Home Blog Page 3237

১ আগষ্টৰ পৰা আনলক ৩.০ : পুনৰ মুকলি হোৱাৰ সম্ভাৱনা চিনেমা হলৰ দোৱাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অব্যাহত থকা আনলক ২ অহা ৩১ জুলাইত শেষ হ’ব৷ ইয়াৰ পাছতে আহিব আনলক ৩৷ এই আনলক ৩ৰ বাবে চৰকাৰে নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব যিবোৰ আগষ্টৰ পহিলা দিনটোৰ পৰা বলবৎ হ’ব ৷ এই আনলক ৩ত কেতবোৰ দিশত নিষেধাজ্ঞা থাকিব যদিও আন কেতবোৰ দিশত শিথিলতা আহি পৰিব৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে এইবাৰ চিনেমা হলবোৰ চৰকাৰে ১ আগষ্টৰ পৰা খুলিবলৈ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে ইয়াত থাকিব কঠোৰ নীতি নিয়ম৷ তাৰে ভিতৰত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব৷ আনহাতে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ে বিদ্যালয়বোৰ খোলাৰ সন্দৰ্ভত আলোচনা কৰিছে৷ মানৱসম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে বহু অভিভাৱকে শিক্ষানুষ্ঠান খোলাত পক্ষপাতী নহয় ৷ সূত্ৰটোৱে জনোৱা মতে জিমবোৰ তৃতীয় পৰ্যায়ৰ আনলকত খোলাৰ সম্ভাৱনা আছে ৷ ইপিনে তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ক চিনেমা হলবোৰ খুলিবলৈ প্ৰস্তাৱ দিছে ৷ চিনেমা হলবোৰ পুনৰ খুলিলে ৫০ শতাংশ দৰ্শকহে প্ৰৱেশ কৰিব পাৰিব৷ থিয়েটাৰবোৰত ২৫ শতাংশ আসন ৰাখিব পাৰিব আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব ৷

গাঁৱে গাঁৱে পকেট মিটিঙেৰে মুদৈবড়ীত গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ। নৰেন্দ্ৰ চন্দ্র ডেকাৰ হৈ প্ৰচাৰ অভিযানত কোচ ৰাজ পৰিয়ালৰ সদস্য হেমপ্ৰভা দেৱী

টংলা :  ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত নব কুমাৰ শৰণীয়াৰ নেতৃত্বত জনমত গঢ়ি উঠা গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ অভিযান চলি আছে যদিও মহামাৰী কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বি টি চিৰ নিৰ্বাচন স্থগিত কৰা হৈছিল যদিও লকডাউন শিথিলতাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য আৰম্ভ হৈছে তাৰ ব্যতিক্রম নহয় গণ সুৰক্ষা পাৰ্টিও সোমবাৰে ওদালগুৰি জিলাৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ  অন্তৰ্গত তামৰু, নামজলাহ, গোঁহাইখাট, ডলা, টংলা, চিত্ৰনগৰ ৱাৰ্ড নং ০৪ ত গণ সুৰক্ষা পাৰ্টি(GSP)ৰ নিৰ্বাচনী আলোচনা। এই আলোচনাত উপস্থিতি থাকে বিশিষ্ট সমাজসেৱীকা, কোচ ৰাজপৰিয়ালৰ সদস্য হেমপ্ৰভা দেৱী, মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ চন্দ্ৰ ডেকাৰ পত্নী নমিতা চহৰীয়া ডেকা, মুদৈবাৰী সমষ্টি গণ সুৰক্ষা পাৰ্টিৰ সাংগঠিনক সম্পাদক মাধৱ বৰুৱা আদি। সভাত অংশগ্রহণ কৰি কোচ ৰাজ পৰিয়ালৰ সদস্য তথা সমাজ সেৱীকা হেমপ্ৰভা দেৱীয়ে কয় যে,  আমি আশা কৰিছোঁ যে এইবাৰ বি টি চিত পৰিবৰ্তন নিশ্চিত ভাবে আহিব, কাৰণ বি টি চিত বসবাস কৰা বিভিন্ন জাতিৰ মাটিৰ সমস্যা, ভাষাৰ সমস্যা আদিৰ বাবে ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাইজে এইবাৰ বিবেক ভোট দি পৰিবৰ্তন আনিব। বি টি চিত সঘনাই উদ্ধাৰ হোৱা বৃহৎ অস্ত্র ভাণ্ডাৰৰ বিষয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এতিয়াও বিটিচিত এনেকৈ অস্ত্র ভাণ্ডাৰ উদ্ধাৰ হোৱাটো অসমৰ ৰাজ্য তথা বিটিচিত কেইটামান মাহ আগলৈকে শাসন কৰা বিপিএফ চৰকাৰৰ বিফলতা যাৰ কাৰণে প্ৰত্যেক বাৰে বিটিচি নিৰ্বাচনৰ পূৰ্বে এনে বৃহৎ অস্ত্র ভাণ্ডাৰ উদ্ধাৰ হয়।

