Home Blog Page 3299

বকোৰ ডেকাচাঙত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

বকোৰ ডেকাচাঙত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

সোণতলী 

 সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ভাল ফলাফল দেখুওৱা বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীক আজি ডেকাচাংত সম্বৰ্ধনা জনোৱা হয়৷ আজি দক্ষিণ কামৰূপৰ বকোৰ  ডেকাচাংস্থিত ড° এ পি জে আব্দুল কালাম‌‌ একাডেমিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন  জনাবলৈ  অনুষ্টপীয়াকৈ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ উল্লেখ্য যে, একাডেনিখনৰ প্ৰাক্তন অধ্যক্ষ ছবুৰ উদ্দিনৰ পৌৰহিত্যত সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি আয়োজন কৰে সম্বৰ্ধনা অনুষ্ঠান৷ স্মৰ্তব্য যে একাডেমিৰ  পৰা এইবেলি মুঠ ১৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইবোৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাত একাডেমীৰ ফালৰ পৰা অতিকৈ আনন্দ প্ৰকাশ কৰে । ইয়াৰ ভিতৰত এগৰাকীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ বিপৰিতে দুজনে ষ্টাৰ নম্বৰ, ৫ জনে প্ৰথম বিভাগত, ৮ জনে দ্বিতীয় বিভাগত আৰু ২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়৷   উল্লেখ্য যে, অসম মিঞা পৰিষদৰ কামৰূপ জিলা সমিতি আৰু একাডেমিৰ সৌজন্যত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰীক একাডেমী আৰু অসম মিঞা ( অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তিৰ মণ্ডল, কাৰ্যকৰী সভাপতি আব্দুল কাদেৰ আকন্দে  ফুলাম গামোচা, কিতাপ আৰু‌ মানপত্ৰৰে সম্বৰ্ধনা জনাই । 

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকীঃ চৰকাৰী ভাবে সংৰক্ষণৰ আহ্বান ।

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকী ।

ডুবিয়া

ৰূপতীৰ্থৰ যাত্ৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা এখন কাঠৰ আৰামী চকী নিজ বাসগৃহত সুদীৰ্ঘ বছৰ ধৰি আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰাখিছে গহপুৰ মহকুমাৰ গমিৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাতৃদ্বয় ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াই। এই সন্দৰ্ভত চন্থলীয়া ভাতৃদ্বয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বৰ্তমানৰ বাসগৃহত এসময়ত বসবাস কৰিছিল তেওঁলোকৰ মামা ককাক কেশৰ দেউ মোৰাৰকাই। অন্যহাতেদি সেই সময়ত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্হলী আছিল বৰ্তমানৰ গহপুৰ মহকুমাৰ ভোলাগুৰি চাহ বাগিচা। ভোলাগুৰি চাহ বাগিচাত সেই সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল প্ৰথম অসমীয়া কথাছবি ” জয়মতী” ৰ নিৰ্মাণৰ কাম। কথাছবি নিৰ্মাণৰ বাবে সা- সৰঞ্জামৰ সৰবৰাহ তথা অভিনেতা- অভিনেত্ৰী অনা হৈছিল ব্ৰহ্মপুত্ৰৰ জলপথেৰে আৰু তেতিয়া গমিৰি ঘাটেৰে এই যাতায়ত ব্যৱস্থা চলি আছিল। এনেদৰে গমিৰি ঘাটেৰে অহা- যোৱা কৰাৰ সময়ত জ্যোতি প্ৰসাদ আগৰৱালাই কেশৰ দেউ মোৰাৰকাৰ বাসগৃহত থকা উক্ত কাঠৰ আৰামী চকী খনত বহি খন্তেক জিৰণি লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰিছিল। কেৱল জ্যোতি প্ৰসাদ আগৰৱালাই বহাৰ বাবে ৰখা উক্ত চকী খন পিছত কেশৰ দেউ মোৰাৰকাৰ তিনি পুত্ৰ দামোদৰ মোৰাৰকা, শ্যাম সুন্দৰ মোৰাৰকা আৰু সজল মোৰাৰকাই সযতনে সংৰক্ষণ কৰি ৰাখে। পৰৱৰ্তী সময়ত উক্ত বাসগৃহটো মোৰাৰকা পৰিয়ালে ভাগিনীয়েক  ৰাজু চন্থলীয়া আৰু উদয় চন্থলীয়াক গটাই দিয়াত বাসগৃহটোত থকা উক্ত বিশেষ চকী খনো চন্থলীয়া ভাতৃদ্বয়ে লাভ কৰে। মোৰাৰকা পৰিয়ালৰ পৰা চকী খনৰ সন্দৰ্ভত সকলো কথা জানিব পাৰি চন্থলীয়া ভাতৃদ্বয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত উক্ত কাঠৰ আৰামী চকী খন সুদীৰ্ঘ বছৰ ধৰি সযতনে সংৰক্ষণ কৰি ৰাখিছে। এই ক্ষেত্ৰত জনতাৰ শিল্পী গৰাকীয়ে বহা উক্ত চকী খন চৰকাৰী ভাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চন্থলীয়া ভাতৃদ্বয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বিনম্ৰ আহ্বান জনাইছে।

