Home Blog Page 3245

১৯-২১ জুলাইলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি পশ্চিম বংগত অহা ১৯ জুলাইৰ পৰা ২১ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৷ উত্তৰ, উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসম, মেঘালয় আৰু পশ্চিম বংগ এই তিনিখন ৰাজ্যক ৰেড এলাৰ্ট জাৰি কৰিছে ৷ আনহাতে অহা ১৯-২০ জুলাইত ৰেড এলাৰ্ট জাৰি কৰিছে অৰুণাচল প্ৰদেশকো ৷ আনহাতে ২১ জুলাইত অৰুণাচল প্ৰদেশক সতৰ্ক কৰিছে বিভাগটোৱে৷ এই আগ জাননীয়ে আতংকৰ সৃষ্টি কৰিছে অসমক ৷ যিহেতু কিছুদিনৰ আগতে প্ৰৱল বৰষুণৰ বাবে ৰাজ্যখনত বানৰ সৃষ্টি হয় ৷ এই বানত ৩৩ খন জিলাৰ ভিতৰত ২৭ খন জিলাৰ ৩৯.৮ লাখৰো অধিক লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ৷ এতিয়া পুনৰ আগজাননী দিয়াত অসমৰ বানাক্ৰান্ত চিন্তাত পৰিছে ৷

উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত মুম্বাইত গ্ৰেপ্তাৰ হেমা চৌধুৰী ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত নাগালেণ্ড আৰক্ষীয়ে বন্যপ্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক মুম্বাইৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে৷ হেমা চৌধুৰীক পশ্চিম মুম্বাইৰ অ’শ্বিৱাৰাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে হেমা চৌধুৰীয়ে ইউটিউবত এটা মতামত প্ৰকাশ কৰিছিল৷ এই মতামতৰ বিৰুদ্ধে নাগালেণ্ড আৰক্ষীৰ অপৰাধ শাখাত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত এটা গোচৰ ৰুজু হয়৷ শুকুৰবাৰে হেমা চৌধুৰীৰ বাসগৃহত নাগালেণ্ড আৰক্ষী উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে৷ তেওঁক নাগালেণ্ডলৈ আনি মন্তব্যৰ ওপৰত প্ৰমাণ দিবলৈ দিব৷ অ’শ্বিৱাৰাৰ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক দয়ানন্দ বানগাৰে এই কথা জনাইছে ৷

বাঘজানত অইলৰ জুইয়ে ঘৰ বাৰী ধ্বংস কৰা পৰিয়ালক ২০ লাখকৈ আৰ্থিক সাহাৰ্য।

তিনিচুকীয়া : অইলৰ বাঘজান ৫ বিজিআৰৰ জুইয়ে ঘৰবাৰী ধ্বংস কৰা ১১ টা পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত ২০ লাখকৈ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে। অইল ইণ্ডিয়াই প্ৰদান কৰা সাহাৰ্যৰ জিলা প্ৰশাসনে ক্ষতিগ্ৰস্থ পৰিয়ালৰ জৰীপ কৰি আজি  ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষান, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ডুমডুমা ৰাজহ চক্ৰ বিষয়া নন্দিতা ৰয় গোঁহাইৰ উপস্থিতিত উপায়ুক্ত ভাস্কৰ পেগুৱে ক্ৰমে পাপুল চুতীয়া, ৰিতু মৰান, হৰুফুল পাংগিং, দ্বীপ শইকীয়া, অমল শইকীয়া, বিকাশ শইকীয়া, সহদেব মৰান, হেমন্ত মৰান, লক্ষীন্দ্ৰ মৰান, মুনু মুড়া আৰু লাবন্য শইকীয়াক জিলা উপায়ুক্তৰ কাৰ্যালয়ত ২০ লাখকৈ মুঠ ২ কোটি ২০ লাখ টকাৰ চেক প্ৰদান কৰে। আনহাতে আৰু একাধিক পৰিয়াল আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হৈ থকা বুলি বাঘজানৰ স্থানীয় ৰাইজে অভিযোগ অভিযোগ তুলিছে। অবশ্যে বঞ্চিত পৰিয়াল কেইটাই আৰ্থিক সাহাৰ্য লাভ কৰিব নে নাই সেই বিষয়ে প্ৰশাসনে স্পষ্ট মতামত দিয়াৰ পৰা বিৰত আছে।

নলবাৰীৰ দহকণীয়া গাঁৱৰ ভগ্ন মথাউৰিৰ তদন্ত তথা মেৰামতিৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা উপাযুক্তক দাবী জনাই নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

