টিংখাং : বিভিন্ন সময়ত অইল ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ প্ৰৱল দাবীত “অইল” কৰ্তৃপক্ষই সামাজিক দ্বায়বদ্ধ আঁচনিৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাট-পথ, বিদ্যালয় গৃহ, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে লাখ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰি আহিছে যদিও এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই কাম কাজ সমূহ সম্পাদন কৰিবলগীয়া হোৱাত বহু সময়ত কামৰ গতিত স্থবিৰতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। অইলে জিলা উপায়ুক্তৰ জৰিয়তে স্থানীয় প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া আৰু কণ্ঠ উন্নয়ন বিষয়াক সামৰি এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই ধন সমূহ ব্যৱহাৰ বাবে অনুমোদন প্ৰদান কৰে। এনে দীৰ্ঘ প্ৰক্ৰিয়াৰ জৰিয়তেই সম্পাদন কৰিবলৈ যাওঁতে এটা কাম সম্পূৰ্ণ কৰোঁতে পাচ ছয় বছৰ পৰ্য্যন্ত সময় লাগে। ফলত বহু সময়ত ৰাইজে আশা কৰা মতে কাম সম্পূৰ্ণ নহয়। অইল আৰু জিলা প্ৰশাসনৰ এনে জটিলতাৰ বাবেই বহু সময়ত নিৰ্মাণ সমিতি সমূহৰ লগতে অইলৰ ভাৱমূৰ্তি জনমানসত কলংকৃত হোৱা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত অনুদানৰ ধন অনুমোদন কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰাৰ লগতে সমুদায় ধন কমেও দুটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ ডিব্ৰুগড় জিলা সমিতিয়ে দাবী কৰিছে। ইতিমধ্যে জিলা সমিতিৰ সভাপতি -মিন্টু কোঁৱৰ আৰু সম্পাদক দ্বীপেন হাজৰিকাই ডিব্ৰুগড় জিলা উপায়ুক্তক এক স্মাৰক পত্ৰৰ জৰিয়তে কৰিলে আগবঢ়োৱা সকলো দান অনুদান মুকলি কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰিবলৈ দাবী জনাইছে। স্মাৰক পত্ৰৰ জৰিয়তে কয় যে অনুদানৰ ধন ব্যয় কৰাৰ ক্ষেত্ৰত থকা জটিলতাৰ বাবেই নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা মন্থৰতাই পৰোক্ষভাৱে জিলা প্ৰশাসন আৰু অইলৰ ভাৱমূৰ্তি জনমানসত অৱনমিত কৰিছে। এনে ক্ষেত্ৰত বিষয়টো গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ তৰফৰ পৰা স্মাৰক পত্ৰৰ জৰিয়তে সজোৰে দাবী জনায়।
নাজিৰাত গভীৰ নিদ্ৰাত আৰক্ষী প্ৰশাসন : স্বাধীনতা দিৱসত ১৮ ঘণ্টীয়া বন্ধ পালনৰ আহ্বান আলফা স্বাধীনৰ
