Home Blog Page 3240

নাজিৰাত সৰিয়হৰ ডুলিত ভূত : গোচৰৰ নামত আৰক্ষী বিষয়াৰ দৰ-দাম, ডিজিপি’লৈ পত্ৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ

গেলেকী : ভাৰতীয় সংবিধানৰ নীতি-নিৰ্দেশনা অনুযায়ী দেশ তথা ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষা আৰু জনতাৰ সম্পতি সুৰক্ষা দিয়াৰ নামত শপত বাক্য লোৱা অসম আৰক্ষীত চৰম বেমেজালি। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা নাজিৰা আদৰ্শ আৰক্ষী থানাত অ’ চিৰ ‘আদৰ্শ’। থানাত বজাৰ মেলি দিছে বিষয়াই। গোচৰ দিলেও টকা, ৰিপ’ৰ্ট দিলেও টকা। নাজিৰাত সৰিয়হৰ ডুলিত ভূত। নামত নাজিৰা থানাখন আদৰ্শ থানা। কিন্তু এতিয়া থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াই কেতবোৰ নতুন ‘আদৰ্শ’ স্থাপন কৰিছে থানা খনত। প্ৰাপ্ত তথ্য ও ৰাজহুৱা অভিযোগ অনুযায়ী বিগত দীৰ্ঘদিন ধৰি থানা খনত ভাৰপ্ৰাপ্ত বিষয়া আৰু তেওঁৰ কেইজনমান অনুগতই কৰি পেলাইছে এটিয়েম। চৰকাৰী ধনত চলিব নোৱাৰা এই এচাম আৰক্ষী বিষয়াই কোনোবাই সহায় বিচাৰি থানালৈ আহিলেই এতিয়া আৰম্ভ হয় দৰ-দাম। শেহতীয়াকৈ পোহৰলৈ অহিছে লিগিৰীপুখুৰীৰ বাসিন্দা বুবুল আলী নামৰ লোকজনে তেওঁৰ গাড়ীখনৰ এক খেলিমেলি সন্দৰ্ভত থানাত তৰা গোচৰৰ কিছু ৰহস্য। সামান্তৰালভাৱে অ’ চিৰ বিশ্বস্থ সহঃকাৰী আৰক্ষী বিষয়া ৰাজীৱ গগৈয়ে আৰম্ভ কৰিলে দৰ-দাম। গোচৰীয়াই খাকী পোচাক ধাৰি ৰূপত কলংক সনা সহকাৰী আৰক্ষী বিষয়া ৰাজীৱ গগৈৰ কৰিলে ক’ল ৰেকৰ্ডিং। ওলাল জোলুঙাৰ মেকুৰী। বুঢ়া সম্বোধনেৰে অ’ চিৰ নামত গোচৰীয়াৰ পৰা সহকাৰী আৰক্ষী বিষয়া ৰাজীৱ গগৈয়ে দহ হাজাৰ টকা দাবী কৰাৰ অভিযোগ ভুক্তভূগীৰ। উভয় পক্ষ্যই গোচৰীয়াৰ বিৰুদ্ধে এটা গোচৰ তৰা আলম লৈ ভাবুকি, ধনদাবী কৰি উভয় পক্ষ্য তথা তাহাতৰ ওপৰত অ’ চিয়ে টাইট কেচ ঠেকি দিব বুলি ফ’নত ভাবুকি দিয়ে অভিযুক্ত সহঃকাৰী আৰক্ষী বিষয়া ৰাজীৱ গগৈয়ে। উৎকোচ দিলে গোচৰ টাইট কৰি বিপক্ষ্যক বিপদত পেলাব অ’ চিয়ে। দাবী কৰা ধন নিদিলে গোচৰীয়াৰহে বিপদ হ’ব। বিষয়াই মেলা বজাৰৰ নেতৃত্ব দিয়ে থানা খনৰ তিনি বিশ্বস্থ কাণ্ডাৰী ক্ৰমে দুই সহঃকাৰী আৰক্ষী বিষয়া সহ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে। উল্লেখ্য যে উক্ত তিনিগৰাকী অভিযুক্তৰ সৈতে ধনৰ লেনদেন মিলাৰ পাছতহে কথা পাতে দুৰ্নীতিগ্ৰস্ত থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে। এই অভিযোগ আমাৰ নহ’য়! এই অভিযোগ সহকাৰী আৰক্ষী বিষয়া আৰু গোচৰীয়াৰ। গোচৰীয়াৰ পৰা দাবী কৰা ধন সহঃকাৰী আৰক্ষী বিষয়া ৰাজীৱ গগৈয়ে সংগ্ৰহ কৰি অ’ চিক দিয়া বুলি মন্তব্য কৰে। এতিয়া বোলে অ’ চিৰ সৈতে গোচৰীয়াৰ নিৰাপদে আলোচনা হ’ব। গোচৰীয়া বুবুল আলী নামৰ লোকজনে সংবাদ-মাধ্যমক অভিযোগ দিয়া মতে ধন নিদিয়াৰ বাবে এজাহাৰ দাখিল কৰা দহ দিনৰ পাছতো তেওঁৰ গোচৰ পঞ্জীয়ন কৰা হোৱা নাই। কেৱল এটা বা দুটা গোচৰেই নহয়। সকলোতেই বজাৰ মেলি দিছে বিষয়াই। নাজিৰাবাসী কোনো লোকৰ কিবা সামগ্ৰী হেৰালে ৰিপ’ৰ্ট আনিবলৈকো এতিয়া ধন দিব লাগে। নহ’লে কাম নহয়। ৰিপ’ৰ্টৰ ধন সংগ্ৰহ কৰে থানা খনৰ জনৈক দাস উপাধিৰ মহিলা কনিষ্টবল গৰাকীয়ে। সঁচাকৈয়ে এই অ’ চি আমাৰ সমাজৰ বাবে এক ‘আদৰ্শ’। নাজিৰা আদৰ্শ আৰক্ষী থানা খনকে তেওঁ এতিয়া ‘আদৰ্শ’ কৰি পেলাইছে। সম্প্ৰতি নাজিৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আৰক্ষীৰ এনেবোৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ ছ’চিয়েল মিডিয়া ফেচবুকত নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত অসম চৰকাৰক জগৰীয়া কৰিছে। নাজিৰা মহকুমা অন্তৰ্গত আৰক্ষী বিষয়া সমূহে বিগত সময়ত কৰা দুৰ্নীতি বিষয়ে ২৪ জুলাই দিনা অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ বিধায়ক দেৱব্ৰত শইকীয়াই এখনি পত্ৰ লিখি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰাই। লগতে আৰক্ষীয়ে বিভিন্ন অনৈতিক কাম-কাজ চলাই সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে। আনহাতে ভৰলুমুখ থানা আৰক্ষীয়ে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰক তেওঁৰ পিতৃৰ লগত গৈ থকা অৱস্থাত মাৰধৰ কৰা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে বিধায়ক দেৱব্ৰত শইকীয়াই।

জুৱাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক আক্ৰমণ

দলগাওঁ : দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে “দ্যা হিলছ টাইমচ্ৰৰ মঙলদৈ ষ্টেচন সাংবাদিক আবুল খায়েৰে বাতৰি সংগ্ৰহ কৰিব যোৱাত ৪ নং বৰুৱাঝাৰ গাৱঁৰ চোলতান আলীয়ে সাংবাদিক জনক অশ্লীল গালি গালাজ কৰাৰ লগতে চোকা অস্ত্ৰৰে  আক্ৰমণ কৰে। লগতে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে সাংবাদিকজনক ৷ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জীৱন ৰক্ষা পৰে সাংবাদিক জনৰ। ঘটনা সংক্ৰান্তত আক্ৰান্ত সাংবাদিক জনে দৈপাম আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে যদিও কোনো গুৰুত্ব নাই প্ৰশাসনৰ। ইফালে সাংবাদিক নিগ্ৰহৰ ঘটনাক দৰং জিলাৰ সাংবাদিক মহলৰ লগতে তীব্র নিন্দা কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, মুছলিম ছাত্র সন্থাৰ সভাপতি জালাল উদ্দিন, ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে। উল্লেখ্য যে ২৪  জুলাইত দৰং জিলা আৰক্ষী অধীক্ষকে দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত উলুবাৰী গাঁৱত অনুষ্ঠিত এক বৃহৎ জূৱাখেল  উচ্ছেদ কৰিবলৈ গৈছিল৷ জুৱা খেল উচ্ছেদ কৰা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আবুল খায়েৰক জুৱাৰীয়ে আক্ৰমণ কৰে৷ উক্ত ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত এজাহাৰ দিয়া হৈছে যদিও এতিয়া পৰ্যন্ত কোনো জুৱাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ কিছুদিন ধৰি দৈপাম আৰক্ষী চকীৰ লগতে জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত গাওঁ সমূহত  বৃহৎ বৃহৎ জুৱাখেলৰ ঘাটি সমূহ স্থাপন হৈছে৷  জুৱাৰী সকলৰ ভাস্যমতে আৰক্ষী প্ৰশাসনৰ লগতে একাংশ সংগঠনৰ  ওপৰ মহলৰ লগত গোপন বুজাবুজিৰ বাবেই কাকো কেৰেপ নকৰি মুকলিকৈ চলাই আছে অবৈধ জুৱা। তাৰ ফলস্বৰূপেই জুৱাৰীয়ে সাংবাদিকক আক্ৰমণ কৰিবলৈ সাহস পাইছে৷ দৰং জিলাত মুকলিকৈ চলি থকা অবৈধ জুৱা খেলৰ  লগত আৰক্ষীৰ কিবা গোপন বুজা বুজি আছে নেকি  স্পষ্ট কৰি আৰক্ষীৰ স্বচ্ছ ভাৱমূৰ্তি অটুট ৰাখা, সাংবাদিকক আক্ৰমণ কৰা দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰা, দলগাঁও সমষ্টিকে ধৰি সমগ্ৰ দৰং জিলা জুৱাখেল মুক্ত কৰা আদিৰ দাবীত সদৌ অসম সাংবাদিক সন্থাৰ দৰঙ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰৱন কুমাৰ ঝা আৰু সাধাৰণ সম্পাদক মজিবুৰ ৰহমান স্বাক্ষৰিত এখন স্মাৰক পত্ৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে। আনহাতে উক্ত কাৰ্য্য সংঘটিত কৰা জুৱাৰী চোলতান আলীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম, সাধাৰণ সম্পাদক বাহাৰুল আমিন আৰু সাংগঠনিক সম্পাদক আব্দুল জলিলে দলগাও আৰক্ষী বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ দিয়ে।

