Home Blog Page 3253

কৰ’না, অসম আৰু দিহিং-পাটকাই অভৰায়ণ্য

  •  বিদ্যাৱতী গগৈ

দ্ৰুতগতিত বাঢ়ি অহা কৰ’ণা ৰোগীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কিন্তু লক্ ডাউনৰ শিথিলতাৰ সুযোগ লৈ দোকান বজাৰত মানুহৰ সমাগম দেখি আমি প্ৰকৃততেই আতংকিত হৈছোঁ বুলি ক’ব পাৰিমনে? অসমৰ তিনি কোটি জনতাৰ মাজৰ পৰা এক তৃতীয়াংশ জনতাও ছাগে আতংকিত হোৱা নাই। বৰ্হি ৰাজ্যৰ পৰা ৰেল বা বাছৰ জৰিয়তে অহা লোকসকলক কোৱেৰেন্টিন কৰাৰ ব্যৱস্থা কৰিছে ঠিকেই; কিন্তু খোজ কাঢ়ি বা অইন বিভিন্ন উপায়েৰে আহি থকা লোকসকলক দেখি তেওঁলোকৰ দুখত দুখী হৈ উঠিছোঁ। এই সকল লোক অসমলৈকে আহিছে বা অন্য ৰাজ্যলৈকে গৈছে, য’তেই নাযাওক কিয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাতো জৰুৰী আছিল। নহ’লে কি অৱস্থালৈ গতি কৰিব সেইয়া হয়তো কল্পনাতীত। আমাৰ অসমখনৰ স্বাস্থ্যবিভাগটো উন্নত নহয় যদিও বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি তৎকালীন তথা ক্ষিপ্ৰতাৰে মানুহক সজাগ সচেতন কৰাৰ লগতে বিভিন্ন ঠাইত কোৱেৰেন্টিন শিবিৰ স্থাপন কৰিছে তাৰবাবে আমি তেখেতৰ শলাগ ল’ব‌ই লাগিব। বৰ্তমান অসমৰ মানুহৰ বাবে তেখেত দেৱতাস্বৰূপ। কিন্তু ইমানখিনি কৰাৰ পিছতো আমাৰ মানুহবোৰৰ অসাৱধানতাই তেখেতৰ কষ্ট পানী কৰিব যেন বোধ হৈছে। আমি সজাগ আৰু সচেতন হ’লেহে কৰ’ণা আক্ৰমণৰ পৰা বাচিম।এতিয়া কথা হ’ল- দূৰদৰ্শনৰ পৰ্দাতে হ‌ওঁক বা চ’ছিয়েল মাধ্যমতে হ‌ওঁক, আমি পাই আহিছোঁ যে অসমৰ মানুহৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বহু বেছি। এইয়া নিশ্চয় অসমৰ জলবায়ু তথা পৰিৱেশৰ বাবেই সম্ভৱ হৈছে। সৰুতেই পঢ়িছিলোঁ- কল-কাৰখানাই মানুহৰ দৈনন্দিন জীৱনত জীৱন ধাৰণ প্ৰণালী উজু কৰাৰ লগতে মানুহৰ জীৱনলৈ মৃত্যু ভাৱুকিও কঢ়িয়াই আনে। জীৱশ্ৰেষ্ঠ মানুহৰ তেন্তে এইকণো জ্ঞান নাই নে যে- য’ত বৰ্তমান কৰ’ণাৰ আতংক চলি আছে, যি এক অদৃশ্য মৃত্যুদূত, য’ত দিনে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে