Breaking

বাঘজানবাসীৰ চকুপানী…

0 1,275

ৰূপম কলিতা

এটাৰ পিছত এটা সমস্যাই লগ এৰা দিয়া নাই বাঘজানবাসীক। এদিন-দুদিন নহয়, সম্পূৰ্ণ এমাহৰো অধিক দিন অতিক্ৰম কৰা তৈলখাদটোৰ জুই নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহায় লৈছিল যদিও পুনৰ তৈলখাদটোত বিস্ফোৰণ হোৱাত সকলোকে শংকিত কৰি তোলে। এই জুইকুৰাত অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত থকা তিনিজন বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হয়। এই কাণ্ডত পুনৰ শংকিত হৈ উঠে বাঘজানবাসী। কিয়নো বাঘজানৰ প্ৰথমটো ভয়ংকৰ অগ্নিকাণ্ডত দুজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছত তাৰ ওঁচৰে-পাঁজৰে থকা ঘৰ-বাৰী, কৃষিপথাৰ সকলো এফালৰ পৰা ধ্বংস হৈ গৈছে। এতিয়া বাঘজানবাসীয়ে ভয়, শংকা আৰু চিন্তাত দিন কটাব লগা হৈছে। ইফালে ৰাজ্যত কৰ’না ভাইৰাছৰ সন্ত্ৰাস, আনফালে জুইৰ বিভীষিকাই যেন খেদি ফুৰিছে বাঘজানবাসীক। তেলখাদৰ বিস্ফোৰণ আৰু ভয়াৱহভাৱে গেছ নিৰ্গত হৈ থকাত ধুঁৱলী-কুঁৱলী হৈ পৰিছে বাঘজানৰ আকাশ। খাটিখোৱা ৰাইজ গৃহহীন হৈ শিবিৰত থাকিবলগীয়া হৈছে। এতিয়া অঞ্চলবাসীয়ে প্ৰতিক্ষণত বিষাক্ত উশাহ ল’বলগীয়া হৈছে। এতিয়া বাঘজানৰ পৰিবেশ বিনষ্ট হোৱাৰ উপৰি খেতি-বাতি, জীৱকূল সকলো ধ্বংস হৈ গৈছে। অমাত জীৱকূলৰ ক্ষতিপূৰণ কোনে দিব? প্ৰকৃতিৰ এই ধ্বংস কাৰ্যৰ প্ৰভাৱ যে সমগ্ৰ অসম তথা বিশ্বত নপৰিব, তাৰ নিশ্চয়তা কোনে দিব? জলবায়ুৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতেই যে এইসমূহ দুৰ্যোগৰ বিৰূপ প্ৰভাবৰ সন্মুখীন হ’ব লাগিব সমগ্ৰ মানৱ সমাজ, সেয়া নিশ্চিত। আজিও তৈলখাদত গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান, মাগুৰী বিললৈ ভয়ংকৰ সংকট নামি আহিছে। অসমৰ সম্পদবোৰক যদিহে চৰকাৰে নিৰাপত্তা প্ৰদান নকৰে, তেনেহ’লে সোণবৰণীয়া অসমখন এদিন তিলতিলকৈ ধ্বংস হৈ যাব। অইল খাদৰ প্ৰচণ্ড বিস্ফোৰণ, গেছ অহৰহ নিৰ্গত হৈ থকাত সংকটে দেখা দিছে। গতিকে সময় থাকোতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষ , চৰকাৰ-প্ৰশাসনে বিষয়তো গুৰুত্ব সহকাৰে লৈ বাঘজানৰ বিভীষিকা দূৰ কৰি জৈৱ-বৈচিত্ৰ্য ঘূৰাই আনি জীৱকূলক উদ্ধাৰ কৰক। যদিহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ, অ’এনজিচি কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে উচিত সিদ্ধান্ত গ্ৰহণ নকৰে, তেনেহ’লে ৰাজ্যখনলৈ আৰু দুৰ্যোগৰ উপৰি দুৰ্যোগ নামি আহিব বুলি ধাৰণা কৰিব পাৰি। সেয়ে সময় থাকোতে উচিত পদক্ষেপ গ্ৰহণ কৰক।

Leave A Reply