গহপুৰৰ পূৱ বৰঙাবাৰীৰ নামঘৰত চুৰিকাণ্ড -তীব্ৰ প্ৰতিক্ৰিয়া ।

ডুবিয়া

গহপুৰ মহকুমাৰ শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, পূৱ বৰঙাবাৰী প্ৰাথমিকৰ বৰ নামঘৰত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হয় ৷ মহকুমাটোৰ খাটৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে  অৱস্থিত নামঘৰ ভাগত চোৰে নিশা তলা ভাঙি মণিকূটৰ পৰা ৰূপৰ ফুলি, পিতলৰ চাকি, কাঁহৰ ঘটি – বাতি, ষ্টীলৰ গিলাচ আদি সামগ্ৰীৰ লগতে মণিকূটত জমা থকা পাঁচহেজাৰ টকা চোৰ চুৰ কৰি নিয়ে ৷ উল্লেখ্য যে, চোৰে নামঘৰভাগত মলত্যাগ কৰি থৈও যায় ৷ ইপিনে, আজি পুৱা নামঘৰীয়া নামঘৰলৈ অহাৰ পিছতে চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ নামঘৰ পৰিচালনা সমিতিয়ে ঘাঁহিগাঁও আৰক্ষীক বিষয়টো অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ সঠিক তদন্তৰে  চোৰৰ দলটোক কৰায়ত্ব কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনক  দাবী জনাইছে ৷ ইপিনে, গাঁৱৰ যুৱক বৃন্দই আজি দিনত নামঘৰ ভাগ পৰিস্কাৰ কৰাৰ লগতে চেনিটাইজ  কৰি পৰিবেশ বিশুদ্ধ কৰি তোলে।

বিস্ফোৰিত বাঘজান গেছ কূপ পৰিদৰ্শন কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।

