Home Blog Page 3168

কোৰোনাত আক্ৰান্ত জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো

ডিজিটেল ডেস্কঃ কৰোনাত আক্ৰান্ত হৈছে পৰ্তুগালৰ জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো । পৰ্তুগাল ফুটবল ফেডাৰচনে এই কথা প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ফুটবলাৰ গৰাকীৰ কোৰোনা পৰীক্ষাৰ পিছতে দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহে। কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে ১৪ দিন কোৱাৰেন্টাইনত থাকিব জনপ্ৰিয় ফুটবলাৰ গৰাকী। ৰ’লাল্ডোৱে বুধবাৰে চুইডেনৰ বিৰুদ্ধে খেলিব লগীয়া খেল খনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি পৰ্তুগাল ফুটবল ফেডাৰচনে প্ৰকাশ কৰাৰ লগতে বৰ্তমান ফুটবলাৰ গৰাকী সুস্থ অৱস্থাত আছে বুলি মত ব্যক্ত কৰে ফেডাৰচনটোৱে।

বটদ্ৰৱাত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিকতাবাদ পুনৰ উদ্ধাৰৰ সংকল্পৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ

বটদ্ৰৱা : বটদ্ৰৱা সমষ্টিত আঞ্চলিকতাবাদ অথবা জাতীয়তাবাদৰ কথা উত্থাপন হ’লেই প্ৰয়াত কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন চন্দ্ৰ বৰাৰ কথা ৰাইজৰ মনলৈ আহে। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ পৰবৰ্তী সময়ছোৱাত গঠিত অগপ দলৰ পৰা প্ৰতিদ্বণ্দীতা আগবঢ়ায় তেওঁ বটদ্ৰৱাত জাতীয়তবাদৰ বুনিয়াদ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল। অগপৰ উত্তৰণৰ বাবে দীগেন বৰাকে প্ৰমুখ্য কৰি অজস্ৰজন দলীয় নেতা কৰ্মীৰ ত্যাগ, কৰ্মনিষ্ঠা আৰু জাতীয়দায়বদ্ধতাক মই আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো – এই মন্তব্য অগপৰ মহিলা নেত্ৰী মামনি বৰাৰ। বটদ্ৰৱা সমষ্টিৰ অসম গন পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰয়াত কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন বৰাৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ লক্ষ্যৰে আগন্তুক নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ অগপয়ো টঙালি বান্ধিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰে বটদ্ৰৱা বিধান পৰিষদৰ সভানেত্ৰী মামনি। শ্বহীদ তৰ্পন কৰে অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফটিক চন্দ্ৰ বৰাই আৰু স্মৃতি তৰ্পন কৰে ক্ষীতেশ্বৰ বৰাই। ইয়াৰ পিছতে বটদ্ৰৱা বিধান পৰিষদৰ সাংগঠনিক সম্পাদক অভিজি দাসে আঁত ধৰা সভাত নিজ হাতিচোঙৰ জেষ্ঠ নাগৰিক যতীন বৰঠাকুৰ, দিলীপ দেৱ গোস্বামী, চাবুকধৰাৰ সুৰেন দেউৰজা, ভকতগাঁৱৰ নোমল ছন্দ্ৰ বৰা, ধনীয়াভেটিৰ আব্দুল ৰাজ্জাককে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী জেষ্ঠ নাগৰিকক বটদ্ৰৱা বিধান পৰিষদৰ তৰফৰ পৰা গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰৰে আদৰণি জনাই। সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অনন্ত ফুকন, বটদ্ৰৱা সমষ্টি সমিতিৰ সম্পাদক জগত বৰা, উপ-সভাপতি আনোৱাৰ হুছেইন, উন্তিৰাম দাস, দীনবন্ধু পাটৰকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে।