নলবাৰী : নলবাৰী জিলা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকণীয়া গাঁৱৰ মথাউৰি ভাঙি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি ২৭ জুনত দহকণীয়া গাঁৱৰ মৰা পাগলদিয়া নদীৰ মথাউৰিটো ভাঙি যায়। যাৰ বাবে কোনো অচিনাক্ত দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়া বুলি জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰে টিহু থানাত এজাহাৰ দাখিল কৰে। কিন্তু জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে এই মথাউৰিটো ভাঙি যোৱা বুলি লগতে জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰজন নিম্ন দণ্ডৰ কৰা কামৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এক পৰিকল্পিত কাহিনী সজাই টিহু থানাত এজাহাৰ দাখিল কৰে বুলি স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, নলবাৰীয়ে অভিযোগ উত্থাপন কৰিছে। নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দ্বীপেন কলিতাই স্বাক্ষৰিত এখন প্ৰেছ বিবৃতি পত্ৰত উল্লেখ কৰে যে জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে আজি মথাউৰিটো ভাঙি দহকণীয়া গাঁৱৰ লগতে প্ৰায় ২০-২৫ খন গাঁৱৰ ৰাইজৰ খেতি মাটি ঘৰ দুৱাৰ নষ্ট হোৱাৰ লগতে বিভিন্ন বিপদৰ সন্মুখীন হবলগীয়া হৈছে। জলসম্পদ বিভাগৰ বিষয়া আৰু ঠিকাদাৰ জনে সংঘটিত কৰা সকলো দিশৰ ওপৰত সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা উপাযুক্তক যথাযোগ্য তদন্ত বিচাৰি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাই লগতে ভগ্ন মথাউৰিবোৰ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ ও দাবী জনায়।

মৃত্যুৰ ধাৰা বিৱৰণী আৰু আমি মূঢ়মতি।

ৰাজীৱ কমল শইকীয়া

আজি প্ৰায় চাৰিমাহ আমি কেৱল মৃত্যুৰ ধাৰাভাষ্য শুনি আছোঁ। উপায়ো নাই। অনুজীৱৰ ত্ৰাসত নিৰূপায় মানৱ কুল। দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী ব্যস্ত গৱেষণাগাৰত, যিমান পাৰি সোনকালে ৰোগটো নিৰ্মূল কৰি দিব পৰা ভেকচিন উদ্ভাৱনৰ, গৱেষণাত। চৰকাৰ-প্ৰশাসন নিৰবিচ্ছিন্নভাৱে ব্ৰতী দৰৱ নহালৈকে কভিড-১৯ৰ অতি দ্ৰুত সংক্ৰমণক, কি উপায়েৰে ৰোধ কৰিব পৰা যায় তাৰ কামত, তাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত, ৰূপায়ণ কৰাত। অৰ্থনীতিক গতি দিবলৈ লকডাউন ক্ৰমাৎ ঠাই বিশেষে শিথিল কৰা হৈছে। বেছিকৈ মানুহ আক্ৰান্ত হোৱা ঠাই সমূহত লকডাউন কঠোৰ কৰাও হৈছে। দেশো চলিব লাগিব, মানুহো বাচিব লাগিব।
খাটি খোৱা মানুহৰ কষ্ট বাঢ়িছে, চৰকাৰৰ লগতে প্ৰতি সামৰ্থ্যবান তথা দায়িত্ববান প্ৰতিবেশীয়ে চকু দিব লাগিব, তেখেতসকলক। যিমান পাৰোঁ সুৰক্ষিত হৈ, স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া নীতি-নিয়ম সমূহ পালন কৰিছোঁ, সহাৱস্থান কৰি, চলি আছোঁ, আমি। কিন্তু তাৰ মাজতে একাংশ লোক মুখাবৰণ অবিহনে বজাৰলৈ ওলাইছে, বেংক কিম্বা বজাৰত শাৰী পাতোতে শাৰীৰিক দূৰত্বৰ কথা পাহৰি গাত গা লগাই, ছৰী বা বেয়া নাপাব বুলি কৈ মৃদু-কৃত্ৰিম হাঁহি এটি ওঁঠৰ কোণত বিৰিঙাই আতৰি গৈছে। একাংশ লোকে, ভিৰ সৃষ্টি কৰা বিভিন্ন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিয়েই আছে। ইমানৰ পিছতো যদি আমি নুবুজোঁ, কেতিয়া বুজিম? এফালে বাতৰি-কাকত, ইলেকট্ৰনিক মেডিয়া, ডিজিটেল মেডিয়াত বৰ্দ্ধিত মৃত্যুৰ সংবাদ অথবা ধাৰাবিৱৰণী পঢ়ি আছোঁ, শুনি আছোঁ, চাই আছোঁ। আনফালে তাৰ পৰিপেক্ষিতত ল’ব লগা সাৱধানতা বাদ দিছোঁ। এতিয়া মাথোঁ, আমি নিজৰ লগতে বাচি থকা জীৱনবোৰহে বচাব লাগে। ভিৰ সৃষ্টি কৰি কৰিব লগা কামবোৰ ভেকচিন লোৱাৰ পিছত নিৰ্ভয় হৈ কৰি থাকিব পৰা হ’ব। ভৱিষ্যত দ্ৰষ্টা বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতি পালন কৰাটো অতি প্ৰয়োজনীয়, বৰ্তমান। নিজৰ স্বাৰ্থ সুৰক্ষিত থাকিলে আমাৰ একাংশই আনৰ বিপদ যে নিজৰোঁ বিপদ সেয়া পাহৰি থাকোঁ। যেতিয়া চিনাকি বা আত্মীয় এজনৰ বিপদ দেখোঁ, তেতিয়া হে সম্বিৎ আহে। প্ৰকৃততে হৈ আছে কি… আমি ভাবোঁ। আমি ভাবি চাব লাগিব- আমি য’ত বাস কৰোঁ তাত জনসংখ্যা অনুপাতে হস্পিতালৰ বিচনা বা আই চি ইউৰ সংখ্যা কিমান? ঈশ্বৰে নকৰক, যদি আমাৰ অসাৱধানতাৰ ফলত সৰহ সংখ্যক মানুহ ক’ৰ’নাত আক্ৰান্ত হয়? সকলোৱে সমানে চিকিৎসা পোৱাৰ সম্ভাৱনা থাকিব নে? আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা? সন্তান সম্ভৱা আৰু প্ৰসূতি মাতৃৰ পৰিসংখ্যা? শিশুৰ? মধুমেহ? ৰক্তচাপ জনিত? বৃক্কৰ ৰোগ, বিষ-বেদনাত পীড়িত তথা অন্য গুৰতৰ ৰোগত ইতিমধ্যে ভোগী থকা মানুহৰ আনুমানিক সংখ্যা? ইত্যাদি!জীৱ-শ্ৰেষ্ঠ আমি, এই অহংকাৰ বাদদি স্বাভিমানেৰে সৈতে পণ লোৱা ভাল যে, এই ধাৰাবিৱৰণী সোনকালে বন্ধ কৰিবলৈ আমি নীতি-নিয়ম পালিম। আনলকত থাকিলেও, প্ৰয়োজনৰ বাদে ওলাই নুফুৰি আমি অনুজীৱ ত্ৰাসৰ প্ৰসাৰতা কমাই আনি নাইকিয়া কৰি দিম। নিজৰ লগতে, অন্য জীৱনকো সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব ল’ম। খবৰ ওলাইছে- আশা কৰা হৈছে, যে আগষ্ট-ছেপ্টেম্বৰত Covaxin আৰু ZyCoV-D ভেকচিন সকলোৰে বাবে সাজুহৈ উঠিব। গতিকে, তেতিয়ালৈকে অন্ততঃ আমি মূঢ়মতি, সমূহ মানৱৰ মংগলাৰ্থে সচেতন হওঁ আহক।

নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।

নগাঁও : কালি পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। জগত শইকীয়া নামৰ ব্যৱসায়ীগৰাকীৰ এ চি বৰ্ডৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ পিছত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, পথৰ অসুবিধাৰ বাবে দুখন গাড়ী প্ৰৱেশ কৰিব নোৱাৰাত এখন গাড়ীৰ সহায়তেই জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ফলত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়ীক এলেকাতো।

কৃষি ক্ষেত্ৰ উদ্ভাৱনত ৰ’ডমেপ তৈয়াৰ ৬ কৃষি বিজ্ঞানীৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অভিযোজন বচাই ৰখাৰ মূল চাবিকাঠি আৰু উত্তৰ পূৱৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ছগৰাকী কৃষি বিজ্ঞানীয়ে কৃষি ক্ষেত্ৰ উদ্ভাৱনৰ বাবে এক ৰ’ডমেপ তৈয়াৰ কৰিছে আৰু কৃষি ক্ষেত্ৰক উন্নতি কৰিছে ৷ কৃষি আৰু কৃষি ক্ষেত্ৰলৈ অনবদ্য অৱদান যোগোৱাৰ বাবে ছগৰাকী বিজ্ঞানীৰ উপৰি অৰুণাচল প্ৰদেশৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু মণিপুৰৰ দুজন বিজ্ঞানীৰ লগতে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ তিনিজন কৃষকে আইচিএআৰ বঁটা লাভ কৰিছে ৷ এই কথা ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ)ৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে ৷ এই চাৰিজন বিজ্ঞানী হ’ল লোপামুদ্ৰা ছাহু, গোলাব সিং যাদৱ, চন্দন দেৱনাথ আৰু বসন্ত কুমাৰ কন্দপাল ৷ এই বিজ্ঞানী কেইজন ত্ৰিপুৰাৰ আইচিএআৰ চৌহদৰ ৷ তেওঁলোকে ২০১৯-২০ চনৰ ফকৰুদ্দিন আলি আহমেদ বঁটা, স্বামী ছাহজান আৰু সৰস্বতী বঁটা লাভ কৰে ৷ আনহাতে শেহতীয়াকৈ মেঘালয়ৰ আইচিএআৰ চৌহদত জড়িত হোৱা বিজ্ঞানী অমৃত কুমাৰ আৰু অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক নাংগছ’ল দোলমা ভূটিয়াই কৃষি আৰু এলাইড বিজ্ঞানৰ অভিন্ন গৱেষণাৰ বাবে জৱাহৰলাল নেহৰু বঁটা লাভ কৰে৷ উল্লেখ্য যে আইচিএআৰে প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে বিজ্ঞানী, শিক্ষক, কৃষক আৰু কৃষি সাংবাদিকক অনবদ্য অবদান যোগোৱাৰ বাবে স্বীকৃতি আৰু বঁটা প্ৰদান কৰি আহিছে ৷ 