তাৰপিছতো নিজৰ লাভালাভৰ কথা চিন্তা কৰিছে! আজি কৰ’ণাৰ বাবেই গোটেই বিশ্বৰ বিজ্ঞান পিছ পৰি ৰৈছে। মৃত্যুক ৰোধ কৰিব পৰা নাই বিজ্ঞানে। মহাকাশজান, মঙ্গল গ্ৰহৰ চিন্তাও দূৰ হৈ গৈছে। একমাত্ৰ জীৱনৰ স্বাৰ্থত টকা মূল্যহীন হৈ পৰিছে। বৰ্তমান সময়তো এনেকুৱা হৈ পৰিছে দুসাঁজ ভালকৈ খাই জীয়াই থাকিলেই যেন সুখী হৈ পৰিম। তাৰপিছতো প্ৰকৃতিক লৈ  খেলা খেলখন দেখিলে সহ্য নহয়।  দিহিং-পাটকাই অভৰায়ণ্য ! বৰ্তমান সকলোৰে চৰ্চিত বিষয়। কিন্তু কিয় আমি এই বৰ্ষাৰণ্যখনৰ বাবে চিঞঁৰিব লগা হৈছে। কাৰণ Coal India Ltd.ৰ পৰা অহা প্ৰস্তাৱ অসম ফৰেষ্ট ডিপাৰ্টমেন্টে  মানি লৈছে। যিখন অৰণ্য হাতীৰ মুক্ত বিচৰণথলী সেই অৰণ্যকে আমি ধ্বংস কৰিবলৈ আগবাঢ়িছোঁ। অথচ দুদিনমানৰ আগতে যেতিয়া ব্ৰাজিলৰ আমাজানক জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল, জীৱ জন্তুবোৰ জীয়াই জীয়াই পুৰি এঙাৰ হৈছিল, বৰ বৰ গছবোৰ ছাইত পৰিণত হৈছিল তেতিয়া গোটেই বিশ্ব‌ই কান্দিছিল। আমি ভাৰতবাসীয়েও উচুপিছিলো। কিন্তু সেই উচুপনিৰ কি মূল্য থাকিব যদি আমি পুনৰ আন এখন অৰণ্যক নিজ হাতেৰে ধ্বংস কৰোঁ!! কি মূল্য থাকিব আমাৰ সেই চকুলোৰ যদি পশু পখীৰ হাহাকাৰবোৰ চকুৰে দেখিও বুজি নাপাওঁ!! যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়ক হে জীৱশ্ৰেষ্ঠ সকল! লাভ লোকচান বিচৰাতকৈ ইমানদিনে থকাখিনিকে তাতকৈ ভালকৈ গঢ়ি তোলক। প্ৰকৃতিক বিনষ্ট নকৰিব। প্ৰকৃতিৰ বুকুত থকা জীৱকুলৰ কথাও চিন্তা কৰক। আমি লক্ ডাউনত বন্দী হৈ থাকোঁতে বনৰ জীৱকুল মুক্ত হৈ ঘূৰিছিল। সিহঁতৰো একোটা প্ৰাণ আছে, মুক্ত মন আছে। আমি প্ৰাণৰ মমতাত ঘৰৰ ভিতৰত আছোঁ। অৰণ্যখন ধ্বংস হ’লে সিহঁতৰ কি হ’ব ভাৱক। বন ঔষধিৰে ভৰি থকা অসমৰ অৰণ্যবোৰ আৰু ধ্বংস নকৰিব। জীৱনটো সুন্দৰ, সৰল আৰু সুখী কৰিবলৈ বহুত বস্তু আমাক নালাগে। যদি মৃত্যুক জিনিব খোজে প্ৰকৃতিক বচাওক। প্ৰকৃতিয়েহে আমাক বচাব, উদ্যোগে মৃত্যু মাতিব।

