Home Blog Page 3211

১৫ আগষ্টত ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ ঘোষণাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ৰ বিষয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ আশা আছে৷ দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্য ৰেকৰ্ড ডিজিটেল ফৰ্মেটত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ আঁচনিত এজন ব্যক্তিৰ চিকিৎসা ইতিহাস ৰেকৰ্ড, সেই ব্যক্তিৰ যি সকলো চিকিৎসা আৰু পৰীক্ষা কৰা হৈছিল সেইবোৰ এই কাৰ্ডত ডিজিটেল সংৰক্ষণ কৰা হ’ব৷ চিকিৎসালয়, ক্লিনিক আৰু চিকিৎসক সকলো কেন্দ্ৰীয় ছাৰ্ভাৰৰ সৈতে সংযুক্ত হ’ব৷ ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ প্ৰকল্পটো বাচি লোৱাত সম্পূৰ্ণৰূপে চিকিৎসালয় আৰু নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰিব৷ এই কাৰ্ড বাচি লোৱা প্ৰতিজন নাগৰিকক এটা অনন্য আইডি দিয়া হ’ব৷ তাৰ জৰিয়তে সেই ছিষ্টেম লগ ইন কৰিবলৈ সক্ষম হ’ব৷ এই প্ৰকল্প পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব৷ পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত ৫০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ ৰাষ্ট্ৰপতিৰ : নাম উল্লেখ নকৰাকৈ চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক কঠোৰ ভাষাৰে সমালোচনা

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাষ্ট্ৰৰ উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাষণ আগবঢ়ায়৷ ভাষণৰ আৰম্ভণিতে বিদেশী শক্তিৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কাঢ়ি অনা সংগ্ৰামীসকলৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনায়৷ আনহাতে নাম উল্লেখ নকৰি চীনৰ ‘সম্প্ৰসাৰণ নীতি’ক লৈ কঠোৰ ভাষাৰে ৰাষ্ট্ৰপতিয়ে সমালোচনা কৰে৷ লগতে গালৱানৰ শ্বহীদ ভাৰতীয় সৈনিকসকলৰ প্ৰতি সন্মান জনায়৷ ক’ৰোনা মহামাৰীৰ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, এইবাৰ স্বাধীনতা দিৱস উদযাপনত কোনো জাকজমকতা হোৱা নাই৷ এই মহামাৰীৰ লগত মোকাবিলাত কেন্দ্ৰই সঠিক দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সহযোগিতাত পৰিস্থিতি মোকাবিলা কৰা হৈছে৷ এই মহামাৰীৰ সময়ত আমাৰ দৰিদ্ৰসকলৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰি বহু পদক্ষেপ লৈছে৷ বিনামূল্যে প্ৰতি মাহে ৮০ কোটি মানুহক ৰেচন দিছে৷ ইয়াৰ বাবে এক দেশ এক ৰেচন কাৰ্ড প্ৰকল্প আৰম্ভ কৰা হৈছে৷ আনহাতে ৰাষ্ট্ৰপতিয়ে ক’ৰোনা যোদ্ধাসকলক ধন্যবাদ জনায়৷ ৰাষ্ট্ৰপতিয়ে কয়, চিকিৎসক, নাৰ্চ তথা আন স্বাস্থ্য কৰ্মীয়ে নিজক সীমা পাৰ কৰি সেৱা কৰিছে৷ দুৰ্ভাগ্যৰ বিষয়, তেওঁলোকৰ বহুকেইজন এই ৰোগত পৰি মৃত্যু হৈছে৷ ইয়াৰ লগতে ঘূৰ্ণিবতাহ আমফানক লৈ ৰাষ্ট্ৰপতিয়ে কয়, পশ্চিম বংগ আৰু ওড়িশ্যাত আমফামে বিস্তৰ ক্ষতি কৰিলে৷ উত্তৰ-পূব ভাৰতত বান পৰিস্থিতি ভয়াৱহ৷ এনে সংকট কালত আমি সকলো একেলগ হৈ কাম কৰিব লাগিব৷ মহামাৰীৰ সময়ত ভাৰতে বিশ্বৰ আন প্ৰভাৱিত দেশবোৰৰ সৈতে আছে আৰু এই কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, ক’ৰোনা মোকাবিলাত আমি বহু দেশৰ কাষত থিয় হৈছো৷ আন্তৰ্জাতিক মঞ্চত ভাৰত থাকিব আৰু নিজৰ পৰিচয় বৰ্তাই ৰাখিব৷ আমি কেৱল নিজৰ কথা ভবা নাই৷ আমি সকলোৰে কাষত থিয় হৈ আছো৷

