Home Blog Page 3186

CONGRESS, COMMUNAL, COMMUNIST’ অসমৰ বাবে অতি বিপদজনক

লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ ৰঞ্জিত দাস

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস এইবাৰ সৰৱ হৈ পৰিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে । বিজেপিৰ কৃষক সমাৰোহত অংশগ্ৰহণ কৰি AJPত যোগদান কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ।

‘অসমৰ বাবে তিনিটা C অতি বিপদজনক, সেয়া হৈছে CONGRESS, COMMUNAL, COMMUNIST’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ । লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ কয় যে, “লুৰিণে জালুকবাৰী নহয়, য’তেই প্ৰতিদ্বন্দিতা কৰিলেও বিজেপি চিন্তিত নহয় । গণতান্ত্ৰিক দল হিচাপে অসম জাতীয় পৰিষদক উষ্ম আদৰণি জনাইছো । শিৱসাগৰৰ ৭০০ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে লুৰিণজ্যোতি গগৈয়ে AJPত যোগদান কৰাও এক খবৰ ।” আনহাতে ইয়াৰ ফলত বিজেপিৰ এটা ভোটো ক্ষতি নহয় বুলি অংগীকাৰ ৰঞ্জিত কুমাৰ দাসৰ। 

বিবাহৰ আগতেই গৰ্ভাৱতী আছিল নেহা কক্কৰ !

নেহা কক্কৰৰ এটা ইন্টাগ্ৰাম পোষ্টে সকলোকে আচৰিত কৰিছে। বিবাহৰ দুমাহৰ পিছতে এনে ছবি দেখি সকলো আচৰিত হৈ পৰিছে ।

বিবাহৰ দুমাহৰ পিছতে নেহা কক্কৰে ইন্টাগ্ৰামত এটা পোষ্ট কৰিছে যিটো পোষ্ট দেখাৰ পিছত সকলোকে আচৰিত কৰা দেখা গৈছে । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে । পোষ্টটোত  এখন ফটো পোষ্ট কৰা হৈছিল আৰু য’ত নেহাক গৰ্ভৱতী যেন দেখা গৈছে । নেহাই পোষ্টটোত এই বিষয়ে খোলাকৈ একো কোৱা নাই যদিও নেহাই ইনষ্টাগ্ৰাম পোষ্টটোত স্বামী ৰোহন প্ৰীতৰ লগত ফটো শ্বেয়াৰ কৰি ফটোৰ কেপশ্বনত লিখিছে যে #KhyaalRakhyaKar (যত্ন ৰাখা) ।

ইন্টাগ্ৰাম পোষ্টৰ ফটোখন

নেহা কক্কৰৰ এটা ইন্টাগ্ৰাম পোষ্টে সকলোকে আচৰিত কৰিছে। বিবাহৰ দুমাহৰ পিছতে এনে ছবি দেখি সকলো আচৰিত হৈ পৰিছে ।

নেহাৰ পোষ্টটোত স্বামী ৰোহন প্ৰীতে মন্তব্য কৰি লিখিলে, “এতিয়া তুমি অধিক যত্ন ল’ব লাগিব” । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে ।

নেহা কক্কৰৰ ইনষ্টাগ্ৰাম পোষ্টটো দেখি গৰ্ভৱতী যেন লাগিছে যদিও এয়াও হ’ব পাৰে যে শিল্পী গৰাকীয়ে কোনো এলবামৰ শ্বুটিংৰ বাবে এনে এটা ৰূপত দেখা গৈছে । কিয়নো নেহা কক্কৰৰ প্ৰায়বোৰ গানতে নেহাই নিজে অভিনয় কৰা দেখিবলৈ পোৱা যায় ।

নেহাৰ পোষ্টটোত জনপ্ৰিয় কমেডিয়ান কপিল শর্মাই শুভেচ্ছা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ।

নেহা কক্কৰৰ বিশেষ ইনষ্টাগ্ৰাম পোষ্টটো চাবৰ বাবে ইয়াত ক্লিক

বিজেপিলৈ বিধায়িকা অজন্তা নেওগ !

