Home Blog Page 3245

আহি আছে কৰ’ণাৰ ভেকচিন

 

দৈনন্দিন বাৰ্তা সেৱাঃ সমগ্ৰ দেশৰ লগতে অসমতো বিনামূলীয়াকৈ বিতৰণ কৰা হব কৰ’ণাৰ ভেকচিন। শুকুৰবাৰে নগাঁৱত দুৰ্গাপূজা মণ্ডপত উপস্থিত হৈ ভেকচিন বিনামূলীয়াকৈ যোগান ধৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বিগত কিছুদিনৰ পৰা কভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়,  ভেকচিন অসমতো বিনামূলীয়া হ’ব।

ভাৰত চৰকাৰে বিনামূলীয়াকৈ ভেকচিন যোগান ধৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোকে ভেকচিনৰ আওতালৈ অনাটো সহজসাধ্য কাম নহয়। পূৰ্বপ্ৰস্তুতি নাথাকিলে গোটেই প্ৰক্ৰিয়াটোত বিফল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে ভেকচিন অহাৰ পূৰ্বেই চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে।

মহামাৰীৰ পৰিস্থিতিত সকলো লোককে সাৱধানেৰে থাকি নীতি-নিয়মৰ মাজেৰেহে পূজা পালন কৰিলে ৰাজ্যত কৰ’ণাক পৰাজিত কৰিবলৈ সক্ষম হ’ম বুলি কয় মন্ত্ৰীগৰাকীয়ে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ অসুস্থ, ICUত ভৰ্তি

দৈনন্দিন বাৰ্তা সেৱাঃ প্ৰসিদ্ধ অলৰাউণ্ডাৰ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ অসুস্থ। প্ৰকাশ পোৱা বাতৰি অনুসৰি, প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে বৃহস্পতিবাৰে হঠাত্‍ হৃদ যন্ত্ৰৰ অসুখৰ বাবে প্ৰচণ্ড বুকুৰ বিষ অনুভৱ কৰে লগে লগে নিশা ১ বজাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়। চিকিত্‍সকে জানিবলৈ দিয়া অনুসৰি  বৰ্তমান হাস্পতালৰ আই চি ইউত চিকিত্‍সাধীন কপিল দেৱৰ স্বাস্থ্যৰ উন্নতি হৈছে।

আকৌ এবাৰ, এন.ডি.এ চৰকাৰঃ বিহাৰত নিৰ্বাচনী ৰণদংকা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা সেৱাঃ নিৰ্বাচন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে নিজ-নিজ দলীয় প্ৰাৰ্থীসমূহৰ প্ৰচাৰকলৈ। শুক্ৰবাৰে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে অনুচ্ছেদ ৩৭০ প্ৰসংগ উল্লেখ কৰি যিবোৰ ৰাজনৈতিক দলে শাসনৰ ক্ষমতালৈ আহিলে পুনৰ অনুচ্ছেদ ৩৭০ আনিম বুলি হুংকাৰ দিছে তেওঁলোকৰ বিহাৰৰ ৰাইজক ভোট খোজাৰ নৈতিক অধিকাৰ নাই।

অহা সপ্তাহত অনুষ্ঠিত হব লগা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিহাৰত উপস্থিত হৈ নিজৰ প্ৰথমখন সমাৱেশত ৩৭০ অনুচ্ছেদৰ আধাৰত জম্মু আৰু কাশ্মীৰত বিশেষ ৰাজ্যৰ মৰ্য্যদা কিয় হ্ৰাস কৰা হৈছিল বুলি বিৰোধীক কঠোৰ সমালোচনা কৰে। নীতীশ কুমাৰে নেতৃত্বাধী জনতা দল ইউনাইটেডে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে লগ লাগি পুনৰবাৰ চৰকাৰ গঠণ কৰিব বুলি দাবী কৰে।

