Breaking

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেন নিজৰ সহযোদ্ধাৰ ঘোষণা ৷ আমেৰিকাত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ভাৰতীয় বংশোদ্ভৱ

0 1,404

দৈনন্দিন বাৰ্তা ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনে এইবাৰ নিজৰ সহযোদ্ধাৰ নাম ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি পদত যুঁজ কৰিবৰ বাবে বাচি লৈছে কমলা হাৰিছক ৷ উল্লেখ্য যে এয়া হ’ল প্ৰথম কোনো কৃষ্ণাংগ মহিলা আৰু ভাৰতীয় বংশোদ্ভৱ যি আমেৰিকাত এই পদৰ বাবে যুঁজ কৰিছে ৷ মঙলবাৰে টুইট কৰি এই ঘোষণা কৰে ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বিডেনে৷ তেওঁ লিখে, সহযোদ্ধা হিচাপে কমলা হাৰিছক নিৰ্বাচিত কৰিবলৈ পাই মই গৰ্বিত৷ নিৰ্ভীক যোদ্ধা৷ দেশৰ অন্যতম জননেতা৷ তেওঁ লগতে জনায়, আমি দুয়ো মিলি ট্ৰাম্পক হৰুৱাম৷ কমলাক কাষত পালে কৃষ্ণাংগৰ ভোট যে পাম নিশ্চিত৷ এই কথা ক’বলৈ নাপাহৰিলে বিডেনে৷ উল্লেখ্য যে একালত কমলা আছিল বিডেনৰ তীব্ৰ প্রতিদ্বন্দ্বী। এটা বিতৰ্কত বিডেনৰ স্কুলৰ পৰীক্ষাৰ ৰেকৰ্ড লৈও তীব্ৰ আক্ৰমণ কৰিছিল কমলাই৷ কিন্তু ভোটত বহু সলনি হয়৷ কৃষ্ণাংগৰ ভোট লাভৰ বাবে সেই কমলাকে ‘‌সহযোদ্ধা’‌ হিচাপে নিৰ্বাচন কৰিলে ৭৮ বছৰীয়া বিডেনে৷ অৱশ্যে আমেৰিকাৰ কৃষ্ণাংগসকলে কমলাক খুউব সহজ দেখা নাই৷ তেওঁ উদাৰপন্থীও নহয়৷ অতীতত কমলা কেলিফৰ্ণিয়াৰ এটৰ্ণী জেনেৰেল আছিল৷ ছান ফ্ৰান্সিচকোৰ ডিষ্ট্ৰিক্ট এটৰ্ণী হিচাপে তেওঁ কাম কৰিছিল৷ এই দুয়োটা পদত থকাৰ সময়ত তেওঁ বহু সিদ্ধান্ত কৃষ্ণাংগৰ বাবে লৈছিল৷ আনহাতে তেওঁ কৃষ্ণাংগৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক লৈও মুখ খোলা নাছিল৷ তেওঁৰ বিৰুদ্ধে বৰ্ণবিদ্বেষৰ অভিযোগ তুলিছিল তৰুণ কৃষ্ণাংগ ভোটাৰে৷ অৱশ্যে তেতিয়া কমলাই কৈছিল, তেওঁ এগৰাকী ‘‌প্রগতিশীল প্রছিকিউটৰ’। কোনো কাৰণতে আইন শৃংখলা ভঙাত সমৰ্থন কৰিব নোৱাৰে৷ তেনে সেই কমলাক কিয় তুলি আনিলে বিডেনে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য যে তেওঁ নিজে বাৰাক ওবামাৰ সময়ত উপৰাষ্ট্ৰপতি হিচাপে আঠ বছৰ কাম কৰিছিল৷ এবাৰ নিজৰ ক্ষেত্ৰত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে বহু মাহ ধৈৰ্য ধৰি আছিল৷ শেষত কমলাকেই বাছি লৈছিল৷ কাৰণ ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত দুজন সত্তৰোৰ্ধৰ শ্বেতাংগৰ মাজত সীমাবদ্ধ ৰাখিবলৈ চাইছে৷ বিশেষজ্ঞসকলৰ মতে কমলাৰ দৰে প্ৰাৰ্থী উপৰাষ্ট্ৰপতি পদত যুঁজ নকৰিলে আমেৰিকাৰ তৰুণ চামটোৱে ভোটদান কৰাত আগ্ৰহ নেদেখুৱায়৷ বিশেষকৈ কৃষ্ণাংগসকল৷ তদুপৰি মহিলা ভোটৰৰ মনটো ক্ষুণ্ণ হ’লহেতেন৷ এই সকলো কথা ভাবি কমলাক আগবঢ়াই দিলে বিডেনে৷ এই ভোট যুদ্ধত জিকিলে ডেমক্ৰেটিকৰ কমলাই হ’ব প্ৰথম মহিলা উপৰাষ্ট্ৰপতি৷ ইয়াৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি পদত কোনো মহিলা বহা নাছিল৷ দুবাৰ উপৰাষ্ট্ৰপতি পদত যুঁজ কৰিছিল মহিলাই৷ ১৯৮৪ চনত ডেমক্ৰেটিকৰ টিকটত জেৰালডিন ফেৰাৰো আৰু ২০০৮ চনত ৰিপাব্লিকানৰ টিকটত ছাৰা পালিন যুঁজত নামিছিল যদিও দুয়োবাৰেই পৰাজিত হৈছিল৷ বিডেন এইবাৰ ভোটযোদ্ধত জিকিলে তেওঁৱেই হ’ব সকলোতকৈ বয়স্ক ৰাষ্ট্ৰপতি৷ সেইক্ষেত্ৰত ২০২৪ চনৰ নিৰ্বাচনত দ্বিতীয়বাৰ আকৌ ভোটযোদ্ধত নামিব নোৱাৰিব৷ সেইক্ষেত্ৰত ৰাষ্ট্ৰপতি পদত যুঁজ কৰিবৰ বাবে আগুৱাই যাব কমলা হাৰিছ৷ উল্লেখ্য যে কমলা হাৰিছৰ জন্ম ওকলেণ্ডত৷ পিতৃ জামাইকাৰ৷ মাতৃ ভাৰতীয়৷ ২০০৩ চনত প্ৰথম ভোটযোদ্ধত জয়ী হৈছিল ছান ফ্ৰান্সিচকোৰ ডিষ্ট্ৰিক্ট এটৰ্ণী হিচাপে৷ ২০১৬ চনত প্ৰথম ছিনেটৰ হিচাপে নিৰ্বাচিত হয়৷ ট্ৰাম্প প্ৰশাসনক কংগ্ৰেছ অধিৱেশনত তেওঁ প্ৰশ্ন কৰি ৰীতিমতে বিপদত পেলাইছিল৷ ২০১৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হয়৷ নিজকে ‘মানুহৰ বাবে কমলা’ আখ্যা দিয়ে৷ ওকলেণ্ডত প্ৰথম জনসভাত ২০ হাজাৰ মানুহে তেওঁৰ কথা শুনিছিল৷ কিন্তু এটৰ্ণী হিচাপে তেওঁৰ কিছু সিদ্ধান্তই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত পিছ পেলাই দিয়ে৷ তেওঁ বিডেনৰ কাষ যাপে আৰু শেষত তেওঁকে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰে৷

Leave A Reply