উজনি মাজুলীৰ ৬৮০ বানপীড়িত পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ

উজনি মাজুলী : মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু আয়াং ট্ৰাষ্টৰ উদ্যোগত মাজুলী জিলা টি এম পি কেৰ সহযোগত বুধবাৰে উজনি মাজুলীৰ নদী কাষৰীয়া বানপীড়িতসকলৰ মাজত সাহাৰ্য বিতৰণ কৰা হয়। ৰতনপুৰমিৰি গাঁও পঞ্চায়তৰ ডৱলি চাপৰিত ১৯০ ঘৰ, জাৱৰচুক কাঠনিত ৭৯ ঘৰ, উজনি গেজেৰাত ৬ ঘৰ, লুইতপৰীয়া গাঁও পঞ্চায়তৰ লাচন ধুনাগুৰিত ১৪০ ঘৰ, লাচনচাপৰিত ১৯০ ঘৰ, মধ্যলাচন চাপৰিত ৫০ ঘৰ, কপাঁহতলীত ২৫ ঘৰ সৰ্বমুঠ ৬৮০ টা পৰিয়ালৰ মাজত আঠুৱা, চাবোন, চাৰ্ফ, মাস্ক, চাহ, চেনী, বিস্কুট আদি কৰি বিতৰণ কৰে। সাহাৰ্য বিতৰণ কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩০নং চাগা সমষ্টিৰ সদস্য নীলকান্ত দলে, আয়াং ট্ৰাষ্টৰ সঞ্চালক তথা মাজুলীস্হিত হামিংবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষ বিপিন ধানে, আয়াংট্ৰাষ্টৰ সমন্বয়ক দ্ৰন্জিত কুমাৰ, আয়াং ট্ৰাষ্টৰ ট্ৰাষ্টি কৃষ্ণ পেগু, উত্তৰ পূব মাজুলী জিলা পৰিষদৰ সদস্য দেবজিৎ পাতিৰ, মাজুলী জিলা টি এম পি কেৰ সম্পাদক টুটু পাংগিং, কাৰ্যকৰী সদস্য পবিত্ৰ পাতিৰ, মাজুলী জিলা এম এম কেৰ সদস্য অৰুপ পেগু আৰু লুইতপৰীয়া আঞ্চলিক টি এম পি কে, এম এম কে, গেজেৰা আঞ্চলিক টি এম পি কেৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। সাহাৰ্য লাভ কৰা বানপীড়িত সকলে সন্তোষ প্ৰকাশ কৰে।

নলবাৰী বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত বৰকুৰা ৰাইজৰ সংবাদ মেল