 ডিৰাক সীমান্ত

 যোৱা ২৭ মাৰ্চৰ পূৱা বাঘজান ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল গেছ আৰু কন্ডেনছেট । চিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে গেছ বিস্ফোৰণৰ ১৪দিনৰ দিনা কূপটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বিভিন্নজনৰ ঘৰবাৰী নিঃশেষ হ’ল । অন্যহাতে উক্ত অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জলাশয়ত জাপ দিয়াৰ ফলত প্ৰাণ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুজনকৈ কৰ্মচাৰীৰ । ভয়ত ত্ৰস্তমান ৰাইজে এতিয়া নিজৰ হেঁপাহৰ ঘৰখন এৰি থাকিব লগা হৈছে আশ্ৰয় শিবিৰত । যোৱা ইংৰাজী ১০ আৰু ১১ জুন তাৰিখে ক্ৰমে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰাই  বাঘজানৰ পৰিস্থিতি বুজ লবলৈ আহিছিল যদিও ৰাইজক আশ্বস্ত কৰাৰ বিপৰীতে জ্বলা জুইত ঘিঁউ ঢলাৰ দৰে মন্তব্য কৰি শেষত সংবাদ মাধ্যমকহে দোষাৰোপ কৰে । আজি পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বাঘজনত উপস্থিত হৈ গেছ কূপটো পৰ্যবেক্ষণ কৰাৰ লগতে আশ্ৰয় শিবিৰত সোমাই ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বাঘজানক নতুনকৈ গঢ়াৰ মানসেৰে বাঘজানত বান খহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কোটি টকা ঘোষণা, বাঘজানত একোখনকৈ মডেল হস্পিটেল, পশু চিকিৎসাল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন, বাঘজান অঞ্চলৰ পৰা তিনিচুকীয়ালৈ যাতায়তৰ সুবিধাৰ্থে এটি পকী পথ নিৰ্মাণ, মাগুৰি মতাপুং বিল পৰিষ্কাৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব অইল ইণ্ডিয়া লিমিটেডে লব লাগিব, ভাৰত চৰকাৰ, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেডে মিলি মতাপুং মাগুৰি বিলক পৰ্যটকৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়া, অঞ্চলটোৰ যুৱ উন্নয়নৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা আৰু মহিলাসকলৰ আত্ম সহায়ক গোটৰ বাবে বিশেষ আৰ্থিক সাহায্য প্রদান কৰাৰ  কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে অঞ্চটোৰ ৰাইজৰ কিমান কি ক্ষয়-ক্ষতি হ’ল তাৰ সকলো পৰীক্ষা নিৰিক্ষা কৰি উচিত ক্ষতিপূৰণৰ দিয়াৰ কথা উল্লেখ কৰে । এতিয়া বাঘজান বাসীৰ প্ৰশ্ন অনাগত দিনত এই সকলোবোৰ ঘোষণা কাৰ্যকৰী হ’বনে নহয় ?

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

জুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথক অৰ্থসাহাৰ্য্য প্ৰদান অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টৰ ।

উজনি-মাজুলী

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.১৬ শতাংশ নম্বৰলৈ আটাইকেইটা বিষয়তে লেটাৰসহ ডিস্টিংচন পোৱা দৰিদ্ৰ মেধাৱী ছাত্ৰ জিতুমণি নাথৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পিছতে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে মাজুলীৰ বিভিন্ন সুহৃদ সংগঠন | আজি বিয়লি পহুমৰা নাথ গাঁওৰ নিৱাসী পৰশুৰাম নাথ আৰু ৰঞ্জুমণি নাথৰ সুযোগ্য পুত্র জিতুমণি নাথৰ গৃহত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ বিষয়ববীয়া তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, কবি-সাংবাদিক  পাপু বৰা, মাজুলী জিলা সাহিত্য সভাৰ নবনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগন, প্ৰাক্তন ছাত্রনেতা শংকুসিদ্ধ নাথ উপস্থিত হৈ ছাত্রীগৰাকীক কিছু আৰ্থিক সাহাৰ্য্য আৰু লেখন সামগ্ৰী প্ৰদান কৰে | অমৰ শিশুপ্ৰাণ মেমৰিয়েল ট্ৰাষ্টে দুদিনপূৰ্বেও দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাটীমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছিল | ট্ৰাষ্টৰ বিষয়ববীয়াসকলৰ এনে মহান পদক্ষেপৰ শলাগ লৈছে মাজুলীৰ সচেতন সমাজে |