বিৰোধী দল আৰ.জে.ডিক সমালোচনা কৰি মোডীয়ে নিতীশ কুমাৰৰ সু-শাসন আৰু কোৰোনাৰ সময়ত লোৱা পদক্ষেপৰ বাবেই বিহাৰৰ ৰাইজে গণতন্ত্ৰৰ উ সৱ পালন কৰিব পাৰিব বুলি উল্লেখ কৰে। বিহাৰত বিধানসভাৰ নিৰ্বাচন ২৮ অক্টোবৰৰ পৰাতিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে ১০ নৱেম্বৰত ভোট গণনা কৰা হ’ব বুলি জনায়। মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ত ৭১ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

আনবাতে দ্বিতীয় পৰ্যায়ত ৩ নৱেম্বৰত ৯৪ খন আসনৰ বাবে আৰু ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ত ৭৮ খন আসনৰ বাবে ভোট গ্ৰহণ কৰা হ’ব। জানিব পৰা মতে ভোটদানৰ সময় এঘণ্টা বৃদ্ধি কৰি সন্ধিয়া ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে আৰু কোৱিড ৰোগীসকলে দিনটোৰ শেষৰটো ঘণ্টাত ভোট দিব পাৰিব। কোৰোনা মহামাৰীৰ বয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নিয়ম কঠোৰ ভাৱে পালন কৰিবলৈ নিৰ্দেস দিছে।

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৭ লাখ হেণ্ড চেনিটাইজাৰ পইণ্ট, ৪৬ লাখ মাস্ক, ৬ লাখ পি পি ই কিট, ৬ লাখ ৭০ হাজাৰ ফেচশ্বিল্ড আৰু ২৩ লাখ যোৰ হেণ্ডগ্লোভচৰ ব্যৱস্থা কৰা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে। লালু প্ৰসাদ প্ৰসাদ যাদৱৰ লগতে বিপক্ষ দল সমূহেও ব্যপক নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। কি হব বিৰোধীৰ নতুন ৰণকৌশল, এইবাৰ বিহাৰৰ ভোটাৰ কাৰ লগত, কোনো মাৰিব শেষ হাহিঁ তাৰ বাবে আপুনি ৰব লাগিব ১০ নবেম্বৰলৈ।

প্ৰশাসনৰ নীতি-নিয়মত কিছু সাল-সলনি, ১০.৩০ বজালৈকে খোলা থাকিব হোটেল-ৰেষ্টুৰেন্ট

দৈনন্দিন বাৰ্তা সেৱাঃ শাৰদীয় দুৰ্গাপূজাৰ সময়ত প্ৰশাসনে সলনি কৰিছে আগৰ নিৰ্দেশনাত উল্লেখ কৰা কিছুমান নীতি-নিয়ম। নতুন নিৰ্দেশনা অনুসৰি নিশা ৯ বজাৰ পৰিবৰ্তে নিশা ১০.৩০ বজালৈকে খুলিব পাৰিব হোটেল-ৰেষ্টুৰেন্ট। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

কেৱল আনুষ্ঠানিকতাহে ৰক্ষা, জামুগুৰিহাট পূজা কমিতিৰ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ পূৰ্ৱৰ দৰে এইবেলি জামুগুৰিহাটৰ পূজাত নাই কোনো উচাহ উদ্দিপনা৷ পূজাৰ ভিন্নৰঙী বেলুন-পেপা-পূজাৰ বন্দুক আদি বিক্ৰী কৰা অস্থায়ী দোকানৰ নাই কোনো সমাহাৰ৷ ষষ্ঠীৰ দিনটোত জামুগুৰিহাটৰ পূজা সমিতিসমুহৰ কেৱল তিনিখন কমিতিয়েহে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰতিমা স্থাপন কৰা দেখা পোৱা গ’ল৷