নলবাৰী : কালি নলবাৰী জিলা প্ৰেছ ক্লাৱত জিলাখনৰ বৰকুৰাৰ সচেতন লোকে বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত বৰকুৰাৰ স্থায়ী বাসিন্দাসকলে প্ৰকাশ কৰে যে, উন্নয়ন বৰকুৰাৰ ৰাইজে বিচাৰে কিন্তু আগন্তুক দিনত বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুৰ ফলত বৃটিছৰ দিনত মুক্তি যোদ্ধাসকলে আশ্ৰয় শিবিৰ হিচাপে নিৰ্মাণ কৰা “বৰকুৰা স্বৰাজ শিৱিৰ কৃষ্টি প্ৰতিষ্ঠান” তথা “বৰকুৰা প্ৰাক প্ৰাথমিক বিদ্যালয়” “অঙ্গনবাড়ী কেন্দ্ৰ” “ঐতিহাসিক বিহু মঞ্চ ধ্বংস হোৱাৰ লগতে স্হায়ী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ব্যৱসায়-বাণিজ্য, ঘৰ-বাৰী, কোনো মতে দোকান কৰি পৰিয়ালক পোহ পাল দি জীয়াই থকা বৰকুৰাবাসী ৰাইজৰ ব্যাপক অসুবিধা সন্মুখীন হৈ পানীত হাঁহ নচৰা অৱস্থা হ’ব। বৰকুৰাৰ ৰাইজে আকৌ দোহাৰে যে বৰ্তমান হৰি মন্দিৰৰ সন্মুখত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন সন্ধাৰ পথচোৱা নিৰ্মীয়মান অৱস্থাত থকাৰ বাবে বৰকুৰাত দিনে দিনে যান-বাহন হেঁচা বৃদ্ধি হোৱাত পৰিলক্ষিত হৈছে। কিন্তু উক্ত দুয়োটা পথ সম্পূৰ্ণ হ’লে বৰকুৰাত কোনো ধৰণৰ যান-বাহনৰ হেঁচা নপৰিব বুলি বৰকুৰাৰ ৰাইজে মন্তব্য কৰে। বৰকুৰাবাসীয়ে প্ৰকাশ কৰে, অতি দুখৰ বিষয় যে যি পৰ্যায়ত অস্বাভাৱিকভাৱে প্ৰশাসনে বৰকুৰাত উৰণীয়া সেঁতুৰ কাম আৰম্ভ কৰিব খুজিছে তাত ৰাইজৰ ভীষণ আপত্তি আছে। সেয়েহে বৰকুৰাবাসীয়ে এই বিষয় সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী, অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰীক লিখিতভাৱে জনাইছিল। তদুপৰি নলবাৰী জিলা উপাযুক্তকো চলিত মাহত লিখিতভাৱে ৰাইজে এই অসুবিধা বিষয়ে জনাইছিল। কিন্তু তাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা বাবে কালি বৰকুৰা ৰাইজৰ হৈ বৰকুৰাৰ কেইগৰাকীমান সচেতন লোকে এখন সংবাদ মেলৰ আয়োজন কৰি সংবাদ মাধ্যমৰ দ্বাৰা চৰকাৰ তথা প্ৰশাসনক উৰণীয়া সেঁতু সন্দৰ্ভত বিকল্প ব্যৱস্থা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

১৫ আগষ্টত মুক্তি পাব অক্ষয় কুমাৰ অভিনীত ছবি লকস্মী বোম্ব

ভিকি শৰ্মা

বলিউড ছৱি জগতৰ সদা ব্যস্ত অভিনেতা খিলাড়ী অক্ষয় কুমাৰৰ প্ৰতিখন ছবিয়ে চিত্ৰগৃহত এক আলোড়ন সৃষ্টি কৰি অহা দেখা গৈছে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দেখা পোৱা যাব কিয়নো পোন প্ৰথমবাৰৰ বাবে অক্ষয় কুমাৰৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি ভৌতিক তথা কৌতুকধৰ্মী ছবি লকস্মী বোম্ব মুক্তি প্ৰদান কৰা হ’ব ডিজনী প্লাছ হটষ্টাৰত। ইতিমধ্যে বলিউডত পৰিচালক ৰূপে প্ৰথম খোজ পেলোৱা অভিনেতা ৰাঘৱ লৰেন্সৰ লকস্মী বোম্বৰ অগতানুগতিক পোষ্টাৰ আৰু অভিনেতা অক্ষয় কুমাৰৰ ব্যতিক্ৰমী বেশভূষাই দৃষ্টি আকৰ্ষণ কৰিছে চলচ্চিত্ৰ প্ৰেমীৰ। তামিল ছবি মুনী-২: কাঞ্চানাৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছে ৭০ কোটি টকা বাজেটৰ লকস্মী বোম্ব। য’ত অভিনয় কৰিছে অক্ষয় কুমাৰ, কিয়াৰা আদৱানী, চাৰাড কেলকাৰ, তৰুণ আৰোৰা আদিয়ে। ছবিখনত এগৰাকী অৰ্ধনাৰী ৰূপত দেখিবলৈ পোৱা যাব অক্ষয়ক লগতে অক্ষয় কুমাৰৰ ভাতৃৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ছবিখনৰ পৰিচালক তথা অভিনেতা তুষাৰ কাপুৰক। ফক্স ষ্টাৰ ষ্টুডিঅ’ আৰু কেপ অফ গুড ফিল্মচৰ বেনাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য ৰাঘৱ লৰেন্স আৰু ফাৰহাড চামজীৰ। ক’ৰোনা ভয়াৱহ পৰিস্থিতিৰ মাজতো দৰ্শকক মনোৰঞ্জন প্ৰদানৰ হেতু ছবিখনে ১৫ আগষ্টত মুক্তি লাভ কৰিব ডিজিটেল প্লেটফৰ্মত।