দিহিং পাটকাইক নি:শেষ নকৰিব।

  • জুৰিতা দাস

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য যাক আমি সকলোৱে  দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য বুলি জানো ৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান (“The Amazon of the east”) বুলিও আখ্যা দিয়া হৈছিল ৷ ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ইয়াৰ উপৰিও এই অভয়াৰণ্যখন দিহিং পাটকাই হস্তী প্ৰকল্পৰ এটা অংশ ৷ ইয়াৰ  ভৌগোলিক বিৱৰণ চাবলৈ গ’লে আমি দেখো যে এই বন্যপ্ৰাণী অভয়াৰণ্যখন তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ , দিহিং নৈ  আৰু ডিৰক বৰ্ষাৰণ্য ৷ এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ বনাঞ্চলখনৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে- বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প ৰ অন্তৰ্ভুক্ত ৷ আনহাতে ইয়াৰ জৈৱবৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় যে জাকত জিলিকা উদ্ভিদকূল আৰু জীৱকূলেৰে দিহিং পাটকাই এখন সমৃদ্ধিশালী বনাঞ্চল।  অৰণ্যখনৰ   অৱস্থান, ভূ -প্ৰকৃতি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত মূলত চিৰসেউজীয়া বনৌষধি , নৈ-উপনৈ ,জলাহভূমি আদি দেখা যায়। ইয়াত অৱস্থিত উল্লেখযোগ্য উদ্ভিদ প্ৰজাতি সমূহ হৈছে – হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঠাঁল, ভেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি৷ তাৰোপৰি ইয়াত নানা প্ৰকাৰৰ  উদ্ভিদ, যেনে – অৰ্কিড, লতা-জাতীয় উদ্ভিদ আদি দেখা পোৱা যায়৷ ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত গ্ৰাচিনিয়া লেনচিফ’লিয়া, মিচেলিয়া মুনি, বাচাউৰিয়’ চুপিডা আদি প্ৰধান প্ৰজাতি৷অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে ৭৯ বিধ ইপিফাইটিক, ২১ বিধ স্থলজ আৰু এবিধ চেপ্ৰ্পফাইট ৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন , ১৫ বিধ বিপদসংকুল , ৫ বিধৰ সংকট আসন্ন । ইয়াৰ উপৰি এই অৰ্কিডসমূহৰ ভিতৰত ”থ্ৰিক্স্‌পেৰাম একুমিনাটিচিয়াম নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে ৷ তাৰোপৰি ৯ বিধ অন্য অৰ্কিড যেনে বুলব’ফাইলাম ইবুলবাম,
চাৰ’সোগ্ল’চাম ইৰাটিকাম ,চি.ৰোবিনচোনী,এৰিয়া কোনাটে, ই.পুডিকা ,হেটেৰিয়া এফিনিচ্‌ ,থেলাচিচ প্যিগমিয়া ,টানিয়ফাইলাম ক্ৰেপিডিফৰ্ম  আৰু যেউজিন ক্লেনডেছ্‌টাইন অসমত প্ৰথমবাৰৰ বাবে এই বৰ্ষাৰণ্যখনতে পোৱা যায় ৷দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয়া দিশ৷ ইয়াত বৰ্তমানলৈকে ৪২ বিধ স্তন্যপায়ী প্ৰাণী , ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে৷ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ’ল- হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, পেংগ’লিন, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী ইত্যাদি ৷দিহিং পাটকাই বৰ্ষাৰণ্যত ২৯৩ বিধ চৰাইৰ প্ৰজাতি থকা বুলি অনুমান কৰা গৈছে  ৷ এই চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী৷ ইয়াৰে ১৩ বিধ চৰাইৰ প্ৰজাতি সংকটাপন্ন, যেনে-পাটিশগুণ, দেওহাঁহ, হাড়গিলা ইত্যাদি ৷ অভয়াৰণ্যখনকে ধৰি গোটেই অঞ্চলটোত নেচাৰ্ছ বেকন,ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’ছাইটী আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেল নামৰ সংস্থাকেইটাই একত্ৰিতভাৱে অধ্যয়ন চলাইছিল৷সেই অধ্যয়নৰ পিছত অঞ্চলটো ইম্পোৰ্টেন্ট বাৰ্ড এৰিয়া চাইট্‌ বুলি প্ৰতিপন্ন কৰা হয় । কিন্তু বৰ্তমান সময়ছোৱাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনলৈ বৰ্তমান নামি আহিছে কাল অমানিশা । বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে দিহিং পাটকাই বৰ্ষাৰণ্য খনত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত লৈছে চৰকাৰে । যি সময়ত সমগ্ৰ বিশ্বতে কৰণা মহামাৰীয়ে ত্রাসৰ সৃষ্টি কৰিছে সেই সময়তে বন আৰু পৰিৱেশ মন্ত্ৰালয়ে এই বৰ্ষাৰণ্য খনত কয়লাৰ খনন কাৰ্য্য কৰিবলৈ যি সমূহ যাৱতীয় ব্যৱস্থাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে এই কয়লা খননৰ বাবে প্ৰয়োজনীয় অনুমোদন আগবঢ়াইছে । এই লকডাউণৰ সময়তে যোৱা ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ বৈঠকত উক্ত বৰ্ষাৰণ্য খনত খনন কাৰ্য্য চলাবলৈ অনুমোদন দিয়া হৈছিল । সেই মৰ্মে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনৰ সংস্থা নৰ্থ ইষ্টাৰ্ণ ক’লফিল্ডক দিহিং পাটকাই বনাঞ্চলৰ অন্তৰ্গত চালেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত খনন কাৰ্য্য চলাবলৈ অনুমতি প্ৰদান কৰে ।যাৰ ফলস্বৰূপে বনাঞ্চলখনৰ ৩৭.২০হেক্টৰ এলেকাত বৰ্তমানেও কয়লাৰ মুক্ত খনন কাৰ্য্য চলি আছে ।বন আৰু বন্যপ্রাণীয়ে অসমৰ সৌন্দর্য ,সেই সময়তে চৰকাৰৰ এনে সিদ্ধান্তক একাংশ দল সংগঠনৰ লগতে ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ কয়লাৰ এনে অবৈধ খননে প্ৰাকৃতিক ভাৱে বৈচিত্ৰ্যময় অঞ্চলটোৰ পৰিৱেশৰ প্ৰতিও ভাবুকি আনাৰ লগতে গোটেই অবৈধ কয়লা খনন প্ৰক্ৰিয়াটোৱে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। দিহিং পাতকাই  ইয়াৰ ফলত তাৰ সেউজ পৰিৱেশ হেৰুৱাব লগা হেৰুৱাব ।এনেদৰেই যদি পৰিৱেশ বিনষ্ট হ’য় তেন্তে   পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহৰ ওপৰত প্ৰতিকূলৰ প্ৰভাৱ পৰিব। ইয়াৰ ফলত কিছুমান প্ৰজাতি বিলুপ্ত হ’ব পাৰে, কিছুমান প্ৰজাতি লুপ্তপ্ৰায় হ’ব পাৰে আৰু কিছুমান স্পৰ্শকাতৰ হৈ পৰাৰ সম্ভাৱনা আছে ।এনেদৰেই যদি কয়লা খনন চলি থাকে তেতিয়া হলে সমগ্ৰ অঞ্চলটো ৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিব । দিহিং পাটকাইত হৈ থকা কয়লা খননৰ ফলত বৰ্ষাৰণ্য খনত থকা নানা বিধ চৰাই চিৰিকটি, বিৰল প্ৰজাতিৰ সৰীসৃপ, গছ লতিকাৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জীৱ জন্তুৰ সমুহৰ জীৱনলৈ নামি আহিছে তীব্ৰ সংকট । যদি সময় থাকোতেই বিপন্ন প্ৰজাতিৰ এই উদ্ভিদ আৰু প্ৰাণীবোৰ উপযুক্তভাৱে সংৰক্ষণ নকৰো তেন্তে সেইবোৰ সময়ৰ গৰাহত এদিন লুপ্ত হৈ যাব।সেয়ে ‘পূবৰ আমাজান’ তথা ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে পৰিগণিত হোৱা দিহিং পাটকাই বৰ্ষাৰণ্যখনক বচোৱাৰ স্বাৰ্থত এই লকডাউণৰ সময়তো সামাজিক মাধ্যমৰ জৰিয়তে তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে । 
‘আমাৰ প্ৰকৃতি ,আমাৰ দায়িত্ব ”আমি দিহিং পাটকাইৰ লগত আছো ‘ এনেধৰণৰ শ্লোগান দিয়ে ছছিয়েল মিডিয়াৰ জৰিয়তে একাংশই চলাই গৈছে প্ৰতিবাদ ।


