ্য যে, প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজন, পাঠদানৰ সময় সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।
ইফালে এইখিনিতে মন কৰিবলগীয়া যে, প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় যদিও ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব স্বাভাৱিক পাঠদান। ইয়াৰ লগতে শিক্ষক-কৰ্মচাৰীসকলে কৰ’ণাৰ নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে।
৪ জানুৱাৰীত অনুষ্ঠিত হ’ব বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক
বিটিচিৰ শপতগ্ৰহণৰ পিছতে বিভিন্ন কাৰ্যবাহী বিষয়াসকলৰ মাজত বিতৰণ কৰা হয় বিভাগ। ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব কাৰ্যবাহী পৰিষদৰ বৈঠক । এই কথা জনালে মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে ।
উপ মুখ্য কাৰ্যবাহী বিষয়া গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে লঘু উদ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
কাৰ্যবাহী বিষয়া ৰঞ্জিত বসুমতাৰীক বন বিভাগৰ দায়িত্ব দিয়া হৈছে। উকীল মুছাহাৰীক জল সম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে । অৰূপ কুমাৰ দে’ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে ।
দিগন্ত বৰুৱাক জলসিঞ্চন বিভাগৰ দায়িত্ব দিয়া হৈছে । গৌতম দাসক সমাজ কল্যাণ, ঘনশ্যাম দাসক কৃষি আৰু ৰনেন্দ্ৰ নাৰ্জাৰীক দিয়া হৈছে পৰিবহন বিভাগৰ দায়িত্ব ।