এটি প্ৰতিবাদী কন্ঠৰ নাম “অখিল গগৈ”

ভুপেশ খাটনিয়াৰ

অসমৰ এটা প্ৰতিবাদী কন্ঠৰ নাম অখিল গগৈ। অসমীয়া জাতিটোৰ বাবে একক অনন্য কন্ঠ। তেখেতৰ প্ৰতিবাদ আপুনি সমৰ্থন নকৰিব পাৰে কিন্তু চৰকাৰে যিদৰে হিটলাৰী শাসনৰ দৰে এই কন্ঠ ৰুদ্ধ কৰিব বিচাৰিছে তাৰে আমি সকলোৱে প্ৰতিবাদ কৰা উচিত। গণতান্ত্ৰিক দেশত প্ৰত্যেক নাগৰিকৰ প্ৰতিবাদ কৰাৰ জন্ম-চৰ্ত অধিকাৰ আছে, কিন্তু চৰকাৰৰ প্ৰতিবাদৰ কন্ঠ ৰুদ্ধ কৰাৰ অধিকাৰ নাই। স্বৈৰতন্ত্ৰ শাসন ব্যৱস্থাত হে প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰে, অখিল গগৈ যোৱা ৮-১০ বছৰে সক্ৰিয়ভাবে চৰকাৰৰ কিছুমান নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে তাৰ বাবে জেললৈও গৈছে, কিন্তু যোৱা কেইটা বছৰে বিজেপি চৰকাৰ খনে অখিল গগৈৰ বিৰুদ্ধে যি নীতি গ্ৰহণ কৰিছে তেখেতৰ প্ৰতিবাদ ৰুদ্ধ কৰিবলৈ সেইয়া সম্পূৰ্ণ স্বৈৰতন্ত্ৰ। একমাত্ৰ হিন্দুত্ববাদী চিন্তা চৰ্চাক লৈ ব্যস্ত এই চৰকাৰখনে বিপাঙত পেলাইছে সৰ্বসাধৰণক।