ৰাণীত ৰাভা হাচংৰ উদ্যোগত প্ৰায় পাচ শতাধিক হিতাধিকাৰীক সামগ্ৰী বিতৰণ

মিৰ্জাৰ : ‘সম বিকাশ, সম উন্নয়ন, সম অধিকাৰ” এই লক্ষ্যৰে ৰাভা হাচং স্বায়ত্ব পৰিষদীয় অঞ্চলসমুহত পৰিষদে অব্যাহত ৰাখিছে উন্নয়নৰ ধাৰা। সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশক সামৰি স্বায়ত্ব শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা কৰা কাৰ্যই এতিয়া সকলোৰে দৃষ্টি পৰিষদ খনৰ ওপৰত নিৱদ্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অংশস্বৰূপে ১৩ অক্টোবৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ১৮-১৯ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানেৰে বিতৰন কৰা হয় বিভিন্ন সামগ্ৰী। ৰাণীৰ আন্ধেৰীজুলী স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ধৰ্মেশ্বৰ ৰাভা, জিতেন বাকছোক, মহিলা পৰিষদ, ষষ্ঠ অনুসুচী দাবী সমিতি, মনিটৰিং সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া থাকে। কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক চিলাই মেচিন, স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, ভলীবল-নেট, প্লাষ্টিক শ্বেয়াৰ, কেৰোম বৰ্ড, কম্বল, আঠুৱা, বেডশ্বিট বিতৰন কৰা হয়। সামগ্ৰী বিতাৰণৰ অন্তত ৰাইজে ৰাণীত ৰাভা হাচং স্বায়ত্ব পৰিষদৰ এই প্ৰচেষ্টাৰ সলাগ লয় ৷

আই পি এল’ত আজি দিল্লী বনাম ৰাজস্থান

ডিজিটেল ডেস্কঃ আই পি এল’ত আজি দিল্লী কেপিটেলছৰ মুখামুখি হ’ব ৰাজস্থান ৰ’য়েলছ৷ চলিত বৰ্ষত ৰাজস্থানে ৭ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ৭ খন খেলৰ ৫ খনত জয়ী হৈ শীৰ্ষ দ্বিতীয় উপনীত হৈছে৷ আজি খেলত জয়ী হ’লে দিল্লী কেপিটেলে শীৰ্ষ স্থান দখল কৰিব৷ আনহাতে ৰাজস্থান ৰ’য়েলছে জয়ৰ মুখ দেখিবলৈ সক্ষম হ’লে এখোপ আগুৱাবলৈ সক্ষম হ’ব৷ আজিৰ খেল দুবাই খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

নাম একে বাবেই ভুল হৈ গ’ল আৰক্ষীৰ, এছ আই কেলেংকাৰীৰ জড়িত বুলি গ্ৰেপ্তাৰ কৰা কমল হাজৰিকাক মুক্তি

ডিজিটেল ডেস্কঃ এছ আই কেলেংকাৰীৰে জড়িত থকা অপৰাধত নলবাৰী আৰক্ষীয়ে বৰনদ্দীৰ পৰা আটক কৰিছিল কমল হাজৰিকা নামৰ এজন ব্যক্তিক। আটকাধীন ব্যক্তিজনক আৰক্ষীয়ে হঠা এৰি দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ঘনিষ্ঠ ৰূপে পৰিচিত কমল হাজৰিকা কিয় আৰক্ষীয়ে এৰি দিলে এই সন্দৰ্ভত জানিব পৰা মতে আজ এজন কমল হাজৰিকা বুলি এই লোকজনক আৰক্ষীয়ে আটক কৰিছিল। বিজেপি নেতা কমল হাজৰিকাক এৰি দিয়াৰ পিচত আৰক্ষীয়ে নাম একে বুলি যুক্তি দিলেও সেয়া বিশ্বাসযোগ্য হয় নহয় সময়তহে গম পোৱা যাব। আৰক্ষীৰ মতে বঙাইগাওৰ কমল হাজৰিকাক গ্ৰেপ্তাৰ কৰিব লাগিছিল যদিও ভুল ক্ৰমে আটক কৰা হৈছিল এইজন কমল হাজৰিকাক।

হোজাইত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ

ডবকা : হোজাই আমবাৰীত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী গ্ৰাহকৰ। ব্যৱস্থা গ্ৰহনৰ দাবী দল সংগঠনৰ। জিলা খনৰ একাংশ কেন্দ্ৰত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত ধন সংগ্ৰহ একাংশ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীৰ। সমগ্ৰ হোজাই জিলাৰ লগতে ডবকাৰ আমবাৰী আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত গ্ৰাহকক দিয়া হয় আধাৰ কাৰ্ড। কেন্দ্ৰটোত প্ৰত্যেক জন গ্ৰাহকে আধাৰ কাৰ্ড প্ৰস্তুত কৰোতে দিব লাগে ৫০০/৬০০ টকাকৈ। টকা নিদিলে সঘনাই ঘুৰাই থাকে কৰ্মচাৰী সকলে। কেন্দ্ৰটোত দাবি কৰা ধনতকৈ কম দিলে গ্ৰাহকক গালি-ধমকিৰে বাহিৰলৈ ওলাই দিয়াৰ অভিযোগ একাংশ লোকৰ । দৰিদ্ৰ জনতাৰ মূৰত ৰাম টাঙুন সোধাই আধাৰ কাৰ্ডৰ নামত এই ধন সংগ্ৰহ কৰি আহিছে মইজুল হক নামৰ এগৰাকী শিক্ষক আৰু চুপাৰভাইজৰ হিল্লাল আহমেদ। কেন্দ্ৰটোত গ্ৰাহকৰ পৰা গোপনে ধন সংগ্ৰহ কৰাৰ সময়ত গ্ৰাহকেই মোবাইলৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয়। গ্ৰাহকৰ মোবাইলত বন্দী হোৱা এই দৃশ্য বিভাগীয় কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰাৰ পাছত কেনে ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ।