গৰৈমাৰীত জি কে এছ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন ।

সোণতলী ছয়গাঁও,

বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সাধাৰণ সভাখন আজি জ্যেষ্ঠ সমাজকৰ্মী আব্দুৰ ৰহমানৰ সভাপতিত্বত গৰৈমাৰীৰ চিৰাতুনব্বী পুঁথিভড়ালত অনুষ্ঠিত হয়৷ সভাত আগন্তক বৰ্ষৰ বাবে আমিন ময়নুল হক (আমাৰ অসম)ক সভাপতি, আব্দুৰ ৰহিম (প্ৰাগ নিউজ)ক কাৰ্যকৰী সভাপতি, আবুল কালাম আজাদ (নিউজ১৮)ক উপ-সভাপতি, নুৰুল ইছলাম আৰু নয়ান আলী (নিয়মীয়া বাৰ্তা)ক সাধাৰণ সম্পাদক, আজিজুল হক (কালাতলী)ক সহকাৰী সম্পাদক, ইছমাইল হুছেইন (সোণতলী)ক সাংগঠনিক সম্পাদক, জমিৰ আল-হাছান (গৰৈমাৰী)ক প্ৰচাৰ সম্পাদক, নুৰুল ইছলাম, কামাৰুজ জামান, মহৰ আলী, ছিৰাজুল হকক কাৰ্যকৰী সদস্য আৰু ৰেজাউল কবিৰ, আনোৱাৰ হুছেইন, ছাইফুল ইছলামক সদস্য হিচাপে লৈ জি কে এছ প্ৰেছ ক্লাবৰ এখন নতুন সমিতি গঠন কৰা হৈছে৷ সভাত আব্দুৰ ৰহমান, আজাদ ওচমান গণি, মনছুৰ ৰহমান খান, আব্দুল মজিদ আৰু শ্বহিদুৰ ৰহমানক প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা হিচাপে লোৱা হৈছে৷ উল্লেখ্য যে গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবখন বিগত পোন্ধৰ বছৰ ধৰি দুটা গোটত বিভক্ত হৈ আছিল৷ দীৰ্ঘদিনৰ বিবাদৰ অন্ত পেলাই নতুনকৈ একত্ৰিত হৈ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবখন গঠন কৰাত সচেতন মহলে অঞ্চলটোৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ লগতে সমাজৰ উন্নয়নৰ উদ্দেশ্যে আগবাঢ়ি যাৱলৈ আহ্বান জনায়৷

হিন্দু বাংলাদেশীৰ পক্ষত থকা বিধায়ক শিলাদিত্য আকৌ কেনেকৈ অসমীয়া জাতি প্ৰেমী হ’ল ? আৰ টি আই কৰ্মী এ জে আকন্দ‌ৰ বিস্ফোৰক অভিযোগ : ‘কা’ বলবৎ নহলে শিলাদিত্য নিজেই বাংলাদেশলৈ যাব লগীয়া হ’ব পাৰে।

নগাঁও :