পবিতৰা অভয়াৰণ্যত ‘এৰিডা’ৰ পশুখাদ্য যোগান। বানৰ কবলত পৰা বন্যপ্ৰাণীৰ খাদ্য সংকট

গুৱাহাটী : বানৰ কবলত পৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জীৱ-জন্তুক খাদ্যৰ যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰচ এছোচিয়েশ্বন চমুকৈ ‘এৰিডা’। বন বিভাগৰ সহযোগত ‘এৰিডা’ই পবিতৰাত খাদ্যৰ সংকটত ভোগা বন্যপ্ৰাণীৰ বাবে বিশেষকৈ তৃণভোজী প্ৰাণীৰ বাবে ঘাঁহৰ যোগান ধৰিছে। বন্যপ্ৰাণীৰ বিচৰণ ভূমি তথা ঘাঁহনি অঞ্চল বানৰ কবলত পৰাৰ বাবে অভয়াৰণ্যখনৰ জীৱ-জন্তুৱে খাদ্যৰ সংকটত ভোগিবলগীয়া হৈছে। বিস্তৃৰ্ণ অঞ্চল বানত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জীৱ-জন্তুৱে। অভয়াৰণ্যখনৰ জীৱ-জন্তুৰ খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। বন বিভাগৰ সহযোগত ‘এৰিডা’ৰ সদস্যসকলে অভয়াৰণ্যখনৰ বিভিন্ন ওখ ঠাইত নাও যোগে ঘাঁহৰ যোগান ধৰে। অভয়াৰণ্যখনলৈ ট্ৰাকযোগে ঘাঁহৰ যোগান ধৰা হয়। এইক্ষেত্রত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই অভয়াৰণ্যখনৰ ৰেঞ্জ অফিচাৰ মুকুল তামুলীৰ লগতে আন বিষয়া-কৰ্মচাৰীসকলৰ সহযোগীতাৰ শলাগ লয়।

নিজ হাতীচোঙত তিনিটাকৈ পথৰ মেৰামতিৰ শুভাৰম্ভ ৷ জুবিন গাৰ্গ অসমৰ সম্পদ, জুবিন গাৰ্গক আক্ৰমণ চলোৱা দোষীক শাস্তিৰ দাবী বিধায়িকা আঙুৰলতা ডেকাৰ

