Breaking

কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন

0 47

গুৱাহাটী মহানগৰীত সফলভাৱে সম্পন্ন কৰ’ণা ভেকচিনৰ ‘ড্ৰাই ৰাণ’ : কভিড প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলনমূলক ‘ড্ৰাই ৰাণ’ শনিবাৰে গুৱাহাটী মহানগৰীৰ তিনিটাকৈ কেন্দ্ৰত সফলভাৱে সম্পন্ন হৈ যায়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, খানাপাৰা ৰাজ্যিক চিকিৎসালয় আৰু সোণাপুৰ জিলা চিকিৎসালয়ত পুৱাৰ ভাগৰ পৰা এই ড্ৰাই ৰাণ আৰম্ভ কৰা হয়৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডাঃ লক্ষ্মণন এছে জিএমচিএইছ আৰু খানাপাৰাত ড্ৰাই ৰাণৰ তদাৰক কৰে৷ জিএমচিএইছৰ অনুশীলনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য আৰু অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰাও উপস্থিত থাকে৷

খানাপাৰাত উপস্থিত থাকে সাৰ্বজনীন প্ৰতিষেধক প্ৰদান আঁচনিৰ যুটীয়া সঞ্চালিকা ডা° বিনীতা গোস্বামী৷ সোণাপুৰত স্বাস্থ্য সঞ্চালক মুনীন্দ্ৰ নাথ নাগাটে আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়াই এই মক ড্ৰিলৰ তদাৰক কৰে৷

জিলা প্ৰতিষেধক বিষয়া আৰু UNICEF, FPIUI, NPSP WHO, SPO আৰু UNDPৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, জিলা মিডিয়া বিশেষজ্ঞ আৰু আন বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে৷ শনিবাৰৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে কভিড ভেকচিন প্ৰদান আৰম্ভ হোৱাৰ লগে লগে সকলো লোককে কোনো বিঘিনি নঘটাকৈ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰা৷ প্ৰকৃত প্ৰতিষেধকটো প্ৰদান কৰাৰ বাহিৰে আন সকলো প্ৰক্ৰিয়া এই ড্ৰাই ৰাণৰ সময়ত পালন কৰা হয়৷

Leave A Reply