নলবাৰীত চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি দিৱস

নলবাৰী : দেশ মাতৃৰ সেৱা আগবঢ়াই নিজৰ কৰ্তব্য পালনেৰে আজি সমগ্ৰ ভাৰতবৰ্ষতে চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক স্থাপিত বৰ্ষপূৰ্তি সম্পূৰ্ণ হ’ল। চিআৰপিএফ বাহিনী অকল ভাৰতৰে নহয় পৃথিৱীৰ ভিতৰত এক ডাঙৰ অৰ্ধসামৰিক বাহিনীৰ দল। ইয়াৰ প্ৰাথমিক ভূমিকা হিচাপে ৰাজ্য তথা জিলা সমূহত সমূহত সহায় আগবঢ়োৱা, আইন ব্যৱস্থাৰ ৰক্ষাৰ লগতে উগ্ৰপন্থী-মাওবাদী আদিৰ পৰা দেশক সুৰক্ষা প্ৰদান কৰা। ইয়াৰ উপৰিও চিআৰপিএফ বাহিনীৰ নিজৰ কৰ্তব্য সত্য আৰু নিষ্ঠাৰে পালন কৰাৰ উপৰিও সামাজিক দিশতো মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে। আজি চিআৰপিএফ বাহিনীৰ ৮২ সংখ্যক বৰ্ষপুৰ্তি দিৱস উপলক্ষে নলবাৰী জিলাৰ ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীয়ে ও জিলাখনৰ সৰিয়হতলীস্থিত সেনাবাহিনীৰ চাউনীত এই দিৱস উদযাপন কৰে। ১৩৬ নং বেটেলিয়ন চিআৰপিএফ বাহিনীৰ কামানডেন্ট পি চি চৌহানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত সময়ত শ্বহীদ হোৱা চিআৰপিএফ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  লগতে সকলো চিআৰপিএফ বাহিনীৰ বিষয়ববীয়া আৰু জোৱানসকলক বিগত বছৰ বছৰ ধৰি সত্য আৰু নিষ্ঠাৰে দেশ মাতৃৰ সেৱা আগবঢ়াই থকা বাবে ধন্যবাদ জনায়। অনাগত দিনত দেশৰ সুৰক্ষাৰ হকে চিআৰপিএফ বাহিনীয়ে সদায় আগভেটি থিয় দি থাকিব দৃঢ় সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত কামানডেন্ট পি চি চৌহানে বৰ্তমান সমগ্ৰ বিশ্বতে অব্যাহত থকা কৰণা ভাইৰাচৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি নিজকে বচাই মজবুত হৈ নিজৰ কৰ্তব্য পালন কৰিবলৈ জোৱান সকলক আহবান জনায়।    

ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজস্থানৰ বিসম্বাদী কংগ্ৰেছী নেতা শচীন পাইলটৰ নেতৃত্বত ১৯ জনকৈ বিধায়কে বিদ্ৰোহ ঘোষণা কৰাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক অস্হিৰতাই দিনক দিনে নতুন ৰুপ লৈছে৷ ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় বিদ্ৰোহী পক্ষলৈ যোৱাৰ পিছত বিধান সভাৰ বিশেষ অধিবেশনত অনুষ্ঠিত কৰি সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ বাবে মুখ্যমন্ত্ৰী গেহলটে ৰাজ্যপালক দুখনকৈ পত্ৰ প্ৰেৰণ কৰে৷ তৎস্বত্বেও ৰাজ্যপালগৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত আজি গুৱাহাটী মহানগৰীত ৰাজ্যিক কংগ্ৰেছ কমিটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিনৰ ১২ বজাত গুৱাহাটী ক্লাৱত কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি হুছিয়াৰ, নৰেন্দ্ৰ মোডী গো বেক, বিধায়ক কিনা বেচা বন্ধ কৰক, সংবিধান ৰক্ষা কৰক, গণতন্ত্ৰ হত্যাকাৰী বিজেপি হুছিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদস্হলী উত্তাল কৰি তোলে ৷ এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা তৰুণ গগৈয়ে কয় যে ৰাজস্থানৰ ৰাজ্যপালে বিজেপি আৰ এছৰ এজেন্ট হিচাপ কাম কৰিছে৷ কংগ্ৰেছৰ সংখ্যা গৰিষ্ঠ আছে, তথাপি বিজেপিয়ে বিধায়ক কিনা বেচা কৰি চৰকাৰ গঠনৰ বাবে গনতন্ত্ৰক হত্যা কৰিবলৈ কুন্ঠাবোধ কৰা নাই৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি গগৈয়ে উল্লেখ কৰে৷ সভাপতি ৰিপুন বৰাই এই ক্ষেত্ৰত কয় যে বিজেপি গণতন্ত্ৰক ভৰিৰে মোহৰি যি কোনো প্ৰকাৰে চৰকাৰ গঠন কৰিব লাগে৷ তেওঁলোকৰ মূল উদ্দেশ্য হ’ল ক্ষমতা ৷ সেইবাবেই যিকোনো প্ৰকাৰে বিধায়ক বেচা কিনা কৰি হলেও ৰাজস্থানত চৰকাৰ গঠন কৰিবলৈ উঠিপৰি লাগিছে৷ বিজিপিয়ে সংবিধান ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰে ৰিপুন বৰাই ৷ উল্লেখ্য যে কংগ্ৰেছ কেইবাগৰাকী বিধায়কৰ লগতে জেষ্ঠ্য কংগ্ৰেছ নেতাৰ লগতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়া প্ৰতিবাদ স্হলীত অংশ গ্ৰহণ কৰে ৷

হোজাইৰ নীলবাগানত সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

হোজাই : অসমৰ বান আৰু গৰা খহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত সাহাৰ্য্য আৰু ক্ষতিপূৰণৰ দাবী তুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দ্দেশ মৰ্মে আজি হোজাই জিলা আমছুৱে নীলবাগানত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ আমছুৰ হোজাই জিলা সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্য্যসূচী ৰপায়ন কৰে৷ আমছু কৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সমগ্ৰ নীলবাগানৰ পৰিবেশ উত্তাল কৰি তুলে৷ প্ৰায় আধা ঘন্টাজুৰি প্ৰতিবাদ কৰাৰ অন্তত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বানাক্ৰান্ত আৰু গৰাসহনীয়াৰ কৱলত পৰা লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী সন্মিলীত স্মাৰক পত্ৰ প্ৰদান কৰে।

আইন কেতিয়াবা সকলোৰে বাবে সমান হ’বগৈনে ?