গেলেকী : আগন্তুক স্বাধীনতা দিৱস বৰ্জনৰ বাবে তৎপৰ হৈ পৰিছে সংযুক্ত মুক্তি বাহিনী অসম অথবা আলফা স্বাধীন। লগতে আন-আন বিদ্ৰোহী সংগঠনসমূহ। ৰাজ্যজুৰি মৌন অসম আৰক্ষী। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ক’ৰনাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা বিভাগটোত চৰম অৰাজগতাই বিৰাজ কৰিছে। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ লগতে জিলা জয়সাগৰ-গৌৰিসাগৰ সংযোগী পথ, ৰংঘৰ চাৰিআলি-শিৱসাগৰ নগৰ সংযোগী আমগুৰি দিখৌ দলঙৰ তলৰ পথ, ষ্টে’চন চাৰিআলি আদি মুখ্য ৰাজপথত দীৰ্ঘদিনে যান বাহন আৰক্ষী আৰু আৰক্ষী বাহিনীয়ে পানী নহ’ৰকা তালাচীৰ নামত নিতৌ স্কুটি, মটৰ চাইকেল আৰোহী, বাহনৰ চালকৰ পৰা চাণ্ডা সংগ্ৰহ কৰি সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে। সমাগত স্বাধীনতা দিৱস বৰ্জনৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে আলফা স্বাধীনে। ইতিমধ্যে উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সৈতে যুটীয়াভাৱে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এখন প্ৰেছ বিবৃতি। ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ৰাজ্যবাসীক ১৮ ঘন্টীয়া বন্ধ পালনৰ আহ্বান উগ্ৰপন্থী সংগঠনটোৰ। উল্লেখ্য যে এই সময়ছোৱাত সকলো শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰাখিবলৈ আলফা স্বাধীনে আহ্বান জনাইছে। আনহাতে কৰ’না ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বনৰ বাবেও ৰাজ্যবাসীক আহ্বান আলফা স্বাধীনৰ। কিন্তু আলফা স্বাধীনৰ এই বন্ধৰ প্ৰতি এতিয়াও সষ্টম হোৱা নাই অসম আৰক্ষীকে ধৰি সুৰক্ষা বাহিনীৰ দলসমূহ। কেৱল মাত্ৰ অবৈধ ধনৰ লালসাত নিৰ্দ্দিষ্ট সময় অনুযায়ী নাজিৰাকে ধৰি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ গভীৰ নিদ্ৰাৰ মাজত বাহন তালাচীৰ নামত চাণ্ডা সংগ্ৰহ অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হয়। আজি কোন দিশে দেশৰ সুৰক্ষা ব্যৱস্থা। নে এইদৰে ভাৰতবৰ্ষৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসো দেশবাসীয়ে বিদ্ৰোহী সংগঠনে দিয়া ভয় ভাবুকি, বন্ধৰ মাজৰে পালন কৰিব লাগিব সমাগত স্বাধীনতা দিৱস।

অসম অৰুণাচল সীমান্তবৰ্ত্তী বালিগাৱঁত সুলভ মূল্যৰ এজেণ্ট নিযুক্তিৰ দাৱী
জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্ত্তী চাৰিদুৱাৰ অঞ্চলৰ বালিগাওঁ, গনেশ পথাৰ, বামজুলি, বড়ি গাওঁ, তৰাইবাৰীকে ধৰি দহখনৰো অধিক গাঁৱৰ ৰাইজে সুলভ মূল্যৰ সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে৷ অসম অৰুণাচল সীমান্তবৰ্ত্তী বড়ো জনবসতি অধ্যুষিত উক্ত অঞ্চলৰ ৰাইজে সুলভ মূল্যৰ সামগ্ৰী বিচাৰি সম্প্ৰতি যাব লগা হয় ১০/১২ কিলোমিটাৰ দূৰত্ব চতাই অঞ্চললৈ৷ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে অঞ্চলটোৰ ৰাইজে৷ পূৰ্বতে চাৰিদুৱাৰৰ ভালুকপুংকত এখন সমবায় দোকান আছিল যদিও সমবায়খনৰ এজেণ্ট দীপেন ৰাভা একাধিক দুৰ্নীতিত জড়িত হোৱাত ৰাইজৰ অভিযোগৰ ভিত্তিত দীপেন ৰাভাৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হয়৷ স্থানীয় ৰাইজৰ লগতে হিউমেন ৰাইটচ একচন কাউণ্সিলৰ অধ্যক্ষ ড° পৰশমণি সিংহই ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসামৰিক খাদ্যমন্ত্ৰীলৈ পঠোৱা অভিযোগৰ ভিত্তিতে বিভাগে তদন্ত কৰি দীপক ৰাভাৰ অনুজ্ঞা পত্ৰ বাতিল কৰিছিল৷ পাচত স্থানীয় ৰাইজৰ অনুৰোধত বিভাগে বালিগাঁৱৰ গোলাপী গৈৰাগীক সুলভ মূল্যৰ এজেণ্ট হিচাপে নিৰ্ব্বাচিত কৰে যদিও আজিকোপতি অনুজ্ঞা পত্ৰ লাভ নকৰিলে গোলাপী গৈৰাগীয়ে৷ কাগজে কলমে বিভাগে গোলাপী গৈৰাগীক সুলভ মূল্যৰ এজেণ্টৰ স্বীকৃতি দিলে যদিও আজিকোপতি অনুজ্ঞাপত্ৰ প্ৰদান নকৰাত বালিগাঁৱকে ধৰি কেইবাখনো গাৱঁৰ ৰাইজ সুলভ মূল্যৰ সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এই ক্ষেত্ৰত হিউমেন ৰাইটচ একচন কাউণ্সিল অসমৰ অধ্যক্ষ ড° পৰশমনি সিংহই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক গোলাপী গৈৰাগীয়ে সুলভ মূল্যৰ এজেণ্টৰ অনুজ্ঞাপত্ৰ লাভ কৰাত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ অনুৰোধ জনায় ৷
বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু নগাঁৱৰ যুৱতীৰ
নগাঁও : বাংগালুৰুত কৰ্মৰত নগাঁৱৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। এয়াৰ এচিয়া নামৰ বিমান পৰিবহণ সংস্হাত কৰ্মৰত ২৫ বছৰীয়া এই যুৱতীগৰাকীৰ নাম পৰিণীতা বৰা। নগাঁও চহৰৰ পানীগাঁও ছয়আলি নিবাসী প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতা বৰাৰ ৰক্তাক্ত মৃতদেহ মহানগৰখনৰ এটা ঘৰৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হয়। এবছৰ পূৰ্বে পৰিণীতাৰ পিতৃৰ মৃত্যু ঘটিছিল। কি পৰিস্হিতিত যুৱতীগৰাকীৰ মৃত্যু ঘটিল সেয়া পোহৰলৈ অহা নাই। যুৱতীগৰাকীৰ মৃত্যুৰ খৱৰ পাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বাংগালুৰুৰ আৰক্ষীয়ে এই সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
বিলাসীপাৰা বেলতলীত শিল ভৰ্ত্তি ট্ৰাক জব্দ
দৈনন্দিন বাৰ্তা ডেস্ক : বিলাসীপাৰা বেলতলীত কালি শিল ভৰ্ত্তি দুখন দহচকীয়া ট্ৰাক জব্দ কৰে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া আৰু মহকুমাধিপতিয়ে। উল্লেখ্য যে ওপৰঞ্চি শিল ভৰ্ত্তি দহচকীয়া ট্ৰাক দুখনৰ প্লেট নন্বৰ AS – 16 AC. 2855 আৰু AS -16AC.1999 বুলি জানিব পৰা গৈছে। দহচকীয়া ট্ৰাক দুখনত ওপৰঞ্চি শিল ভৰ্ত্তি থকা বুলি অনুমান কৰিছে ৰাজহ চক্ৰ বিষয়া আৰু মহকুমাধিপতিয়ে। শিল ভৰ্ত্তি ট্ৰাক দুখন জব্দ কৰি ট্ৰাফিক আৰক্ষীৰ হাতত গটাই দিয়ে। ট্ৰাফিক আৰক্ষীয়ে শিল ভৰ্ত্তি ট্ৰাক দুখন বিলাসীপাৰা আৰক্ষী নিৱেশ লৈ আহি এমভিআই কৰিবলৈ অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।
নিশাৰ আন্ধাৰত জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। কথমপি প্ৰানৰক্ষা