ফোন নং : – ৯৭০৬৬৯৩৯৮৬

ডাক্তৰ-পুলিচ-চুইপাৰ আদি……

◆ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’নাত আক্ৰান্ত হৈছে । বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ । তথাপিও স্থবিৰ হোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য ।  বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’নামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁ খাই আহে ।বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ-গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে  নিসংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ ৰ চিকিৎসা আগবঢ়াই থকা তেখেত সকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ| তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে |নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি,মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি,এই চৰম বিপদসংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে  সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেত সকলকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা  কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও।একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতা সকলে তেখেত সকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত, শ্ৰদ্ধাৰ চুইপাৰ আৰু অন্তেষ্টিক্ৰীয়া সম্পাদনকাৰী সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ  উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত ।

ফোন- ৮৬৩৮৭৮২৫৫৪

চৰকাৰে “জিম” ৰ কথাও ভাবক

  • ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰ সমূহ বন্ধ হৈ আছে ৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে ৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি আছে ৷ অস্থিৰ হৈ পৰিছে দেশৰ অৰ্থব্যৱস্থা ৷ চৰকাৰে অৰ্থনৈতিক দিশৰ যোৰা টাপলি মৰাৰ উদ্দেশ্যে ইতিমধ্যে খুলি দিছে দোকানৰ পৰা যাতায়ত ব্যৱস্থালৈ, মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ ৷ অচিৰেই আৰাম্ভ হব নিয়মিত ৰেল বিমান সেৱা ৷  প্ৰতি ক্ষেত্ৰত বান্ধি দিছে কিছু নীতি নিয়ম ৷ কিন্তু অতি আশ্চৰ্যজনক ভাবে খোলাৰ অনুমতি দিয়া নাই “জিম” সমূহৰ ৷ সচেতন বিভিন্নজনৰ অনুৰোধৰ পিছতো সলনি হোৱা নাই নিৰ্দেশ ৷ সামাজিক দূৰত্ব ৰ দিশটোক লৈ ৰাইজ ভালেখিনি সজাগ হৈছে ৷ এনেও জিম ৰ ভিতৰত সচৰাচৰ এজনৰ পৰা আনজন যথেষ্ট নিলগত ৰৈয়ে ব্যায়াম কৰে ৷ বাকী থাকিল মাস্ক পৰিধানৰ বিষয়টো ৷ আপাতদৃষ্টিত জিমৰ ভিতৰত নিয়ম পালন নকৰিব যেন বোধ হয় যদিও নিজৰ দেহক লৈ সচেতন লোকসকলে নিশ্চয় এই নিয়মো মানিব ৷ বাকী চেনিটাইজেচনৰ ওপৰত জিমৰ মালিকপক্ষক কঠোৰ নিৰ্দেশ দিব পাৰে ৷ একেলগে একে সময়ত কিমানজন মানুহ ব্যয়ামগাৰত সোমাব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা দি ইতিমধ্যেই আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কিছু শিথিল কৰি দিব লাগে ৷ এই ক্ষেত্ৰৰ লগত জড়িত খেলুৱৈ, প্ৰশিক্ষক আদিকে ধৰি বিভিন্নজন আৰ্থিক সমস্যাত ভূগি আছে ৷ বহু জিম ৰ গৰাকীয়ে দিব পাৰা নাই কৰ্মচাৰীৰ দৰমহা, বাকী হৈছে ভাড়াঘৰত থকা জিমবোৰৰ ঘৰভাৰা । বেংকৰ ঋণসমূহ আছেই ৷ মানসিক চাপত ভূগি আছে এই উদ্যোগৰ লগত জড়িতসকল ৷ নিয়মীয়া শৰীৰ চৰ্চা কৰাসকলৰ বহুতৰে নতুন নতুন শাৰীৰিক সমস্যাই দেখা দিছে দীৰ্ঘসময় জিম ৰ পৰা আঁতৰত থকা বাবে ৷ বহুতৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক নিজৰ  পেশা হিচাপে গ্ৰহণ কৰাৰ সাহস কমি যাব ৷ আশা ৰাখিছোঁ, চৰকাৰে অতি সোনকালে এই দিশৰ পৰ্যালোচনা কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে হ’লেও “জিম” সমূহ খোলাৰ অনুমতি প্ৰদান কৰিব ৷