বাঘজানবাসীৰ চকুপানী…

ৰূপম কলিতা

এটাৰ পিছত এটা সমস্যাই লগ এৰা দিয়া নাই বাঘজানবাসীক। এদিন-দুদিন নহয়, সম্পূৰ্ণ এমাহৰো অধিক দিন অতিক্ৰম কৰা তৈলখাদটোৰ জুই নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহায় লৈছিল যদিও পুনৰ তৈলখাদটোত বিস্ফোৰণ হোৱাত সকলোকে শংকিত কৰি তোলে। এই জুইকুৰাত অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত থকা তিনিজন বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হয়। এই কাণ্ডত পুনৰ শংকিত হৈ উঠে বাঘজানবাসী। কিয়নো বাঘজানৰ প্ৰথমটো ভয়ংকৰ অগ্নিকাণ্ডত দুজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছত তাৰ ওঁচৰে-পাঁজৰে থকা ঘৰ-বাৰী, কৃষিপথাৰ সকলো এফালৰ পৰা ধ্বংস হৈ গৈছে। এতিয়া বাঘজানবাসীয়ে ভয়, শংকা আৰু চিন্তাত দিন কটাব লগা হৈছে। ইফালে ৰাজ্যত কৰ’না ভাইৰাছৰ সন্ত্ৰাস, আনফালে জুইৰ বিভীষিকাই যেন খেদি ফুৰিছে বাঘজানবাসীক। তেলখাদৰ বিস্ফোৰণ আৰু ভয়াৱহভাৱে গেছ নিৰ্গত হৈ থকাত ধুঁৱলী-কুঁৱলী হৈ পৰিছে বাঘজানৰ আকাশ। খাটিখোৱা ৰাইজ গৃহহীন হৈ শিবিৰত থাকিবলগীয়া হৈছে। এতিয়া অঞ্চলবাসীয়ে প্ৰতিক্ষণত বিষাক্ত উশাহ ল’বলগীয়া হৈছে। এতিয়া বাঘজানৰ পৰিবেশ বিনষ্ট হোৱাৰ উপৰি খেতি-বাতি, জীৱকূল সকলো ধ্বংস হৈ গৈছে। অমাত জীৱকূলৰ ক্ষতিপূৰণ কোনে দিব? প্ৰকৃতিৰ এই ধ্বংস কাৰ্যৰ প্ৰভাৱ যে সমগ্ৰ অসম তথা বিশ্বত নপৰিব, তাৰ নিশ্চয়তা কোনে দিব? জলবায়ুৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতেই যে এইসমূহ দুৰ্যোগৰ বিৰূপ প্ৰভাবৰ সন্মুখীন হ’ব লাগিব সমগ্ৰ মানৱ সমাজ, সেয়া নিশ্চিত। আজিও তৈলখাদত গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান, মাগুৰী বিললৈ ভয়ংকৰ সংকট নামি আহিছে। অসমৰ সম্পদবোৰক যদিহে চৰকাৰে নিৰাপত্তা প্ৰদান নকৰে, তেনেহ’লে সোণবৰণীয়া অসমখন এদিন তিলতিলকৈ ধ্বংস হৈ যাব। অইল খাদৰ প্ৰচণ্ড বিস্ফোৰণ, গেছ অহৰহ নিৰ্গত হৈ থকাত সংকটে দেখা দিছে। গতিকে সময় থাকোতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষ , চৰকাৰ-প্ৰশাসনে বিষয়তো গুৰুত্ব সহকাৰে লৈ বাঘজানৰ বিভীষিকা দূৰ কৰি জৈৱ-বৈচিত্ৰ্য ঘূৰাই আনি জীৱকূলক উদ্ধাৰ কৰক। যদিহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ, অ’এনজিচি কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে উচিত সিদ্ধান্ত গ্ৰহণ নকৰে, তেনেহ’লে ৰাজ্যখনলৈ আৰু দুৰ্যোগৰ উপৰি দুৰ্যোগ নামি আহিব বুলি ধাৰণা কৰিব পাৰি। সেয়ে সময় থাকোতে উচিত পদক্ষেপ গ্ৰহণ কৰক।