দৰঙত দৰং জিলা পৰিষদৰ সভাপতিকে ধৰি পুণৰ ২৬ জন আক্ৰান্ত ক’ভিডত ।

নামখলা : স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰৰ দিনটোত জিলাখনত পুণৰ ২৬ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি । ইয়াৰে ভিতৰত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দুজন স্বাস্থ্যকৰ্মী স্বাস্থ্যকৰ্মী আৰু দুজন আৰক্ষীৰ লোক  হোৱাৰ বিপৰীতে বাকীসকল কন্টেইনমেন্ট জ’ন বা ক’ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তি । এই লোককেইজনক ধৰি জিলা খনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা হ’ল ৫৭০ জন । শুকুৰবাৰ পৰ্যন্ত সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ৩৬৭ জন লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে চিকিৎসাধীন হৈ আছে ১৭৬ জন লোক ।

ওৰাং আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰ।

ওৰাং :  কেইৱাটাওঁ চুৰিকাণ্ডৰ সৈতে জড়িত দুই দুধৰ্ষ চোৰ আজি ওৰাং আৰক্ষীৰ জালত পৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই প্ৰায় ৩ ঘণ্টা জুৰি চলা এক স্বাস ৰুদ্ধকৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় দুই দুধৰ্ষ চোৰক। অভিযানকাৰী দলটোৰ হাতৰ পৰা পলাবলৈ ল‌ওঁতে আৰক্ষীয়ে কেইৱা কিল’মিটাৰ দূৰ বোকা-পানীৰ মাজেৰে দৌৰী মৈমনসিং গাঁৱত আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা চোৰ দুগৰাকী ২ নম্বৰ ওদালগুৰি জংগলগাঁৱৰ কাজিমুদ্দিন শেইখ (২৫) আৰু হাৰিজুদ্দিন(২৭) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে ধৃত চোৰ দুজনৰ বিৰুদ্ধে পূৰ্ৱেও কেইৱাখনো থানাত গোচৰ ৰুজু হৈ আছে। জানিব পৰা মতে এবাৰ শিলবড়ী আৰক্ষী থানাত আটক হৈছিল যদিও আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল কাজীমুদ্দিন শেইখ নামৰ ধৃত চোৰজনে। ওৰাং আৰক্ষী থানাৰ ৫৯/২০, ৬০/২০, ৬১/২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত চোৰ দুজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। 

নলবাৰীৰ দুই আদৰ্শ কৃষকলৈ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা।

নলবাৰী : কোৰোনা মহামাৰীৰ মাজতে নলবাৰীৰ বাবে এটা ভাল খবৰ। কৃষি কৰ্মৰ জড়িয়তে নলবাৰীৰ দুই কৃৃষকে লাভ কৰিলে পুৰস্কাৰ। নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ কৃষকদুজনে। দুই আদৰ্শ কৃষক বালিতাৰা গাঁৱৰ বিপুল হালৈ আৰু বিজু ডেকা। পুৰস্কাৰপ্ৰাপ্ত দুয়ো জন আদৰ্শ কৃষককে শুকুৰবাৰে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সম্বৰ্ধনা জনোৱা হয়। কৃষক বিপুল হালৈ জগজীৱন ৰাম অভিনৱ কিষান বঁটাৰ বাবে আৰু বিজু ডেকা পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটাৰ বাবে নিৰ্বাচিত হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড° মৃদুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কৃষক সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, মীন বিভাগৰ বিষয়া প্ৰতুল বেজবৰুৱা, নাবাৰ্ডৰ জিলা প্ৰবন্ধক দিব্যজ্যোতি বিশ্বাস,জিলা বিজেপিৰ কোষাধ্যক্ষ ৰুবু দত্তৰ লগতে কেইবাজনো আদৰ্শ কৃষক উপস্থিত থাকে।