মৰিগাঁৱৰ লাহৰীঘাটত অংগনবাদী কেন্দ্ৰৰ নামত চলিছে তীব্ৰ লুণ্ঠন : শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে অংগনবাদী কৰ্মীয়ে

ন্যায় বিচাৰি বৰালিমাৰীত কেন্দ্ৰৰ সন্মুখতে শিশু মহিলাৰ প্ৰতিবাদ

মৰিগাঁও : মৰিগাঁও জিলাৰ লাহৰীঘাটত সংহত শিশু উন্নয়ন আচনি শিশুৰ প্ৰথম শিক্ষা লোৱাৰ অনুষ্ঠানৰ লগতে পুষ্টিকৰ শিশু খাদ্য আদি চৰকাৰে যোগান ধৰে। লক্ষ্য আৰু উদ্দেশ্য মহৎ, পিছে কিছু অসৎ লোকৰ বাবে এই শিশু সকলৰ খাদ্য সামগ্ৰী লুণ্ঠন কৰাৰ যেন স্বভাৱগত হৈ পৰিছে। এনে বহু অংগনৱাড়ী কেন্দ্ৰ বন্ধ হৈ থকাৰ অভিযোগ শুনা যায়। তেনে এক ব্যতিক্ৰমী গুৰুত্বপূৰ্ণ বাতৰি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বৰালিমাৰীৰ এখন অংগনৱাড়ী কেন্দ্ৰৰ এজাক শিশুৰ লগতে স্হানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী।এজাক কণ কণ শিশুক এনেদৰে লৈ অংগনবাদী কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদ। ন মাহ ধৰি কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে শিশু-গৰ্ভৱতী মাতৃৰ নামত আৱণ্টিত খাদ্য সামগ্ৰী আত্মসাৎ কৰা অভিযোগ এওঁলোকৰ। কৰ্মী-সহকৰ্মী নাহে কেন্দ্ৰটোলৈ। লকডাউনৰ তিনিমাহৰ আগৰ পৰাই অংগনবাদী কৰ্মী সহকৰ্মী দুগৰাকীৰ ছাঁটোকে দেখা নাই এওঁলোকে। কেন্দ্ৰটোৰ কৰ্মী ছাজিদা চুলতানাৰ পৰিৱৰ্তে স্বামী লুৎফুৰ ৰহমানে অংগনবাদী কেন্দ্ৰটোত মাজে মাজে আহি চোৱা চিতা কৰাৰ অভিযোগ। এনেদৰেই চলিছে লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাদী কেন্দ্ৰসমূহ। চুপাৰ ভাইজাৰক মেনেজ কৰি অংগনবাদী কেন্দ্ৰৰ নামত এতিয়া চলিছে কেৱল লুণ্ঠন।

এছআই কেলেংকাৰীত অভিযুক্ত বিজেপি নেতা জিন্টু নাথক গ্ৰেপ্তাৰৰ পাছতে চাংসাৰিৰ এজন চৰকাৰী কৰ্মচাৰীক লৈ চলিছে ব্যাপক চৰ্চা