নগাঁও : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা গৰাকীয়ে এই ঘটনাক গৰিহণা দি ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰি শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে। বুধবাৰে নিশা একাংশ দুৰ্বৃত্ত‌ই জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বিধায়িকা আঙুৰলতা ডেকাই কয় যে, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ অসমৰ সম্পদ। তেনে এগৰাকী শিল্পীৰ লগত যি ঘটনা সংঘটিত হ’ল সেয়া গৰিহণাৰ যোগ্য। জুবিন গাৰ্গ কি হয়, আমাৰ অসমীয়াৰ বাদে বেলেগ কোনেও নুবুজে। তেখেতে আমাৰ অতিকৈ আপোন। তেওঁক আমি সদায় সম্পদ হিচাপে ৰাখিব বিচাৰো। আঙুৰলতা ডেকাই লগতে কয় যে, ‘ ৰাজনীতি পথাৰত কেতিয়া কাৰ কোন শক্ৰ হয় ধৰিব নোৱাৰি। কেইদিনমান আগলৈকে যাৰ লগত থাকি জুবিন গাৰ্গে ‘কা’ আন্দোলনত ভাগ লৈছিল, তেনে বহুলোকেই জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা কৰাৰ পাছত বিৰূপ মন্তব্য কৰি আহিছে। গতিকে ম‌ই ভাবো, এই ঘটনাৰ অন্তৰালত কি আছে শীঘ্ৰে প্ৰশাসনে উলিয়াব লাগে।’ জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে। সেয়েহে তেওঁক সুস্থ আৰু ভালদৰে ৰখাটো আমাৰ কৰ্তব্য বুলিও বিধায়িকা গৰাকীয়ে উল্লেখ কৰে। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ নিজ হাতীচোং গাঁও পঞ্চায়তত কালি পথ মেৰামতিৰ শুভাৰম্ভণি কৰি বিধায়িকাগৰাকীয়ে নিজ সমষ্টি এৰি অন্য সমষ্টিলৈ যোৱাৰ বিষয়ে সামাজিক মাধ্যমত হোৱা প্ৰচাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে৷ বিধায়িকাগৰাকীয়ে কয়- “মই বিজেপি দলৰ অনুগামী, বিজেপি দলৰ ভক্ত। মোক দলে বহিবলৈ ক’লে বহি থাকিম আৰু দৌৰিবলৈ ক’লে দৌৰি থাকিম। কিন্তু য’তেই থাকিম দলৰ হৈ কাম কৰিম। মই ক’ত থাকিম বা নাথাকিম সেয়া বিবেচনা কৰিবলৈ ৰাইজে মোক নিৰ্বাচিত কৰা নাই। মই নিৰ্বাচিত হৈছো ৰাইজৰ কাম কৰিবলৈ৷ গতিকে নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰা পৰ্যন্ত মই ৰাইজৰ কাম কৰি যাম।” বিধায়িকাগৰাকীয়ে কালি নিজ হাতীচোং গাঁও পঞ্চায়তৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ মেৰামতিৰ শুভাৰম্ভ কৰাৰ লগতে পঞ্চায়তটোৰ উন্নয়নমুলক কামৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে ৷

নৰেন্দ্ৰ মোডী দীৰ্ঘদিনীয়া অকংগ্ৰেছী প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে সৰ্বাধিক দিন দেশ শাসন কৰা শাসকৰূপে স্থান লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘ দিন দায়িত্বত আছিল অটল বিহাৰী বাজপেয়ী ৷ বাজপায়ীয়ে দেশত ২২৬৮ দিন শাসন কৰাৰ সুবিধা পাইছিল ৷ সম্প্ৰতি দেশত সৰ্বাধিক দিন প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ড° মনমোহন সিঙৰ পাচত নৰেন্দ্ৰ মোডী ৷ উল্লেখ্য দিশৰ ১৪ তম প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰিছিল ৷ তেওঁ দ্বিতীয়বাৰ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয় ২০১৯ চনৰ ৩০ মে’ত ৷ উল্লেখ্য যে দেশত সৰ্বাধিক দিন প্ৰধানমন্ত্ৰী হিচাপে আছিল জৱাহৰলাল নেহৰুৱে ৷ নেহৰুৱে ১৭ বছৰ দেশত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে নেহৰুৰ কন্যা ইন্দিৰা গান্ধীয়ে ১১ বছৰ চলোৱাৰ পাচত প্ৰায় পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল ৷ ড° মনমোহন সিঙে পাঁচ বছৰীয়া দুটা কাৰ্যকাল একেৰাহে চলাইছিল ৷ আনহাতে নৰেন্দ্ৰ মোডী হ’ল চতুৰ্থজন প্ৰধানমন্ত্ৰী যি এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰিছে ৷

