জামুগুৰিহাট, ২১ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত চামধৰাৰ মিলি জুলি সংঘ আৰু ন-বোৱাৰী আত্ম সহায়ক গোটৰ সহযোগত জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত নাট কৰ্মশালাৰ মুখ্য প্ৰশিক্ষণ আছিল অসমৰ এগৰাকী অগ্ৰণী নাট্য শিল্পী, নাট্যকাৰ নাট পৰিচালক বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা। তেখেতৰ মৰম স্পৰ্শই ৯ মাহে গৃহবন্দী শিশুসকলৰ মাজত হেৰাই যাব খোজা হাঁহি যেন ঘুৰাই আনিবলৈ সক্ষম হ’ল। মাত্ৰ দুই আঢ়ৈ বছৰীয়া শিশুৰ পৰা ১২-১৪ বছৰৰ শিশুৰ মাজত অনুষ্ঠিত উক্ত নাট কৰ্মশালাৰ মাজৰ পৰা সম্ভাবনাময় বহু শিশু প্ৰতিভাক বিকশিত কৰি তোলাৰ পৰা নাটক সম্পর্কে কোনো জ্ঞান নথকা ২ বছৰীয়া শিশুকো মঞ্চত উপস্থাপন কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লৈছে দক্ষ পৰিচালক কুশল ডেকাৰ। কালি বিয়লি ৩ -৩০ বজাৰ পৰা অনুষ্ঠিত উক্ত সামৰণি অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে অৱসৰী কৃতী শিক্ষক কমল ৰাজবংশী, লাহৰী বৰা হাজৰিকা, জামুগুৰিহাটৰ যুৱ সমাজকৰ্মী মিংকু কলিতা,জয়ন্ত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। উদ্যোক্তা সকলৰ হৈ বিজিত হাজৰিকা আৰু হিৰণ্য হাজৰিকাই আঁত ধৰা উক্ত সামৰণি অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ আছিল শিশুসকলৰ দ্বাৰা ৰচিত আৰু পৰিবেশিত শিশু নাট ‘পিকনিক’ আৰু অতুল চন্দ্ৰ হাজৰিকাৰ কালজয়ী শিশু নাট ‘শেষ নোহোৱা সাধু’ লগতে একাংশ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা পৰিবেশিত এটি ভক্তিমূলক আৰু এটি আধুনিক গীতৰ আধাৰত পৰিবেশিত নৃত্য। প্ৰায় তিনি কুৰিৰো অধিক শিশু প্ৰশিক্ষাৰ্থীৰক মঞ্চত নাট পৰিবেশনৰ সুবিধা দিব বিচৰাটো পৰিচালক ডেকাৰ বাবে প্ৰত্যাহ্বান আছিল যদিও নাট নিৰ্বাচন আৰু কৌশলী পদক্ষেপে এয়াও সম্ভৱ কৰি উপস্থিত দৰ্শকক স্তম্ভিত কৰি তোলে। নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা সুভাংগম হাজৰিকা (ৰজা), জাহ্নু ভূঞা (সূত্র) আৰু তৃষা গায়ন (সাধুচৰণ)ৰ নিখুঁত অভিনয়ে নাটকীয় ঐক্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰিলে। উল্লেখ্য যে শোণিতপুৰ জিলা সাংস্কৃতিক বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া জীতেন কুমাৰ দাসে জিলাখনৰ গাঁৱে গাঁৱে প্ৰতিভাৰ সন্ধান কৰি এইদৰে ইটোৰ পিছত সিটো চৰকাৰী পৃষ্ঠপোষকতাত সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি ক’ভিড- ১৯ ৰ বাবে মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা আত্মবিশ্বাস ঘুৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। গাঁৱৰ প্ৰতিভাক বিকশিত কৰি জগত সভালৈ আগবঢ়াই অনাৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সপোনক বাস্তৱ ৰূপায়নৰ বাবে গ্ৰহণ কৰা চৰকাৰী বিষয়া গৰাকীৰ লগতে অঞ্চল বাসী ৰাইজৰ শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই। তেখেতে কভিডৰ বাবে এনেধৰণৰ চৰকাৰী আঁচনি সাময়িকভাবে স্থবিৰ হ’লেও পুনৰ সক্ৰিয় ৰূপত আঁচনিসমূহ আগবাঢ়ি গৈছে বুলি মত প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটোৰ সফল সামৰণিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তা সকলে।
জীৱন প্ৰমাণ পত্ৰ দাখিলৰ সময় সিমা বৃদ্ধি
কৰ’ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ’ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। এতিয়া পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ । আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ দাখিলৰ বাবে কৰা হৈছে আন এক বিশেষ ব্যৱস্থা। প্ৰমাণ পত্ৰ জমা দিবলৈ বেংকত উপলব্ধ হ’ব বিশেষ কক্ষ। দেওবাৰে এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।
কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক (IPPB)ৰ জৰিয়তেও ডিজিটেল জীৱন প্ৰমাণ পত্ৰ দিব পাৰিব পেঞ্চনাৰসকলে। প্ৰায় ১.৮৯ লাখ ডাক সেৱকৰ জৰিয়তে IPPBয়ে পেঞ্চনাৰসকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব জীৱন প্ৰমাণ পত্ৰ। আনহাতে ঘৰৰ পৰাই কম্পিউটাৰ অথবা মোবাইলৰ লগত বায়মেট্ৰিক ডিভাইছ সংযোগ কৰিও পেঞ্চনাৰসকলে জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ।