গুৱাহাটী : যোৱা নিশা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলায় ৬ জনীয়া দুৰ্বৃত্তৰ এটা দলে। নিশা ১২ বাজি ৪০ মিনিটত ঘটিল এই ঘটনাটো। গুৱাহাটীৰ জু-ৰোডস্থিত ৰেড এভি নামৰ অডিঅ’ ষ্টুডিঅ’টোৰ পৰা সংগীতৰ কাম সমাপন কৰি কাহিলিপাৰাৰ ভগদত্তপুৰস্থিত (চিনাৰ্জী এপাৰ্টমেন্ট) নিজ ঘৰলৈ গৈ থকা অৱস্থাত জুবিন গাৰ্গৰ বাহনখন গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে দুৰ্বৃত্তৰ দলটোৱে। বহু সময় ধৰি অনুসৰণ কৰি থকা AS 01 BY 0675 নম্বৰৰ বগা বৰণৰ মাৰুতি চুজুকী চিয়াজ গাড়ীখনে জুবিন গাৰ্গৰ গাড়ীকখন সমুখত ৰখায়। হাতত বিয়েৰৰ বটল লৈ সুৰামত্ত অৱস্থাত উগ্ৰমূৰ্তি ধাৰণ কৰা দুৰ্বৃত্তৰ দলটোৱে জুবিন গাৰ্গক অভব্য গালি-গালাজ কৰি আতিশায্য চলায়। অশ্ৰাব্য গালি গালাজ কৰি জুবিন গাৰ্গক শাৰীৰিক ভাৱে অপদস্থ কৰিবলৈ উদ্যত হোৱা দুৰ্বৃত্ত কেইটাক জুবিনৰ নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতিৰ অধিক অৱনতি নঘটিল। ঘটনাৰ পিছত দিছপুৰ আৰক্ষী থানাত এহাজাৰ দাখিল কৰে জুবিন গাৰ্গে। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
যোগী আদিত্যনাথ মোৰ ৰাজনৈতিক গুৰু : অদিতি সিং
দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সদৰ সমষ্টিৰ বিধায়ক অদিতি সিঙে কয় যে যোগী আদিত্যনাথ হ’ল তেওঁৰ ৰাজনৈতিক গুৰু৷ উল্লেখ্য যে এইগৰাকী বিধায়কে কংগ্ৰেছৰ টিকটত নিৰ্বাচনত জয়ী হোৱাৰ পাচত একে সময়তে কংগ্ৰেছৰ বিৰোধী হৈ পৰে৷ তেতিয়াই অদিতিৰ বিধায়ক পদ খাৰিজৰ দাবী কৰিছিল কংগ্ৰেছে৷ কিন্তু লোকসভাৰ অধ্যক্ষই সেই দাবী নাকচ কৰে৷ প্ৰকৃততে ৰায়বেৰেলীত অদিতিয়ে অসামৰিক দোকান দিয়াসকলৰ সপক্ষে মত প্ৰকাশ কৰিছিল আৰু কয় যে জিলা প্ৰশাসনে জোৰজৱৰদস্তি দোকান দিয়া লোকসকলক মাটিৰ পৰা উচ্ছেদ কৰিব নালাগে৷ তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগত আলোচনা কৰাৰ কথা কয়৷ সকলোকে নিশ্চয়তা প্ৰদানৰ পাচত সমবেত সকলে যোগী বাবা জিন্দাবাদ, অদিতি সিং জিন্দাবাদ শ্ল’গান দিয়ে৷ ইয়াত অদিতিয়ে কয় দোকানীসকলক কয়, সন্মানিত যোগী আদিত্যনাথজী হ’ল মোৰ ৰাজনৈতিক গুৰু ৷
সত্রাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যু
জামুগুৰিহাট : অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি, শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, ডিব্ৰুগড় বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক, শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সমিতিয়ে। বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামী আৰু প্ৰধান সম্পাদক জয়ন্ত বৰাই নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। উল্লেখ্য যে ১৯৯৩ চনৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভাত নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে সভাপতিৰ আসন গ্ৰহণ কৰিছিল।
পুৰুহিতৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰিলে শান্তনু ভৰালীয়ে
দৈনন্দিন বাৰ্তা ডেস্ক : সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰযোজ্য হোৱা লকডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজে আৰ্থিক দিশত বাৰুকৈয়ে জুৰুলা হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্যৰ মঠ- মন্দিৰসমূহৰ পূজাৰী সকলেও আৰ্থিক অনাতনৰ সন্মুখীন হৈছে৷ বিগত ছয় মাহ ধৰি লকডাউনৰ ফলত পূজা-অৰ্চনা সম্পূৰ্ণ বন্ধ৷ সেয়ে আয় বুলিবলৈ পুৰুহিতসকলৰ অন্য একোৱে নাই৷ ইয়াৰ বাবেই সামান্য সহায়ৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰী আইনী উপদেষ্টা শান্তনু ভৰালীয়ে আগবাঢ়ি অহা দেখা গৈছে৷ আজি মহানগৰীৰ শিলপুখুৰীস্হিত নৱগ্ৰহ কালি মন্দিৰৰ পুৰুহিতসকলৰ মাজত ভৰালীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰে৷ স্হানীয় যুৱক চন্দন শৰ্মাৰ সহযোগত অত্যাবশ্যাকীয় সামগ্ৰীৰ লগতে শাক-পাচলি বিতৰণ কৰা দেখা গৈছে৷ উল্লেখ্য যে মন্দিৰত উপস্থিত থকা পূজাৰীসকলে সামগ্ৰী লাভ কৰি শান্তনু ভৰালীৰ লগতে চন্দন শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেন নিজৰ সহযোদ্ধাৰ ঘোষণা ৷ আমেৰিকাত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ভাৰতীয় বংশোদ্ভৱ
দৈনন্দিন বাৰ্তা ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনে এইবাৰ নিজৰ সহযোদ্ধাৰ নাম ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি পদত যুঁজ কৰিবৰ বাবে বাচি লৈছে কমলা হাৰিছক ৷ উল্লেখ্য যে এয়া হ’ল প্ৰথম কোনো কৃষ্ণাংগ মহিলা আৰু ভাৰতীয় বংশোদ্ভৱ যি আমেৰিকাত এই পদৰ বাবে যুঁজ কৰিছে ৷ মঙলবাৰে টুইট কৰি এই ঘোষণা কৰে ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বিডেনে৷ তেওঁ লিখে, সহযোদ্ধা হিচাপে কমলা হাৰিছক নিৰ্বাচিত কৰিবলৈ পাই মই গৰ্বিত৷ নিৰ্ভীক যোদ্ধা৷ দেশৰ অন্যতম জননেতা৷ তেওঁ লগতে জনায়, আমি দুয়ো মিলি ট্ৰাম্পক হৰুৱাম৷ কমলাক কাষত পালে কৃষ্ণাংগৰ ভোট যে পাম নিশ্চিত৷ এই কথা ক’বলৈ নাপাহৰিলে বিডেনে৷ উল্লেখ্য যে একালত কমলা আছিল বিডেনৰ তীব্ৰ প্রতিদ্বন্দ্বী। এটা বিতৰ্কত বিডেনৰ স্কুলৰ পৰীক্ষাৰ ৰেকৰ্ড লৈও তীব্ৰ আক্ৰমণ কৰিছিল কমলাই৷ কিন্তু ভোটত বহু সলনি হয়৷ কৃষ্ণাংগৰ ভোট লাভৰ বাবে সেই কমলাকে ‘সহযোদ্ধা’ হিচাপে নিৰ্বাচন কৰিলে ৭৮ বছৰীয়া বিডেনে৷ অৱশ্যে আমেৰিকাৰ কৃষ্ণাংগসকলে কমলাক খুউব সহজ দেখা নাই৷ তেওঁ উদাৰপন্থীও নহয়৷ অতীতত কমলা কেলিফৰ্ণিয়াৰ এটৰ্ণী জেনেৰেল আছিল৷ ছান ফ্ৰান্সিচকোৰ ডিষ্ট্ৰিক্ট এটৰ্ণী হিচাপে তেওঁ কাম কৰিছিল৷ এই দুয়োটা পদত থকাৰ সময়ত তেওঁ বহু সিদ্ধান্ত কৃষ্ণাংগৰ বাবে লৈছিল৷ আনহাতে তেওঁ কৃষ্ণাংগৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক লৈও মুখ খোলা নাছিল৷ তেওঁৰ বিৰুদ্ধে বৰ্ণবিদ্বেষৰ অভিযোগ তুলিছিল তৰুণ কৃষ্ণাংগ ভোটাৰে৷ অৱশ্যে তেতিয়া কমলাই কৈছিল, তেওঁ এগৰাকী ‘প্রগতিশীল প্রছিকিউটৰ’। কোনো কাৰণতে আইন শৃংখলা ভঙাত সমৰ্থন কৰিব নোৱাৰে৷ তেনে সেই কমলাক কিয় তুলি আনিলে বিডেনে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য যে তেওঁ নিজে বাৰাক ওবামাৰ সময়ত উপৰাষ্ট্ৰপতি হিচাপে আঠ বছৰ কাম কৰিছিল৷ এবাৰ নিজৰ ক্ষেত্ৰত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে বহু মাহ ধৈৰ্য ধৰি আছিল৷ শেষত কমলাকেই বাছি লৈছিল৷ কাৰণ ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত দুজন সত্তৰোৰ্ধৰ শ্বেতাংগৰ মাজত সীমাবদ্ধ ৰাখিবলৈ চাইছে৷ বিশেষজ্ঞসকলৰ মতে কমলাৰ দৰে প্ৰাৰ্থী উপৰাষ্ট্ৰপতি পদত যুঁজ নকৰিলে আমেৰিকাৰ তৰুণ চামটোৱে ভোটদান কৰাত আগ্ৰহ নেদেখুৱায়৷ বিশেষকৈ কৃষ্ণাংগসকল৷ তদুপৰি মহিলা ভোটৰৰ মনটো ক্ষুণ্ণ হ’লহেতেন৷ এই সকলো কথা ভাবি কমলাক আগবঢ়াই দিলে বিডেনে৷ এই ভোট যুদ্ধত জিকিলে ডেমক্ৰেটিকৰ কমলাই হ’ব প্ৰথম মহিলা উপৰাষ্ট্ৰপতি৷ ইয়াৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি পদত কোনো মহিলা বহা নাছিল৷ দুবাৰ উপৰাষ্ট্ৰপতি পদত যুঁজ কৰিছিল মহিলাই৷ ১৯৮৪ চনত ডেমক্ৰেটিকৰ টিকটত জেৰালডিন ফেৰাৰো আৰু ২০০৮ চনত ৰিপাব্লিকানৰ টিকটত ছাৰা পালিন যুঁজত নামিছিল যদিও দুয়োবাৰেই পৰাজিত হৈছিল৷ বিডেন এইবাৰ ভোটযোদ্ধত জিকিলে তেওঁৱেই হ’ব সকলোতকৈ বয়স্ক ৰাষ্ট্ৰপতি৷ সেইক্ষেত্ৰত ২০২৪ চনৰ নিৰ্বাচনত দ্বিতীয়বাৰ আকৌ ভোটযোদ্ধত নামিব নোৱাৰিব৷ সেইক্ষেত্ৰত ৰাষ্ট্ৰপতি পদত যুঁজ কৰিবৰ বাবে আগুৱাই যাব কমলা হাৰিছ৷ উল্লেখ্য যে কমলা হাৰিছৰ জন্ম ওকলেণ্ডত৷ পিতৃ জামাইকাৰ৷ মাতৃ ভাৰতীয়৷ ২০০৩ চনত প্ৰথম ভোটযোদ্ধত জয়ী হৈছিল ছান ফ্ৰান্সিচকোৰ ডিষ্ট্ৰিক্ট এটৰ্ণী হিচাপে৷ ২০১৬ চনত প্ৰথম ছিনেটৰ হিচাপে নিৰ্বাচিত হয়৷ ট্ৰাম্প প্ৰশাসনক কংগ্ৰেছ অধিৱেশনত তেওঁ প্ৰশ্ন কৰি ৰীতিমতে বিপদত পেলাইছিল৷ ২০১৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হয়৷ নিজকে ‘মানুহৰ বাবে কমলা’ আখ্যা দিয়ে৷ ওকলেণ্ডত প্ৰথম জনসভাত ২০ হাজাৰ মানুহে তেওঁৰ কথা শুনিছিল৷ কিন্তু এটৰ্ণী হিচাপে তেওঁৰ কিছু সিদ্ধান্তই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত পিছ পেলাই দিয়ে৷ তেওঁ বিডেনৰ কাষ যাপে আৰু শেষত তেওঁকে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰে৷










