Breaking

আজি পত্নীৰে সৈতে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে

0 2,043

আজি সোমবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ল’ব কৰ’নাৰ ভেকচিন । জো বিডেনৰ প্ৰেছ সচিব জেন প্যাছাকিয়ে জনাইছে যে, জো বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনে ফাইজাৰৰ কৰ’না ভেকচিন ৰাজহুৱাকৈ গ্ৰহণ কৰিব ।

আনহাতে, আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আৰু তেওঁৰ স্বামী ডগলাছ এমহফে অহা সপ্তাহত গ্ৰহণ কৰিব কৰ’নাৰ ভেকচিন। শুকুৰবাৰে দেশখনৰ উপ-ৰাষ্ট্ৰপতি মাইক পেন্স আৰু হাউছ স্পীকাৰ নেন্সি পেল’ছিয়ে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব ।

Leave A Reply