পুলিন শইকীয়া

‘আইন সকলোৰে বাবে সমান’ বুলি যদিও কোৱা হয়, প্ৰকৃতপক্ষে এই কথা সত্য হয় জানো? অৱশ্যে ন্যায়ালয়ৰ মজিয়াত কথাষাৰ সত্য যদিও কোনো কোনো গোচৰৰ ক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰে ন্যায়ালয়ক প্ৰভাৱিত কৰাৰো অভিযোগ নথকা নহয়৷ আইনৰ ৰক্ষক আৰক্ষীৰ দ্বাৰা সততে আইন ভংগ কৰাৰ দেধাৰ উদাহৰণ আছে৷ এইসকল আৰক্ষীৰ নব্বৈ শতাংশৰ ওপৰতে কোনো বিহীত ব্যৱস্থা লোৱা নহয়৷ আৰক্ষীৰ দ্বাৰা বহু নিৰীহ লোকে বহু হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে৷ উচিত বিচাৰৰ বাবে তেওঁলোকে দিনৰ পাছত দিন বাট চাইছে৷ ন্যায় তেওঁলোকৰ বাবে সুদূৰপৰাহত৷ বহু সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত বা অন্য লোকৰ দ্বাৰা নিৰ্যাতিত লোকে ন্যায় লাভৰ ক্ষেত্ৰত আৰক্ষীয়ে বাধা হৈ থিয় দিয়ে৷ হয়তু সেইসময়ত তেওঁলোকে নিজৰ মূৰৰ ওপৰত লৈ ফুৰা কথাষাৰ পাহৰি যায়৷ জনহিত জনসেৱাৰ্থে৷  আমাৰ ৰাজ্যৰ একাংশ মন্ত্ৰী বিধায়ক, পত্নী-পুত্ৰ, সাংগোপাংগো, ঢেমাধৰাই চৰকাৰৰ নীতি-নিয়মক সদায় বুঢ়াআঙুলি দেখাই আহিছে৷ এইসকলৰ ওপৰত মাত মাতিবলৈ কাৰো শক্তি নাই৷ কেতিয়াবা কিবা কাৰণত আৰক্ষী বা অন্যলোকে ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িলেও যাদুকৰি ফোনৰ শব্দত থমকি ৰয়৷ সাধাৰণ জনতাৰ বাবে আইন বেলেগ আৰু তেওঁলোকৰ বাবে যেন আইন বেলেগ৷ বিশ্বত্ৰাস মহামাৰী কৰ’না কালতে কথাটো স্পষ্ট হোৱা যেন লাগিল৷ এতিয়া কথা হ’ল এনে ধৰণৰ বৈষম্যসমূহ দূৰ কৰি প্ৰতিজন দোষী ব্যক্তিৰ প্ৰতি একে দৃষ্টি প্ৰদান কৰি শাস্তি প্ৰদান কৰাৰ সাহস চৰকাৰৰ হ’বনে?’ আইন সকলোৰে বাবে সমান’  বুলি ৰাইজ পতিয়ন যোৱাৰ বাতাবৰণ এটা কেতিয়াবা গঢ়ি উঠিবনে? নে গণতন্ত্ৰত এয়া সম্ভৱ নহয় ?

সোণতলীত ডকাইতি কাণ্ডঃ ব্যৱসায়ীক ডেগাৰেৰে হানি ধন লুটি নিয়াৰ চেষ্টা

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে দুটাকৈ চাঞ্চল্যক ঘটনা সংঘটিত হয়৷ তাৰে এটা হ’ল লোমহৰ্ষক হত্যাকাণ্ড আনটো হ’ল ডকাইতি কাণ্ড৷ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই সোণতলীৰ পল্লীমঙ্গলত সংঘটিত হয় আন এক ডকাইতি কাণ্ডৰ ঘটনা৷ জানিব পৰা মাতে, সোণতলী আৰক্ষী চকীৰ এলেকাধীন বৰ আৰিকাটি গাঁওনিবাসী ৰবিউল হুছেইনে সোণতলী বজাৰত থকা তেওঁৰ দোকানৰ পৰা নগধ ৩০ হাজাৰ টকা লগত লৈ ঘৰলৈ ওভতাৰ পথত পল্লীমঙ্গল চাৰিআলি চকত একেখন গাঁৱৰে বছিৰ উদ্দিন নামৰ ডকাইত জনে ৰবিউল হুছেইনক পিছফালৰ পৰা ডেগাৰ আক্ৰমণ কৰে৷ ডেগাৰেৰে আক্ৰমণ কৰাৰ পাছত ৰবিউলৰ লগত থকা নগধ ৩০ হাজাৰ টকা লুটি নিয়াৰ চেষ্টা চলায়৷ ব্যৱসায়ী ৰবিউল হুছেইনে চিঞৰি উঠাত স্থানীয় ৰাইজে আগবাঢ়ি আহি ডকাইত বছিৰ উদ্দিনক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰবিউল হুছেইনক ৰাইজে চিকিৎসাৰ বাবে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ ৰবিউল হুছেইন বৰ্তমান সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে৷ আনহাতে ডকাইতৰূপী বছিৰ উদ্দিনক  আজি  স্থানীয় ৰাইজে ধৰি বান্ধি সোণতলী আৰক্ষীক গটাই দিয়ে৷ উল্লেখ্য যে, ব্যৱসায়ী ৰবিউলক আক্ৰমণ কৰা বছিৰ উদ্দিন নামৰ যুৱকজন মানসিকভাৱে বিকাগ্ৰস্থ বুলি ৰাইজে জানিবলৈ দিয়ে৷

