ডবকা, ৬ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা মিকিৰাটি হাও গাওঁৰ বাসিন্দা তথা আমবাৰী হাইস্কুলৰ আৰবী শিক্ষক ক্বাজী, মৌলানা ছামান আলী বৰভূঞাৰ যোৱা নিশা ১২.২০ বজাত মৃত্যু হয়। দীৰ্ঘদিনৰ পৰা ক্বাজী ছামান আলীয়ে হৃদয়ৰোগ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ আজি দিনৰ ১.৩০ বজাত মৰহুমৰ জানাজাৰ নামাজ ডবকা গাছতলাৰ কেন্দ্ৰীয় কবৰস্থানত আদায় কৰা হব। ডবকাত ক্বাজী হিচাপে পৰিচিত ছামানৰ মৃত্যুত হোজাই জিলাত শোকৰ ছা বিৰাজ কৰিছে । মৃত্যুৰ সময়ত ক্বাজীজনৰ বসয় আছিল ৫৮ বছৰ। চাৰি গৰাকী কন্যা, এজন পুত্ৰ আৰু সহধৰ্মিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। চামান আলীৰ মৃত্যুত ডবকাৰ দল সংগঠনেও শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াৰবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
জামুগুৰিহাটৰ সমাজ প্ৰাণ জগত চন্দ্র দাসৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি
জামুগুৰিহাট,৬ ডিচেম্বৰ: সমাজ, সাহিত্য, সংস্কৃতিৰ উৰ্বৰ ভূমি, নামঘৰ নগৰী জামুগুৰিহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক জগত চন্দ্ৰ দাসে অহা ৭ জানুৱাৰীত ৯৯ বৰ্ষ অতিক্ৰমী শত বৰ্ষত ভৰি দিব। সেই উপলক্ষে জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত তেখেতৰ শতবৰ্ষৰ ওপজা দিনটো ৰাজহুৱা ভাৱে উদ্ যাপনৰ প্ৰস্তুতি চলাইছে জামুগুৰিবাসী ৰইজে । উল্লেখ্য যে এইগৰাকী প্ৰবীণ সমাজ হিতৈষীয়ে সৰুভগীয়া প্ৰাথমিক বিদ্যালয়, জামুগুৰি মডেল স্কুলকে ধৰি অঞ্চলটোৰ বহুকেইখন অগ্ৰণী প্ৰাথমিক বিদ্যালয়ত শিক্ষা দান কৰি মূল্যবোধৰ শিক্ষাৰে মানৱ সম্পদ গঢ়াত আত্মনিয়োগ কৰিছিল। জামুগুৰিহাটৰ অন্যতম প্ৰাচীন আধ্যাত্মিক অনুষ্ঠান বাৰেচহৰীয়া ৰাইজ সভাৰ এগৰাকী একান্ত সেৱক, ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা বিভিন্ন সময়ত উদ্ যাপন সমিতিৰ বিশেষ দায়িত্ব গ্ৰহণ কৰি ২০০৭ বৰ্ষত সন্মানীয় কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি বাৰেচহৰীয়া ভাওনাক সাৰ্বজনীন মাত্ৰা প্ৰদানত অৰিহণা আগবঢ়োৱা এইগৰাকী সমাজকৰ্মীয়ে শতবৰ্ষত ভৰি দিয়াত আনন্দিত হৈ পৰিছে অঞ্চল বাসী ৰাইজ। তেখেতৰ শতবৰ্ষ উদ্ যানৰ বাবে বাৰেচহৰীয়া ৰাইজ সভাৰ আহ্বানত সৰুভগীয়া নামঘৰত অনুষ্ঠিত সভাই অনুষ্ঠানটো সুচাৰুৰূপে উদ যাপন কৰিবৰ বাবে এখন শক্তিশালী উদ যাপন সমিত গঠন কৰে। সেই মৰ্মে বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী, বাৰেচহৰীয়া ৰাইজ সভাৰ উপদেষ্টা লীলা ভূঞা, সৰুভগীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰুদ্ৰ কাকতী, দোলন শইকীয়া আৰু হৰ বৰাক উপদেষ্টা হিচাপে লৈ গঠন কৰা সমিটিখনৰ সভাপতি অতুল চন্দ্ৰ হাজৰিকা, উপ সভাপতি দুলাল বৰা, সম্পাদক জয়ন্ত দাস, ভবিন্দ্ৰ ভূঞা আৰু সহকাৰী সম্পাদক তোষেশ্বৰ বৰা আৰু খগেন শইকীয়া। আনহাতে একেখন সভাতে জগত চন্দ্ৰ দাসৰ জীৱন আৰু কৃতিত্বৰ মূল্যায়নেৰে প্ৰকাশ কৰিব বিচৰা অভিনন্দন গ্ৰন্থখন সম্পাদনাৰ বাবে গঠন কৰা সমিতিখনৰ উপদেষ্টা বিশিষ্ট নিবন্ধকাৰ প্ৰেম নাৰায়ণ গোস্বামী, সভাপতি জগত শইকীয়া, সম্পাদকদ্বয় লেখক সাংবাদিক মিংকু কলিতা আৰু খগেন হাজৰিকা। জগত চন্দ্ৰ দাসৰ ওপজা গাঁও সৰুভগীয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালবৰ্গৰ সহযোগত বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ ৰাইজৰ প্ৰতিক্রিয়া প্ৰকাশ