“বহু বিতৰ্কিত আৰু সাম্প্ৰদায়িক বিধায়ক শিলাদিত্য দেৱৰ মস্তিষ্কৰ বিকৃত ঘটাছে। সুবিধাবাদী এই নেতাজনে  কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি শংকৰ-আজানৰ দেশ অসমত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে দীৰ্ঘদিন ধৰি অহৰহ চেষ্টা কৰি আহিছে। কিন্তু আজিলৈকে তেওঁৰ  মনেসজা উত্তেজিত কথাত কোনেও ভৰি দিয়া নাই।”- এই মন্তব্য নগাঁৱৰ আৰ টি আই কৰ্মী তথা সমাজ সচেতক যুৱক আব্দুল জলিল আকন্দ‌ৰ। এ জে আকন্দ‌ই আজি এক বিবৃতিযোগে উল্লেখ কৰি লগতে কয়, কালি গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ এগৰাকী লোকক নিৰ্মম ভাবে হত্যা কৰা হৈছে। এই কাৰ্য নিশ্চিত ভাবে খুবেই গৰ্হিত কাৰ্য। হত্যাকাৰী বা অপৰাধীৰ কোনো জাতি-ধৰ্ম নাথাকে। যদিহে অপৰাধীয়ে ধৰ্ম মানিলে হয়, তেন্তে তেওঁ মানুহক হত্যা কৰাৰ দৰে জঘন্য আৰু বৰ্বৰ কাম কেতিয়াও কৰিব নোৱাৰে। কাৰণ কোনো ধৰ্ম‌ই হত্যা-হিংসাক মানি নলয়। তেনে স্থলত নুনমাটিৰ লোকজনক হত্যা কৰা দুৰ্বৃত্ত‌কেইটা কোন ধৰ্মৰ সেইটো ডাঙৰ কথা নহয়। হত্যাকাৰীৰ দৃষ্টান্তমুলক শাস্তি হ’ব লাগে। নুনমাটিত সংঘটিত হত্যাকাণ্ডৰ প্ৰসংগত মিঞা মুছলমানে হত্যা কৰা বুলি দাবী কৰি বিধায়ক শিলাদিত্য‌ই গোটেই জাতিটোক মিঞা বাংলাদেশী বুলি আখ্যায়িত কৰিব বিচাৰিছে। অসমীয়া মানুহে মুছলমানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰিব লাগে বুলি কৈ আচলতে সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰি হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ আন একাংশ জাতি-গোষ্ঠীৰ লোকৰ মাজতো বিভিন্ন ঠাইত এক প্ৰকাৰ প্ৰতিদিনেই হত্যাকাণ্ড সংঘটিত হৈছে। সেইবোৰ প্ৰসংগত তেওঁ নিমাত থকাৰ ৰহস্য কি ? সংবাদ মাধ্যমৰ আগত  শিলাদিত্য‌ই তেওঁৰ বক্তব্যত উল্লেখ কৰিছে যে আমাৰ ভুমিপুত্ৰক হত্যা কৰিছে। বাংলাদেশী মুলৰ লোক শিলাদিত্য‌ আকৌ কেতিয়া ভুমিপুত্ৰ হ’ল বুলি আকন্দ‌ই প্ৰশ্ন অৱতাৰণা কৰি কয়, শিলাদিত্য‌ই হিন্দু বাংলাদেশীৰ পক্ষত অৱস্থান কৰি আহিছে। অভিযোগ মতে, তেওঁৰ  নিজৰেই লিগেচী ডাটা নাই। বিভিন্ন পক্ষ‌ই তেওঁক তেঁওৰ লিগেচী ডাটা বা ১৯৭১ চনৰ আগৰ প্ৰমাণ পত্ৰ দিবলৈ কৈ আহিছিল যদিও আজি পৰ্যন্ত কথা চহকী বিধায়ক জনে তেওঁৰ নথি পত্ৰ ৰাজহুৱা কৰিবলৈ সাহস নকৰিলে। শেহতীয়াকৈ তেওঁ তৰুণ গগৈ, অখিল গগৈ, জুবিন গাৰ্গ আদি লোক সকলক এঘৰীয়া কৰিব লাগে বুলি মন্তব্য কৰাৰ কাৰণ উল্লেখ কৰি আকন্দ‌ই কয়, তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰিছে। এই আইন কিবা কাৰণত প্ৰত্যাহাৰ হলে শিলাদিত্য নিজেই বাংলাদেশলৈ যাব লাগিব। তেওঁ বাৰে বাৰে মিঞা মুছলমানে অসমীয়া জাতিক ধ্বংস কৰিব বুলি দাবী কৈ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰি অহা শিলাদিত্য‌ৰ দৰে সন্দেহযুক্ত লোকে অসম আৰু অসমীয়া জাতিক বচোৱাৰ আহ্বান জনোৱা কথাটো আচলতে গছত গৰু উঠা কথাৰ দৰেহে হৈছে। প্ৰকৃততে তেওঁ মুছলমানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি সস্তীয়া প্ৰচাৰৰ আশাতে সততে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰাৰ চেষ্টা চলাই আহিছে। সমষ্টি উন্নয়নত সম্পূর্ণ ৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ থকা এইগৰাকী বিধায়ক যেন স্বয়ম্ভূ গড। তেওঁ আছু, আমছু, কৃষক মুক্তি, প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, শিল্পী জুবিন গাৰ্গ , অন্যান্য শিল্পী-সাহিত্যিক, লেখক,বুদ্ধিজীৱী কোনেও তেওঁৰ পৰা হাৰি যোৱা নাই। সকলোকে সমালোচনা কৰি আচলতে শিলাদিত্য‌ই নিজকে কি বুলি ভাৱে তাৰ প্ৰশ্ন উত্থাপন কৰিছে আব্দুল জলিল আকন্দ‌ই। আনকি, তেওঁৰ পৰা হাৰি যোৱা নাই নিজৰ দলৰ একাংশ নেতা-কৰ্মীও। কাৰণ তেওঁ কিছুদিন পুৰ্বে বিজেপিৰ একাংশ নেতা বিভিন্ন ছিণ্ডিকেটত জৰিত থকাৰ বিস্ফোৰক অভিযোগ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। তেওঁৰ নিজৰ স্বাৰ্থৰ আঘাত হলেই এনে কৰে। আকন্দ‌ৰ মতে, শিলাদিত্য‌ ইতিমধ্যে এঘৰীয়া হৈছে বাবে ৰাজহুৱা স্থানৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগত আবোল তাবোল মন্তব্য কৰে। তেওঁ এটা মানসিক বিকাৰগ্ৰস্ত লোক হয়। সেই কাৰণে তেওঁৰ দল বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শতাধিক গোচৰ ৰুজু হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ নকৰাত আকন্দ‌ই উদ্বেগ প্ৰকাশ কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। অন্যথা অসমত ভাতৃঘাতী সংঘাত হলে চৰকাৰ জগৰীয়া হ’ব বুলি আকন্দ‌ই সকীয়াই দিয়ে।