চাংসাৰি : এপিএছচি কেলেংকাৰীতকৈ অধিক ভয়াবহ হিচাপে পৰিগণিত হৈছে ৰাজ্য কপোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক কেলেংকাৰী। এই কেলেংকাৰীয়ে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মন্ত্ৰী হিমন্ত বিশ্বৰ সমষ্টি জালুকবাৰীৰ চাংসাৰিকো কপাই তুলিছে। এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ব্যাপক কেলেংকাৰিৰ ঘটনা চাংসাৰিতো সম্প্রসাৰিত হোৱাত এতিয়া ৰাজনৈতিক কিম্বা সচেতন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো এছ আই কেলেংকাৰীৰ ঘটনাৰ সৈতে জড়িত হৈ পৰা সমষ্টিটোৰ এজন বিজেপি পালিনেতা তথা বেজেৰা মণ্ডলৰ উপ–সভাপতি হিচাপে নিযুক্ত চাংসাৰিৰ জিণ্টু নাথক শোণিতপুৰৰ জামুগুৰিহাটৰ পৰা আৰক্ষীয়ে এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৫ অক্টোবৰৰ নিশা চি আই ডিয়ে চাংসাৰি থানাৰ সহযোগত চাংসাৰিত অভিযান চলাই দুই পৰীক্ষার্থী মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক গ্রেপ্তাৰ কৰিছিল ৷ পৰৱর্তী সময়ত আটকাধীন দুই পৰীক্ষার্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত জিণ্টু নাথক বিচাৰি তেওঁৰ ঘৰত অভিযান চলায় যদিও সেই সময়ত তেওঁ ঘৰত নাছিল ৷ অৱশেষত নিজ শহুৰেকৰ ঘৰৰ পৰা গোপন সূত্ৰৰ পম খেদি জিন্টু নাথক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিআইডিয়ে। জানিব পৰা মতে, জিণ্টু নাথৰ লিংকৰ জৰিয়তে ভার্গৱ গ্রেণ্ডত ধৃত দুই প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ পাইছিল ৷ অৱশ্যে জিণ্টু নাথৰ লিংকত ধনৰ লেনদেন থকা আৰু কেইবাজনো পৰীক্ষার্থী আছে যদিও বর্তমান তেওঁলোক পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে, একাংশই অভিযোগ কৰা মতে, চি আই ডি তথা আৰক্ষীয়ে জিন্টু নাথেৰে বিজেপিৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা মন্ত্ৰীৰ সম্পৰ্ক থকা বাবেই এছ আই কেলেংকাৰীত জড়িত জিন্টুৰ তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত চলাইছে বুলি অভিযোগ তুলিছে। আনকি, চি আই ডিৰ তদন্তত পোহৰলৈ অহা জিন্টু নাথৰ সৈতে জড়িত হৈ থকা চাংসাৰিৰ কোন সেই চৰকাৰী চাকৰি কৰা ব্যক্তি, আজিলৈকে চি আই ডিয়ে কিয় ৰাজহুৱা কৰা নাই সেই ব্যক্তিৰ নাম বুলি প্ৰশ্ন কৰি চি আই ডি তথা আৰক্ষীৰ ভূমিকাক সন্দেহৰ দৃষ্টিৰে চাইছে একাংশ সচেতন ৰাইজে। ইয়াৰ উপৰিও এছ আই কেলেংকাৰীৰ সমান্তৰালকৈ ইতিমধ্যে হৈ যোৱা জল সিঞ্চনৰ এলডিএ চাকৰিৰ বাবেও চাংসাৰিত চাকৰিৰ বজাৰ এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠই মেলি দিছিল বুলি সামাজিক মাধ্যমত ব্যপক চৰ্চা হৈছে। আনকি এটা চাকৰিৰ বাবদ ৯ লাখ পৰ্যন্ত কলা ধন লৈ এই চাকৰি সমূহ প্ৰদান কৰিব বুলিও অভিযোগ উত্থাপিত হৈছে বিভিন্ন মাধ্যমত আৰু এই সকলোবোৰ এছ আই কেলেংকাৰীত জড়িত হৈ থকা কিছু সংখ্যকে চলাই নিছিল বুলি বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে। যাৰবাবে এই ক্ষেত্ৰত সোণোৱাল চৰকাৰক ইয়াৰ ওপৰত তদন্তৰ জৰিয়তে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে।

শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভূগিছে জনতাই : টীয়কৰ কাকজানত পুৱাৰে পৰা বেংকৰ দুৱাৰে দুৱাৰে নিজ সন্তানকলৈ অভিভাৱক