বিলাসীপাৰা, ৬ ডিচেম্বৰ : শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ মায়াৰ গাওঁ পঞ্চায়তত এম জি এনৰেখাঁ আঁচনিৰ ৰাস্তাৰ কাম উদ্বোধন নকৰাকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনে উক্ত আঁচনিৰ ধন হৰলুকী কৰা বুলি এক মনেসজা ভিত্তিহীন বাতৰি প্ৰচাৰিত হোৱা লৈ সভানেত্রী গৰাকীৰ লগতে পঞ্চায়ত খনৰ স্থানীয় ৰাইজে প্ৰতিক্রিয়া প্ৰকাশ কৰে। ইয়াৰ উপৰিও লগতে সভানেত্রী গৰাকীয়ে উল্লেখ কৰা মতে পঞ্চায়ত খনত এম জি এন ৰেখাঁ আঁচনিৰ যি কেইটা মান ৰাস্তাৰ কাম উদ্বোধন কৰিছোঁ, সেই কেইটা মান ৰাস্তাৰ কাম চলি আছে, ইয়াত কেনেকৈ উক্ত আঁচনিৰ ধন হৰলুকী কৰিছোঁ, এয়া এক ভিত্তিহীন হাস্যকৰ বুলি সাংবাদিকক অৱগত কৰে, সভানেত্রী গৰাকী আৰু স্থানীয় ৰাইজে।।
ঢকুৱাখনা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ সভা
ঢকুৱাখনা,৬ ডিচেম্বৰ : “বিজেপি দলটো ৰাইজৰ স্বাৰ্থত কাম কৰা দল নহয় । এইটো হ’ল ডাঙৰ ডাঙৰ পুঁজিপতি আৰু বণিকগোষ্ঠীৰ স্বাৰ্থত কামকৰা এটা বেপাৰী ৰাজনৈতিক দল। এইখন চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাজ্যত কিছুমান বাট পথৰ উন্নয়ন কৰিছে যদিও সৰ্বসাধাৰণ কৃষক ৰাইজৰ সমস্যা আৰু আতাইতকৈ গুৰুত্বপূৰ্ণ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত একোৱেই কৰা নাই।” -এই মন্তব্য ৰাইজৰ দলৰ এগৰাকী অন্যতম ৰাজ্যিক আহ্বায়ক ভৱেন সন্দিকৈৰ। আজি ঢকুৱাখনাৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত ৰাইজৰ দলৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সন্দিকৈয়ে আৰু কয় যে-“ঢকুৱাখনা সমষ্টিত ভৰত চন্দ্ৰ নৰহে ২৫ বছৰে যি দুৰ্নীতি, অপশাসন চলাইছিল তাৰ পৰিৱৰ্তন বিচাৰি সকলো শ্ৰেণীৰ ৰাইজে নৱ দলেক বিজয় কৰোৱাইছিল। কিন্তু নৱ দলেয়ে মন্ত্ৰী হৈ যোৱা ৫ টা বছৰে ঢকুৱাখনাৰ ৰাইজক যি শোষণ, দমন আৰু লুণ্ঠন চলাইছে সেইয়া সংবাদ মাধ্যম আৰু ঢকুৱাখনা সমষ্টিৰ সকলো ৰাইজৰ মুখে চৰ্চিত হৈছে। গতিকে এইবাৰ ৰাইজে নৱ দলেৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগে।” ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ভৰত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ আহ্বায়ক ক্ৰমে- ডা০ হৰিকান্ত দাস, অনুপ শইকীয়াই বক্তব্যত কয় যে -” পৰিৱৰ্তনৰ টুপি পিন্ধাই ৰাজ্যৰ জনতাৰ কণ্ঠ অৱৰোধ কৰিব খোজা, ৰাইজৰ সম্পদ বিক্ৰী কৰিব খোজা বেপাৰী দল বিজেপিক ২০২১ চনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়ক। ৰাইজৰ উন্নয়নৰ নামত অহা নানা আঁচনিৰ টকা চান কাঢ়ি ৰাখি সেই টকাৰে নিৰ্বাচনৰ সময়ত নেতাই বিলোৱা সামগ্ৰী, টকা সকলো সুবিধা লওঁক। কিন্তু ভোট দিয়াৰ সময়ত ভাবি-চিন্তি দিয়ক। “ইফালে সভাত উপস্থিত থাকি ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক-লোহিত গগৈয়ে কয় যে-“বিজেপি চৰকাৰে পঞ্জাৱ, হাৰিয়ানাৰ পৰা ৩০/৩৫ টকা দৰত চাইল কিনি আনি অসমত ফ্ৰীকৈ দিছে। আৰু