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা

 অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে আত্মহত্যা কৰিলে সেই কথা জানিব পৰা নাই৷ এই বলীউডৰ অভিনেতাজনে ৩৪ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে৷ দেওবাৰে পুৱা তেওঁৰ বান্দ্ৰাৰ ঘৰতে উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়ে৷ উল্লেখ্য যে এই ঘটনাৰ পাঁচদিন আগেয়ে তেওঁৰ প্ৰাক্তন ব্যক্তিগত সহকাৰী নিজৰ ঘৰৰ বাৰাণ্ডাৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছিল৷ এই দুয়োটা ঘটনাক লৈ কিবা সম্পৰ্ক আছে বুলি আলোচনা হৈছে৷ প্ৰাপ্ত তথ্য মতে কিছুদিন ধৰি তেওঁ মানসিক অৱসাদত ভূগিছিল৷ তাৰ বাবে তেওঁৰ চিকিৎসা চলিছিল৷ তেওঁ বন্ধুৰ সৈতে যোগাযোগ বন্ধ কৰি দিছিল৷ দেওবাৰে পুৱা বন্ধু বান্ধৱ ঘৰলৈ আহি তেওঁৰ দৰ্জা ভাঙি উলমি থকা অৱস্থাত উদ্ধাৰ কৰে৷ ১৯৮৬ চনত তেওঁৰ জন্ম হয় পাটনাত৷ ২০০৮ চনত তেওঁক প্ৰথম টেলিভিছনত দেখিবলৈ পোৱা যায়৷ তাৰ পাছত ২০১৩ চনত ‘কাই পো চে’ নামৰ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে৷ ইয়াৰ পিছত ‘‌ছিছোৰে’ ‘ডিটেকটিভ বোমকেছ বক্সি‌’‌ ‘‌ৰবতা’‌‌‌ আদি ছবিত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেওঁৰ মৃত্যুত বলীউডৰ তাৰকাসকলে টুইট কৰি শোক প্ৰকাশ কৰিছে৷ ইপিনে শেষ ইনষ্টাগ্ৰাম প’ষ্টত তেওঁ নিজৰ মাতৃৰ সম্পৰ্কে লিখিছিল৷ মাক আৰু নিজৰ ছবি ইনষ্টাগ্ৰামত দি লিখিছিল, চকু পানী শুকাই গৈছে মা৷ সুশান্তৰ মৃত্যুৰ লগত তেওঁৰ মৃত মাতৃৰ সৈতে অভিনয়ৰ ব্যক্তিগত সম্পৰ্কৰ কোনো যোগাযোগ আছে নেকি তাক চাইছে আৰক্ষীয়ে৷ কাৰণ ২০০২ চনত মাতৃৰ মৃত্যুৰ পাছত তেওঁ মানসিকভাৱে অতি আঘাত পাইছিল৷ মাকৰ সৈতে সুশান্তৰ মানসিক যোগাযোগ আছিল অতি ঘনিষ্ঠ বুলি তদন্তকাৰী বিষয়াসকলে জানিব পাৰিছে৷ সুশান্তৰ কোনো ছুইছাইড ন’ট আৰক্ষীয়ে পোৱা নাই৷ প্ৰাথমিক তদন্তত আত্মহত্যা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷ 

ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে ভাবুকি কঢ়িয়াই আনিছে ভীমপৰা গাঁৱলৈ ; গাঁও উচান হোৱাৰ আশংকা ।