পাত্ৰ অপচন্দ : কন্যা ক’ৰোনাত আক্ৰান্ত বুলি কৈ বিয়া ভাঙিলে পিতৃয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : নিজৰ পচন্দত বিয়া কৰাব বিচাৰিছিল এগৰাকী কন্যাই ৷ তাৰ বিপৰীত স্থিতিত কন্যাৰ পিতৃ ৷ কন্যাগৰাকী নাবালিকা ৷ তাতে পাত্ৰ অপচন্দ পিতৃৰ ৷ সেয়ে বিয়া কিদৰে ভাঙিব তাকে লৈ পিতৃৰ চিন্তা ৷ কন্যাগৰাকীয়ে ৰেজিষ্টাৰ কৰি বিয়া কৰাৰ চিন্তাৰে পিতৃয়ে তৰিলে এক অদ্ভুদ ফন্দি ৷ শেষত ক’ৰোনা ভাইৰাছৰ কথা দোহাই দি কন্যাৰ বিয়া সাময়িকভাৱে ৰাখিলে মধ্যপ্ৰদেশৰ এজন ব্যক্তিয়ে ৷ ঘটনাটো মধ্যপ্ৰদেশৰ ধাণ্ডাউৱাৰ ৷ যোৱা সোমবাৰে ১৯ বছৰীয়া যুৱতীগৰাকীয়ি তেওঁৰ প্ৰেমিক আৰু বান্ধৱীসকলক লৈ জিলা আদালতত উপস্থিত হয় ৷ বিবাহ পঞ্জীয়ক বীৰেন্দ্ৰ ভাৰ্মাৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰ জমা দিয়ে৷ সেই সময়ত আদালতত উপস্থিত হ’ল কন্যাৰ পিতৃ ৷ তেওঁ বিবাহ পঞ্জীয়কক জনায় যে কন্যা ক’ৰোনাত আক্ৰান্ত৷ এতিয়া উপায় বিহীন৷ লগে লগে কন্যাক ঘৰলৈ পঠিয়াই দিলে বীৰেন্দ্ৰ ভাৰ্মাই ৷ উল্লেখ্য যে কন্যাৰ ক’ৰোনা পৰীক্ষা হ’ল যদিও ফলাফল এতিয়াও অহা নাই৷ অহা ১৪ দিন তেওঁক হোম আইছ’লেচনত ৰাখিবলৈ কৈছে স্বাস্থ্য বিভাগে ৷ ঘটনা সন্দৰ্ভত বীৰেন্দ্ৰ ভাৰ্মাই জনাই যে দুয়োয়েই নাবালক-নাবালিকা ৷ তেওঁলোকে বিয়া কৰাৰ বাবে মোৰ ওচৰলৈ আহিছিল৷ কিন্তু কন্যাৰ পৰিয়াললৈ চাই বুজা গ’ল তেওঁলোকে বিয়াখনত সমৰ্থন নকৰে ৷ সেয়ে কন্যা ক’ৰোনা আক্ৰান্ত বুলি বিয়াখন পিছুৱাই দিয়াৰ চেষ্টা কৰিলে৷ তেওঁ লগতে কয়, কন্যা ক’ৰোনাত আক্ৰান্ত বুলি শুনিবলৈ পাই আমাৰ একো কৰিবলৈ নাছিল ৷ তেওঁক ঘৰলৈ ঘূৰি যাবলৈ কোৱা হ’ল ৷ আদালতৰ কৰ্মীয়ে তেওঁক ঘৰলৈ ঘূৰাই পঠিয়ায়৷ কন্যাৰ পিতৃৰ এই বুদ্ধিক প্ৰশংসা কৰিছে বিভিন্নজনে৷ ছচিয়েল মিডিয়াত এই বিষয়টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷

পৰিৱৰ্তন, বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ডিৰাকবাসী, দিনটোৰ অধিক সময়ে নাথাকে কাৰেণ্ট

ডিৰাক সীমান্ত : বিগত কেইবাদিনো ধৰি সমগ্ৰ ডিৰাক অঞ্চলত অব্যাহত আছে বিদ্যুতৰ সঘন লুকাভাকু। বিদ্যুতৰ সঘন কর্তনেৰে শক্তি বিভাগে এক নাৰকীয় যাতনা ভূগাই আহিছে অঞ্চলবাসীক। স্মৰ্তব্য যে, প্ৰতি বছৰেই গ্ৰীষ্মকালত শক্তি বিভাগে বিদ্যুৎ কৰ্তনৰ প্ৰতিযোগিতাত নামি পৰে। পৰম্পৰাগতভাৱে এই বছৰো শক্তি বিভাগে ডিৰাকৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সঘনাই লোডশ্বেডিং কৰি ৰাইজক যমৰ যাতনা বিহিছে। শাসনলৈ অহাৰ পাছতেই ৰাজ্যখনত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোঁট চৰকাৰখনে প্ৰতিশ্ৰুতি ৰখাত সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে এই কথা অঞ্চলবাসীৰ মাজত সৰৱ চৰ্চা চলিছে। উল্লেখযোগ্য যে, বাৰিষাৰ আগমণৰ লগে লগে সাধাৰণ এজাক কিনকিনিয়া বৰষুণ আহিলেই বিদ্যুৎ কৰ্তন কৰে বিভাগটোৱে। ৰাতিৰ ভাগত প্ৰতি ৫-১০ মিনিটৰ মূৰে মূৰে বিদ্যুৎ কৰ্তন হয় বুলি কলেও বঢ়াই কোৱা নহ’ব। অনাগত দিনত বিদ্যুৎ বিভাগৰ এনেধৰণৰ গাফিলটিক তথা অনিয়মীয়া যোগানৰ ক্ষেত্ৰত পৰিবৰ্তনৰ শ্ল’গান আখৈ ফুটা দি ফুটি থকা সোনোৱাল চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব।

কংগ্ৰেছত বৃহত্‍ খহনীয়া, সভাপতি-সম্পাদক সহ মুঠ ৩৬ গৰাকী কৰ্মীয়ে কৰিলে পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা, শূন্য হৈ পৰিল ডিব্ৰুগড় NSUI !