অসমৰ কৃষকক শ্ৰমবিমুখ এলেহুৱা কৰিছে। কিন্তু অসমৰ পথাৰবোৰ সদায় সেউজীয়া কৰা। অসমৰ কৃষকৰ আয় বৃদ্ধিৰ কথা চিন্তা কৰা নাই। ” কিন্তু ৰাইজৰ দ্বাৰা ৰাইজৰ স্বাৰ্থত গঠন হোৱা এই ৰাজনৈতিক দল ৰাইজৰ দলে সদায় ৰাইজৰ জাতীয় স্বাৰ্থত কাম কৰি যাব আপোচবিহীনভাৱে। শাসকীয় চৰকাৰৰ কোনো দমন, ষড়যন্ত্ৰই ৰুধিব নোৱাৰে ৰাইজৰ দলৰ উদ্যম আৰু শক্তিক। উল্লেখ্য যে পূৰ্বে কোনোধৰনৰ সাংগঠনিক ভেটি নথকা ঢকুৱাখনা সমষ্টিত আজি অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন সভাতেই সমষ্টিটোৰ বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা ব্লকৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নিজে নিজেই সমবেত হয়হি শ শ লোক। ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা আজিৰ সভাখনত উপস্থিত থাকে বিশিষ্ট অধিবক্তা, প্ৰবীণ ৰাজনীতিক সোণাধৰ পাতিৰে, ৰাইজৰ দলৰ লখিমপুৰ জিলাৰ মুখ্য আহ্বায়ক-আৰছাদ হাজৰিকা, ধেমাজিৰ ৰাইজৰ দলৰ আহ্বায়ক কেশৱ কৃষ্ণ ছত্ৰধৰা, কৃষক মুক্তিৰ নেতা-ৰাজু ৰাজ বৰপাত্ৰ, সুৰজ বৰুৱাকে আদি কৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।
ধৰ্মৰ স্বীকৃতি বিচাৰি জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদিবাসীৰ
জামুগুৰিহাট, ৬ ডিচেম্বৰ : ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাজপথলৈ ওলাই আহি আজি জামুগুৰিহাটৰ টুপীয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী চেংগেল অভিযান শোণিতপুৰ জিলা কমিটিৰ সদস্য সকলে। দিনৰ ১১বজাত আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বানত ওলাই অহা শতাধিক আদিবাসী লোকে টুপিয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আদিবাসী সকলৰ চৰণা ধৰ্মটোক মান্যতা প্ৰদান কৰি ধৰ্মটোক এটা কড দিব লাগে বুলি দাবী উত্থাপন কৰে। আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতি নেতৃবৃন্দয় কয় আদিবাসী সকল কেতিয়াও হিন্দু নহয়। তেওঁলোকৰ নিজস্ব ধৰ্ম আছে। তেওঁলোকে প্ৰকৃতিকহে পূজা কৰে । কিন্তু লোক পিয়লৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আদিবাসী সকলক হিন্দুত্বকৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। সেয়েহে তেওঁলোক ইয়াৰ বিৰোধীতা কৰিছে আৰু শীঘ্ৰেই আদিবাসী সকলৰ চৰণা ধৰ্মটোক চৰকাৰে মান্যতা প্ৰদান কৰি হিন্দু আৰু মুছলমান ধৰ্মৰ লেখিয়াকৈ চাৰণা ধৰ্মটোক এটা কড দিবলৈ দাবী জনাই। ইয়াৰোপৰি আদিবাসী সকলক চৰকাৰে শীঘ্ৰেই জনজাতি কৰণৰো দাবী জনাই আদিবাসী চেংগেল সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সদস্য সকলে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) মন্টুছ চক্ৰৱৰ্তীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰি শোণিতপুৰ জিলা উপাযুক্তৰ জৰিয়তে এই স্মাৰকপত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰে।
টেঙাখাতত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতামূলক সভা