লেখকৰ ফোন নং- ৯৮৬৪১৪৯৬৬৪

অসমত কঠোৰ লকডাউনৰ প্ৰয়োজন

  • ৰীতা ডাকুৱা

সমগ্ৰ বিশ্বৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে  Covid 19 পজিটিভ ৰোগী। কিন্তু তথাপিও যেন একাংশ লোক এই ৰোগৰ ভয়াবহতা সম্পৰ্কে অলপো সচেতন নহয়।  অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আহ্বান জনাইছে যে জনসাধাৰণে সহযোগ কৰক আৰু ১০০ শতাংশই লকডাউন মানি চলক। অতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাব। অন্যথা অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হ’ব। কিন্তু বাস্তৱত দেখা গৈছে যে জনসাধাৰণে চৰকাৰৰ লগত সহযোগ কৰা নাই। তেওঁলোকে এই লকডাউনক কিবা যেন ভাৰত বন্ধ, অসম বন্ধ, বুলি ভাবি বাৰে বাৰে লকডাউন উলংঘা কৰাৰ চেষ্টা কৰিছে। ৰাজপথ, বজাৰ সকলোতে মুক্তমনে ফুৰিছে একাংশই । মুখত কোনো মাস্ক নাথাকে, কোনোধৰণৰ সামাজিক দুৰত্বও তেওঁলোকে মানি নচলে। কঠোৰ লকডাউনৰ ফলত জনসাধাৰণৰ কোনোধৰণৰ সমস্যা নহওঁক বা কোনো লোক যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনে কিছু কিছু ক্ষেত্ৰত লকডাউন শিথিল কৰিছিল। কিন্তু এই লকডাউনৰ শিথিলতাৰ সুযোগ লৈ , প্ৰশাসনৰ চকুত ধূলি দি বাৰে বাৰে লকডাউন উলংঘা কৰিছে।  উল্লেখনীয় কথা যে যেতিয়া অসমত এজনো কৰোণা ৰোগী নাছিল তেতিয়া লকডাউনো কটকটীয়া আছিল। কিন্তু এতিয়া অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২০০ কেতিয়াবাই পাৰ কৰিলে কিন্তু লকডাউন সম্পূৰ্ণৰূপে অৰ্থহীন হৈছে।  এনেদৰে থাকিলে অসমৰ পৰিস্থিতি অধিক ভয়ানক হ’ব। গতিকে চৰকাৰলৈ কাতৰ অনুৰোধ যে অসমত প্ৰথমৰ দৰে কঠোৰ লকডাউন দিয়ক অন্যথা পৰিস্থিতি বহুত বেয়াৰ দিশলৈ যাব।

ক’ৰোনা মহামাৰীৰ আতংক : লকডাউনৰ জটিল সময়ত সাংবাদিক -সংবাদকৰ্মীৰ জীৱন-জীৱিকাক সুৰক্ষা প্ৰদানৰ দাবী জাফা, দিছপুৰ প্ৰেছ ক্লাবৰ

ক’ৰোনা মহামাৰীক কেন্দ্ৰ কৰি দেশ তথা ৰাজ্যত সৃষ্টি হোৱা এই জটিল সময়ছোৱাত বিভিন্ন সংবাদ প্ৰতিষ্ঠান-সংবাদ মাধ্যমত কৰ্মৰত হৈ থকা সাংবাদিক আৰু সংবাদকৰ্মীক অজুহাত দেখূৱাই চাকৰিৰ পৰা অব্যাহতি নিদিবলৈ সকলো সংবাদ প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰ্তৃপক্ষলৈ আহ্বান জনাইছে জাফা আৰু দিছপুৰ প্ৰেছ ক্লাবে৷ এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এই আহ্বান জনাই কয় যে যি সময়ত সকলো সাংবাদিক সংবাদকৰ্মীয়ে  দেশ, জাতি, সমাজৰ স্বাৰ্থত অনান্যসকলৰ লেখিয়াকৈ উৎসৰ্গীত মনোভাৱেৰে ক’ৰোনা মহামাৰীৰ বিৰূদ্ধে  চলি থকা যুঁজখনত চৰকাৰক সহায় কৰি আহিছে সেই সযয়ত ক’ৰোনা সৃষ্ট সংকটৰ দোহাই দি সাংবাদিক-সংবাদকৰ্মীৰ ছাটাই অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ সাংবাদিকৰ জীৱন-জীৱিকাৰ সুৰক্ষাৰ দিশটোত শ্ৰম বিভাগ আৰু চৰকাৰখনেও গুৰুত্ব দিয়া উচিত বুলি  উল্লেখ কৰি বিবৃতি যোগে  এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰো দাবী জনায়৷ বিবৃতিটোত লগতে কোৱা হ’য় যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈ থকা অনুসৰি যদি অসমৰ সাংবাদিকতাৰ জগতখনত  প্ৰায় দুই দশক ধৰি সংবাদসেৱা আগবঢ়াই অহা এগৰাকী সাহসী তথা দায়িত্বশীল আৰু নিষ্ঠাবান বুলি  পৰিচিত মহিলা সাংবাদিক ৰঞ্জিতা ৰাভাক গৰ্ভৱতী হোৱাৰ বাবেই যদি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে তেন্তে সেয়া  চূড়ান্ত অমানৱীয় আৰু আইন বিৰোধী  কাম হৈছে। সাংবাদিক ৰঞ্জিতা ৰাভাক চাকৰিৰ পৰা অব্যাহতি দিয়া ঘটনা সম্পৰ্কত টি ভি চেনেলটোৰ কতৃপক্ষই শীঘ্ৰে নিজৰ স্থিতি ৰাজহুৱা কৰা উচিত বুলিও বিবৃতিটোত প্ৰকাশ ।