উজনি-মাজুলী

নামনি মাজুলীৰ শ্ৰীলুহিত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভকতচাপৰিৰ ভীমপৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে বিগত প্ৰায় এসপ্তাহে ধৰি চলাই থকা গৰা খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে গাওঁখনলৈ । যাৰ পৰি-প্ৰেক্ষিতত গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী কটাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । যোৱা বৰ্ষটোত উক্ত গাঁওখনত ব্যাপক  খহনীয়াৰ সৃষ্টি হৈছিল ।  ৰাইজে জিলা উপায়ুক্ত, ব্ৰহ্মপুত্ৰ বৰ্ডক আবেদন-নিবেদন কৰাৰ লগতে সংবাদ মাধ্যমটো সবিস্তাৰে বাতৰি প্ৰচাৰ হোৱাৰ পাছতো গৰাখহনীয়া প্ৰতিৰোধ কৰাটো বাদেই কোনো এজন বিষয়া কৰ্মচাৰীয়ে খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাৰ  অভিযোগ গাঁওবাসীৰ । প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় লাভ নকৰাত এই বৰ্ষৰ এপ্ৰিল মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহৰ গোজ, জেঙেৰে নিজৰ ভূমি সংৰক্ষণৰ বাবে উঠি পৰি লাগিছিল । কিন্তু সেয়াও ফলপ্ৰসু হৈ নুঠিল । বছৰৰ প্ৰথমটো বানে বাঁহৰ গোজসমূহ উঠুৱাই নিয়াৰ লগতে পুনৰ খহনীয়া আৰম্ভ হয় । ৰাইজে পুনৰ জিলা প্ৰশাসনক খহনীয়া বিষয়ে লিখিত ভাবে অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন বিষয়া-কৰ্মচাৰী খহনীয়া গ্ৰস্থ এলেকা পৰিদৰ্শন নকৰাত ৰাইজে ক্ষোভ ব্যক্ত কৰিছে । জিলা প্ৰশাসনে ভকতচাপৰি বাসীক মাহী আই দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে । ৰাইজে মাজুলী সমষ্টি বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱালক  বিষয়টোত গুৰুত্ব দি  হস্তক্ষেপ কৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে । উন্নত প্ৰযুক্তি আৰু বিজ্ঞান সন্মত পৰিকল্পনাৰ অবিহনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ শতাধিক পৰিয়াল গৃহহীন হৈ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে এই অঞ্চলৰ লোক সকল পূৰ্বে মাজুলী ভিতৰতে চহকী মৌজা হিচাপে পৰিগণিত আঁহতগুৰিৰ মৌজাৰ বাসিন্দা আছিল । ১৯৮৬ চনত হোৱা প্ৰলয়ংকাৰী খহনীয়াৰ ফলত গৃহহীন হৈ পৰা লোক সকল ইয়াত সংস্থাপিত হৈছিল । গতিকে সময় থাকোতেই গৰা  খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে এই লোকসকল পুনৰ গৃহহীন হৈ পৰা আশংকাত দিন অতিবাহিত  কৰিছে জনসাধাৰনে  । 

পুনৰ বৃদ্ধি পেট্ৰল, ডিজেলৰ দাম ।

দৈনন্দিন বাৰ্তা

 পুনৰ পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৬২ পইচা আৰু ডিজেলৰ দাম ৬৪ পইচাকৈ বৃদ্ধি কৰে৷ সকলো মিলি আঠ দিনত পেট্ৰল আৰু ডিজেলৰ দাম ক্ৰমে ৪.৫২ টকা আৰু ৪.৬৪ টকাকৈ বৃদ্ধি পালে৷ দেশজুৰি তেলৰ দাম বঢ়ালেও স্থানীয় কৰ আৰু ভেট মিলি বিভিন্ন ৰাজ্যত তেলৰ দাম বেলেগ বেলেগ৷ উল্লেখ্য যে লকডাউন শিথিল হোৱাত পথত গাড়ী চলাচল কৰিছে৷ তাৰ লগে লগে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পালে৷ ইপিনে আন্তৰ্জাতিক বজাৰত তেলৰ দাম কমিছে৷ সেয়ে দেশতো তেলৰ দাম কমাৰ কথা আছিল৷ কেন্দ্ৰই কৰৰ পৰিমাণ বৃদ্ধিৰ বাবে এনেদৰে দাম বৃদ্ধি কৰিছে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