প্ৰতিমা স্থাপনৰ সময়তো আধ্যাত্মিকতাক প্ৰাধান্য দি পূজা কমিটিসমুহে পূজাৰ বেদিত স্থাপন কৰিছে দেৱী দূৰ্গাৰ মূৰ্তি৷ পূৰ্ৱৰ দৰে প্ৰতিমা স্থাপনৰ সময়ত দেখা পোৱা নগ’ল পূজাৰ অন্যতম আকৰ্ষণ কেবাটাও ঢাক বাদ্যৰ সংমিশ্ৰণৰ শব্দ৷ জামুগুৰিহাটৰ অন্যতম দূৰ্গা পূজা কমিটি জামুগুৰি সাৰ্বজনীন দূৰ্গা পূজা কমিতিয়েও আনুষ্ঠানিকভাৱে ষষ্ঠীৰ দিনটোত সৰু প্ৰতিমা স্থাপন কৰাৰ বিপৰীতে দৈনিক বজাৰ পুজা সমিতিয়েও একেদৰেই প্ৰতিমা স্থাপন কৰি সপ্তমীৰ আজিৰ দিনটোত আধ্যাত্মিকতাক গুৰুত্ব দি পূজা আৰম্ভ কৰা দেখা পোৱা গৈছে৷

অৱশ্যে পূজা সমিতিসমুহে চৰকাৰী নীতি নিয়ম সম্পূৰ্ণৰূপে পালন কৰি পূজা আৰম্ভ কৰিছে৷ ইয়াৰোপৰি প্ৰগতিশীল ব্ৰাহ্মণ সমাজৰ সাৰ্বজনীন দূৰ্গা পূজাভাগ এইবেলি প্ৰতিমা নোহোৱাকৈ ঘটত স্থাপন কৰি সম্পূৰ্ণ বৈদিক নিয়মৰে আয়োজন কৰিছে৷আনহাতে জন্মলগ্নৰে পৰা বাহ্যিকতাৰ বিপৰীতে আধ্যাত্মিকতাক মুলধন হিচাপে লৈ আগবঢ়া তথা ৰূপালী আৰু সোণালী জয়ন্তী বৰ্ষ গৰকী ৬৯ ত্বম বৰ্ষত পদাৰ্পণ কৰা জামুগুৰি মংঙ্গলময়ী পূজা কমিটিয়ে ক’ভিড ১৯ ৰ ভয়াবহতা প্ৰতি গুৰুত্ব প্ৰদান কৰি কেৱল বিল্ব বৃক্ষৰ তলত ধূপ দ্বীপ নৈৱদ্য প্ৰদান কৰিয়েই ৬৯ ত্বম বৰ্ষৰ কাৰ্য্যসুচীৰ যৱনিকা পেলাই৷

অৱশ্যে ষষ্ঠীৰ দিনটোত দেৱীৰ প্ৰতিমা স্থাপন কৰা মণ্ডপত আজিও সপ্তমীৰ দিনটোত পূজা আৰম্ভ হৈছে যদিও পূজাথলীত ভক্তৰ ভিৰ পূৰ্ৱৰদৰে দেখা পোৱা নাই৷ ঠিক একেদৰে পূজা বুলি ক’লেই বেলুন,পেপা,প্লাষ্টিকৰ বন্দুক আদি ক্ৰয় কৰি আনন্দোল্লাস কৰাৰ সমান্তৰালকৈ পূজাৰ সময়ত সুস্বাদু জেলেপীৰ গুৰুত্বও কম নাছিল যদিও এইবেলি জামুগুৰিহাটৰ মিঠাইৰ দোকানসমুহত জেলেপী বিচৰা গ্ৰাহকৰ নাই কোনো ভিৰ৷

পূৰ্ৱে মিঠাইৰ দোকানসমুহত দেখা পোৱা ৰং বিৰঙি মিঠাই তথা জেলেপী বিক্ৰী কৰাৰ এক অঘোষিত প্ৰতিযোগীতাৰ ছবিখন এইবেলি সম্পূৰ্ণ বিপৰীত দেখা পোৱা গৈছে৷ মিঠাইৰ দোকানসমুহত আজিৰ দিনটোতো গ্ৰাহকৰ কোনো ভিৰ দেখা পৰিলক্ষিত হোৱা নাই৷

ক’ভিডৰ ভয়াবহতা আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবেই এইবেলি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো পূজাত নাই উচাহ উদ্দিপনা,নাই জনসমাগম৷ অৱশ্যে প্ৰতিমাৰ বেদিত পূজাৰ সময়ত দেৱীৰ চৰণত সেৱা লৈ উপস্থিত ভক্তপ্ৰাণ লোকসকলে পৃথিৱীলৈ সুখ শান্তি সমৃদ্ধি ঘুৰাই অনাৰ বাবেও প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে৷