হোজাইৰ হাম হাস্পতালত ৰোগীৰ আত্মহত্যা

লংকা

হোজাইৰ হাম হাস্পতালত যোৱা নিশা এজন ৰোগীয়ে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰে। ৰোগীজন পৰিতোষ দেৱনাথ বুলি জানিব পৰা গৈছে৷ ৫৫ বছৰীয়া ৰোগীজনৰ অলপতে হামত হাৰনিয়া অপাৰেশ্যন হৈছিল। কালি তেওঁক হাস্পটালখনৰ পৰা ৰিলিজো  দিয়া হৈছিল। কিন্তু ৰিলিজ দিয়াৰ পিছত কি কাৰণে ৰোগীজনে বিল্ডিং পৰা জপিয়াই আত্মহত্যা কৰিলে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তথাপি তেওঁ সামান্য মানসিক ৰোগত ভূগি আছিল বুলি জানিব পৰা গৈছে৷ মৃত লোকজন লংকা এন এৰিয়াৰ বাসিন্দা আৰু তেওঁ লংকা খাৰিখানাৰ এল পি স্কুলত শিক্ষকতা কৰি আছিল। ৰিলিজ দিয়াৰ পিছত নিশা পৰিয়ালৰ লোকৰ সন্মুখতে  শিক্ষকজনে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰা ঘটনাক সহজভাৱে ল’ব পৰা পৰিয়ালবৰ্গই।

সামাজিক দুৰত্ব বজাই ৰাখি ঈদৰ নামাজ পঢ়িবলৈ আহ্বান ধুলা আঞ্চলিক আমছুৰ

খাৰুপেটীয়া

 ইছলাম ধৰ্মাৱলম্বী লোকে ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ এমাহ। ৰোজাৰ অন্তত আনন্দৰ উৎসৱ ঈদ উল ফিতৰ উৎযাপন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ধূলা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আলিয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ অসমবাসী জনসাধাৰণক  ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ক’ৰোণা ভাইৰাছৰ ভয়াবহতা তথা চৰকাৰে ঘোষণা কৰা লকডাউনে মানুহক আৰ্থিক আৰু মানসিকভাৱে জুৰুলা আৰু দুৰ্বল কৰা সময়ত  উদযাপিত হব লগা ঈদ উল ফিতৰৰ দৰে আনন্দ উৎসৱে সমাজৰ লোকৰ মনত সাহস, প্ৰেৰণা, মনোবল তথা ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰিব বুলি আমছুৰ নেতৃত্ব আশাবাদী। ঈদ উল ফিতৰৰ আনন্দোৎসৱে সমাজ তথা দেশৰ পৰা অসূয়া অমঙ্গল দূৰ কৰাৰ কামনা কৰা লগতে সকলো ইছলামধৰ্মী লোকক লকডাউনৰ প্ৰতিটো নিৰ্দেশনা আখৰে আখৰে পালন কৰি ঈদ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমছুৰ নেতাজনে আহ্বান জনায়। কোনো লোকে যাতে লকডাউনৰ নীতি নিৰ্দেশনাক অমান্য নকৰে তাৰ প্ৰতি সমাজৰ সচেতন নাগৰিকসকলে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। মছজিদ অথবা ঈদগাহ ময়দানত চৰকাৰী নিয়মানুসৰি ৫-৬ জন লোকেহে সমবেত হৈ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনায়। বাকী সকলোৱে নিজৰ নিজৰ ঘৰত ঈদৰ নামাজ আদায় কৰিব। আনহাতে ঈদৰ দিনা মছজিদ অথবা ঈদগাহ ময়দানৰ সন্মূখত পৰম্পৰাগতভাৱে যি বজাৰ বা দোকান পোহাৰৰ ভিৰ হয় সেয়া এইবাৰৰ ঈদৰ সময়ত হব দিব নালাগে। মছজিদ অথবা ঈদগাহ পৰিচালনা কমিটিয়ে কঠোৰ হৈ এনে বজাৰ সমুহ যাতে নবহে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা লওক। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত ভাবে অনুষ্টুপীয়াকৈ নিজৰ ঘৰতে ঈদ উদযাপন কৰক। সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজে সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক।

নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২০-২১ শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কৰা হ’ব৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি উল্লেখ কৰা মতে, মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অহা ২৬ মে’ৰ‌ পৰা ২৮ মে’লৈকে (পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ১২ বজাৰ ২ বজালৈ) দুটা ভাগত বিভক্ত কৰি তিনিদিনীয়া কাৰ্যসূচীৰে বিতৰণ হ’ব লগীয়া বিনামূলীয়া পাঠ্যপুথিসমূহ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ক্ৰমিক নং অনুসৰি বিতৰণ কৰিব৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে ২৬ মে’ত ক্ৰমিক নং ১ৰ ৮০ লৈ, ২৭ মে’ত ক্ৰমিক নং ৮১ৰ পৰা ১৬০ লৈ আৰু ২৮ মে’ত ক্ৰমিক নং ১৬১ৰ পৰা ২৪০ লৈ বৰ্তমান সময়ৰ কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সময়ত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি পাঠ্যপুথি সমূহ সংগ্ৰহ কৰিব পাৰিব৷ তদুপৰি, অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিনামূলীয়া নাম ভৰ্ত্তিৰ ৰচিদখন লগত লৈ অনাটো বাধ্যতামূলক বুলিও প্ৰেছ বিবৃতি উল্লেখ কৰিছে৷

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰা

মহকুমা প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা গড়গাঁও কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োজিত চাফাই কৰ্মচাৰী আৰু বীজানুনাশক কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্য আজি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনায়। মহকুমাধিপতিৰ সৈতে ভাঃ প্ৰাঃ নাজিৰা ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱালেও সহযোগ কৰে। লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ অধীনত বহিঃৰাজ্য পৰা আহিব লগা তথা ইতিমধ্যে আহি নাজিৰাত উপস্থিত হোৱা কৰ্মচাৰীসকলৰো স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক পদ্ধতিগতভাৱে  কোৱাৰেণ্টাইন ব্যৱস্থা কৰাৰ সমূহ দিশ তেওঁ তদাৰক কৰে। নাজিৰালৈ আহিব লগা বিষয়াসকলৰ ভিতৰত মুঠ ১১৮ জন কৰ্মচাৰীৰ ভিতৰত ২৩ মে’ত  উপস্থিত হোৱা ৪০ জন কৰ্মচাৰীৰ স্বাব চিকিৎসা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে।  তেওঁলোকৰ কোৱাৰেণ্টাইন প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজৰ মাজত কিছু সন্দেহ তথা সংশয় থকাৰ পৰিপ্ৰেক্ষিতত মহকুমাধিপতিয়ে জানিবলৈ দিয়ে যে বহিঃৰাজ্যৰ পৰা অহা সকলো লোকৰে কোৱাৰেণ্টাইন ব্যৱস্থা কৰাটো এশ শতাংশ নিশ্চিত৷ গতিকে কোনোলোককে ভয় বা শংকা মনত নাৰাখিবলৈ ৰাইজক আহ্বান জনাইছে।