অনলাইন বাৰ্তা,৬ ডিচেম্বৰ : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দ্বীপ গগৈয়ে ২০০৪ চনৰ পিছৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন পেন্সন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতৰ বাবে নহয় বুলি কয়। চাকৰিৰ তাগিদাত নতুন পেন্সন নীতিৰ চৰ্ত মানি লৈ চাকৰিত যোগদান কৰা হয় যদিও সময়ৰ লগে লগে নতুন পেন্সন নীতিৰ ভিতৰুৱা কথাবোৰ উন্মোচিত হোৱাৰ হেতুকে কৰ্মচাৰীৰ ভৱিষ্যত যে অসুৰক্ষিত সেয়া স্পষ্ট হৈ পৰিছে। অৱসৰ গ্ৰহণৰ অন্তত দেখা দিয়া সমস্যাবোৰে সকলোকে ভবাই তুলিছে বুলি কয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি, ডিব্ৰুগড় হনুমানবক্স কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড° কেশৱানন্দ হালৈয়ে বিশদ আলোচনা আগবঢ়ায়। এন পি এছৰ ভয়াবহতা আৰু কৰ্মচাৰীৰ প্ৰাপ্যৰ সম্পৰ্কত পুংখানুপুংখভাৱে তথ্য সহকাৰে অৱগত কৰে। পুৰণি পেন্সন নীতি আৰু নতুন পেন্সন নীতিৰ তুলনামূলক পৰ্যালোচনা কৰে। অৱসৰ গ্ৰহণৰ অন্তত উৎপাদনশীলতা নথকাৰ কথা দোহাই দি বঞ্চিত কৰিছে। OASIS, PFRDA, EPF, CRA, ASP ৰ সম্পৰ্কতো বিস্তৃতভাৱে আলোচনা কৰে। সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ এন পি এছ কৰ্মচাৰীসকলে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰি মত বিনিময় কৰে। অৱসৰ গ্ৰহণ লোৱাৰ পিছৰে পৰা আমাৰ সমস্যাসমূহ দেখা পোৱা যাব গতিকে আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু জীপন যাপন কৰাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। সেয়ে সকলোকে এক আন্দোলনৰ পোষকতা কৰি আগবাঢ়িবৰ বাবে আহ্বান জনায়। আমাক পুৰণি পেন্সনৰ সুবিধাখিনি লাগিবই বুলি কয়। সভাত দিহিংহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলিপ কুমাৰ গগৈয়ে তেখেতৰ অসুবিধাসমূহ ব্যক্ত কৰাৰ লগতে পুৰণি পেন্সন পুনৰ বাহাৰ ৰাখিবৰ বাবে এক জন আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰি কৰ্মচাৰীৰ অৱসৰকালীন সময়খিনি সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে নতুন পেন্সন নীতিৰ ভয়াবহতা অৱগত কৰি পৰৱৰ্তী সময়ত লক্ষ্যপ্ৰাপ্তিৰ দিশে অগ্ৰসৰ হোৱাত মত প্ৰকাশ কৰে। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মসূচীত সদায় সহযোদ্ধা হিচাপে থিয় দিব ব্যক্ত কৰে। সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰতি চৰকাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ দাবী জনায়। এইক্ষেত্ৰত সকলো কৰ্মচাৰীৰ সংগঠনসমূহেও উদ্যোগ লোৱাৰ বাবে আগবাঢ়িব লাগে বুলি কয়। শতাধিক কৰ্মচাৰীৰ উপস্থিতিত লোহিত গগৈক সভাপতি, গুণিন ৰাজখোৱাক উপ-সভাপতি, শান্তনু বৰুৱাক সম্পাদক, পুলেন মৰাণক সহ সম্পাদক, প্ৰবীণ কুমাৰ গগৈ, কুঞ্জ গগৈ, অশ্বিনী গগৈক সাংগঠনিক সম্পাদক, দুৰ্লভ লাহনক কোষাধ্যক্ষ হিচাপে লৈ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাত ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে জনপ্ৰতিনিধিৰ পেন্সনৰ ব্যৱস্থা কৰি কৰ্মচাৰীৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ অভিযোগ কৰি কৰ্মচাৰীৰ প্ৰতি সদয় হ’বলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মনোজ মহনেও বক্তব্য আগবঢ়ায়। সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বণিয়া, ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক নন্দৰাম তাঁতী, কাৰ্যনিৰ্বাহক সুকুমাৰ ঘোষ উপস্থিত থাকে। সভাৰ আঁত ধৰে নন্দৰাম তাঁতী আৰু আহ্বায়ক পুলেন মৰাণে। উক্ত অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে বিদ্যালয়ৰ চৌহদত দুটি গছপুলি ৰোপন কৰে। উল্লেখ্য যে তেখেতৰ নিজাববীয়া প্ৰচেষ্টাত যোৱা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পৰাই প্ৰতিদিনে অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি ১৮৬ দিনত এই কাৰ্য সম্পন্ন হৈছে।
চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী : হিন্দু যুৱ ছাত্ৰ পৰিষদ ; নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ মেল
নলবাৰী, ৬ ডিচেম্বৰ : কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নকৰে । কিন্তু হাতেৰে নহয় কেৱল ভাতেৰে হে ৰাইজে খেদিব লাগিব অবৈধ বিদেশী সকলক— এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত অসমৰ জনসাধাৰণক এই আহ্বান জনাই পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে প্ৰকাশ কৰে যে লাখ লাখ অবৈধ বিদেশীৰ নামেৰে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনৰ পৰা বিদেশীৰ নাম সমূহ বাদ দিয়াৰ বাবে বা পুনৰীক্ষণ কৰাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ক অসম চৰকাৰে যি শপতনামা দাখিল কৰিব লাগিছিল সেয়া আজি পৰ্যন্ত দাখিল কৰিবলৈ সময় নোপোৱা বৰ্তমান সময়ৰ অসম চৰকাৰৰ অবৈধ বিদেশীৰ সমস্যাৰ ক্ষেত্ৰত থকা সদিচ্ছাৰ উমান পোৱা গৈছে বুলিও পৰিষদৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে কটাক্ষ কৰে । তদুপৰি ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ নতুন নাগৰিক পঞ্জী কাম শীঘ্ৰে হাতত লবৰ বাবে দাবী উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদে আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনত লাখ লাখ অবৈধ বিদেশীয়ে ভোটাধিকাৰ সাবাস্ত কৰাটো অসমৰ ৰাজনীতিৰ বাবে এক বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰে । সমান্তৰালভাৱে চলিত বৰ্ষৰ ২০ অক্টোবৰ তাৰিখেই দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰে অতি শীঘ্ৰে মহামান্য উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত অসম চৰকাৰে কিয় শপত নামা দাখিল নকৰিলে তাক ৰাজহুৱা কৰাৰ দাবী জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে । যাৰে পৰিষদে কোনো এখন এখন চৰকাৰে অবৈধ বিদেশী বহিস্কাৰৰ সদিচ্ছা নাই বুলি উল্লেখ কৰি অসমত থকা লাখ লাখ অবৈধ বিদেশীক ৰাইজে নিজেই খেদাৰ ব্যৱস্থা কৰিব লাগিব বুলি সভাপতি বলেন বৈশ্যই আৰু সাধাৰণ সম্পাদক মাধৱ দাসে অবৈধ বিদেশীয়ে দখল কৰি লোৱা প্ৰায় দুশটা জীৱিকাৰ পথত অসমৰ খিলঞ্জীয়া যুৱকক আত্মনিয়োগ কৰাৰ আহ্বান জনোৱাৰ লগতে অসমৰ জনসাধাৰণকো ৰাজ্য খনৰ আৰু বৃহত্তৰ জাতিটোৰ স্বাৰ্থতে সস্তা দৰত পালেও অবৈধ বিদেশী বনুৱাক কামত নলগাই খিলঞ্জীয়া ভূমিপুত্ৰক কামত ব্যৱহাৰ কৰাৰ বাবে ও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই । আজিৰ এই সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি দিবাকৰ দাস , সাংগঠনিক সম্পাদক বিটুমনি গগৈ, নলবাৰী জিলা সমিতিৰ সভাপতি দিলিপ মজুমদাৰ,সম্পাদক ডিম্বেশ্বৰ কলিতা সহ প্ৰমুখ্যে বহু কেইজন পৰিষদৰ কৰ্মী উপস্থিত থাকে ।