ভূটানত লকডাউন

দৈনন্দিন বাৰ্তা ডেস্ক : কোৱাৰেণ্টাইনৰ পৰা মুক্তি পোৱা প্ৰত্যাগমন কৰা ভ্ৰমণকাৰীৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ কাৰণে ভূটানত ৰাষ্ট্ৰজুৰি লকডাউন ঘোষণা কৰিছে৷ দেশখনত থকা প্ৰায় ৭ লাখ ৫০ হাজাৰ লোকক ঘৰতে থকাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে৷ লগতে সকলো শিক্ষানুষ্ঠান, কাৰ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে৷ চৰকাৰৰ এক বিবৃতিত প্ৰকাশ যে এই লকডাউন পাঁচৰ পৰা ২১ দিনৰ বাবে বাহাল থাকিব৷ উল্লেখ্য যে ২৭ বছৰীয়া ভূটানীজ মহিলা এগৰাকী কুৱেটৰ পৰা ঘুৰি অহাৰ পাচত পৰীক্ষাত নিগেটিভ পোৱা গৈছিল যদিও কোৱাৰেণ্টাইন কৰা হৈছিল৷ কিন্তু কোৱাৰেণ্টাইনৰ পৰা মুক্ত কৰাৰ পাচত মহিলাগৰাকীক পৰীক্ষা কৰাত সোমবাৰে পজিটিভ ফলাফল পায়৷ বিশ্বাস কৰা মতে মহিলাগৰাকীয়ে ভূটানত ফুৰিছিল৷ উল্লেখ্য যে দেশখনৰ পৰ্যটন বিভাগে মাৰ্চ মাহৰ পাচৰে পৰা দেশখনৰ সীমান্ত বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰিছিল৷ ক’ভিড-১৯ত আক্ৰান্ত এজন আমেৰিকান পৰ্যটকক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পাচত এই সিদ্ধান্ত লোৱা হৈছিল৷ ভূটানত আক্ৰান্ত ১১৩ জন ভ্ৰমণকাৰীক কোৱাৰেণ্টাইন কৰা হৈছিল৷

সৎ কৰদাতাক সন্মান জনোৱাৰ উদ্দেশ্যে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : লক্ষ্য স্বচ্ছতা ৷ দিশৰ সৎ কৰদাতাক সন্মান জনোৱাৰ উদ্দেশ্যে বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দেশজুৰি আৰম্ভ হ’ল ‘ট্রান্সপাৰেণ্ট টেক্সেচন, অনাৰিং দ্য অনেষ্ট’৷ অৰ্থাৎ ‘স্বচ্ছ কৰ ব্যৱস্থা, সততাৰ সম্মান’ প্রকল্প। চৰকাৰে লক্ষ্য কৰিছে, দেশৰ কৰ ব্যৱস্থাটোত স্বচ্ছতা আনি সৎ কৰদাতাই যাতে উপযুক্ত সন্মান পায় আৰু তেওঁলোক কোনো জটিলতাৰ মাজত নপৰে তাক নিশ্চিত কৰা৷ স্বাধীনতা দিৱসৰ আগেয়ে এই নতুন কৰ ব্যৱস্থা সূচনা কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিত্ত মন্ত্ৰালয়ৰ দাবী, এয়া আয়কৰ আৰু ক’ৰপ’ৰ্ট কৰৰ সংস্কাৰৰ দিশত বৃহৎ পদক্ষেপ৷ আনহাতে কেন্দ্ৰৰ দাবী নতুন এই আয়কৰ ৰিটাৰ্ণ আৰু কৰ সমস্যা সমাধানত ‘ফেচলেছ’ ব্যৱস্থা অধিক শক্তিশালী হ’ব৷ নিজৰ কৰ আদানপ্ৰদানত হিচাপ ৰখাত অধিক সহজ হৈ পৰিব সৎ কৰদাতাৰ৷ এই প্ৰকল্প সূচনা মঞ্চত প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ সৎ কৰদাতাই ৰাষ্ট্ৰ নিৰ্মাণত বৃহৎ ভূমিকা লয়৷ দেশত সৎ কৰদাতাৰ জীৱন সহজ হ’লেই উন্নয়ন সম্ভৱ, দেশৰ বিকাশ সম্ভৱ৷ প্ৰধানমন্ত্ৰীয়ে লগতে দাবী কৰে যে বহু দিনৰ পৰা কৰ ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন৷ কিন্তু আগতে সেয়া হোৱা নাছিল৷ বাধ্য হৈ বা চাপত পৰি লোৱা সিদ্ধান্তক সংস্কাৰ বুলি চেষ্টা চলোৱা হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, কৰ ব্যৱস্থা আমাৰ লক্ষ্য হোৱা উচিত দ্ব্যর্থহীন, কষ্টহীন আৰু ফেচলেছ৷ যোৱা ছবছৰে কৰ ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন দেখিছে ভাৰতে৷ আমাৰ জটিলতা কমিছে আৰু স্বচ্ছতা বাঢ়িছে৷ আমাৰ কৰদাতাই বিশ্বাস অৰ্জন কৰিব পাৰিছে৷