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তৰে সৈতে আলোচনা  

গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! ২৬ ডিচেম্বৰত বিজেপিত যোগ দিব পাৰে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰায় ৩০ৰ পৰা ৪০ মিনিট সময় বৈঠকত মিলিত হয়। জানিব পৰা মতে বৈঠকত মন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে ।

আনহাতে অজন্তা নেওগৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তিৰ্কী আৰু ৰাজদ্বীপ গোৱালাইও ২৬ ডিচেম্বৰতে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যোগদান কৰিব পাৰে বিজেপিত। এনে পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙেও অসমলৈ আহিবলগীয়া ভ্ৰমণসূচী বাতিল কৰিছে।

পঢ়ক : ২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ দুই যুৱকৰ মৃত্যু

জামুগুৰিহাট, ১৭ডিচেম্বৰ : শোণিতপুৰ জিলাৰ খনামুখত কালি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ ৰঙাচকুৱাৰ দুজন যুৱকৰ মৃত্যু হয়। ৰঙাচকুৱাৰ অনন্ত শইকীয়া (২৯)আৰু প্ৰশান্ত শইকীয়া (২৮) নামৰ যুৱক দুজনে মটৰ চাইকেলৰে কিবা বিশেষ কামত বালিপৰালৈ গৈছিল আৰু তাৰ পৰা পুনৰ ঘৰলৈ ওভতি অহাৰ পথত খনামুখৰ নিশা নমান বজাত  সংঘটিত হোৱা  ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে  যুৱক দুজনৰ  মৃত্যু হয় । যুৱক দুজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি প্ৰয়াত লোহিত দাসৰ অষ্টম মৃত্যু বাৰ্ষিকী তিথিৰ আয়োজন

নলবাৰী, ১৭ ডিচেম্বৰ : অহা ২১ ডিচেম্বৰত নলবাৰী হাটখোলা পুখুৰী পাৰত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন পৌৰপতি লোহিত চন্দ্ৰ দাসৰ স্মৃতিত দিনযোৰা কাৰ্যসূচীৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হব । ৰাতি পুৱা ৯ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা হীৰেণ কুমাৰ বৰ্মন, নলবাৰী কমাৰ্চ কলেজৰ অধ্যাপক বিভূতি ভূষণ দাস সহ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে । তদুপৰি ৯.৩০ বজাত লোহিত দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিব  ইণ্ডিয়া জাৰ্ণালিষ্ট এচ’ ছিয়েন নলবাৰী জিলাৰ সভাপতি ওৱাহিদুজ জামানে । লোহিত দাসৰ এই অষ্টম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে আয়োজিত হব লগীয়া এই অনুষ্ঠানত পৰিয়ালবৰ্গৰ লগতে অনুষ্ঠানটোৰ আহ্বায়ক নগেন তালুকদাৰে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামণা কৰিছে ।

মাজুলীৰ নৱনীতাৰ কাষত ৰুমাল লাইভ : দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