অসমত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ বানপানীৰ, মৃত্যু হোৱা লোকৰ সংখ্যা ১২০ গৰাকীলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰে সদৰি কৰা মতে এতিয়ালৈকে অসমত বানপানীৰ ফলত ১২০ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে অসমৰ ২৩ খন জিলাৰ মুঠ ২৪,৭৬,৪৩১ গৰাকী লোক বৰ্তমান বানপানীৰ কৱলত। বানপানীৰ ফলত কাজিৰঙাৰ ১৪ টা গড়ৰ মৃত্যু হৈছে।

যুৱতীক অশ্লীল মেচেজ দি শলঠেকত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি : ব্যাপক প্ৰতিক্ৰিয়া

তিনিচুকীয়া : এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দি আৰক্ষীৰ শৰণাপন্ন হ’বলগা হৈছে শাসকীয় বিজেপি দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা। নেতাগৰাকী হ’ল বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি। কাকপথাৰ থানাৰ অন্তৰ্গত কুমচাং চাহ বাগিচাৰ ৬ নং লাইনৰ বাসিন্দা মানকিয়ে শনিবাৰে নিশা বাগিচাখনৰে ১৮ নং লাইনৰ এগৰাকী শিক্ষিত যুৱতীক মোবাইলত অশ্লীল প্ৰস্তাৱ দিয়াত কালি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাকপথাৰ থানাত বিষয়টোক লৈ এজাহাৰ দাখিল কৰাৰ লগতে লাইনৰ একাংশই মানকিক আটক কৰাৰ দাবীত কাকপথাৰ থানা ঘেৰাও কৰে। পৰিস্থিতি বিষম দেখি মানকিয়ে কাকপথাৰ থানাৰ পৰিৱৰ্তে ডুমডুমা থানাত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়। কাকপথাৰ থানাই লাভ কৰা এজাহাৰৰ ভিত্তিত মানকিৰ বিৰুদ্ধে ২৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে যদিও গোচৰৰ ধাৰা জামিনযোগ্য হোৱাত মানকিক ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে। অৰ্ধশতক বয়সৰ দেওনা পাৰ কৰা শাসকীয় দলৰ ৰাজ্যিক বিষয়-ববীয়াগৰাকীয়ে কুৰি বছৰীয়া যুৱতীগৰাকীলৈ দিয়া অল্লীল প্ৰস্তাৱক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ষমতাৰ ৰাগীয়ে মূৰত ধৰা নেতাগৰাকীৰ এনে কৰ্মকাণ্ডই চাহ জনগোষ্ঠীটোক লজ্জানত কৰা বুলি চৰ্চা চলিছে। সম্প্ৰতি নেতাগৰাকীয়ে যুৱতীগৰাকীলৈ প্ৰেৰণ কৰা অশ্লীল প্ৰস্তাৱৰ কথোপকথন বিভিন্নজনৰ মোবাইলে মোবাইলে উপলব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

উজনি-মাজুলী : বছৰৰ তৃতীয়টো বানে তাণ্ডৱ অব্যাহত ৰাখিছে মাজুলীত। মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ততোধিক গাঁও। বিশেষকৈ জিলাখনৰ চেঙেলীবাৰী, মেৰুৱাবাৰী, কলিতাপাৰ, ঠাকুৰসুঁতি, পকাজৰা, নতুন কমলাবাৰী, বৰগুৰি, জেংৰাই চাপৰি আদি বিস্তৃত অঞ্চলসমূহ বছৰটোৰ আধাখিনি সময়েই জলমগ্ন হৈ আহিছে বছৰ বছৰ ধৰি। কোনো উন্নয়নেই যেন চুব পৰা নাই মাজুলীৰ মুখ্যস্থল গড়মূৰৰ গাতে লাগি থকা এই অঞ্চল তথা গাঁওসমূহত। খেতি-পথাৰ, ঘৰ-ভেটি সকলো বানত ডুব যোৱাত জীয়াতু ভুগিছে সৰ্বসাধাৰণে। পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা চৰকাৰখনে বাৰু শুনিবনে এইসকল দুৰ্ভগীয়াৰ আৰ্তনাদ। সম্ভৱ হ’বনে প্ৰকৃত উন্নয়ন আৰু বৈজ্ঞানিক সুৰক্ষা ব্যৱস্থা।