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত বৃহত্‍ খহনীয়া। একেলগে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলাৰ সভাপতি-সম্পাদক সহ মুঠ ৩৬ গৰাকী সক্ৰিয় NSUI কৰ্মীয়ে। দলৰ বিসম্বাদ আৰু শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ দলত্যাগ কৰিলে আটাইকেইজন নেতাই। সদ্য পদত্যাগী ডিব্ৰুগড় NSUIৰ নেতা কেইজনে কংগ্ৰেছ দলৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ উত্থাপিত কৰিছে। সদ্য পদত্যাগী ডিব্ৰুগড় NSUIৰ সম্পাদক জয়দীপ গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দলৰ পৰা অব্যাহতি লোৱা কৰ্মী সকলে বিজেপি দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। একেলগে ৩৬ গৰাকী NSUI ৰ কৰ্মী দলটোৰ পৰা পদত্যাগ কৰাত এতিয়া একপ্ৰকাৰ শূন্য হৈ পৰিলে NSUI ৰ ডিব্ৰুগড় জিলা সমিতি। ফলত অনাগত নিৰ্বাচনত ডিব্ৰুগড় জিলাত কংগ্ৰেছ দলে বিপদৰ সন্মুখীন হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত।

মাজুলীৰ দৰিয়া গাঁৱত এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ অস্বাস্থ্যকৰ পৰিৱেশে সৃষ্টি কৰিছে সামাজিক ভাবুকি

উজনি-মাজুলী : বৰ্তমান কৰ’ণাই সমগ্ৰ বিশ্বতে এক আতংকৰ সৃষ্টি কৰিছে। এই আতংকৰ বিৰুদ্ধে যি সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহামাৰী কৰ’ণাক সমগ্ৰ ৰাজ্যতে প্ৰতিহত কৰি জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ দিনে-ৰাতিয়ে কষ্ট কৰিছে, সেই সময়তে মাজুলী দৰিয়া গাঁৱৰ ‘আতিথ্য হোম ষ্টে’ নামৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ চৌপাশৰ অস্বাস্থ্যকৰ পৰিৱেশে এখন বিপৰীত ছবিহে যেন দাঙি ধৰিছে। কেন্দ্ৰটোত বিশেষ নিৰীক্ষণত থকা কভিড-১৯ত আক্ৰান্ত ৰোগীসকলে খাদ্যগ্ৰহণৰ পিছত পেলনীয়া সামগ্ৰী তথা আবৰ্জনাসমূহ নিষ্কাষণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰি নিদিয়াৰ বাবে উক্ত পেলনীয়া সামগ্ৰীসমূহ মুকলিভাৱে য’তে-ত’তে পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। গৰু, ছাগলী, কুকুৰ, বান্দৰ আদি জীৱ-জন্তুৱে মুক্তভাৱে পেলোৱা আৱৰ্জনাসমূহ কঢ়িয়াই ফুৰাৰ লগতে ভক্ষণ কৰাৰ বাবে পশুকুললৈ বিপদ চাপি অহাৰ লগতে অঞ্চলটোলৈ সামূহিক সংক্ৰমণৰ ভাবুকি আহিছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা আৰু দুৰ্বলতাৰ বাবে এইদৰে পৰিৱেশটো বিনষ্ট হৈছে বুলি ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। তেওঁলোকে অত্যন্ত সংশয়ৰে জনাইছে যে যদি এই কদৰ্য পৰিৱেশৰ অৱসান নঘটে তেন্তে ইয়াৰ পৰাই সমগ্ৰ অঞ্চলটো কৰ’ণাৰ সংক্ৰমণত ৰোগগ্ৰস্ত হ’ব। উল্লেখ্য যে কিছুদিনৰ আগতে মাজুলীৰ এই ‘আতিথ্য হোম ষ্টে’ত দুজনকৈ কভিড ১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল। ভুক্তভোগী অঞ্চলবাসীয়ে ইয়াৰ জৰিয়তেই মাজুলী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক উক্ত অঞ্চলটো চেনিটাইজ কৰাৰ লগতে সামগ্ৰিক পৰিৱেশটো অধিক বিনষ্ট নোহোৱাৰ বাবে জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। 