আই পি এল’ত আজি চেন্নাই বনাম মুম্বাই, হাইদৰাবাদৰ হাতত পৰাস্ত ৰাজস্থান

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব মুম্বাই। চলিত বৰ্ষত চেন্নাই চুপাৰ কিংছে ১০ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত শেষত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ৯ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত স্থানত অৱস্থান কৰিছে৷ আজিৰ আজি চেন্নাই বনাম মুম্বাই খেলখন শাৰজাহৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

আনহাতে আইপিএলত কালি অনুষ্ঠিত হাইদৰাবাদ বনাম ৰাজস্থান, খেল খনত ৰাজস্থানে প্ৰথমে বেটিং কৰি বাংগালুৰৰ সন্মুখত ১৫৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উক্ত খেলখনত লক্ষ্যত উপনীত হাইদৰাবাদ জয়লাভ কৰে৷

আজি ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা সেৱাঃ বতৰ বিজ্ঞান কেন্দ্ৰই২৩ অক্টোবৰৰ পৰা ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰিছে। বঙ্গোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামতো ২৪ অক্টোবৰলৈ হ’ব প্ৰচুৰ বৰষুণ।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০৩,২৮২ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ ৰাজ্যত পুনৰ ৭০১ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০৩,২৮২ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৭,৬৫৯ জনলৈ পাইছে বৃদ্ধি।

আনহাতে চিকিত্সাধীন হৈ আছে ২৪,৭,২৪ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৯৬ জন লোক।

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন‌, কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

দৈনন্দিন বাৰ্তা সেৱা, নামখলাৰঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক দেওমৰনৈ অধিৱেশন‌ আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান দেওমৰনৈ বি.এড. মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়াই আঁতধৰা অনুষ্ঠানত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অপুৰ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই।

অনুষ্ঠানত উপস্থিত থাকে দেওমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ-অধিক্ষক কমলাকান্ত শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰনাথ শৰ্মা, ‌ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শশাংক কুমাৰ হাজৰিকা, দৰং ওডালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, জয়দেৱ ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীকে আদি কৰি জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

শিৱসাগৰ ঐতিহাসিক দেবী-দৌলত দুৰ্গা পূজাত উছাহহীন পৰিৱেশ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ শাৰদীয় দুৰ্গা পূজাৰ আজি সপ্তমী বিহিত পূজা। শিৱসাগৰৰ ঐতিহাসিক দেবী-দৌলত অইন বৰ্ষ সমূহৰ দৰে এইবেলিও স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা। শিৱসাগৰৰ দেবী-দৌলৰ আছে ২৮৬ বছৰীয়া এক ইতিহাস।

১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দৌল ক্ৰমে শিৱদৌল, দেবী-দৌল আৰু বিষ্ণুদৌল। তেতিয়াৰে পৰাই শিৱদৌল আৰু দেবী-দৌলত দৈনিক পূজা-অৰ্চনা অব্যাহত আছে।

মহামাৰীৰ ভয়াবহতাৰে বাবে এইবাৰ দেবী-দৌলত ভক্তৰ বাবে বন্ধ থাকিব বলি-বিধান। ভক্তৰ মংগলৰ বাবে কেৱল আয়োজক সমিতিয়ে সপ্তমী, অষ্টমী আৰু নৱমীত পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰিব বলি। আনহাতে ভক্তসকলে বলিৰ বাবে হাঁহ, পাৰ, ছাগলী আদি উছৰ্গা কৰিব পাৰিব।

দেৱীৰ বাবে উছৰ্গা কৰা সামগ্ৰী ইচ্ছা কৰিলে ভক্তসকলে ঘৰলৈ লৈ যাব পাৰিব অথবা এৰি যাব পাৰিব দৌল চৌহদত। দেশ-বিদেশৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ লানি নিচিগা সোতৰ বিপৰিতে এইবাৰ দেবী-দৌলত দেখা গৈছে অন্য এক পৰিৱেশ।