নগাঁৱত ড্ৰাগছ আৰু দেহ ব্যৱসায়ৰ লগত জড়িত ৮গৰাকীক আটক; মেটেকাৰ মাজত উদ্ধাৰ ড্ৰাগছ
নগাঁও, ৫ডিচেম্বৰ: দীৰ্ঘদিন ধৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চলি অসামাজিক কাৰ্যকলাপে চহৰখনৰ সাধাৰণ ৰাইজক অতীষ্ঠ কৰিছে। আনকি নগাঁৱৰ হয়বৰগাঁওস্থিত আইন মহাবিদ্যালয়ৰ সমীপতে চলি আছে ব্যাপক বে আইনী কাৰ্যকলাপ। আজি নগাঁৱৰ উপআৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছ তথা বেআইনী কাৰ্যকলাপৰ লগত জড়িত ৮জনকৈ ব্যক্তিক। এইসকলৰ মাজত আছে একেটা পৰিয়ালৰে এজন যুৱক আৰু দুগৰাকী মহিলাও। জানিবপৰা মতে, ৰকিবুল হাছান ওৰফে ৰকি নামৰ এজন যুৱকৰ সহযোগত একেটা পৰিয়ালৰে এই দুগৰাকী মহিলাই আইন মহাবিদ্যালয়ৰ সমীপতে চলাই আছিল বে আইনী কাৰ্যকলাপ। আজি আৰক্ষীয়ে অসামৰিক পোছাকত অভিযান চলাই তিনিওকে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীৰ দল দেখি প্ৰথমৱস্থাত ৰকিয়ে ড্ৰাগছ ভৰ্তি বেগ কলং নৈৰ মেটেকাৰ মাজলৈ দলিয়াই দিছিল যদিও আৰক্ষীয়ে মেটেকাৰ মাজৰ পৰা ড্ৰাগছৰ বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইপিনে নগাঁও চহৰৰ ডাকোৱাল গাঁৱতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু দেহ ব্যৱসায়ত জড়িত ৫জন ব্যক্তিক আটক কৰিছে।
আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাবাদীৰ আক্ৰমণ, ১ জন আৰক্ষী জোৱান আৰু ১ জন অসামৰিক লোক আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰত আজি শ্ৰীনগৰৰ হাৱালৰ চাজগাৰিপোৰাত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলক আক্ৰমণ কৰে সন্ত্ৰাবাদীয়ে। এই সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী জোৱান আৰু এজন অসামৰিক লোক আঘাতপ্ৰাপ্ত হয় ।
সন্ত্ৰাবাদীক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰা হৈছে। এই সম্পৰ্কত অধিক বিৱৰণ ৰক্ষণাবেক্ষণ কৰা হৈছে।
বিধায়িকা আঙুৰলতা ডেকাক ‘বেশ্যা’ বুলি সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ
বিজনী বিধায়ক কমল সিং নাৰ্জাৰীয়ে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল ভাষাৰে সম্বোধন কৰা সন্দৰ্ভত বিজনী বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিৰাঙৰ বিজনীত বিপিএফৰ সভাত বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে বিজেপিৰ বিধায়ক আঙুৰলতা ডেকাক বেশ্যা বুলি সম্বোধন কিৰিছিল। আঙুৰলতা ডেকাই বিটিচিৰ ভিচিডিচি সমুহ ভংগৰ কথা কোৱাত বিধায়কজনে কয় যে “আঙুৰলতা ডেকাৰ দৰে বেশ্যাৰ কথাত ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভিচিডিচি ভংগ নহয়”।
বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অশ্লীল ভাষাৰে সম্বোধন কৰা সন্দৰ্ভত বিজনী বিজেপি দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিজনী বিধায়ক কমলসিং নাৰ্জাৰীৰ বিৰুদ্ধে বিজনী থানাত এজাহাৰ দাখিল কৰে।
বিজনী বিধায়ক কমলসিং নাৰ্জাৰীক বিজনী বজাৰত চেণ্ডেলৰ মালা পিন্ধাই ঘূৰোৱা উচিত বুলি মন্তব্য বিজনী বিজেপি দলৰ যুৱ মৰ্চাৰ ।