কৰ্ণাটকৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০০০ কোটি টকাৰ ক’ভিড কেলেংকাৰীৰ অভিযোগ

দৈনন্দিন বাৰ্তা ডেস্ক :

২০০০ কোটি টকাৰ ক’ভিড কেলেংকাৰীৰ অভিযোগ উঠিছে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ হাতত প্ৰমাণৰ নথিপত্ৰ আছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতা চিদ্দাৰামাইয়াই৷ অভিযোগ মতে বজাৰৰ দামতকৈ বেছি দামত ভেণ্টিলেটৰ কিনা হৈছে৷ সাংবাদিকক বহু চৰকাৰী কাগজপত্ৰ আৰু নথি তুলি দিছে কংগ্ৰেছ নেতাজনে৷ এই নথিত চৰকাৰী বিষয়াই সেই সামগ্ৰী কিনিছে৷ তেওঁ জনায়, ক’ৰোনা ৰোগীৰ চিকিৎসাৰ বাবে ১০০০ টা ভেণ্টিলেটৰ কিনাৰ কথা আছে নথিপত্ৰত৷ প্ৰতিটো ভেণ্টিলেটৰৰ দাম ৪ লাখকৈ ধৰিলে কৰ্ণাটক চৰকাৰৰ মুঠ ৪০ লাখ টকা খৰচ হোৱাৰ কথা৷ কিন্তু ইয়েদুৰাপ্পা চৰকাৰে ১২০ কোটি টকাৰে সেই ভেণ্টিলেটৰ কিনিছে বুলি চিদ্দাৰামাইয়াই দাবী কৰে৷ ইয়াৰ লগতে বহু বিসংগতি ধৰা পৰিছে৷ তিনিটা বেলেগ তাৰিখত তিনিটা বেলেগ দামত ভেণ্টিলেটৰ কিনা হৈছে৷ নথিপত্ৰবোৰ চাই কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয়, ভেণ্টিলেটৰে প্ৰতি এবাৰ ৫.৬ লাখ,  আন এবাৰ ১২.৩২ লাখ আৰু বেলেগ এবাৰত ১৮.২ লাখ টকা দাম দিয়া হৈছে৷ তদুপৰি মাস্ক, ছেনিটাইজাৰ, বিচনা, পিপি কিট আৰু থাৰ্মেল স্কেনাৰৰ দামতো বিসংগতি ধৰা পৰিছে৷ কংগ্ৰেছ নেতাজনে দাবী কৰি কয়,  ক’ভিড চিকিৎসাত  চৰকাৰৰ কি খৰচ হৈছে সেয়া জানিবলৈ ২০খনৰো বেছি চিঠি পঠোৱা হৈছে৷ এখন চিঠিৰো উত্তৰ দিয়া নাই চৰকাৰে৷ যদি হিচাপ পৰিষ্কাৰ আছে তেনে লুকুৱাবলৈ কি আছে৷ দেখুৱাই দিয়ক বুলি কংগ্ৰেছ নেতাজনে দাবী কৰে৷ কংগ্ৰেছৰ এই অভিযোগ অস্বীকাৰ কৰিছে বিজেপি চৰকাৰে৷ চিদ্দাৰামাইয়াৰ সংবাদ মেলৰ পাছতে তৎক্ষণাত কৰ্ণাটকৰ ৫জন মন্ত্ৰীয়ে সংবাদ মেলৰ আয়োজন কৰে৷ 