উজনি-মাজুলী, ১৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগ ( এছ এল ই ) ত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ ভবেন খাউণ্ডৰ কন্যা , নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া নৱনীতা খাউণ্ডৰ আৰোগ্য কামনাৰে আজিৰে পৰা অসমৰ ব্যতিক্ৰমী ফেচবুক পেজ তথা সামাজিক অনুষ্ঠান ৰুমাল লাইভে মাজুলীৰ ব্যৱসায়ীক ক্ষেত্ৰ বনগাঁও আৰু ৰাৱনাপাৰৰ ব্যৱসায়ী তথা পথৰুৱা লোকৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰি এক কাৰ্যসূচী হাতত লয় । হঠাতে পৰিয়ালটোৰ জীৱনলৈ নামি অহা এই কাল ধুমুহা সদৃশ বিপদৰ পৰা কিছু পৰিমাণে সকাহ দিৱৰ বাবে ৰুমাল লাইভে দৰিদ্ৰ পৰিয়ালটোৰ অনুৰোধ ক্ৰমে নৱনীতাক সুস্থ কৰি তুলিবলৈ ৰাইজৰ কাষ চাপি পথে পথে দান পাত্ৰ লৈ ঘূৰা পৰিলক্ষিত হয় । ৰুমাল লাইভৰ এই সাহাৰ্য কাৰ্যসূচীত হাত উজান দিয়ে পূৱ মাজুলী মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্র একতা সভা আৰু মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী সমাজে । ৰুমাল লাইভৰ ৰাজ্যিক সম্পাদক প্ৰাঞ্জল গাৰ্গৰ উপস্থিতিত মাজুলী জিলাৰ সভাপতি মানস তপন বৰা আৰু  সম্পাদক হৃষীকেশ হাজৰিকাকে আদি কৰি দিব্যজ্যোতি নেওগ , প্ৰীতম শইকীয়া ,দেৱপ্ৰতীম কাকতি , মাধৱ দাস , বিতোপন দাস আদিয়ে সাহাৰ্য্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৱনীতাৰ আশু আৰোগ্য কামনা কৰে । এই মহৎ উদ্দেশ্য সম্বলিত কাৰ্যসূচীৰ প্ৰতি সহাঁৰি জনাই সাহাৰ্য্য কাৰ্যসূচীত ৰুমাল লাইভৰ সদস্য সকলক সংগ দিয়ে মাজুলী জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা , পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ দীপাংকৰ ৰাজখোৱা , ভাস্কৰ বৰা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পূৱ মাজুলী আঞ্চলিকৰ সম্পাদক মানৱ বৰাই । ৰুমাল লাইভে দৰিদ্ৰ পৰিয়ালটিৰ কাষত অনাগত দিনত সহায় সহযোগিতা আগবঢ়াবৰ বাবে মাজুলীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ আহবান জনাই । কম বয়সতে নৱনীতাৰ জীৱনলৈ অহা এই দুৰাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ লগতে পুনৰ ছাত্ৰী গৰাকীৰ জীৱনলৈ  হাঁহি ঘূৰাই আনিবলৈ ৰুমাল লাইভে লোৱা এই অভিযানৰ প্ৰতি অসমৰ জনতাই যদি সহায় সহযোগিতা আগবঢ়াব বিচাৰিলে ৰুমাল লাইভৰ ফোন নম্বৰ ৯৬৭৮৩১১৩৫৬ ত যোগাযোগ কৰিবলৈ আহবান জনাইছে ৰুমাল লাইভ পৰিয়ালে।

তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক’লা হৈ গ’ল : পীয়ুষ হাজৰিকা

নগাঁও, ১৭ডিচেম্বৰ : “তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক’লা হৈ গ’ল। সেয়ে তেঁও নগাঁৱৰ মানুহৰ ভোট  মদ-মাংসৰে কিনিব পাৰি বুলি ভাবিছে। প্ৰদ্যুৎ বৰদলৈ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰে সাংসদ হোৱা নাই। তেঁওক তিৱা মানুহে ভোট দিয়া নাছিল। সেয়ে তেঁও নগাঁৱৰ মানুহক অপমান কৰিছে।” আহতগুৰিত তিৱা স্বায়ত্বশাসিত পৰিষদৰ বাবে ভোটপ্ৰদান কৰিবলৈ আহি  আজি সংবাদমাধ্যমৰ আগত এনেদৰে মন্তব্য  কৰিলে ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাই। তিৱা নিৰ্বাচনত বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ বিষয়ে নগাঁৱৰ সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী পিযুষ হাজৰিকাই এই মন্তব্য কৰে। আনহাতে ৰিপুণ বৰাই পিযুষ হাজৰিকাক কৰা সমালোচনাৰ সন্দৰ্ভত পিযুষ হাজৰিকাই কয়,”ৰিপুণ বৰাই অৰ্কেষ্ট্ৰা পাৰ্টি চলাইছে। পিছে ৰিপুণ বৰাই লগত লৈ ফুৰাজন সুৰকাৰ নহয় তেঁওক গুৱাহাটীত চুৰকাৰ বুলিহে কয়।” পিযুষ হাজৰিকাই কয় ,” আমি কংগ্ৰেছ কৰোতে কংগ্ৰেছ দল আছিল, কিন্তু ৰিপুণ বৰাই কংগ্ৰেছক অৰ্কেষ্ট্ৰা পাৰ্টি কৰি দিলে।”এইবাৰ তিৱা নিৰ্বাচনত বিজেপিৰ আসন পূৰ্বৰ ৩খনৰ পৰা ৩০খন হ’ব বুলি মন্তব্য কৰি পিযুষ হাজৰিকাই কয়, “বিজেপিয়ে প্ৰতিদন্দিতা কৰা ৩৪খন আসনৰ ভিতৰত ৩০খনত আমাৰ জয় নিশ্চিত।”উল্লেখযোগ্য যে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই  আহতগুৰিত সপত্নীক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে।

নগাঁৱত ৭১ শতাংশৰো অধিক লোকে স্যবস্ত কৰিলে ভোটাধিকাৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্তি ভোটগ্ৰহণৰ