কাকজান : শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে প্ৰাথমিকৰ পৰা স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে একাউণ্ট খোলাটো বাধ্যতামূলক। এই নিৰ্দেশনাৰ পাছতে হাঁহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ মাজত। যিহেতু শিক্ষা বিভাগে উল্লেখ কৰা নাই কোনো সময়সীমা সেয়ে বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। টীয়কৰ বেংকসমূহতো কভিড-১৯ ৰ বাবে মুকলি কৰা নাই ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ ব্যৱস্থা। উল্লেখ যে ইউবিআই টীয়কৰ কাকজান শাখাত মুকলি কৰিছে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ এই সুবিধা। অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত বছৰৰ পাছত বছৰজুৰি একাউণ্ট খোলাৰ পৰা বিৰত আছে কৰ্তৃপক্ষ। এছবিআই নোখোলে এনে একাউণ্ট। অভিভাৱকৰ একাউণ্ট থাকিলেহে খুলিব পাৰিব ল’ৰা-ছোৱালীয়ে ইউবিআই বেংকত। কৰ’ণা মহামাৰীৰ সময়তো নাই কোনো সামাজিক দূৰত্ব নাই মুখত মাক্স। অভাৱনীয় ভিৰ কাকজানত। যদিহে প্ৰশাসনে দায়িত্ব নলয় ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা হোৱাটো নিশ্চিত। ইফালে শিক্ষা বিভাগে সময়সীমা নিৰ্ধাৰণৰ স্পষ্ট কৰাৰো আহ্বান জনাইছে সচেতন ৰাইজে।

মৰিগাঁও জিলাত সংঘটিত কোটি টকীয়া সংখ্যালঘু ছাত্র বৃত্তি কেলেংকাৰীত গ্ৰেপ্তাৰ লাহৰীঘাটৰ বিজেপি নেতা : বিজেপি নেতাৰ লগতে আৰু ২ জন চি এচ পিক গ্ৰেপ্তাৰ

ভূৰাগাওঁ : মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নেতৃত্বত চলা এক অভিযানত লাহৰীঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়া বজাৰৰ পৰা কোটি টকীয়া সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত মহম্মদ আলী জিন্না নামৰ বিজেপি নেতাজনৰ লগতে তাইজুল ইছলাম আৰু ৰুহুল আমিন নামৰ আন দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত জিন্না কুশতলি মণ্ডল বিজেপিৰ উপ-সভাপতি হোৱাৰ উপৰিও তুলসীবৰি গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক পঞ্চায়ত সদস্যাৰ স্বামী বুলি জানিব পৰা গৈছে। আনহাতে পেছাত বেংক গ্ৰাহক কেন্দ্ৰৰ সেৱক মহম্মদ আলি জিন্নাই তিনিচুকীয়া বজাৰত স্থাপন কৰা এছবিআই বেংকৰ চিএছপিৰ মাধ্যমৰে সংখ্যালঘু বৃত্তিৰ ধন হৰলুকিৰ দৰে দুষ্কাৰ্যত জড়িত বুলি অভিযোগ উঠিছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ধৃত জিন্নাই ভুৱা নথিপত্ৰৰে বহুলোকৰ নামত ভূৱা একাউণ্ট খুলি সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ নামত আবন্টিত জলপানিৰ ধন আত্মসাৎ কৰি অহা বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে। সেই অভিযোগৰ ভিত্তিত মৰিগাঁও জিলাত সংখ্যালঘু বৃত্তি কেলেংকাৰী আৰু চাইবাৰ অপৰাধৰ গোচৰ তদন্ত কৰি অহা মৰিগাঁও আৰক্ষীয়ে লাহৰীঘাটৰ তিনিচুকীয়াৰ পৰা বিজেপি নেতা মহম্মদ আলি জিন্নাক গ্ৰেপ্তাৰ কৰা লগতে ধৃত জিন্নাৰ চিএছপি পৰা কম্পিউটাৰ সহ বহু নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে বাতৰি লিখা পৰলৈকে সংবাদ মাধ্যমক কোনো তথ্য অৱগত নকৰা মৰিগাঁও আৰক্ষীৰ শীৰ্ষ নেতৃত্বই। আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ শাসকীয় বিজেপি দলৰ ইজনৰ পিছত সিজন নেতা বিভিন্ন কেলেংকাৰীত জড়িত হোৱা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। লাহৰীঘাটৰ বিজেপি নেতা মহম্মদ আলি জিন্নাই নিজৰ sbi csp কেন্দ্ৰটোৰ জড়িয়তে শতাধিক লোকৰ ভূৱা একাউণ্ট খুলি ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰে। ইতিমধ্য উক্ত বিষয়টো সন্দৰ্ভত লাহৰীঘাট থানাত ৪০৭/২০ নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৪৭১ /৩৪ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।