তৎকালে বিধানসভাৰ অধিৱেশন আৰম্ভ কৰাৰ দাবীত ৰাজভৱনৰ সমুখত ধৰ্ণা ৰাজস্থানৰ বিধায়কৰ

দৈনন্দিন বাৰ্তা ডেস্ক : গৰিষ্ঠ সংখ্যক সমৰ্থন লৈ থকা বুলি দাবী কৰি আস্থা ভোটৰ সন্মুখীন হ’বলৈ আপত্তি নাই বুলি মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ ৰাজ্যপালক জনাইছে ৷ শচীন পাইলট আৰু তেওঁৰ অনুগামী ১৮ জন বিধায়কৰ বিৰুদ্ধে এতিয়াই পদক্ষেপ গ্ৰহণ কৰা নহ’ব বুলি শুকুৰবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে জনাইছে ৷ তাৰ পাছতে ৰাজ্যপাল কলৰাজ মিশ্ৰৰ বিৰুদ্ধে অভিযোগ তুলি এনেদৰে কয় মুখ্যমন্ত্ৰী অশোক গেহলটে৷ তেওঁৰ বক্তব্য, ওপৰৰ পৰা কি ইমান চাপ পৰিছে, যাৰ বাবে ৰাজ্যপালে বিধানসভাৰ অধিৱেশন আয়োজন কৰাত চিন্তা কৰিছে, সেয়া বুজি পোৱা নাই ৷ উচ্চ ন্যায়ালয়ে ৰাজস্থানত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছত ৰাজ্যপাল কলৰাজ মিশ্ৰক সাক্ষাৎ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী অশোক গেহলট ৷ ৰাজভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ মুখামুখি হৈ তেওঁ কয়, ক’ৰোনা আৰু বৰ্তমান ৰাজনৈতিক পৰিস্থিতিকলৈ বিধানসভাৰ অধিৱেশনত আমি আলোচনা কৰিব বিচাৰো ৷ কিন্তু আমাৰ ধাৰণা, ওপৰৰ পৰা চাপ দিয়া হৈছে ৷ তাৰ বাবেই অধিৱেশন আহ্বান কৰা নাই ৰাজ্যপালে ৷ সম্ভৱ হ’লে সোমবাৰৰ পৰা অধিৱেশন আৰম্ভ কৰাত আপত্তি নাই বুলি কয় গেহলটে ৷ মুখ্যমন্ত্ৰীজনে লগতে কয়, আমি সোমবাৰৰ পৰাই অধিৱেশন আৰম্ভ কৰাটো বিচাৰো ৷ তাতে সকলো স্পষ্ট হৈ যাব৷ ইয়াকে লৈ ৰাজ্যপালৰ সৈতে আমাৰ কথা হৈছে ৷ যিমান পাৰি তৎকালে সিদ্ধান্ত ল’বলৈ অনুৰোধ কৰিছো ৷ বিধানসভা অধিৱেশন আহ্বান নকৰিলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব বুলি হুংকাৰ দিছে গেহলটে ৷ তেওঁ কয়, ৰাজ্যপালৰ সৈতে দেখা কৰিবলৈ যোৱা হৈছে৷ তেওঁ যে চাপত আছে, সেয়া বুজিব পাৰি ৷ তেওঁক অনুৰোধ কৰিব, যাতে অধিৱেশন আহ্বান কৰাক লৈ কোনো ধৰণৰ চাপৰ ওচৰত নতি স্বীকাৰ নকৰে৷ নহ’লে ৰাজ্যৰ মানুহে যদি ৰাজভৱন ঘেৰাও কৰিবলৈ আহে, তেতিয়া আমাৰ কোন দায়িত্ব নাথাকিব ৷ বিদ্ৰোহী কংগ্ৰেছ বিধায়কসকলক বিজেপিয়ে হাৰিয়ানাত পনবন্দী কৰি ৰাখিছে বুলিও গেহলটে দাবী কৰে ৷ তেওঁৰ অভিযোগ, এইটো খেলা ৷ তাৰ নেতা এই ষড়যন্ত্ৰত লিপ্ত ৷ আমাৰ বিধায়কসকলক পনবন্দী কৰি ৰখা হৈছে৷ কৰ্ণাটক আৰু মধ্য প্ৰদেশত ঠিক যি ঘটিছিল, তেওঁলোকে ৰাজস্থানত তাকে ঘটাবলৈ চাইছে ৷ কিন্তু সকলো বিধায়ক আৰু সাধাৰণ মানুহ আমাৰ কাষত আছে৷ আস্থাভোট হ’লে তেওঁৰ চৰকাৰ জিকিব, তাক প্ৰমাণ কৰিবলৈ শুকুৰবাৰে সমৰ্থক বিধায়ককলৈ ৰাজভৱনৰ উদ্দেশ্যে গেহলট ৰাওনা হৈছিল ৷ তৎকালে বিধানসভাৰ অধিৱেশন আৰম্ভ কৰাৰ দাবীত ৰাজভৱনৰ সমুখত ধৰ্ণাত বহে এই বিধায়কসকল ৷ ইপাৰে আস্থাভোটৰ বাবে গেহলটে হুলস্থূল কৰিছে বুলি বিজেপিয়ে মত প্ৰকাশ কৰে ৷ ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনীয়াই কয়, বিধানসভাৰ অধিৱেশন আহ্বান লৈ গেহলটে কিয় জানপ্ৰাণ দিছে? মানুহে ৰাজভৱন ঘেৰাও কৰিব, এনেধৰণৰ মন্তব্য এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় ৷