নগাঁও, ১৭ ডিচেম্বৰ : শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ’ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰিবৰ বাবে ১০২জন প্ৰিজাইডিং বিষয়া আৰু ৩০৬জন প’লিং বিষয়াক নিয়োগ কৰা হয়। পুৱা ৭.৩০মিনিটৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫বজাত অন্ত পৰে। প্ৰায় ৮০,৪৪২জন ভোটাৰ থকা নগাঁৱৰ ১০টা পৰিষদীয় সমষ্টিত আজি ৭১.৮৭শতাংশ ভোটাৰে ভোটাধিকাৰ স্যবস্ত কৰে। ভোটগ্ৰহণৰ অন্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বেলট বাকচ সমূহ নগাঁৱৰ ডচন উচ্চত্বৰ মাধ্যমিক বিদ্যালয়স্থ ষ্ট্ৰং ৰুমলৈ লৈ অনা হয়। উল্লেখযোগ্য যে নগাঁৱৰ ১০টা পৰিষদীয় সমষ্টিৰ বাবে  মুঠ ৩৮জন প্ৰাৰ্থীয়ে প্ৰতিদন্দিতাত অৱতীৰ্ণ হৈছে। ইতিমধ্যে তিৱা স্বায়ত্ব শাসিত পৰিষদ এইবাৰ শাসকীয় বিজেপিয়ে দখল কৰাটো নিশ্চিত বুলি বিজেপিৰ পক্ষই দাবী কৰাৰ বিপৰীতে কংগ্ৰেছে এই নিৰ্বাচনত বিজেপিয়ে ধনবল-বাহুবল প্ৰয়োগ কৰাৰো অভিযোগ আনিছে। অহা ১৯ ডিচেম্বৰৰ পুৱাৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ ভোটগণনা অনুষ্ঠিত হ’ব। ইতিমধ্যে ভোটগণনাৰ বাবে নগাঁও জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা বুলি সংবাদ মাধ্যমক জনাইছে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে।

২৬ ডিচেম্বৰৰ পূৰ্বে অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰণা আৰু অজিত বৰঠাকুৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখে । শুনানিৰ ৰায়দান ডিচেম্বৰৰ ২৬ তাৰিখৰ পূৰ্বে প্ৰদান কৰা হব ।

NIAক প্ৰতিনিধিত্ব কৰি Additional Solicitor General এছ ভি ৰাজুয়ে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল আৰু অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটায়।


উচ্চ ন্যায়ালয়ে সোমবাৰৰ ভিতৰত NIA অধিবক্তা আৰু অখিল গগৈৰ অধিবক্তা হুজেফা এহমদীক আজিৰ যুক্তিতৰ্কৰ সবিশেষ উল্লেখ কৰি লিখিতভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হুজেফা আৰু ৰাজু দুয়ো আজি দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে সংযুক্ত হৈ আছিল।

2021 বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

অহা মাৰ্চ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত কটন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ’ব। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক এই ডিগ্ৰী সমূহ প্ৰদান কৰা হ’ব। কৰ’না মহামাৰীৰ বৰ্তমান স্থিতি তথা চৰকাৰী নিয়মাৱলীৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয় প্ৰশাসনে এই অনুষ্ঠান ভাৰ্চুৱেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও, সোণৰ পদক প্ৰাপ্ত প্ৰতিজন ছাত্ৰ ছাত্ৰীক অফলাইন মোডত উক্ত অনুষ্ঠানতে বঁটা সমূহ প্ৰদান কৰা হ’ব। সেই উদ্দেশ্যে অনলাইন পঞ্জীয়ন সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক ৱেবছাইট (www.cottonuniversity.ac.in)ত বিস্তাৰিত ভাৱে উল্লেখ কৰা হ’ব। পঞ্জীয়নৰ অন্তিম তাৰিখ ১২ জানুৱাৰী ২০২১ হিচাপে নিৰ্ধাৰিত কৰা হৈছে। দীক্ষান্ত সমাৰোহৰ অনুষ্ঠান বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট, ফেচবুক লাইভ আৰু ইউটিউব লাইভৰ যোগেদি সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব। কটন বিশ্ববিদ্যালয় প্ৰশাসনে উক্ত অনুষ্ঠানত সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছে। বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰা হৈছে।