Breaking

আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

0 2,024

কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়ত আজিৰে পৰা খোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কৰ’ণাৰ সকলো নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা পৰিলক্ষিত হৈছে। বিদ্যালয় গৃহ ছেনিটাইজ কৰি, মুখত মাস্ক পৰিধান কৰি শিক্ষকসকলে শিক্ষাৰ্থীক পাঠদান কৰিবলৈ আহিছে। সকলো প্ৰকাৰৰ কভিড গাইডলাইন মানি চলি বিদ্যালয় খোলাৰ বাবে কেইদিনমান পূৰ্বে চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছিল। বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে। নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীৰেই সপ্তাহৰ এদিন এৰি এদিন পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব। ঠিক তেনেদৰে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব।

পাঠদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ো নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগে। প্ৰকাশ কৰা নীতি নিয়ম অনুসৰি, পুৱা ৯ বজাত পাঠদান আৰম্ভ হৈ বিয়লি ১.৪৫ বজাত সমাপ্ত হ’ব। সকলো ক্ষেত্ৰতে কৰ’ণাৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব।

শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰা হ’ব যদিও সেইসময়ত সকলো প্ৰকাৰেৰে কৰ’ণাৰ নীতি নিৰ্দেশানা বিদ্যালয়সমূহে মানি চলিব লাগিব। উল্লেখ্য যে, প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজন, পাঠদানৰ সময় সুনিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাত চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে।

ইফালে এইখিনিতে মন কৰিবলগীয়া যে, প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়ত শিক্ষাৰ্থী উপস্থিত থকাটো বাধ্যতামূলক নহয় যদিও ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব স্বাভাৱিক পাঠদান। ইয়াৰ লগতে শিক্ষক-কৰ্মচাৰীসকলে কৰ’ণাৰ নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে।

Leave A Reply