আজি পত্নীৰে সৈতে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে
আজি সোমবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ল’ব কৰ’নাৰ ভেকচিন । জো বিডেনৰ প্ৰেছ সচিব জেন প্যাছাকিয়ে জনাইছে যে, জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ফাইজাৰৰ কৰ’না ভেকচিন ৰাজহুৱাকৈ গ্ৰহণ কৰিব ।
আনহাতে, আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আৰু তেওঁৰ স্বামী ডগলাছ এমহফে অহা সপ্তাহত গ্ৰহণ কৰিব কৰ’নাৰ ভেকচিন। শুকুৰবাৰে দেশখনৰ উপ-ৰাষ্ট্ৰপতি মাইক পেন্স আৰু হাউছ স্পীকাৰ নেন্সি পেল’ছিয়ে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ।
গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ
কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ দক্ষিণহেঙেৰা গাওঁ পঞ্চায়তৰ আঠাবাৰী গাওঁৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বহু বছৰ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি একো উন্নয়নৰ মুখ দেখি নোপোৱা এই সকল গাওঁৰ সৰ্বসাধাৰণ লোকে বৰ্তমান চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷
কংগ্ৰেছৰ পদত্যাগী সদস্যসকলে আনহাতে সমষ্টিটোত বৰ্তমানৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত যথেষ্ট উন্নয়নমূলক কাম হোৱাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে অন্য বহু দলৰ পৰা বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে ।
সাংবাদিক গৌতম হাজৰিকা নিৰুদ্দেশ
নিৰুদ্দেশ সাংবাদিক গৌতম হাজৰিকা । যোৱা শনিবাৰৰ পৰা নিখোজ হৈ আছে সাংবাদিক গৌতম হাজৰিকা । এটা ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত কৰ্মৰত হাজৰিকা । ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত যোৱাৰ পিছৰেই পৰা আজি পৰ্য্যন্ত সন্ধানহীন হৈ আছে সাংবাদিক গৰাকী । পত্নী বনানী দাসে দিছ্পুৰ আৰক্ষী থানাক সাংবাদিক গৰাকী সন্ধানহীন হৈ থকা ঘটনা অৱগত কৰিছে ।
কোনো লোকে যদি সাংবাদিক গৰাকীৰ সম্ভেদ পাই তেনেহলে 7086834103 নম্বৰট অৱগত কৰিবলৈ জনাইছে অনুৰোধ ।।
নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত পুনৰ “কা”ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ
পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে “কা”ৰ বিৰুদ্ধাচৰণ কৰি “কা” বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব বুলি মন্তব্য কৰে জুবিন গাৰ্গে ।
জুবিন গাৰ্গে লগতে কয়, ‘মই নাগৰিকত্ব সংশোধনী আইন মানি নলও। ‘কা’ আন্দোলনৰ পিছতে মোৰ গা বেয়া হৈছিল, সেয়েহে আজিকালি মই অলপ কথা পাহৰো, কিন্তু “কা” পাহৰা নাই।’ দৰ্শকৰ শাৰীত বিজেপি, কংগ্ৰেছৰ সমৰ্থক থাকিলেও খাতিৰ নকৰো।’
এইবাৰ ছচিয়েল মিডিয়াৰ জৰিয়তে “কা”ৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি গানৰ মাজতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই জুবিন গাৰ্গে। “কা” আন্দোলনকলৈ জুবিনে প্ৰস্তুত কৰা গীতো নৰ্থ ইষ্ট ফেষ্টিভেলত পৰিৱেশন কৰে জুবিন গাৰ্গে।
বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ
আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
কিন্ত লক্ষণীয় কথাটো হল বিপিএফক একাষৰীয়া কৰিলে বিজেপিয়ে। ২০১৬ত দিছপুৰ দখলৰ বাবে বিজেপিয়ে মিত্ৰতাৰ হাত আগঢ়োৱা বিপিএফ দলক ৫ বছৰ সাশন চলোৱাৰ পিছত একাষৰীয়া কৰা হল । অমিত শ্বাহৰে অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এল উপস্থিতিত হব লগা বৈঠকলৈ মতা নহল বিপিএফক । মিত্ৰ দলৰ সৈতে আলোচনাৰ পিছতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ সৈতেও হ’ব বিশেষ বৈঠক ৷ বৈঠকৰ পিছতেই অমিত শ্বাহে ৰাজ্যিক বিজেপিক ১০০ প্লাছৰ ফৰ্মূলা হাতত দি থৈ যাব।
বাম্পাৰ অফাৰ : মাত্ৰ ১৯৪টকাত চিলিণ্ডাৰ !
পুৱাৰ ভাগতে আপোনালৈ এটা ভাল খবৰ লৈ আহিছো । আজিৰ দিনতোত আপুনি এটা চিলিণ্ডাৰ কিমান দামত ক্ৰয় কৰিছে । গুৱাহাটীত আজি এটা চিলিণ্ডাৰৰ দাম ৭৪৩ টকা । কিন্ত আপোনালৈ এটা বাম্পাৰ অফাৰ । ১৯৪টকাত এটা চিলিণ্ডাৰ । আচৰিত নহয়নে, এটা বিশেষ প্ৰক্ৰিয়াৰে এই অফাৰ আপুনিও লাভ কৰিব পাৰে।
দৰাচলতে শেহতীয়াকৈ গ্ৰাহকসকলৰ বাবে এই বাম্পাৰ অফাৰ মুকলি কৰিছে অনলাইন পেমেন্ট কোম্পানী Paytmৱে । এই অফাৰৰ জৰিয়তে Paytmৰ যোগেদি যদি কোনো এজন গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে সেই গ্ৰাহকজনে লাভ কৰিব পাৰে ৫০০টকাৰ কেছবেক। এই কেছবেকৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে PaytMৰ জৰিয়তে Recharge & Pay Bills অপচনলৈ গৈ তাত থকা Book a cylinderত ক্লিক কৰিব লাগিব। ইয়াত গ্ৰাহকে পেমেন্ট কৰা পূৰ্বে FIRSTLPG প্ৰম কডো ভৰাব লাগিব।
মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ মলং-পানীখাতী আঞ্চলিক সমিতি গঠন
উজনি-মাজুলী, ২০ ডিচেম্বৰঃ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত মলং-পানীখাতী আঞ্চলিক আৰু মহিলা সন্মিলনৰ সমিতিখন আজি গঠন কৰা হয় ৷ আজি দিনৰ ২ বজাৰ পৰা উজনি মাজুলীৰ শংকৰ মাধৱ হাইস্কুলত মলং-পানীখাতী চুতীয়া জাতি সন্মিলনৰ সম্পাদক কমল বৰাই আঁত ধৰা ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে বুধেশ্বৰ বৰাই ৷ উক্ত সভাতেই সৰ্বসন্মতি ক্ৰমে বিকাশ বৰাক সভাপতি আৰু দিপাংকৰ বৰাক সাধাৰণ সম্পাদিক হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰাৰ বিপৰীতে প্ৰনামী শইকীয়াক সভানেত্ৰী আৰু কৃষ্ণা বৰাক সাধাৰণ সম্পাদিকা হিচাপে লৈ মলং-পানীখাতী আঞ্চলিক চুতীয়া জাতি মহিলা সন্মিলনৰ সমিতিখনো গঠন কৰা হয় ৷ সভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়া, মাজুলী জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিগেন সেনাপতি, সাধাৰণ সম্পাদক জীৱন বৰুৱা, মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰা, সদৌ অসম চুতীয়া জাতি সন্মিলন অসমৰ কাৰ্যনিৰ্বাহক সদস্য উমেশ শইকীয়া, শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কনক বৰাৰ লগতে জাতিতোৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে চুতীয়া জনগোষ্ঠীক একত্ৰিত কৰি জাতিটোৰ আটাইকেইটা সংগঠনৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা মাজুলী জিলা চুতীয়া জাতি সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত মাজুলীৰ বিভিন্ন আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰা হৈছে ৷
মৰিগাঁৱত ‘সদৌ অসম হীৰা পৰিষদ’ জিলা সমিতি গঠন
অনলাইন বাৰ্তা, ২০ ডিচেম্বৰ: সমগ্ৰ অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণে বসবাস কৰা লগতে, ৪০ লাখতকৈ অধিক সংখ্যক অনুসূচিত জাতি বসবাস কৰি আহিছে | অসমৰ অনুসূচিত জাতিৰ কেইবাটাও উপজাতি ভিতৰত অন্য এক বৃহৎ জনাজাত জনগোষ্ঠী হৈছে হীৰা, মৰিগাঁও জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন গাঁৱত সিচঁৰিত হৈ থকা হীৰা সম্পদায়ৰ লোকসকলক একতীত কৰি আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক উন্নয়নকে ধৰি বিকাশৰ বাবে আগন্তুক দিনত সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা লক্ষ্যৰে আজি ২০/১২/২০২০ তাৰিখে, মৰিগাঁও জিলাৰ মৰিগাঁও নগৰৰস্থিত লক্ষ্মীনাথ বেজবৰুৱা একাডেমী পেক্ষাগৃহত পদিপ দাসৰ সভাপতিত্বত কেন্দ্ৰীয় সমিতি সভাপতি সৎৰাম হীৰা, কাৰ্যকৰী সভাপতি সুৰেশ দাস, সম্পাদক প্ৰধান ললিত হীৰা, লগতে সাধাৰণ সম্পাদক দ্বীপমনি হীৰা উপস্থিতঅনুষ্ঠিত হোৱা সভাখনত সৰ্ব সন্মতিক্ৰমে জিলা খনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে দিব্য দাস, সাধাৰণ সম্পাদক দিপেন দাসকে ধৰি এখন ৩১ জনীয়া পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয় |















